ৰিধিমাই পুৱাৰে পৰা দিব্যাংশুৰ ফোন লগবালৈ চেষ্টা কৰি আছিল। কিন্তু তাৰ ফোনটো লগা নাছিল। ( Assamese Story )
অৱশেষত আবেলি ৪বজাত তাৰ ফোন আহিলত, ৰিধিমাই চিন্তিত সুৰেৰে কলে, কিয় তোমাৰ ফোনটো পুৱাৰে পৰা লগা নাছিল! জানানে তুমি, মোৰ কিমান চিন্তা হৈ গৈছিল!
তেতিয়া দিব্যাংশুয়ে কলে, অ সোণজনী, মোৰ ফোনটো অলপ বেয়া হৈছিল।
তেতিয়া ৰিধিমাই অলপ চিঞঁৰি কলে, তুমি জানা, দাদাই আমাৰ বিবাহৰ বাবে মান্তি হৈছে।
ৰিধিমাৰ কথা শুনি দিব্যাংশু আনন্দিত হল আৰু কলে, এই চমৎকাৰ কি দৰে হল! কালিলৈকেটো তেওঁ আমাৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল।
ৰিধিমাই খিলখিলাই হাঁহি মাৰি কলে, মই কয় দিছিলো। যদি মই বিয়াত বহো, কেৱল দিব্যাংশু লগতে বহিম। নহলে জীৱনত মই বিবাহতে নবহো। আৰু দেখিলা, দাদায়ে মোৰ সুখৰ বাবে মান্তি হৈ গল ন। দেখিলা মই কৈছিলো নহয়, মোৰ দাদায়ে মোৰ সুখৰ বাবে মোৰ সকলো কথা মানি লব।
আজি ৰিধিমাৰ সুখৰ কোনো সীমা নাছিল। ৰিধিমাৰ কথা শুনি দিব্যাংশু বহুত সুখী হৈ পৰিল। আজি ৬মাহৰপৰা দুয়ো বহুত কষ্টৰ মাজত আছিল। যেতিয়া পৰা ৰিধিমাৰ ককায়েক যতীনে, ৰিধিমা আৰু দিব্যাংশুৰ সম্পর্কৰ কথা গম পালে, তেতিয়া পৰা ককায়েক বহুত অসন্তোষ হৈ আছিল। আৰু সদায়ে ৰিধিমাই যেন দিব্যাংশুক পাহৰি যায় তাৰ বাবে ককায়েকে, তাইক জোৰ কৰিছিল। অৱশেষত যোৱা নিশা যতীনে ভনীয়েকৰ কথা মানি লৈছিল। ৰিধিমা বহু সুখী হৈ পৰিছিল। কাৰণ এই পৃথিবীতে তাইৰ যতীনৰ বাহিৰে তাইৰ আৰু কোনো আপোন নাছিল। যাৰ অসন্তোষে তাইৰ দুখ লাগিবলৈ। ৰিধিমা যেতিয়া ৫বছৰীয়া আছিল, তেতিয়া মাকৰ অসুস্থতাৰ বাবে মাকে মৃত্যুক সাৱটি লৈছিল। সেই সময়ত যতীন ১৩ বছৰীয়া আছিল। মাক গুচি যোৱাৰ পাছত সিয়ে ভনীয়েকৰ চোৱা চিতা সকলো কৰিছিল। তাহাঁতৰ দেউতাক অফিচৰ কামত দিনটো বাহিৰতে থাকিছিল। সেইবাবে ৰিধিমাক পঢ়োৱা শুনোৱা, খাবলৈ দিয়া আৰু খেলিবলৈ বাহিৰলৈ লৈ যোৱা সকলোবোৰ দায়িত্ব যতীনৰে আছিল। সেইবাবে ৰিধিমাই ককায়েকক বহুতে ভালপাইছিল।
তেনেদৰে লাহে লাহে সময় পাৰ হৈ গল আৰু এদিন নিশা ৰিধিমাৰ দেউতাকেও হাৰ্ট এটেকৰ বাবে মৃত্যুক সাৱটি ললে। এতিয়া দুয়ো ককায়েক ভনীয়েকে এজনে আনজনৰ লগৰীয়া হৈ পৰিছিল। ৰিধিমাৰ ককায়েক যতীনে দেউতাকৰ অফিচতে চাকৰি পালে আৰু ৰিধিমাই কলেজত ভৰি দিছিল। কলেজতে ৰিধিমা আৰু দিব্যাংশুয়ে লগ পাইছিল। আৰু তেতিয়া পৰা দুয়োয়ে এজনে আনজনক পচন্দ কৰিছিল। দিব্যাংশুয়ে কেতিয়াও তাইক ৰঙা গোলাপ আনি দিয়া নাছিল কিন্তু ৰিধিমাৰ অলপ কিবা হোৱা দেখা পালেই তাইক তৎক্ষনাত ডক্টৰৰ ওচৰলৈ লৈ গৈছিল। সি তাইৰ লগত নিশা দেৰিলৈকে ৰোমান্টিক কথা পাতি নাথাকিছিল কিন্তু, তাইৰ খোৱা বোৱা লৈ বহুত চিন্তা কৰিছিল। দিব্যাংশুয়ে একেবাৰে এজনী কণমানিৰ দৰে, ৰিধিমাৰ চোৱা চিতা কৰিছিল। সেইবাবে ৰিধিমাৰ দিব্যাংশুৰ এনে মৰমক দেখা পায় তাইৰ অন্তৰখন চুই গৈছিল। দিব্যাংশুৰ মাক দেউতাকো বহুত সহজ সৰল আছিল। আৰু তেওঁলোকৰো দিব্যাংশু আৰু ৰিধিমাৰ সম্পর্কক লৈ কোনো অভিযোগ নাছিল। আৰু এতিয়া ৰিধিমাৰ ককায়েকো মানি গৈছিল, এতিয়া আৰু ইয়াতকৈ ৰিধিমাক কি লাগে! ( Assamese Story )
ৰিধিমা আজি বহু সুখী হৈ আছিল, সেইবাবে তাই আজি ককায়েকে ভালপোৱা পনীৰ বনাইছিল। ৰিধিমাৰ সকলো বনাই হৈ গৈছিল, কিন্তু আজি ১০বজালৈকে যতীন ঘৰলৈ অহা নাছিল। ৰিধিমাই ককায়েকক ফোন কৰিলত যতীনে লৰালৰিকৈ কলে, তুমি খায় বৈ শুই যোৱা, মই গৈ পোৱাত অলপ পলম হব। আগতেও বহুবাৰ কামৰ বাবে যতীন ঘৰলৈ পলমকৈ আহিছিল। সেইবাবে ৰিধিমাই বেছি চিন্তা নকৰি খায় বৈ শুই থাকিল। মাজ নিশা দুৱাৰ বন্ধ কৰাৰ শব্দ শুনি, ৰিধিমাৰ টুপনি ভাঙিল। তাই তেতিয়া খিৰিকি পৰা চাই দেখা পালে, যতীনে লৰালৰিকৈ নিজৰ ৰূমলৈ আগুৱাই গৈছে। আৰু ৰূমত সোমায়ে ককায়েকে ৰূমৰ দুৱাৰ বন্ধ কৰি দিলে। সেই সময়ত যতীন ভয়ত থকা যেন লাগিল, কিন্তু ৰিধিমাই একো বুজি নাপালে। তাই পুনৰ বিচনালৈ আহি বাগৰ দিলে। পাচদিনা পুৱা ৰিধিমাৰ টুপনি অলপ দেৰিকৈ ভাঙিল। গা ধূই, চাকি জ্বলোৱাৰ পাচত তাই দিব্যাংশুলৈ ফোন লগালে কিন্তু তাৰ ফোনটো বন্ধ দেখুৱালে। তেতিয়া ৰিধিমাই অলপ খং কৰি ভাৱিলে, এই দিব্যাংশুৰ ফোনটো নহয়! সেইসময়তে দুৱাৰৰ বেল বাজিল। ৰিধিমাই ভাৱিলে, ইমান পুৱা পুৱা কোন আহিল! তাই দুৱাৰ খুলিলত সন্মুখত পুলিচক দেখা পায় আচৰিত হৈ পৰিল। /p>
পুলিচ বিষয়াজনে সুধিলে, যতীন শইকীয়া, ঘৰত আছেনে! ৰিধিমাই অলপ ভয় কৰি আছে বুলি মূৰটোকে লৰালে। তেতিয়া পুলিচ বিষয়াজনে কলে, যতীন শইকীয়াই দিব্যাংশুৰ নামৰ লৰা এজনক হত্যা কৰিবলৈ বিচাৰিছিল। দিব্যাংশুৰ মোবাইলত শেষৰ ফোনটো যতীন শইকীয়াৰে আছিল। আৰু দিব্যাংশুৰ বন্ধুসকলে এই কথা কৈছে যে, যোৱা নিশা দিব্যাংশু আৰু যতীন শইকীয়া লগ কৰাৰ কথা আছিল। যি খন গাড়ীয়ে দিব্যাংশুক খুন্দা মাৰিছিলে, সেই গাড়ী চালক জন বৰ্তমান আমাৰ হাতত। আৰু সি নিজৰ কৰ্মক স্বীকাৰ কৰি কৈছে যে, সেই সময়ত গাড়ীখন যতীন শইকীয়াই চলাইছিল, আৰু সি জানি বুজি দিব্যাংশুক খুন্দা মাৰিছিল। ৰিধিমাৰ চকুৰ আগত কলা ডাৱৰ আহি পৰিল। তাই বহুত সাহস কৰি সুধিলে, ছাৰ, দিব্যাংশু এতিয়া কেনে আছে! তেতিয়া পুলিচ বিষয়াজনে কলে, সি এতিয়া যতিল অৱস্থাত হস্পিটালত নিজৰ জীৱন যুদ্ধ খনিৰ সৈতে যুঁজি আছে। তেতিয়া লৈকে, যতীনো বাহিৰে ওলাই আহিছিল। তেতিয়া যতীনক পুলিচে আটক কৰি ললে। তেতিয়া ৰিধিমাৰ সন্মুখত যোৱা নিশাৰ দৃশ্য আহিবলৈ ধৰিলে। মাজ নিশা, দাদায়ে লৰালৰিকৈ নিজৰ ৰূমলৈ গৈছিল। তেওঁৰ মুখৰ ভাৱ বহুত বেলেগ ধৰণৰ আছিল। এটা নিশাতে কিহৰ পৰা কি হৈ গল।ৰিধিমাই যোৱা নিশা কথা ভাৱি কপিঁ উঠিল। তাইৰ চকুৱে দুধাৰি বৈ আহিল। কিন্তু তাই থমকি ৰল। তাই কেৱল থৰ লাগি চাই থাকিল, যে তাইৰ ককায়েকক কিদৰে পুলিচে ধৰি লৈ গৈছে।
তেতিয়া ৰিধিমাৰ জ্ঞান আহিল আৰু খংতে গুজৰি কলে, ৰবা দাদা, ৰিধিমাই দৌৰ মাৰি ককায়েকৰ ওচৰলৈ গল আৰু ককায়েকৰ চাৰ্টৰ কলাৰত টান কে ধৰি, খংতে গুজৰি গুমৰি কলে, আপুনি এয়া কি কৰি দিলে দাদা! মা দেউতা পাছত আপোনিয়েটো মোৰ, একমাত্র অভিৱাবক আছিল। আৰু তাৰ পাছত লাগিছিল সম্পূর্ণ জীৱন এতিয়া দিব্যাংশুয়ে মোৰ চোৱা চিতা কৰিব। কিন্তু আপুনি সকলো ধ্বংস কৰি দিলে। যতীনে, নিজৰ দৃষ্টি তললৈ কৰি দিলে। এতিয়া কবলৈ আৰু একো বাকী থকা নাছিল। পুলিচে, যতীনক লৈ গুচি গল। তাৰ পাছত ৰিধিমা লৰালৰিকৈ হস্পিটাললৈ গল। দিব্যাংশু বহু সংকট অৱস্থাত আছিল। ডক্টৰেটো কয় দিছিল যে, মূৰত বেছিকৈ আঘাত পোৱা বাবে, দিব্যাংশুৰ জীৱনটো সংকটজনক হৈ পৰিছে। কিন্তু ১৫ দিনৰ পাছত চমৎকাৰ হল। আৰু দিব্যাংশুে নিজৰ চকু খুলিলে। কিন্তু দিব্যাংশুে কাকো চিনি পোৱা নাছিল। সেইবাবে ৰিধিমা উদাশ হৈ পৰিছিল। কিন্তু তাই আশাৰ কিৰণক এৰি নিদিলে। ৰিধিমাই ভাৱিলে, কি হল, দিব্যাংশুে তাই চিনি পোৱা নাই যদি! মইটো তাক চিনি পাওঁ ন। সেইবাবে তাই সদায় দিব্যাংশুক লগ কৰিবলৈ গৈছিল। দিব্যাংশুৰ মাক দেউতাকো ৰিধিমাৰ লগত আছিল। যেনে তেনে কৰি দিব্যাংশু সুস্থ হৈ আহিল। ৰিধিমাই লাহে লাহে কৰি, দিব্যাংশুক সকলো পুৰণি কথা মনত পেলাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তাই সদায়ে দিব্যাংশুক সেই ঠাইলৈ লৈ গৈছিল, যত প্ৰথমে তাঁহাতি দুটা লগ হৈছিল। ৰিধিমাই তাইৰ আৰু দিব্যাংশুৰ একে লগা থকা বহু ফটো ফোনত ৰাখিছিল। তাই সেই ফটোবোৰক দিব্যাংশুক দেখুৱাই মৰমৰ সময়খিনিক দিব্যাংশুৰ মনত পেলাবলৈ চেষ্টা কৰিছিল। লাহে লাহে দিব্যাংশুৰো ৰিধিমাই এনেদৰে লগ দিয়াত তাৰ ভাল লাগিবলৈ ধৰিলে। কাৰণ তাইৰ মৰম যে, দিব্যাংশুৰ অন্তৰত সোমাই আছিল।
দিব্যাংশুৰ সম্পূর্ণ ৰূপে পুৰণি কথা মনত নপৰিল, কিন্তু ৰিধিমাৰ চেষ্টাক দেখা পায় সি বুজিব পাৰিছিল যে, ৰিধিমাই তাক কিমান ভালপাই। সেইবাবে দিব্যাংশুৱেও তাইক তাইৰ ভাগৰ মৰম দিবলৈ আৰম্ভ কৰি দিছিল। দুবছৰৰ পাছত দুয়োয়ে বিয়াত বহিল। ৰিধিমাৰ ককায়েকে জেলত নিজৰ শাস্তি ভোগ কৰি আছিল। আৰু ৰিধিমাই দিব্যাংশুৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিছিল। ভুল কৰা জনে, তেওঁৰ কৰ্মৰ ফল পাইছিল, আৰু সচাঁ ভালপোৱা জনে সদায় বাবে এজনে আনজনৰ হৈ পৰিছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Story )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment