বিনোদে আজি পুনৰ মণিক তাইৰ বিষয়ে কথা শুনাই অফিচলৈ গুচি গল। আৰু নকবনো কিয়, তাই বেছি পঢ়া শুনা কৰা মহিলা নাছিল। তাই সাধাৰণ ভাৱে ঘৰতে থকা মহিলা আছিল( Assamese Story )। যাৰ কাম কেৱল কাপোৰ ধুৱা, আহাৰ বনোৱা, বিচনা পৰা, ঘৰৰ চাফ চিকুনতা কৰা, সন্তান দুটিক ভাল কথাৰ শিক্ষা দিয়া, ঘৰৰ বয়সীয়াল লোকক ভালদৰে চুৱা চিতা কৰা, ইত্যাদি আছিল। আৰু ঘৰলৈ অহা আলহীক আদৰাৰ মণিৰ মুখ্য কাম আছিল। এই কামবোৰৰ কি চকুত পৰা কাম আছিল, এই সকলোবোৰ কামটো কামকৰা বাই এজনীও কৰিব পাৰে।
তাকে ভাৱি মণিয়ে নিজৰ গালেৰে বৈ অহা চকুলো দোধাৰিক মোহাৰিলে। আৰু পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। আনদিনাৰ দৰে বিনোদৰ ফোন আহিল যে, সি ঘৰলৈ পলমকৈ আহিব আৰু আহাৰ বাহিৰতে গ্রহণ কৰিব। মণিয়ে বুজি পালে, বিনোদে মদও খাব। মণিয়ে প্ৰথমে, এই কথা লৈ কাজিয়া কৰিছিল যে, সি মদ খায় ঘৰলৈ নাহে যেন। বিনোদে এয়া কয় উচাত মাৰি কৈছিল যে, সি নিজে কষ্ট কৰে আৰু ধন ঘটে। সি যি বিচাৰে, তাকে কৰিব। এতিয়া তাই কয় কয়, ভাগৰি পৰিছিল। তাই এতিয়া বিনোদৰ লগত কাজিয়া লাগিব নিবিচাৰে, কাৰণ বিনোদে তাইক বহু বাৰ কয় থৈছে যে, তোক আৰু এইখন ঘৰৰ প্ৰয়োজন নাই। তই যেতিয়াই বিচাৰ ঘৰ এৰি যাব পাৰ! মণিয়ে এয়া ভাৱি মনে মনে ৰৈছিল যে, বিনোদে ঠিকে কৈছে! কিন্তু তাই যাব কলৈ!
মাকৰ ঘৰখন সৰুৰেপৰা দূৰ হৈ পৰে। যদি ঘৰৰ ছোৱালীজনী ২,৪দিন থাকে, তেতিয়া ওচৰ পাজৰ লোকৰ কাণ থিয় হৈ পৰে। সম্বন্ধীয় লোকে কথা কবলৈ আৰম্ভ কৰি দিয়ে। শেষত কথাটো মাক দেউতাকৰ সন্মানৰ কথাত আহি পৰেহি। তাকে ভাৱি অপমান সহি থাকিবলগীয়া হয়। এদিনাখন মণি অসুস্থ হৈ পৰে, আৰু তাইৰ বহুত জ্বৰ উঠে। তাই ঘৰতে আনি ৰখা ঔষধ খায় লৈ, আৰু যেনে তেনে কৰি লৰা ছোৱালী দুটাৰ বাবে টিফিন আৰু আহাৰ তৈয়াৰ কৰি দিয়ে। আৰু তাৰ পাছত ৰূমলৈ গৈ বিচনাত পৰি দিয়ে।বিনোদে এয়া কয় গুচি গল, ডক্টৰক দেখাই আহিবা। আবেলি পৰলৈকে মণিৰ জ্বৰ বহুত বাঢ়ি গল। তাই অলপো সুস্থ হৈ উঠা নাছিল। তাই বিনোদলে ফনো কৰিলত সি কলে, ঘৰলৈ অহা সময়ত সি ঔষধ লৈ আহিব। বিনোদে ঔষধ মণিৰ ওচৰতে ৰাখিলে, আৰু কলে, এয়া খায় লোৱা। ( Assamese Story )
আনফালে শাহুমাকে আজিলৈ আহাৰ তৈয়াৰ কৰি এই কথাত মোহৰ লগালে যে, সচাঁকৈ মণিক আৰু এইখান ঘৰত প্ৰয়োজন নাই। নিশালৈ মণিয়ে একো খাব নোঁৱাৰিলে আৰু জ্বৰতে ইচাত বিচাত কৰি থাকিল। আৰু আনফালে বিনোদে শান্ত মনেৰে শুই পৰিছিল। আৰু নুশুবওনো কিয়, পাছদিনা যে সি কামলৈ যাব লাগিব। পাছদিনা পুৱা, ঔষধ খাবা বুলি কয়, কামলৈ গুচি গল। আনফালে শাহুমাকেও অসুস্থ দেহাৰে বনাই খুৱাইছে বুলি, নিজৰে মহানতাৰ উদাহৰণ দি দিলে। আবেলিলৈকে মণি বেছিকৈ অসুস্থ হৈ পৰিল। শাহুমাকে বিনোদলৈ ফোন কৰিলত, সি আহি আছো বুলি কলে। কিন্তু এঘন্টালৈ সি আহি পোৱা নাছিল। শাহুমাকে পুনৰ বিনোদলৈ ফোন কৰিলত, তেতিয়া মণি মৃত্যুৰ দুৱাৰদলিত আছিল। বিনোদ ঘৰলৈ আহি মণিক হস্পিতাললৈ লৈ যায় মানে, তেতিয়া লৈকে মণিয়ে মৃত্যুক সাৱটি লৈছিল। এতিয়া মণিৰ প্ৰয়োজন কাৰোৱে নাছিল। কিন্তু মণিৰ প্ৰয়োজন সকলোৰে আছে। আজি মণিৰ ১৩দিনৰ নিয়ম পাৰ হৈ গৈছিল। সকলো আলহী বিদায় লৈ গৈছিল গৈ। এতিয়া বিনোদৰ কামলৈ যাবলৈ সোনকাল নাছিল। আৰু যাবও নো কেনেদৰে, সি ঘৰৰ বহুত কাম কৰিবলগীয়া আছিল। যি মণি থাকোতে সেয়া বিনোদে অনুভৱে কৰিব পৰা নাছিল। আজি বিনোদে বুজিলে যে, মণিক এই ঘৰখনৰ কিমান প্ৰয়োজন। আজি বিনোদে, নিজৰ গামোচাখন, অফিচ ফাইল, আৰু সৰু সৰু বস্তু, যি সি কেতিয়াও অনুভৱকে কৰিব পৰা নাছিল, তাকে আজি সি বিচাৰি পোৱা নাছিল। সি বুজি কে পোৱা নাছিল যে, তাক মণিৰ কিমান প্ৰয়োজন হৈছে। আজি মণি আঁতৰি যোৱা পাছত, ঘৰ ঘৰ লগা নাই, চৰাইৰ ঘৰৰ দৰে লাগিছিল।
মা ভাগৰ ঔষধ, লৰা ছোৱালী দুটাই সময়ত খাবলৈ পোৱা নাছিল। বিনোদে বিচনাখন পাৰি থোৱা পোৱা নাছিল। বিনোদলৈ ঘৰত অপেক্ষা কৰি থকাও কোনো নাছিল। তাক এতিয়া একো কবলৈ প্ৰয়োজন নাছিল। সি কত আছে, কেতিয়া আহিব। কাৰণ এতিয়া সুধিবলগীয়া কোনো নাছিল। আজি বিনোদৰ মণিৰ কিমান প্ৰয়োজন আছিল, তাকে কবলৈ তাই মৃত্যুক সাৱটি লব লগীয়া হল। তাই নিজৰ প্ৰয়োজনতাৰ কথা কবলৈ, এই পৃথিৱীৰ পৰাই আঁতৰি যাব লগীয়া হল। আজি সকলোৱে বুজিলে যে, মণিক এই ঘৰখনৰ নহয়, এই ঘৰখনত মণিৰ প্ৰয়োজন আছে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( ( Assamese Story ) )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment