ধনী হব বিছাৰে যদি আপুনিও জানি লওক এই ৬ টা উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 18, 2021

ধনী হব বিছাৰে যদি আপুনিও জানি লওক এই ৬ টা উপায় : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক এনে ৬ টা পদ্ধতিৰ বিষয়ে কম যিবোৰৰ পৰা আপোনালোকে জানিব পাৰিব যে কেনেকৈ পইচা সাঁচিব পাৰে বা কেনেকৈ ধনী হ'ব পাৰে। Assamese Fact )

Assamese Fact
আজি যিবোৰ পদ্ধতিৰ বিষয়ে আমি আপোনালোকক কম হয়তো শুনিবলৈ আচৰিত যেন লাগিব। যদি আপুনি এই পদ্ধতিবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰে তেতিয়া নিশ্চিত ভাবে আপোনাৰ বহুত বেছি লাভ পাব। পদ্ধতিবোৰ কি জানো আহঁক-


১ঃ যেতিয়া আপুনি ধন ঘটি আনে । সেই পইচাবোৰ ব্যৱহাৰ কৰা আগত তাক ভগৱানৰ ওচৰত থব লাগে। অৰ্থাৎ সেই ধন ভগৱানৰ চৰণত স্পৰ্শ কৰাব লাগে। এটা কথা মনত ৰাখিব আমি ইয়াত কিন্তু ধৰ্ম কথা কোৱা নাই। ভগৱান অৰ্থাৎ আপোনাৰ আস্থা যাৰ ওপৰত আছে তাৰ সন্মুখত নিজেই ঘটা ধন থব লাগে। বৃদ্ধসকলৰ মতে যদি আমি আমাৰ ধন আনি ভগৱানৰ সন্মুখত ৰাখো তেতিয়া আমাৰ ধন ঘটাৰ ৰাস্তা বৃদ্ধি হয় আৰু আৰ্থিক স্থিতি ভাল হয়। অৰ্থাৎ  ভগৱানৰ চৰণত ধন স্পৰ্শ হোৱাৰ পাছত আমি তাক ভাবি চিন্তি খৰচ কৰোঁ। কাৰণ এনেকুৱা কৰা ফলত আমাৰ আস্থা পইচাৰ লগত জড়িত হৈ পৰে। সেই কাৰণে আপুনি নিজৰ জীৱনত এইটো নিয়ম কৰক যে নিজে ঘটা ধন প্ৰথম আনি ভগৱানৰ চৰণত দিয়ক আৰু তাৰ পাছত তাক খৰচ কৰক।


২ঃ  এই পদ্ধতিটো এনেকুৱা যিটো শুনি আপোনালোকৰ এনেকুৱা লাগিব যেন এই পদ্ধতিটোৰে চোন ধন খৰচহে হ'ব । কিন্তু এনেকুৱা নহয়। কাৰণ যি পদ্ধতিৰ বিষয়ে আমি আপোনালোকক কম সেই পদ্ধতিটো শিখ ধৰ্মত প্ৰায় ৫০০ বছৰৰ আগৰ পৰাই  প্ৰয়োগ হৈ আছে। সেই কাৰণে এইটো ক'ব পাৰি যে এই নিয়মটো সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য। যদি আপুনি কাৰোবাৰ সহায় কৰে তেতিয়া আপোনাৰ সুখ অনুভৱ হয় নে নহয়? ইয়াৰ উত্তৰ সকলোৱে হয় বুলিয়ে ক'ব। কাৰণ যেতিয়া আমি কাৰোবাক সহায় কৰোঁ তেতিয়া আমাৰ মনত বহুত আনন্দ বা সুখৰ অনুভৱ হয়। সেই কাৰণে আপুনি নিজে ঘটাৰ কিছু অংশ দানৰ বাবে দিয়ে আৰু সেই ধনেৰে যদি আপুনি কোনোবা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰে বা স্কুলৰ ল'ৰা ছোৱালীবোৰক লাগতীয়াল বস্তুৰ কিনি দিয়ে তেতিয়া আপোনাৰ মনত আৰু হৃদয়ত বহুত সুখ অনুভৱ হ'ব আৰু এই সুখ বা আনন্দয়ে আপোনাক ধনী হোৱাত সহায় কৰিব। কাৰণ (ল' ফৰ এটেক্সচনৰ) নিয়মেও এইটো কয় যে আপুনি যি ঠাইলৈ যাব খোজে আপোনাৰ তাৰ অনুভৱ হোৱাতো বহুত জৰুৰী। 


অৰ্থাৎ যদি আপুনি ধনী হ'ব বিচাৰে তেতিয়া আপুনি ধনী বুলি অনুভৱ কৰিব লাগিব। যেতিয়া আপুনি কাৰোবাৰ সহায় কৰে তেতিয়া আপুনি দিয়াৰ স্থিতিত থাকে আৰু দিয়াজন লোৱা জনতকৈ সদায় ডাঙৰে হয় আৰু এই পদ্ধতিটোৰ অনুসৰি এই অনুভৱ হোৱাতো জৰুৰী। যদি সকলো মাহতে আপুনি এই অনুভৱটো পায়। তেতিয়া এই অনুভৱটোৱে আপোনাক ধনী হোৱাত বহুত সহায় কৰিব আৰু যেতিয়া আপুনি নিজৰ ধন বা সময় দান কৰে । তেতিয়া ভৱিষ্যতে আপুনি এইবোৰ বহুত গুণে বেছিকৈ ঘূৰাই পাব।এই কথাটো আমি কোৱা নাই সকলো ধৰ্মীক গ্ৰন্থত এই কথাটো কোৱা হৈছে ।


৩ঃ  এই নিয়মটো হৈছে  (নওঁ এক্সপ্ৰেনছ দেই)। প্ৰিয় পাঠকসকল এইটো বহুতে প্ৰয়োজনীয়। অৰ্থাৎ সপ্তাহৰ এটা দিন এনেকুৱা ৰাখক যিদিনা আপুনি একো খৰচ নকৰে। ইয়াৰ অৰ্থ এইটো যে আপুনি সপ্তাহৰ যিকোনো দিন ল'ব পাৰে যেনে- মঙ্গল বাৰ নহলেবা বৃহস্পতি বাৰ। যিয়ে হক আপুনি নিজেই নিৰ্ধাৰণ কৰক এনেকুৱা এটা দিন যিদিনা আপুনি খৰচ নকৰে। তাৰ পৰা এইটো হ'ব যে আপুনি আপোনাৰ ইনকম বঢ়াব পাৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ জৰুৰী খৰচ নকৰাকৈ থাকিব। আপুনি খৰচ কৰক কাৰণ আপোনাৰ ধন আপোনাৰে। আপুনি যি কিনিব বিচাৰে পাছদিনা কিনিব পাৰে। ইয়াৰ পৰা এইটো হ'ব যে আপোনাৰ কিছু (মেক্স এক্সপ্ৰেনছিভ) বাচি যাব। (মেক্স এক্সপ্ৰেনছ) মানে সেইবোৰ খৰচ যিবোৰ আমি বহুত বাৰ কৰোঁ। যেনে আমি বস্তু কিছুমান কিনো যিবোৰ  আমাৰ বেছি দৰকাৰ নহয় বা ব্যৱহাৰ নহয়। মানে পাছত আমাৰ এনেকুৱা লাগে যে আমি এইটো কিয় কিনিলো। সেই কাৰণে আপোনালোকে যদি  সঁচাকৈয়ে ধন বচাব বিচাৰে এই অদৰকাৰী খৰচৰ পৰা আঁতৰি থাকক।  সপ্তাহত এদিন আপুনি ধন খৰচ নকৰা সিদ্ধান্ত মানে মাহত চাৰিদিন (মেক্স এক্সপ্ৰেনছৰ ) কৰিব। সপ্তাহত এদিন আপুনি পইচা খৰচ নকৰা সিদ্ধান্তয়ে আপোনাৰ পইচা বহুত বচাব। সেই কাৰণে এই কামটো যদি আপুনি আপোনাৰ জীৱনৰ এটা অংশ ৰূপে গঢ়ি তোলে তেতিয়া আপোনাৰ ওচৰত অলপ হ'লেও পইচা বাচিবলৈ আৰম্ভ হ'ব। এনেদৰে বচা বা সাঁচি ৰাখা পইচা সমূহ আপুনি ভৱিষ্যতৰ বাবে ক'ৰবাত থ'ব বা জমা কৰিব পাৰিব।Assamese Fact )


৪ঃ এইটো পদ্ধতি বহুত জৰুৰী। আপুনি সদায় হাতত থকা পইচাৰে কিবা কিনিব লগা থাকিলে কিনিব লাগে। আপুনি এইটো শুনি ভাবিব যে বৰ্তমান চৰকাৰে ডিজিটেল ৰূপে কাম কৰা কথা কয় আৰু আমি আপোনালোকক হাতত থকা পইচাৰেহে কিবা কিনিব কৈছোঁ। প্ৰিয় পাঠকসকল যেতিয়াৰে পৰা আপোনালোকে Debit card , Credit card, Paying app ৰং ব্যৱহাৰ কৰিব ধৰিলে। তেতিয়াৰে পৰা আপোনাৰ খৰচ বাঢ়িবহে ধৰিছে । কম কিন্তু হোৱা নাই। কাৰণ যেতিয়া আপুনি কিবা বস্তু কিনিবলৈ হাতত থকা পইচা দিয়ে ।পইচাটো দিওঁতে আপোনাৰ অলপ হ'লেও দুখ লাগে। লাগিলে আপুনি ১০০ টকাই দিয়ক বা ২০০০ টকাই দিয়ক,আপোনাৰ ধনটো গ'লে দুখ লাগে। কিন্তু যদি ধন আমি card নহ'বা মোবাইল app ৰে দিওঁ ধন যোৱাৰ দুখ আমাৰ নালাগে। সেই কাৰণে বহুত বাৰ মানুহে আৱশ্যকতাকৈ বেছি খৰচ কৰে। সেই কাৰণে যিমান পাৰে আপুনি নিজৰ হাতত থকা ধনেৰে বস্তু কিনিব বা খৰচ কৰিব লাগে।যাতে আপোনাৰ ধন কিমান খৰচ হ'ল তাৰ ধ্যান থাকে আৰু সদায় চেষ্টা কৰক য'ত জৰুৰী তাতহে খৰচ কৰাতোঁ। আপোনাৰ এই এটা সৰু অভ্যাসৰ ফলত আপোনাৰ যিবোৰ ধন অযথা খৰচ হয় সেইবোৰ বাচি যাব।আপোনাৰ এই অভ্যাসটোৱে আপোনাক ধন সঁচাত সহায় কৰিব।


৫ঃ গোটেই দিনটোৰ খৰচৰ পাছত যি হ'লেও আপোনাৰ জেপত বা হাতত খুচুৰা নহ'বা পইচা বাচি যায়। এই পইচাবোৰক আপুনি কোনোবা টেকেলিত বা সৰু বাকচত সদায় থৈ যাওঁক আৰু যদি পাৰে খুচুৰা  পইচা লগত কেতিয়াবা ডাঙৰ পইচাও থৈ দিয়ক।যাৰ ফলত মাহৰ শেষত আপোনাৰ তাত কিছু ধন বাচি যাব আৰু সেইবোৰ ধন আপুনি এনেকুৱা ঠাইত ব্যৱহাৰ কৰিব পাৰিব যিবোৰ আপোনাৰ ভৱিষ্যতে প্ৰয়োজন হ'ব। সেই কাৰণে যিমান পাৰে সিমান এই পদ্ধতিটো নিজৰ জীৱনত প্ৰয়োগ কৰক।


৬ঃ এই পদ্ধতিটো এনেকুৱা যিটো শুনি আপোনাৰ এনেকুৱা লাগিব যেন এই পদ্ধতিটো চোন বহুত অদৰকাৰী। কিন্তু আপোনালোকক ক'ব বিচাৰোঁ যে এই পদ্ধতিটো বনিয়া সম্প্ৰদায়ৰ লোক সকলে ব্যৱহাৰ কৰে। আপোনালোকে জানে যে বনিয়ে মানুহৰ তাত কিমান পইচা থাকে। যদি আপুনিও নিজৰ ওচৰত বহুত ধন বঢ়াব বিচাৰে তেতিয়া আপুনিও এই পদ্ধতিটো ব্যৱহাৰ কৰিব লাগে। সেই কাৰণে আপোনালোকক ক'ব বিচাৰোঁ যে যিটো পদ্ধতি আমি আপোনালোকক কম সেইটো পদ্ধতি অকনো অদৰকাৰী নহয়।


পদ্ধতিটো হ'ল আপুনি নিজৰ ধন পাৰ্চত নাৰাখি কিবা খাম বা কাপোৰৰ তুপোলাত বান্ধি ৰাখক ।তাৰ পৰা এইটো হ'ব যে আপোনাৰ ধনৰ ওজন কম হ'ব আৰু পাৰ্চ নাৰাখিলে আপোনাৰ স্বাস্থ্যৰো এটা উপকাৰ হ'ব। ডাক্তৰৰ অনুসৰি যিসকলে নিজৰ পাছ ফালৰ জেপত পাৰ্চ ৰাখে তেওঁলোকৰ ৰাজহাড় বিষ হোৱাৰ সম্ভাৱনা থাকে। সেই কাৰণে আপোনালোকে নিজৰ ধন পাৰ্চত নাৰাখি খাম বা কাপোৰৰ তুপোলাত বান্ধি ৰাখিব লাগে। কাৰণ আপোনাৰ ধন উলিয়াওতে যিমান কষ্ট হ'ব সিমানেই আপোনাৰ ধন আপোনাৰ ওচৰত থাকিব। কাৰণ যিবোৰ বস্তু আমি সহজতে যাবলৈ দিওঁ সেইবোৰ বস্তু সিমান সহজতে আমাৰ জীৱনৰ পৰা গুচি যায়। লাগিলে সেইয়া ধন-টকায়ে হ'ক বা অন্য বেলেগ বস্তু । সেই কাৰণে এই পদ্ধতিটো আপোনালোকে ব্যৱহাৰ কৰি ধন সহজতে যোৱাৰ পৰা বাধা দিব পাৰিব।

ধন্যবাদ…

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages