পেৰানৰ্মেল অনুসন্ধানকাৰী সকলে কি কয় জানো আহঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

পেৰানৰ্মেল অনুসন্ধানকাৰী সকলে কি কয় জানো আহঁক : Assamese Fact

Assamese Fact

ভূত-প্ৰেতৰ কাহিনী আপুনি শুনিছে চাগে। ভূত-প্ৰেত সঁচাকৈ থাকে জানো? যেতিয়া আপুনি আন্ধাৰত অকলে থাকে ( Assamese Fact ) । তেতিয়া আপোনাৰ এনেকুৱা লাগে নেকি যে আপোনাক কোনাবাই চাই আছে বা আপোনাৰ পিছে পিছে আহি আছে? আজি আমি আপোনালোকক এটা বৈজ্ঞানিক কাৰণৰ বিষয়ে কম যে ভূত সঁচাকৈ থাকে নে নাথাকে? ভূত সঁচাকৈ আছে জানো নে অকল আমাৰ মগজুৱে হে চিন্তা কৰে? তেতিয়া হ'লে জানো আহঁক ভূত সঁচাকৈ আছে নে নাই-


আমি ইয়াৰ বৈজ্ঞানিক কাৰণ আৰু পেৰানৰ্মেল অনুসন্ধানকৰী সকলে কি ভাবে জানো আহঁক


প্ৰথমতে আমি ভূত-প্ৰেতৰ ওপৰত অনুসন্ধান কৰা মানুহৰ বিষয়ে কম। অৰ্থাৎ পেৰানৰ্মেল অনুসন্ধানকাৰী । তেওঁলোকৰ মতে ভূত-প্ৰেত কি হয়? ভূত মানে সেইটো শক্তি যিটো মানুহ এজনৰ শৰীৰটোৰ মৃত্যু হোৱাৰ পাছতো  এই পৃথিৱীতে থাকে আৰু নিজেই আছো বুলি দেখাবলৈ বিভিন্ন ছাহঁ বা বিভিন্ন কাৰ্যৰে প্ৰমাণ কৰি থাকে। যিসকলে ভূত আছে বুলি বিশ্বাস কৰে। তেওঁলোকৰ মতে ভূত সেই সকলৰ আত্মা যাৰ কিবা বহুত ডাঙৰ কাম বা আশা থাকি যায়। মৰাৰ পাছতো তেওঁলোকৰ ইচ্ছা আৰু আশাবোৰ আধৰুৱা হৈ থাকে।যাৰ ফলত তেওঁলোকে নিজকে ৰখাব নোৱাৰে আৰু যেতিয়া লৈকে সেই আশা বা ইচ্ছা পূৰণ নহয়  তেতিয়ালৈকে সেই আত্মাটোৱে মুক্তি নাপায়। তেওঁলোকক সেই ঠাইবোৰত দেখা যায় য'ত তেওঁলোকে আগতে থাকে। যেনে-ঘৰ বা বেলেগ বিশেষ কিবা ঠাই। কেতিয়াবা কেতিয়াবা এই আত্মাবোৰ কোনোবা মানুহৰ দেহটো সোমাই যায়। এনেকুৱা হাজাৰ নহয় লাখ লাখ ঘটনা হৈ আছে এই পৃথিৱীখনত। হলিউডৰ চিনেমাত বহুত ভূতৰ ওপৰত কাহিনী বনোৱা হৈছে। তাৰ ভিতৰত কিছুমান মনোৰঞ্জনৰ বাবে আৰু কিছুমান সঁচা কাহিনীৰ ওপৰত আধাৰিত। 


The Exorcist যিখন ১৯৭৩ চনত আৰু The Conjuring যিখন ২০১৩ চনৰ এখন চিনেমা আছিল। যদি আপুনি ভূতৰ চিনেমা চাই ভাল পায়। তেতিয়া এইকেইখন চিনেমা চাইছে চাগে।The Conjuring চিনেমাখন সঁচা কাহিনীৰ ওপৰত আধাৰিত আছিল। এই চিনেমাখনৰ পৰা আমি এইটো জানিব পাৰোঁ যে ভূত যাৰ তাৰ দেহত সোমাব পাৰে। পেৰানৰ্মেল অনুসন্ধানকাৰী সকলৰ মতে আত্মা অকল মানুহৰ দেহতে নহয় বিভিন্ন বস্তুটো সোমাব পাৰে। The Conjuring চিনেমাখনত এটা পুতলা আপোলোকে দেখিছিলে চাগে। যাৰ নাম আছিল এনাবেলা । সেই পুতলাটো চিনেমাত অলপ বেলেগকে দেখাইছে কিন্তু এতিয়াও আচল এনাবেলা এটা ৰুমৰ ভিতৰত আবদ্ধ হৈ আছে আৰু এই পুতলাটোক পৃথিৱীৰ অভিশপ্ত বস্তুৰ ভিতৰত এটা বুলি ধৰা হয়।আৰু  ইয়াক পৃথিৱীৰ ভয় লগা বস্তু ভিতৰত এটা বুলিও ধৰা হয়। 


ভূতক লৈ আৰু এটা মান্যতা আছে যে ভূতে যদি আপোনাৰ লগত কথা পাতিব বিচাৰে তেতিয়া সেই আত্মাটোৱে আপোনাৰ সন্মুখলৈ আহিও কথা পাতিব পাৰে। পেৰানৰ্মেল অনুসন্ধানকাৰী সকলৰ মতে ভূত-প্ৰেতে সময়ৰ কথা নাজানে। কিন্তু আপুনি ভাবিছেনে এইবোৰ ৰাতি হে কিয় দেখা পোৱা যায়। ইয়াৰ অৰ্থ এইটো নহয় যে চিনেমাৰ দৰে ভয় লগা পৰিৱেশ দেখাবলৈ তেওঁলোক ৰাতি আহে।পেৰানৰ্মেল অনুসন্ধানকাৰী সকলৰ মতে তেওঁলোক ৰাতি এইকাৰণে আহে যে ৰাতি সকলোফালে শান্তিময় পৰিৱেশ থাকে।অনুসন্ধানকাৰী সকলৰ মতে ভূতক নিজৰ অস্তিত্ব দেখাবলৈ শক্তিৰ প্ৰয়োজন হয় আৰু দিনত মানুহে বেছি উৰ্জা আৰু কষ্টৰ কাম কৰে যাৰ ফলত তেওঁলোকৰ শক্তি কমি যায় আৰু ৰাতি এইবোৰ কাম কমকৈ কৰে যাৰ ফলত তেওঁলোকক দেখা পোৱা যায়। ইয়াৰ পৰা ক'ব পাৰি যে ভূত-প্ৰেত থাকে। কিন্তু তেওঁলোকৰ মতে বিজ্ঞানে  ভূত-প্ৰেতক কেতিয়াও আছে বুলি অনুমান কৰিব নোৱাৰে। কিছুমান মানুহৰ মতে আইনষ্টাইনে কৈছিল যে শক্তি এই পৃথিৱীৰ পৰা কেতিয়াও নাযায়। এই কথা আধাৰত বহুত মানুহে কয় যে মানুহৰ মৃত্যু পাছত আত্মা এই পৃথিৱীতে থাকে।( Assamese Fact )


বিজ্ঞান আৰু Theromdynamics কৰ নীতিৰ মতে  শক্তি উৎপন্ন নহয় আৰু শেষ ও নহয়। শক্তি ৰূপান্তৰ হ'ব পাৰে কিন্তু শেষ নহয়। তাৰ মতে কাৰোবাৰ যদি মৃত্যু হয় তাৰ শৰীৰটো হে নাইকীয়া হয় কিন্তু আত্মাটো শেষ হয় নাযায় । যদি কাৰোবাৰ মৃত্যুৰ পাছত তাক মাটিত পুতি থোৱা হয় সেইয়া সময়ৰ লগে লগে মাটিত মিলি যায় আৰু তাত গছ-গছনি গজে আৰু সেই গছ-গছনিবোৰে জীৱ জন্তুৱে খাই আৰু শক্তি পায়। এতিয়া আমি ভাবো যে মৃত্যুৰ পাছত আত্মা ক'ত যায়?

বিজ্ঞানৰ মতে শক্তি কেতিয়াও শেষ নহয় ।আত্মাও এক প্ৰকাৰৰ শক্তিয়ে।যদি এই কথাতো সত্য তেতিয়া আত্মা কেতিয়াও মৰিব নোৱাৰে।দেহটো মাটিৰ লগত মিলি যায় কিন্তু আত্মা জীয়াই থাকে। এইটো এটা কোৱা কথাহে ইয়াৰ কোনো প্ৰমাণ নাই।


আপুনি কেতিয়াবা Near Death Experience ৰ বিষয়ে শুনিছে নে ? Near Death Experience মানে কোনো ব্যক্তিৰ কোনো অনুসন্ধানৰ ভিতৰত বহুত আচৰিত অনুসন্ধান। এই পৃথিৱীৰ বহুত মানুহৰ মতে তেওঁলোক মৰিও আকৌ জীবিত হৈছে আৰু ভাৰতত এনেকুৱা ঘটনা বহুত হোৱা দেখা যায়। এওঁলোকৰ মতে মৰা পাছত এওঁলোকে কিবা অদ্ভূত ধৰণৰ লাইট দেখে আৰু তাৰ পাছত এওঁলোক আকৌ নিজৰ শৰীৰলৈ ঘূৰি আহে।এইটো মৰিও ঘূৰি অহাৰ দৰে হয়। ইয়াকে Near Death Experience বুলি কোৱা হয়। বহুতে Near Death Experience ত পৰী দেখা বুলিও কয়।


Duncan Macdougall নামৰ এজন বৈজ্ঞানিক আছিল। যিজনে এটা বহুত আচৰিত অনুসন্ধান কৰিছিল। তেওঁ এজন ৰোগী মৰাৰ আগত তেওঁৰ ওজন জুখিছিল আৰু মৰা পাছত । তাৰ পাছত তেওঁ দেখিছিল যে  ২১ গ্ৰাম ওজন কম হৈ গৈছে। ইয়াৰ পৰা এইটো জনা যায় যে আত্মাৰ ওজন ২১গ্ৰাম। কিন্তু মানুহবোৰে ভাবিলে এই কথাটো শুদ্ধ নহয় ।মৰা আগত বহুত কষ্ট হয় আৰু বহুত কিবাকিবি কৰিব লগা হয় তাৰ ফলত ওজন কম হৈ যায়। কিন্তু এটা কথা, এটা দুটা নহয় যিমান বাৰ এই পৰীক্ষাটো কৰা হৈছে প্ৰত্যেক বাৰে বেলেগ বেলেগ ৰোগীৰ ক্ষেত্ৰতো ২১গ্ৰাম ওজনে কম হয়। এইটো ভাবিব লগা কথা মৰা ব্যক্তি জনৰ দেহৰ ওজন যিমানে নহক প্ৰত্যেক বাৰে ২১গ্ৰামেই কম হয়। সেই কাৰণে ইয়াক ২১গ্ৰাম বাখ্যা বুলিও কোৱা হয়। ইয়াৰ পৰা জনা যায় যে মৰা পাছত কিবা এটা হ'লেও শৰীৰৰ পৰা ওলাই যায়।



এতিয়া আমি বিজ্ঞানৰ কথা মনা ভূত-প্ৰেতক বিশ্বাস নকৰা মানুহৰ মতে কি হয় জানো আহঁক-

তেওঁলোকৰ মতে মৰা আগত কোনো ব্যক্তিৰ মগজুত যিবোৰ কথা থাকে তাক বেচি ভাবিব ধৰে আৰু যাৰ ফলত তেওঁলোকৰ ভ্ৰম হয় । যাৰ ফলত তেওঁলোকৰ এনেকুৱা লাগে যেন তেওঁলোকে কিবা লাইট দেখিছে আৰু এইটোৱে চাগে Near Death Experience। কিন্তু সঁচা কি মিছা কি কোনেও নাজানে।

এতিয়া কথা পাতো সেই অনুভৱৰ । য'ত আমি ভাবো আমি কাৰোবাক দেখিছোঁ নহবা কোনোবাই আমাক অনিসৰন কৰিছে। বৈজ্ঞানিক সকলৰ মতে এইটোক Psychic Staring Effect বুলি কোৱা হয়। যদি ভূত বঙলা বুলি কয় পেৰানৰ্মেল অনুসন্ধানকাৰী সকলৰ মতে মানুহ এজন মৰা পাছত তেওঁৰ আত্মা ঘৰটোৰ  বিভিন্ন বস্তুত থাকে । সেই কাৰণে আপুনি যদি কোনোবা ভয়ানক ঠাইলৈ যায় আপোনাৰ বহুত অদ্ভূত যেন কিবা লাগিব আৰু কিবাকিবি অনুভূতিৰ অনুভৱ হ'ব। এনেকুৱা লাগিব সেই আত্মাটোৰ দুখ আপুনি অনুভৱ কৰিছে।

এই পৃথিৱীৰ বহুত মানুহৰ মতে তেওঁলোকে ভূত দেখিছে। ইন্টাৰনেটত কিছুমান ভূতৰ ফটো দিয়া হয়।সেইবোৰ কিছুমান মিছা। কিন্তু আমি এটা কথা মিছা বুলি ক'ব নোৱাৰোঁ যে কিছুমান মানুহে আত্মাৰ লগত কথা পাতিবলৈ বিভিন্ন বস্তুৰ প্ৰয়োগ কৰে। 


ইয়াৰ পৰা এটাই জনা যায় যে বিজ্ঞানৰ বাখ্যাৰ মতে আত্মা থাকে। কিন্তু বৈজ্ঞানিক সকলে ইয়াক মানি নলয়। এওঁলোকৰ মতে এইবোৰ মানুহৰ মগজুৰ ভ্ৰম হে। তেওঁলোকে ইয়াক প্ৰমাণ কৰিব নোৱাৰোঁ। কিন্তু পেৰানৰ্মেল অনুসন্ধানকাৰী সকলৰ মতে এইবোৰ সঁচাকৈ হয় আৰু সেই কাৰণে পৃথিৱীত বহুত ঘটনা ঘটি থাকে। য'ত আত্মা কোনোবা মানুহৰ দেহলৈ গুচি যায়।


তেতিয়া হ'লে আপোনালোকে কি ভাবে আত্মা থাকে নে নাথাকে ?

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages