যদি আমি কোনো এজন ব্যক্তি শকত হোৱাৰ বিষয়ে আলোচনা কৰোঁ তেন্তে তেওঁলোকে ভাবে যে বেছি খাদ্য খোৱাৰ বাবে শকত হৈছে। কিন্তু প্ৰকৃততে মানুহ বেছিকৈ খোৱাৰ বাবে শকত নহয় । শকত হয় মাত্ৰ ভুল খাদ্য খোৱাৰ বাবে যি শৰীৰৰ পক্ষে হানিকাৰক।
অবশ্যে আজি আমি আলোচনা কৰিম বাহি মুখত পানী খালে কেনেধৰণৰ লাভ পাব পাৰি। কিন্তু ইয়াতে আমাৰ মনলৈ প্ৰশ্ন আহিব যে এই বিষয়ে জনাটো কিয় দৰকাৰী? আমিতো সৰুৰে পৰাই পানী খাই আহিছোঁ আৰু ই কোনো শিকাবলগীয়া কথা নহয়।
পানী হৈছে আমাৰ শৰীৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। আমি সৰুৰে পৰা শুনি আহিছোঁ যে আমাৰ শৰীৰতো ৫ টা তত্বৰে গঢ়ি উঠিছে। এই ৫ টা তত্বৰ ভিতৰত পানীও এটা হয়। কিন্তু আমি জানো নে যে পানী এই ৫ টা উপাদানৰ ভিতৰত আটাইতকৈ জৰুৰী উপাদান হয়। আমাৰ শৰীৰটো ৭০% পানীৰে ভৰি আছে। বাকী ৩০% আৰু ৪ টা উপাদানত সন্নিবিষ্ট। আমাৰ শৰীৰত ৭০% পানী আছে বাবেইটো আয়ুৰ্বেদত পানীৰে জড়িত বহুত নিয়ম আছে। আয়ুৰ্বেদৰ মতে আমি বাকীবোৰ নিয়ম পালন কৰোঁ বা নকৰো কিন্তু পানী সম্বন্ধীয় নিয়মবোৰ পালন কৰিব লাগে। মানুহে নোখোৱাকৈ কিছুদিন জীয়াই থাকিব পাৰে কিন্তু পিয়াহ নমৰাকৈ বেছিদিন জীয়াই থাকিব নোৱাৰে। সেইবাবে পানী সম্বন্ধীয় কথাবোৰ ধ্যান ৰখাটো জৰুৰী। কিয়নো আমি পানী খোৱাৰ নিয়ম ভালদৰে নাজানো। কিছুমান লোকে শীতল পানীয় গ্ৰহণ কৰে আৰু কিছুলোকে গৰম পানী গ্ৰহণ কৰে। কিছু লোকে থিয় হৈ পানী খাই আৰু কিছু লোকে বহি খায় । কিছুলোকে গিলাছেৰে খায় আৰু কিছুলোকে বটলেৰে খায়। সকলো ব্যক্তিৰে পানী খোৱাৰ ধৰণ বেলেগ বেলেগ হয় ।
বাহি মুখত পানী খোৱাৰ বহুতো লাভ আছে। যেতিয়া আপুনি ৰাতিপুৱা শুই উঠে তেতিয়া মুখৰ ভিতৰত যিটো লালটি থাকে ই আমাৰ বাবে অমৃতৰ দৰে কাম কৰে। কিন্তু ৰাতিপুৱা শুই উঠি যেতিয়া আমি ব্রাছ কৰোঁ তেতিয়া সেই লালটি ওলাই যায়। যি লালটিৰ আমি লাভ উঠাব লাগিছিল তাক আমি উলিয়াই পঠিয়াও। এই বাহি মুখৰ পৰা যি লালটি ওলাই তাক যদি আপুনি চকুৰ পাৰ ক'লা হোৱা ঠাইত লগাই তেন্তে এই ক'লা দাগ নাইকিয়া হয়। এই লালটি যদি আপুনি মুখত থকা শালমইনাত লগাই তেন্তে ই তেতিয়া ঠিক হৈ যায়। এক গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে এই লালটিয়ে বিষ নিৰ্মূল ( pain killer) ৰ কাম কৰে।
আমি যেতিয়া সৰু হৈ থাকোতে আঙুলিত দুখ পাইছিলোঁ তেতিয়া পোনে পোনে আমি আঙুলিটো মুখলৈ নিও। এনে কৰিলে যদি আঙুলিৰ পৰা তেজ ওলাই থাকিছিল তেন্তে তেজ ওলোৱা বন্ধ হৈ গৈছিল আৰু আঙুলিৰ বিষ কম হৈ গৈছিল। এই বিষ এইকাৰনেই কম হৈছিল কাৰণ মুখৰ ভিতৰত থকা লালটি আঙুলিটোত লাগিছিল । আমি প্ৰায়ে দেখা পাওঁ জীৱ জন্তুৱে নিজৰ ঘাঁ লগা ঠাইত চেলেকি থাকে। তেতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে ইহঁতে কিয় নিজৰ ঘাঁ লগা ঠাই দুখৰক চেলেকি আছে? কিন্তু দৰাচলতে জীৱ জন্তুৱে যেতিয়া এই ঘাঁ চেলেকি থাকে তেতিয়া সিহঁতৰ মুখৰ ভিতৰত থকা লালটিয়ে ঔষধৰ কাম কৰে। সেইবাবে আমাৰ বাহি মুখৰ লালটি পেটলৈ যোৱাটো দৰকাৰী কিয়নো ই হজম কৰাত সহায়ক হয় আৰু আমাৰ পেটক সুস্থ কৰি ৰাখে। যেতিয়া আমি ৰাতিপুৱা বাহি মুখত পানী খাম তেতিয়া লালটি আমাৰ পেটলৈ গুচি যাব আৰু পেট সুস্থ হৈ থাকিব। আয়ুৰ্বেদৰ মতে মানুহৰ পেট সদায় সুস্থ হৈ থাকিব লাগে। আমাৰ পেটৰ পৰাই সকলো বেমাৰৰ আৰম্ভণি হয়। যদি আপোনাৰ পেট বেয়া তেন্তে আপোনাৰ বহুতো বেমাৰ হব। যেনে- মধুমেহ, কেঞ্চাৰ, উচ্চ ৰক্তচাপ ইত্যাদি। যেতিয়া আমি খোৱা খাদ্য স্বাস্থ্যৰ বাবে হানিকাৰক হব তেতিয়া আমাৰ পেট বেয়া হব। যদি আপুনি শীতল পানীয় গ্ৰহণ কৰিছে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ পেট বেয়া হব আৰু আপুনি শকত হব। যদি আপুনি বাহি মুখত গৰম পানী সেৱন কৰে তেন্তে আপোনাৰ ওজনো কমিব আৰু পেট সুস্থ হৈ থাকিব।
বাহি মুখত পানী খালে কেনেধৰনে উপকৃত হব পাৰি জানো আহকচোন -
১/যেতিয়া আপুনি শুই উঠিব ৰাতিপুৱা তেতিয়া কুহুমীয়া গৰম পানী ২/৩ গিলাচ সেৱন কৰিব। নিয়মিত এনে কৰিলে আপোনাৰ উচ্চ ৰোক্তচাপৰ সমস্যা চিৰদনৰ বাবে নাইকিয়া হব। উচ্চ ৰক্তচাপক "Hypertension" আৰু "Silent killer " বুলিও কোৱা হয়। 'silent killer'ৰ অৰ্থ হৈছে যে এই ৰোগটোৱে আপোনাক লাহে লাহে গোপনে মৃত্যুৰ মুখলৈ ঠেলি দিব। যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে তেন্তে আপোনাৰ মৃত্যু হব পাৰে। কিয়নো এই ৰোগত আমাৰ তেজ লেতেৰা হয়। এই তেজে আমাৰ স্নায়ু সমূহৰ মাজত এটা বন্ধ পথ গঢ়ি তোলে। হৃদপিণ্ডই বেছি কাম কৰিব লগা হোৱাৰ বাবে আপোনাৰ আকস্মিক ভাবে মৃত্যু হব পাৰে 'Heart Failure'হৈ। আপোনাৰ 'Heart Attack 'হব পাৰে। তাৰূপৰিও আমাৰ মগজুৰ শিৰ বোৰত জোৰ পৰে আৰু যাৰ দ্বাৰা আপোনাৰ 'Brain Stroke' হব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্নায়ু জনিত ৰোগ(Paralysis) হব পাৰে। যদি আপুনি সকলো ৰোগৰ পৰা বাচিব বিচাৰে তেন্তে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা বাচিব লাগিব। ইয়াক ৰোধ কৰিবলৈ উত্তম উপায় হৈছে পোৱা শুই উঠি কুহুমীয়া গৰম পানীৰ সেৱন কৰা।কিন্তু যদি আপুনি বিচাৰে তেন্তে ৩/৪ গিলাচ সাধাৰণ পানীও গ্ৰহণ কৰিব পাৰে। যিমান পেট ভৰাই পানী সেৱন কৰিব সিমান সোনকালেই উচ্চ ৰক্তচাপ জনিত ৰোগৰ পৰা বাচিব পাৰিব। ৩/৪ মাহৰ ভিতৰত আপোনাৰ পুৰণি উচ্চ ৰক্তচাপ জনিত ৰোগ নিৰ্মূল হব। ( Assamese Fact )
ইয়াৰ উপৰিও যদি আপোনাৰ (বৃক্ক)কিডনীত পাথৰ হয় তেন্তে আপুনি ডাক্তৰৰ ওচৰত গৈ সময় নষ্ট কৰাৰ দৰকাৰ নাই। বাহি মুখত কুহুমীয়া গৰম পানী সেৱন কৰিলে বৃক্কৰ পাথৰ আৰম্ভণিতে ভাল হৈ যায়।কিয়নো বাহি মুখত পানী সেৱন কৰিলে ই আপোনাৰ শৰীৰটো সুস্থ কৰি তোলে। লাহে লাহে যেতিয়া আপোনাৰ পেট চাফা হব, তেজ চাফা হব তেতিয়া নিজেই আপোনাৰ কিডনিৰ পাথৰ নাইকীয়া হব। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কেঞ্চাৰৰ দৰে ৰোগ নিৰ্মূল কৰি দিয়ে , তাৰ তুলনাত কিডনিৰ পাথৰ সামান্য হয়। যি সকল লোকে 'Bed Tea' গ্ৰহণ কৰে তেওঁলোকে এই প্ৰক্রিয়া শীঘ্ৰেই বন্ধ কৰিব লাগে। চাহ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ভাল কিন্তু 'Bed Tea'গ্ৰহণযোগ্য নহয়।
২/ আজিকালি বহুত মানুহ নিজৰ ওজনক লৈ চিন্তিত হয়। কিন্তু যদি আমি বাহি মুখত পানী সেৱন কৰোঁ তেন্তে এই সমস্যাৰ সমাধান হব পাৰে। কিছুমান মানুহে কয় যে আমি কম কৈ খাওঁ তথাপিও আমি শকত। আচলতে আপুনি ঠিকেই খায় কিন্তু পানী ভুল ধৰণেৰে সেৱন কৰে। যেতিয়া আমি ফ্ৰীজিং পানী সেৱন কৰোঁ আমাৰ 'Metabolism'বেয়া হয় লগতে আমাৰ পেটত'constipation'হয়। আৰু সেইবাবেই মানুহৰ ওজন বাঢ়িবলৈ ধৰে। যেতিয়া আপুনি গোটেই এগিলাচ পানী একেবাৰতে শেষ কৰে তেন্তে পেটত লালটি জমা হৈ যায় আৰু হজম শক্তি বেয়া হয়। থিয় হৈ পানী সেৱন কৰিলেও ই দ্ৰুত গতিত গৈ পেটত হেঁচাৰ সৃষ্টি কৰে যাৰ ফলত হজম শক্তি বেয়া হয়।
সেইবাবেই সদায় পানী এঘুত এঘুত কৈ সেৱন কৰিব লাগে। শীতল পানীয় বেছিকৈ সেৱন কৰিব লাগে যিমান পাৰি নৰ্মেল পানী সেৱন কৰিব লাগে। সদায় বহি লৈ পানী সেৱন কৰক। আৰু আহাৰ গ্ৰহণ কৰাৰ পাছতেই পানী সেৱন নকৰিব , ইয়াৰ মাজত ১ ঘণ্টাৰ ব্যৱধান ৰাখি পানী সেৱন কৰক। এই উপায় অৱলম্বন কৰিলে আপোনাৰ ওজন শীঘ্ৰেই কম হব।ওজন কমাবলৈ ব্যায়াম আদি কৰাৰ লগতে পানী সেৱন কৰাৰ নিয়মো পালন কৰিব লাগে , এনে কৰিলে ২/৩ মাহৰ ভিতৰতে আপোনাৰ ওজন কমিব ।
৩/ যদি আপোনাৰ মুখত শালমইনা আছে তেন্তে আপুনি ভাবে যে এইবোৰ বিভিন্ন ক্ৰীম আৰু ঔষধ গ্ৰহণ কৰিলে ঠিক হৈ যাব । আচলতে আপোনাৰ শালমইনাৰ কাৰণ হৈছে আপোনাৰ তেজ লেতেৰা। আৰু তেজ লেতেৰা হোৱাৰ কাৰণ হৈছে পেট বেয়া হোৱা। বাহি মুখত পানী সেৱন কৰিলে আপোনাৰ পেট সুস্থ হব আৰু পেট সুস্থ হলে তেজ পৰিষ্কাৰ হব আৰু আপোনাৰ শালমইনা নাইকীয়া হব। তেজ যেতিয়া লেতেৰা হয় ই তেতিয়া শালমইনা আকাৰে ওলাই আহে। আপুনি যিমান ক্ৰীম লগালেও শালমইনা ভাল নহয় যেতিয়ালৈকে আপোনাৰ পেট চাফা নহয়।
৪/ যদি আপুনি ভয়ংকৰ গাঁঠি বিষৰ সমস্যাৰ বাবে চিন্তিত হৈ আছে তেন্তে আপোনাৰ বাবে বাহি মুখত কুহুমীয়া পানী সেৱন কৰাটো বহুত উত্তম। গাঁঠি বিষৰ মুখ্য কাৰণ হৈছে শৰীৰত পিত্ত বাঢ়ি যোৱাটো। পানী কমকৈ সেৱন কৰাৰ বাবেই শৰীৰত পিত্ত বাঢ়ি যায় লগতে এচিড যুক্ত আহাৰ গ্ৰহণ কৰিলেও ই বাঢ়ি যায়। কুহুমীয়া গৰম পানী সেৱনে আপোনাক এই সমস্যাৰ পৰা বচাই ৰাখিব।
৫/ যদি আপোনাৰ 'Constipation'হোৱাৰ দৰে সমস্যা হৈছে তেন্তে গৰম পানী সেৱনৰ দ্বাৰা ইও নিৰ্মূল হব। সমগ্ৰ ভাৰততে প্ৰায় ৩০% লোক 'constipation'ত ভুগি আছে। আৰু প্ৰায় ৫০% লোক এই ৰোগৰ পৰা চিন্তিত । কিয়নো আমাৰ খোৱা বোৱাৰ ধৰণ ভুল । পেট বেয়া হলে আমাৰ শৰীৰত বহুত সমষ্যা হয়। কিন্তু আমি সেইবোৰ ইমান গুৰুত্ব নিদিওঁ।
যেনে - যেতিয়া আমাৰ মূৰৰ বিষ হয় তেতিয়া আমাৰ শৰীৰটোয়ে ইংগিত দিছে যে শৰীৰত কিবা নহয় কিবা গণ্ডগোল চলি আছে। কিন্তু মূৰৰ বিষত আমি বিভিন্ন 'pain killer' গ্ৰহন কৰোঁ। কিছুসময় পাছত মূৰৰ বিষ ভাল হৈ যায় আৰু সমস্যাক গুৰুত্ব নিদিলো। আৰু লাহে লাহে এই সমস্যা বাঢ়ি যাব, আগলৈ গৈ ই কেঞ্চাৰৰ দৰে ৰোগ হব। মূৰৰ বিষ কেতিয়াবা কেঞ্চাৰলেও ৰূপান্তৰিত হব পাৰে। গতিকে 'pain Killer' গ্ৰহণ কৰিব নালাগে। সদায় তৎক্ষণাত সমস্যা সমাধান কৰিব লাগে আৰু আয়ুৰ্বেদৰ লগত জড়িত হব লাগে যাতে যিমান পাৰি ঘৰতেই ৰোগৰ চিকিৎসা কৰিব পাৰি।
ধন্যবাদ…
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
Young healthy and every day
ReplyDelete