১০৯ বছৰৰ পূৰ্বে বিশাল "টাইটানিক" ডুব যোৱাৰ ৰহস্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

১০৯ বছৰৰ পূৰ্বে বিশাল "টাইটানিক" ডুব যোৱাৰ ৰহস্য : Assamese Fact

Assamese Fact

সমুদ্রতীৰৰ ইতিহাসৰ এক বিৰল দুখজনক ঘটনা যি সমগ্র বিশ্ব তোলপাৰ লগাইচিল।এই ঘটনা সেই জাহাজখনৰ যিখন সবাতোতকৈ বিশাল আৰু কেতিয়াও ডুব নোযোৱা জাহাজ বুলি ধৰা হৈচিল যাৰ নাম আচিল টাইটানিক।( Assamese Fact )
টাইটানিকৰ কাহিনী আৰম্ভ হৈচিল ঊনৈশ শ শতিকাৰ আৰম্ভনিতেই যি সময়ত বৃটেইন আৰু জাৰ্মানীত বিশাল বিশাল জাহাজ নিৰ্মানৰ ধূম উঠিছিল।সেয়েহে বৃটেইনে এনে এখন জাহাজ নিৰ্মানৰ সিদ্ধান্ত লৈছিল যে যিখনৰ সাজসজ্জা এক সুবিলাসী অট্টালিকাতকৈ ও ডাঙৰ হওঁক,যি খন শতিকাৰ সৰ্ব্ববৃহত্ জাহাজ বুলি কোৱা হওঁক।সেয়েহে বৃটেইন চৰকাৰে ফাইভ স্টাৰযুক্ত কোম্পেনিক  কৌটি কৌটি ডলাৰ ঋণ হিচাপে দি জাহাজ নিৰ্মানৰ দিহা কৰে।১৯০৯ চনৰ ৩১ মাৰ্চত উত্তৰ আয়াৰলেন্ডৰ বেলফাস্ট নামে ঠাইত পোন্ধৰ হাজাৰ কৰ্মচাৰীৰে কাম কৰি জাহাজ নিৰ্মান কৰে।


জাহাজ খনত ১৬ টা বেলেগ বেলেগ কমপাৰ্টমেন্ট বনোৱা হৈচিল।ইয়াৰ বিশালতা বাহিৰৰ পৰা যেনে অনুমান হয় ভিতৰত ইয়াৰ দুগুন বিশালতা অনুভৱ হয়।ফাইভ স্টাৰ কোম্পানীয়ে যেতিয়া ইউৰোপ আমেৰিকাৰ মাজত সেৱা আৰম্ভ কৰা হব বুলি ঘোষনা কৰিলে তেতিয়া প্রথম যাত্রাৰ সমভাগী হবলৈ মানুহৰ মাজত ৰোমান্সকৰ পৰিবেশৰ সৃষ্টি হৈছিল। ১০ এপ্রিল ১৯১২ চনত ৯২০ জন যাত্রী লৈ ইংলন্ডৰ পৰা নিউইয়ৰ্কলৈ যাত্রা কৰিলে।এই যাত্রা চাবলৈ এক লাখ মানুহ বন্দৰত উপস্থিত হৈচিল।প্রতি ঘন্টাত ৪২ কি.মি. বেগেৰে  জাহাজ নিউইয়ৰ্কৰ পৰা ফ্রান্স অভিমুখে ৰাওনা হল আৰু তাৰপৰা ২১৬ জন যাত্রীক লৈ কুইনস্টাউন আইলেন্ড পালেগৈ। তাৰ পৰাও ১২০ জন যাত্রী লৈ টাইটানিকৰ অন্তিম যাত্রা নিউইয়ৰ্ক লৈ আৰম্ভ হয়।


টাইটানিক যেতিয়া আয়াৰলেন্ডৰ পৰা ওলাইচিল তেতিয়াই ৰাষ্টাত বৰফৰ কুণ্ডা থকাৰ খবৰ পালে কিন্তু কেপ্টেইনে এই কথাত কোনো গুৰুত্ব নিদিলে আৰু জাহাজৰ গতি নকমালে।এইক্ষেত্রত প্রায় ৬ টা সংকেত কেপ্টেইন স্মিথে অন্য জাহাজৰ পৰাও পাইচিল কিন্তু তেওঁ বিষয়টোত গম্ভীৰতা প্রকাশ নকৰিলে।তেওঁ অৱসৰৰ আগত এক ৰেকৰ্ড বনোৱাৰ চিন্তাত থাকিল। ১৪ এপ্রিলৰ সেই আন্ধাৰ নিশাতোত জাহাজৰ সুৰক্ষাৰ বাবে দুজন সুৰক্ষাকৰ্মীক জাহাজৰ ওপৰলৈ পঠায় যাতে যি কোনো সংকেত কেপ্টেইনে আগতে পাব পাৰে।সেইৰাতি সাগৰ শান্ত আচিল আকাশত জোন নাচিল। নিশা ১১:৪০ ত সুৰক্ষাকৰ্মী ফ্রেডৰিকে সন্মুখত এক কলা পাহাৰ দেখা পালে সেয়াই বৰফৰ কুণ্ডা বুলি তিনিবাৰ ঘন্টা বজালে ফোন কৰিলে। লগে লগে অফিচাৰ সকলে জাহাজ ৰখোৱাত ব্যস্ত হৈ পৰিল।বৰফৰ টুকুৰাৰ পৰা জাহাজখন দুৰত নিবলৈ যত্ন কৰিলে।( Assamese Fact )


১১:৪২ মিনিটত জাহাজৰ সোফাল বৰফৰ কুণ্ডাত জোৰেৰে খুন্দা খাই যায়।এই খুন্দাই তৃতীয় মহলা ত তীব্র জোকাৰনি সৃষ্টি কৰে।জাহাজৰ নিম্নাংশই দি ফুটি জোৰেৰে ভিতৰলৈ পানী সোমাব ধৰে।যাত্রী সকলে দৌৰি গৈ ওপৰ মহলাত উঠিলগৈ।এই ঘটনাত চিন্তিত হৈ টাইটানিকৰ ডিজাইনাৰ থমাচ এনড্রিউ এ কেপ্টেইন স্মিথক কলে জাহাজ সোনকালেই পানীৰে ভৰি পৰিব পাৰে ।আৰু সকলোকে লাইফবৰ্ড উলিয়াবলৈ কোৱা হল যদিও প্ৰতিজন ৬৫ গৰাকী আৰুহীৰ বিপৰীতে ২৪ টা হে লাইফবৰ্ড মজুত আচিল।স্মিথে জনা উচিত আচিল যে জাহাজত কিমান লাইফবৰ্ড আচিল,ই এক ডাঙৰ প্রশ্ন ।এই কাৰনে বহুত যাত্রীৰ প্রান গল বুলি কোৱা হল।


নিজৰ জীৱনৰ অন্তিম মূহুৰ্ত মধুময় কৰিবলৈ এক সংগীতৰ দলে পিয়ানো ত সুৰৰ লহৰ তুলিলে।ইফালে জাহাজ ১০ ডিগ্রীলৈ ডুবি গল।গোটেই কোঠালীবোৰ পানীময় হৈ পৰিল.এটা অংশ পানীত ডুব যোৱাৰ বাবে ২:২০ মিনিটত জাহাজখন দুভাগ হৈ ভাঙি পৰে।কেতিয়াও ডুব নাযাব বুলি ভবা জাহাজখন আট্লান্টিক মহাসাগৰৰ বুকুত নোহোৱা হৈ গল।এই ঘটনাত ১৫৭০ জন লোকৰ মৃত্যু হল,বহুত লোক ২ ডিগ্রী চেলচিয়াচ থান্ডাতেই মৃত্যু হয়। ৭৭০ জনক উদ্ধাৰ কৰে...বহুতে এই ঘটনাৰ বাবে স্মিথক জগৰীয়া কৰে,বহুতে জহাজ নিৰ্মান নিম্নমানৰ বুলি দোহাৰে।২০১০ চনত এটা দলে আধুনিক ৰবট আৰু অত্যাধুনিক কেমেৰাৰে নৰ্থ আট্লান্টিকৰ বুকুত ১ লাখ ৫০ হাজাৰ ফটো তুলি গৱেষন কৰে। ২ বছৰৰ মুৰত ২০১২ চনত প্রকাশ  কৰিলে যে জাহাজ নিৰ্মান সামগ্রী কোনো নিম্ন মানৰ নাচিল.জাহাজখন ডুব যোৱাৰ একমাত্র কাৰন আচিল জাহাজ খনৰ তীব্রতৰ গতিবেগ।যি বৰফৰ কুণ্ডাত খুন্দা মৰাৰ বাবেই বেয়াকৈ ক্ষতিগ্রস্ত হৈচিল।


জাহাজখনৰ ৫ টা কমপাৰ্টমেন্টেই পানীত ডুব যোৱাৰ বাবেই আগ অংশ পানীত ডুব গৈ দুভাগ হৈ পৰিল.১৯৮৫ চনৰ পৰা ইয়াৰ ধ্বংস ৰ অৱশেষ পোৱা গৈচে যদিও বাকী থকা ধ্বংসাশেষ যাতে কাৰো বাবে দুঃস্বপ্ন নহওঁক,সমুদ্রৰ ইতিহাসৰ এই দুখজনক ঘটনা ইয়াতেই অন্ত পৰক।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages