হাৰ্ট এটেক হোৱাৰ কাৰণ সমূহ জনি থলে নিশ্চয় উপকৃত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 21, 2021

হাৰ্ট এটেক হোৱাৰ কাৰণ সমূহ জনি থলে নিশ্চয় উপকৃত হব : Assamese Fact

Assamese Fact

 নমস্কাৰ প্ৰিয় পাঠকসকল,আমি সকলোৱে জানো যে যিদৰে আমাৰ মগজুৱে আমাৰ গোটেই শৰীৰটোক নিয়ন্ত্ৰণ কৰে থিক একেদৰেই আমাক জীয়াই থাকিবলৈও হৃদয়খনও বহুত প্ৰয়োজনীয়।Assamese Fact )

ই এটা এনেকুৱা অংগ যিটো আমি জন্ম হোৱাৰ পৰা আমাৰ মৃত্যুৰ সময়লৈকে কাম কৰে।যদি হৃদয়ৰ ধপ ধপনি বন্ধ হৈ যায় তেন্তে আমাৰ অন্তিম সময় আহি পৰে।যদি আমি হৃদয়খনৰ যত্ন নলও তেন্তে হাৰ্ট এটেক আহিবলৈ বেছি সময় নালাগে।আজিৰ সময়ত ১ বছৰত প্ৰায় ৭মিলিয়ন মানুহ হাৰ্ট এটেক বা হৃদয়ৰ লগত জৰিত সমস্যাৰ ফলত মৃত্যু হয়।এনেস্থলত আপুনি কেতিয়াবা ভাবি চাইছেনে,প্ৰকৃততে হাৰ্ট এটেক কিয় আহে?আৰু ইয়াৰ প্ৰকৃত কাৰণ কি?

আজিৰ এই লেখাটোত এই বিষয়ে আপোনালোকক জনাম।


হৃদয়ে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে কাম কৰে।ইয়াৰ কাম হৈছে অক্সিজেন মিহলি তেজ আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ পঠিওৱা।ই শৰীৰৰ পৰা সাধাৰণ তেজ গ্ৰহণ কৰে আৰু পাম্প কৰি সমগ্ৰ শৰীৰলৈ অক্সিজেন মিহলি তেজ পঠাই।কিন্তু যদি ইয়াৰ কাৰ্যকলাপত অলপ হ'লেও বাধা আহি যায় তেন্তে অমাৰ সমগ্ৰ জীৱনেই খেলি মেলি হৈ যায়।আপুনি অলপ সময়ৰ কাৰণে যদি উশাহ টো ৰখাই দিয়ে তেতিয়াই মৃত্যু ওচৰ চাপিব ধৰে।এনেস্থলত আপুনি তেনে ব্যক্তিক সুধি চাওঁক যাৰ সকলো সময়তে উশাহ লোৱাত কষ্ট হোৱাৰ দৰে বেমাৰ হৈ থাকে।সেইবাবে হৃদয়ৰ যত্ন লোৱাটো বহুত প্ৰয়োজন।


আমাৰ শৰীৰৰ সকলোখিনি মাংসপেশীয়ে ভাল ভাৱে কাম কৰিবলৈ অক্সিজেনৰ দৰকাৰ হয়।সেইদৰে আমাৰ হৃদয়ো একধৰণৰ মাংসপেশীয়ে হয়।সেইবাবে হৃদয়ক সঠিক ভাৱে কাৰ্য কৰিবলৈ অক্সিজেনৰ প্ৰয়োজন হয়।হাৰ্ট এটেকৰ সময়ত হৃদয়খনে অক্সিজেন লাভ নকৰে,সেইবাবে হৃদয়ে নিজৰ কাৰ্য সমাপন কৰিব নোৱাৰে।

এতিয়া আপোনাৰ মগজুত এই প্ৰশ্ন নিশ্চয় আহিছে যে হাৰ্ট এটেকৰ ফলত হৃদয়লৈ অক্সিজেনৰ চলাচল কিদৰে নোহোৱা হয়।


আমি জানো যে আমাৰ শৰীৰৰ সকলো অংগলৈ ধমনীৰ যোগেদি অক্সিজেন মিহলি তেজ পঠিওৱা হয়।আমি যেতিয়া বেছি লিপিডযুক্ত খাদ্য খাওঁ বা এনে খাদ্য খাওঁ য'ত লিপিড পোৱা যায়।তেতিয়া আমাৰ ধমনীত  ফেটি এচিড আৰু লিপিড সংযুক্ত হৈ যায়।যাৰ জৰিয়তে সেই ঠাইত প্ৰতিবন্ধকৰ সৃষ্টি হয়।আৰু যিমানে আমাৰ বয়স বাঢ়ি গৈ থাকে আৰু আমি বিভিন্ন খাদ্য খাই গৈ থাকো,সিমানে এই প্ৰতিবন্ধক বাঢ়ি গৈ থাকে।আপুনি নাভাৱিব যে আপোনাৰ শৰীৰত বা ধমনীত এনে ধৰণৰ প্ৰতিবন্ধকৰ সৃষ্টি নহ'ব।এই প্ৰতিবন্ধকৰ মাত্ৰা আমাৰ খোৱা বোৱা,চলন-ফুৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰে।যদি আপুনি যি টি খাদ্য খাই তেন্তে এই প্ৰতিবন্ধক বৃদ্ধি পাব।সেইকাৰণেই আপোনালোকে হয়তু দেখিছে,প্ৰায়ে শকত মানুহ আছে যিয়ে যিকোনো খাদ্য খাই থাকে,তেওঁলোকৰ হাৰ্ট এটেক বেছি হয়।Assamese Fact )


এতিয়া যদি আমি চাও,আমাৰ ভাৰতৰ দৰে আমেৰিকাৰ মানুহে দিনটোৰ আৰম্ভণি ভাত-দালি,ৰুটি-চব্জিৰে নকৰে।তেওঁলোকে দিনটোৰ আৰম্ভণি পিজ্জা-বাৰ্গাৰ আদিৰে কৰে।আৰু দিনটোৰ অন্তও এইখিনি খাদ্য খাইয়ে কৰে।সেইবাবে তেনেধৰণৰ ঠাইৰ মানুহৰ মাজত হাৰ্ট এটেকৰ সমস্যা বেছিকৈ দেখা পোৱা যায়।যাৰ ধমনীত প্ৰতিবন্ধকৰ সৃষ্টি হয়,যাৰ ফলত অক্সিজেন মিহলি তেজ হৃদয়লৈ যাব নোৱাৰা হয়,তাৰেই পৰিণাম হাৰ্ট এটেকৰ ৰুপত দেখা যায়।কিয়নো অক্সিজেন মিহলি তেজ তেওঁৰ হৃদয়লৈ যাবই নোৱাৰে।


যিদৰে আমি পানীৰ সোঁ‌তত প্ৰতিবন্ধকৰ সৃষ্টি কৰিলে সি কিছু সময়ৰ বাবে ৰৈ যায় কিন্তু কিছু সময়ৰ পিছত সি নিজেই পথ বনাই লয় ঠিক তেনেদৰে তেজেও দুৰ্বল প্ৰতিবন্ধকৰ মাজেদি নিজৰ পথ ওলিয়াই লয়।কিন্তু সমস্যা এইটো যে তেজ খিনিয়ে কিমান সময়ৰ ভিতৰত পথটো বনাব পাৰে।কিয়নো প্ৰতিবন্ধকৰ কাৰণে যদি কম সংখ্যক তেজ হৃদয়লৈ যায় তেন্তে লঘু হাৰ্ট এটেকৰ সম্ভাৱনা থাকে যাৰ ফলত মানুহৰ মৃত্যু নহয়,কিন্তু যদি এই প্ৰতিবন্ধক বহু দেৰিলৈকে থাকে আৰু হৃদয়লৈকে তেজ যাব নোৱাৰে তেন্তে সেই ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে।


কিন্তু আপুনি ভয় কৰাৰ প্ৰয়োজন নাই কিয়নো এতিয়া আপোনাক হাৰ্ট এটেকৰ কিছুমান লক্ষণৰ বিষয়ে জনাম যাৰ জৰিয়তে আপুনি জানিব পাৰিব হাৰ্ট এটেক হৈছে নে নাই হোৱা।

সকলোতকৈ প্ৰথম লক্ষণ হৈছে বুকুত হোৱা বিষ।বুকুত হোৱা বিষৰ প্ৰভাৱ বাঁওহাত আৰু গলধনলৈকে পৰে।হাৰ্ট এটেকৰ বুকুৰ বিষ ইমানো হঠাতে নাহে যিদৰে চিনেমা,ধাৰাবাহিক আদিত দেখোৱা হয়,হাৰ্ট এটেকৰ সময়ত মূৰ ঘূৰণীও হ'ব পাৰে।ডায়েবেটিছ থকা ৰোগীৰ দেহত হাৰ্ট এটেকৰ লক্ষণ দেখিবলৈ পোৱা নাযায়।


হাৰ্ট এটেকৰ চিকিৎসাত এচপিৰিণ আৰু নাইট্ৰ' গ্লিচাৰিণ দৰৱৰ ব্যৱহাৰ কৰা হয়।

এচপিৰিণে তেজক পাতল কৰে যাতে প্ৰতিবন্ধকৰ সৃষ্টি হ'লে তেজ পাতল হোৱাৰ বাবে নিজৰ পথ নিজে বনাই হৃদয়লৈকে যাব পাৰে।আৰু নাইট্ৰ'গ্লিচাৰিণে প্ৰতিবন্ধক খোলাৰ কাম কৰে।হাৰ্ট এটেকৰ চিকিৎসা কৰিবলৈ ডাক্তৰে সৰ্বপ্ৰথমে ই চি জি( ECG) কৰে। ECG অৰ্থাৎ ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফ এনে এটা যত্ন যাৰ জৰিয়তে হৃদয়ৰ কাৰ্যকলাপক প্ৰমুখ কৰা যায়।ডাক্তৰে তেজৰ পৰীক্ষাও কৰে যাতে তেজৰ সমস্যাটো চিহ্নিত কৰি সোনকালে তাৰ চিকিৎসা কৰিব পাৰে।ডাক্তৰে ধমনীৰ প্ৰতিবন্ধকবোৰক বেলুনৰ সহায়ত কম কৰি দিয়ে যাতে তেজ সহজতে হৃদয়লৈ যাব পাৰে।


কিছুমান ক্ষেত্ৰ্তটো ডাক্তৰে হাৰ্ট এটেক হোৱা মানুহৰ ধমনীত লোহা বা পলিমাৰৰ সহায়ত বনোৱা মাৰি সোমোৱাই দিয়ে যাতে প্ৰতিবন্ধক খোল খাই যায়।আৰু যাৰ হাৰ্ট এটেক বহুত গুৰুতৰ ভাৱে হয় তেনে লোকৰ বাইপাছ চাৰ্জাৰী কৰা হয়।য'ত সেই ব্যক্তিৰ শৰীৰৰ বেলেগ ঠাইৰ ধমনী কাটি আনি প্ৰতিবন্ধক থকা ধমনীৰ ঠাইত স্থানান্তৰ কৰি দিয়ে।আৰু এইখিনি ব্যৱস্থাৰ যোগেদিয়ে ডাক্তৰে তেজক পুনৰ হৃদয়লৈ পঠিয়াই।আৰু আমাৰ হৃদয়ে পুনৰ সঠিক ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে।


যি ব্যক্তিয়ে চিকিৎসকৰ সহায় নলয় তেনে ব্যক্তিৰ ধমনীৰ প্ৰতিবন্ধকৰ পৰিমাণ বাঢ়ি হাৰ্ট এটেকৰ যোগেদি মৃত্যু হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।গতিকে আগৰে পৰাই হৃদয়খনৰ যত্ন লোৱা আৰম্ভ কৰক যাতে হাৰ্ট এটেকৰ পৰা বাছি থাকিব পাৰে।

ধন্যবাদ।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages