আপোনাৰ মন আৰু আবেগক বশ কৰিব পাৰিব এনেদৰে : Assamese Motivation - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

আপোনাৰ মন আৰু আবেগক বশ কৰিব পাৰিব এনেদৰে : Assamese Motivation

Assamese Motivation

ইচ্ছাশক্তি আৰু নিয়ন্ত্ৰণৰ ওপৰতে আমাৰ মানৱ জীৱনটো চলি থাকে । আমি নিজে খং উঠাব নিবিচাৰো,কিন্তু হঠাৎ খং উঠি আহে ।( Assamese Motivation )

ৰাতিপুৱা শোৱাপাটিৰ পৰা সোনকালে উঠিব খুজিও বিছনা এৰিব নোৱাৰো কাৰণ আমাৰ এলাহে আমাক হেঁচা মাৰি ধৰে । ওজন কমাবলৈ বা নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ বাবে দৈনিক ব্যায়াম কৰিব খুজিও, আজি কৰিম কালি কৰিম বুলি এলাহে সদায় বাধা দি আহিছে। কিছুমান বেয়া কাম নকৰো বুলি ভাবিও মনৰ অধীন  হৈ সেই কামটো কৰি পেলাও। আমাৰ মন,  ইচ্ছা  আৰু এলাহে আমাৰ মানৱ জীৱনটোক নিয়ন্ত্ৰণ কৰি ৰাখিছে ।


বহুতো এনেকুৱা লোক আছে  যিয়ে ভাৱে যে  "আজিৰ পৰা আৰু মদ নাখাও, কুসংগ এৰিম" কিন্তু কেইবাদিনলৈ নোখোৱাকৈ থাকি আকৌ  সেই আগৰ অৱস্থালৈ ঘূৰি আহে । দৰাচলতে তেওলোকে নিজৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱায় ।ইচ্ছাশক্তিয়ে আমাৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলায় ।

আহক আজি আমি আলোচনা কৰো  কিছু সৰু সৰু টিপচ্ যিয়ে আমাৰ ইচ্ছাশক্তি মজবুত কৰি ৰাখিব ।


       ধৰি লওক আপুনি দিনৰ দিনটো টিভি বহুত চাই, টিভি চোৱাটা কমাব খুজিছে বা বিনা কাৰণত খং উঠিছে, আপুনি মাত্ৰ ভাৱক যে  আপুনি ৫ মিনিট বা ১০ মিনিট বা ১ ঘণ্টা খং নকৰাকৈ থাকিব বা যিবোৰ আপোনাৰ বদঅভ্যাস সেইবোৰ আপুনি কিছু সময় পিছত কৰিব বুলি সেই সময়খিনিৰ বাবে নিজৰ ইচ্ছাশক্তিক জোৰ দিব লাগিব ।এনে কৰিলে আমাৰ মগজুৱে ইংগিত দিব যে কামটো অলপ সময় পিছত কৰিলেও হব । যেতিয়াই মনত ভাব আহে যে এই কামটো কৰিব নালাগে তেতিয়াই মনক বুজনি দিব যে সেই বদঅভ্যাস বোৰ আপোনাৰ বাবে কিমান ক্ষতিকাৰক ।( Assamese Motivation )


          আমাৰ মাজত কিছুমান এনেকুৱা লোক আছে যে শুই উঠি নিজৰ বিছনাখন পাৰিব টান পায় বা ভাত খাই বয় উঠি বাচনখিনিও পিছলৈ ধুবলৈ থৈ আহে । এই সৰু সৰু কামবোৰ কৰিবলৈ কিমাননো সময়  লাগে খুব বেছি  ৩ পৰা ৪ মিনিট, তথাপিওঁ আমাৰ এলাহৰ বাবে কামবোৰ পিছলৈ থৈ দিও। যদি  আপুনি সকলোবোৰ সময়মতে  কৰিব পাৰিছে তেন্তে বুজিব যে  আপুনি নিজকে  নিয়ন্ত্ৰণ কৰিব পাৰিছে । নিজৰ মনটোক নিজেই স্থিৰ  কৰিব লাগিব । 


দৈনন্দিন এই অভ্যাসৰ ফলত চাব যে আপোনাৰ  জীৱনটো এক  সুন্দৰ দিশত গতি কৰিছে । মাত্ৰ আপুনি  নিজকে নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব, নিজৰ  বেয়া  অভ্যাস বোৰ নিজেই আঁতৰাব  লাগিব,  তেতিয়াহে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Motivation )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages