কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৮ ) ? Assamese Story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৮ ) ? Assamese Story

Assamese Story


৩ বছৰ পাছত 
   
   গুৱাহাটীৰ ' আৰ . কে ফেশ্বন হাউচ'  ফেশ্বনৰ পৃথিৱীত এটা জনা শুনা নাম আছিলAssamese Story )। যোৱা মাহত এই কোম্পানী টোৱে নতুন প্ৰতিভাৰ সন্ধানত এখন মুকলি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। আজি সেই প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰাৰ কথা। সময় পাৰ হৈ যোৱাৰ লগে লগে প্ৰতিযোগী সকলৰ উশাহ ঘন হৈ আহিল।
ইফালে গুৱাহাটীৰ ছোৱালী হোষ্টেলৰ এটা ৰুমত বহি এজনী ছোৱালীয়ে এই বিজয়ী ঘোষণাৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়াই মোবাইলৰ স্ক্ৰীনত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা হোৱাৰ মেছেজ আহিল সন্মুখত বহি থকা ছোৱালীজনীয়ে জোৰেৰে চিঞৰি দিলে," তৃষ্ণা চকু মেলা ৰিজাল্ট আহিল।"
তৃষ্ণাই চকু বন্ধ কৰি সেই ছোৱালীজনীক কলে,"প্লিজ পৰি ৰিজাল্ট তুমিয়েই চোৱা প্ৰথমে তাৰ পাছত মোক কবা। তেতিয়াহে মই চকু মেলিম।"


তেতিয়া পৰিয়ে মোবাইলৰ স্ক্ৰীনত চালে, 
তৃতীয় বিজয়ী: নিধি গগৈ।
দ্বিতীয় বিজয়ী: মাধুৰী দত্ত।
প্ৰথম বিজয়ী: তৃষ্ণা কলিতা।
 আৰু তাই চিঞৰি উঠিল," তৃষ্ণা তুমি জিকিলা। এইটো প্ৰতিযোগিতাৰ প্ৰথম বিজয় হয় তুমি।"
তৃষ্ণা: পৰি তুমি ধেমালি কৰিছা ন?
পৰি: নহয় তৃষ্ণা, তুমি ৰিজাল্ট চাব পাৰা। তুমিয়েই প্ৰথম বিজয়ী।
তৃষ্ণাই কঁপা কঁপা হাতেৰে মোবাইলতো হাতত লোৱাত স্ক্ৰীনত প্ৰথম বিজয়ী তাইৰ নাম দেখি আচৰিত হল," মই বিশ্বাস কৰিব পৰা নাই যে মই প্ৰথম বিজয়ী। মই অবাক হৈছোঁ।"
পৰি: তুমিও যে কি মূৰ্খৰ দৰে কথাবোৰ কোৱা। মইতো প্ৰথমেই কৈছিলোঁ যে তুমিয়েই জিকিবা। এতিয়া পাৰ্টি দিয়া একো বাহানা নছলিব এইবাৰ।
তেতিয়াই মোবাইলট ৰিং হল, তৃষ্ণাই ফোনটো উঠোৱাত ইফালৱ পৰা মাত দিলে," তৃষ্ণা কলিতা হয় নে? মই দিম্পি , আৰ কে ফেশ্বনৰ পৰা কৈছোঁ।"
তৃষ্ণা: হয় , মই তৃষ্ণা কলিতা।

দিম্পি: মেম, আপুনি ৰিজাল্ট চালে নে?
তৃষ্ণা: হয়।
দিম্পি: ৰিজাল্টৰ মতে আপুনি আমাৰ প্ৰথম বিজয়ী। আপোনাৰ প্ৰেজেণ্টেচন দেখি আমাৰ কোম্পানীয়ে প্ৰাইজ মণিৰ লগতে  আপোনাক ডিজাইনাৰ তিমৰ লগত কাম কৰাৰ সুবিধা দিছে।যদি আপুনি আমাৰ লগত কাম কৰিব বিচাৰে তেন্তে সোমবাৰে ৰাতিপুৱা ১১ বজাত আপোনাৰ বায়দাতা লৈ কোম্পানীলৈ আহিব।
তৃষ্ণা: ধন্যবাদ, মই নিশ্চয় যাম
ফোনটো কটাৰ লগে লগে পৰিয়ে চিঞৰিলে," ৱাহ তৃষ্ণা, বহুত ভাল কথা যে তই আৰ . কে ফেশ্বন হাউচত কাম কৰাৰ সুবিধা পাইছ। মই তোৰ বাবে বহুত সুখী ।" বুলি কৈ তাইক সাৱটি ধৰিলে।


তৃষ্ণাইও মিচিকিয়াই দিলে," মোৰ বিশ্বাস হোৱা নাই যে চেমিষ্টাৰ শেষ হোৱাৰ লগে লগে ইমান ডাঙৰ কোম্পানীৰ পৰা মই জব অফাৰ পালোঁ। মই এই কাম কৰিব পাৰিম নে নোৱাৰিম ভয় হে লাগিছে।"
পৰি: এই সকলোবোৰ তোমাৰ কষ্টৰ পৰিনাম। তুমি এই কামটো পোৱাৰ যোগ্য। এইটো কাম তোমাৰ বাবেই হৈছে।

তৃষ্ণাই সোমবাৰে ৰাতিপুৱা সময়মতে আৰ কে ফেশ্বন গৈ পালে। তালৈ গৈ তাই ৰিছেপচনত বহি থকা কৰ্মচাৰী গৰাকীক নিজৰ পৰিচয় দিলে,"হেল্ল মেম, মই তৃষ্ণা কলিতা মোক দিম্পি বাইদেউৱে ফোন কৰি মাতিছিল।"
কৰ্মচাৰী গৰাকীয়ে কাৰোবাক ফোন লগাই কথা পাতি তৃষ্ণাক কলে," আপুনি ভিতৰৰ কেবিনলৈ 
গৈ অপেক্ষা কৰক। দিম্পি বাইদেউ আহি আছে।"
তৃষ্ণা কেবিনলৈ গুচি গল। কিছুসময় পাছত এগৰাকী ২৬-২৭ বছৰীয়া ছোৱালী তালৈ আহিল আৰু কলে ," তুমি তৃষ্ণা কলিতা হয় নে?"
তৃষ্ণা: হয়, ময়েই তৃষ্ণা কলিতা।Assamese Story )
তেতিয়া সেই ছোৱালীজনীয়ে তৃষ্ণাৰ লগত হাত মিলাই কলে," হেল্ল, মই দিম্পি এইতো কোম্পানীৰ চি. ই.ও ছাৰৰ ব্যক্তিগত চেক্ৰেটৰি। ছাৰ আপোনাৰ বাবে নিজৰ কেবিনত ডিজাইনাৰ টিমৰ হেডৰ লগত অপেক্ষা কৰি আছে। বলক আপুনি মোৰ লগত।"


দিম্পিয়ে তৃষ্ণাক লগত লৈ চি.ই.ও  কেবিনলৈ গুচি গল। তাত এজন ২৮/৩০ বছৰীয়া লৰা চি. ই.ও ৰ চকীত বহি আছিল। তাতেই এগৰাকী আধা বয়সীয়া মহিলাই খিৰিকীৰ কাষত ৰৈ মোবাইলট কথা পাতি আছিল।
দিম্পিয়ে তৃষ্ণাক কলে," এইয়া আমাৰ ছাৰ ৰুদ্ৰ শৰ্মা আৰু সেইয়া আমাৰ ডিজাইনাৰ হেড মিছেছ মিঠু শৰ্মা।" তাৰ পাছত তাই লাহেকৈ তৃষ্ণাৰ কাণৰ ওচৰত গৈ কলে," ৰুদ্ৰ ছাৰৰ মা হয়।" তৃষ্ণাই মোৰ দুপিয়ালে।
তেতিয়াই দিম্পিয়ে ৰুদ্ৰক কলে," ছাৰ, এওঁ আমাৰ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী তৃষ্ণা কলিতা হয়।"
ৰুদ্ৰই মূৰ দাঙি চালে। পাতল সেইজিয়া ৰঙৰ শাৰী পিন্ধি , মেক আপৰ নামত মাত্ৰ কপালত এটা ফুট আৰু গুলপীয়া ৰঙৰ লিপষ্টিকেৰে এগৰাকী ২৩/২৪ বছৰীয়া ছোৱালী থিয় হৈ আছিল।
"কি
" কি ধেমালি কৰিছা তুমি দিম্পি? এইগৰাকী আমাৰ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী। মোৰ বিশ্বাস হোৱা নাই যিগৰাকীয়ে নিজেই ফেশ্বনৰ পৰা ইমান দূৰত আছে আৰু কাপোৰ পিন্ধাৰ কোনো ধৰণ নাই মাত্ৰ সাধাৰণ এখন শাৰীত লেপেট খাই আছে সেইগৰাকী ছোৱালী আমাৰ প্ৰতিযোগিতাৰ বিজয়ী কিদৰে হব পাৰে?"


তেতিয়া তৃষ্ণাই কলে," ক্ষমা কৰিব ছাৰ, বেয়া নাপাব। শাৰী হৈছে মহিলাৰ বাবে উত্তম কাপোৰ। ই ট্ৰেডিচনেল আৰু মডাৰ্ণ সকলো ধৰণৰ ফেশ্বন ট্রেন্দৰ এক গুৰত্বপূৰ্ণ অংশ। আৰু মই শাৰীত নিজকে সহজ অনুভৱ কৰোঁ।"
তেতিয়া সেই মহিলাগৰাকীয়ে পিছফালে ঘূৰি চাই কলে," হেল্ল তৃষ্ণা কলিতা, প্ৰতিযোগিতাত জয়ী হোৱা বাবে শুভেচ্ছা থাকিল।"
তৃষ্ণাই তেওঁক দেখি আচৰিত হল," হেল্ল মেম, আপুনি সেইগৰাকীয়ে নহয় জানো যিয়ে আমাৰ কলেজলৈ চেমিনাৰৰ বাবে আহিছিল আৰু মোক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কৈছিল?"
মিঠু: হয় তৃষ্ণা, তুমি ঠিকেই চিনি পাইছা। আৰু চোৱা মোৰ অনুমান শুদ্ধ হল। তুমি জয়ী হলা।
তাৰ পাছত তেওঁ ৰুদ্ৰৰ ফালে চাই কলে," ৰুদ্ৰ,কিতাপৰ কভাৰ খন চাই তাক বিচাৰ নকৰিবা। এওঁৰ লগত কাম কৰা। নিজেই নিজেই তাইৰ বন্ধু হৈ যাবা। যোৱা ৬ মাহৰ পৰা মই এওঁৰ প্ৰতিভা লক্ষ কৰি আছিলোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস হৈছিল যে মই যাক বিচাৰি আছোঁ সেইয়া তেওঁৱেই হয়। তুমি তোমাৰ কাম আমাৰ টিমৰ লগত কৰিব পাৰা। ব'লা মই তোমাক আমাৰ তিমটোৰ লগত লগ কৰাই দিওঁ।" এনেদৰে কৈ তেওঁ তৃষ্ণাৰ বায়দাতাৰ ফাইল তো টেবুলৰ কাষত থৈ তাইক লৈ ডিজাইনাৰ টিমৰ ওচৰলৈ লৈ গল।


ৰুদ্ৰই তাইক যোৱা চাই ৰল," মায়ে এওঁৰ মাজত কি দেখিলে ঠিক নাই। অৱশ্যে চাবলৈ গলে এক আকৰ্ষণীয় লুক আছে। মৰম লগা চেহেৰা কিন্তু চকুত কিবা এটা কৰি দেখুৱাৰ সপোন। আৰু চেহেৰাত  আত্মবিশ্বাসৰ জোৰ। কিন্তু ফেশ্বনৰ জগতত এই মৰম লগাৰ ঠাইত ফেশ্বন চেন্স আৰু ক্ৰিয়েটিভিতি কাম দিয়ে। বাৰু তাই কি কৰিব পাৰে চাওঁ চোন।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages