আমাৰ মানৱ সভ্যতাৰ বিকাশত প্ৰাচীন কালৰ পৰাই প্ৰকৃতি আৰু তাৰ ৰহস্য সমূহক বুজিব কাৰণে মানুহৰ মাজত বহুত চেষ্টা অব্যাহত আছে। ( Assamese Fact )
আৰু ইয়াক বিজ্ঞানে সম্ভৱ কৰি তুলিছে । বিজ্ঞান সেই ৰাস্তা যাৰ দ্বাৰা আমি প্ৰাকৃতিক ওচৰৰ পৰা জানিব পাৰো , বুজিব পাৰো, শুনিব পাৰো, অনুভৱ কৰিব পাৰোঁ। কিয়নো প্ৰকৃতিয়ে আমাক কি কব বিচাৰিছে আমি বিজ্ঞানৰ পৰায়ে গম পাও। কাৰণ প্ৰকৃতিয়ে আমাক প্ৰতিটো সময়তে কিবা নহয় কিবা কবলৈ বিচাৰি থাকে। কিন্তু তাৰ ভাষা বেলেগ হয়। যাক সকলোৱে বুজি নাপায়। এইটো কোৱা ভুল নহয় যে বিজ্ঞানৰ ভাষায়ে প্ৰকৃতিৰ ভাষা। আৰু প্ৰাচীন কালৰে পৰাই বৈজ্ঞানিকে প্ৰকৃতিৰ এই ভাষাটোক বুজি মানৱ সমাজৰ আগত সৰল ভাষাত প্ৰকাশ কৰিছে।
আৰু ইতিহাসৰ এইসকল বৈজ্ঞানিকে আজিৰ আধুনিক বিজ্ঞানৰ আধাৰশিলা প্ৰতিষ্ঠা কৰিছে। আজি আমি এনে এজন মহান বৈজ্ঞানিকৰ বিষয়ে জানিম যিজনে মানৱৰ চিন্তাশক্তিৰ কেৱল বিকাশ সাধন কৰাই নহয় তাৰ বাহিৰেও তেখেতে প্ৰকৃতিক চোৱাৰ আৰু বুজাৰ সম্পূৰ্ণ দৃষ্টিকোনেই সলনি কৰি দিছে। তেনে এজন মহান বিজ্ঞানী আছিল গেলিলিও গেলিলি। তেখেতে গোটেই জীৱন বিজ্ঞানৰ বাবে সংঘৰ্ষ কৰিছিল।এটা সময় আছিল যেতিয়া ইউৰোপত সভ্যতাই পতনৰ দিশত গতি কৰিছিল। আৰু চাওঁতে চাওঁতে সম্পূৰ্ণ ইউৰোপ অজ্ঞানতা অন্ধকাৰত ডুব গৈছিল। আৰু সেই সময়তেই ইউৰোপত এক নতুন বিপ্লৱৰ সূচনা হল আৰু ইউৰোপক পুনৰ নতুন উৎসাহ, উদ্যম আৰু প্ৰেৰণাৰে সজীৱ কৰি তুলিলে। কিন্তু এইবাৰ ইউৰোপ বিশেষ ধৰণৰ আছিল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ নতুন উদ্ভাৱনে ইউৰোপত তুলপাৰ লগাই দিছিল। আৰু এইয়া সম্ভৱ হৈ উঠিছিল গেলিলীও গেলিলীয়ে দিয়া তেখেতৰ মহান অৱদানৰ কাৰণে।
তেখেতৰ জন্ম হৈছিল ১৫১৫ চনত ইটালীৰ পিছা নামৰ চহৰত।১৫ বছৰ বয়সতে তেওঁ ইটালীৰ এখন শিক্ষা অনুষ্ঠানত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰম্ভ কৰে। কিন্তু সময়ৰ লগে লগে তেখেতৰ মন গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতিহে বেছিকৈ ঢাল খাবলৈ ললে। নিজৰ অন্তৰৰ এই আগ্ৰহৰ কাৰণে তেওঁ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সিমানতে আধৰুৱা কৰি জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়ন গৱেষণাত আত্মনিয়োগ কৰে। তেখেতে বিভিন্ন প্ৰয়োগ আৰম্ভ কৰে। এনেতে এদিন চাৰ্চ ত প্ৰাৰ্থনা কৰি থাকোতে উলমি থকা ঘণ্টা এটা দেখিলে। ঘণ্টাটো বতাহত ডুলি আছিল। সেই ঘটনাটো চাই চাই তেওঁ অবাক হৈ পৰিল। তেওঁ গণনা কৰি দেখিলে যে ঘণ্টাটোৰ প্ৰতিটো দোলনেই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হৈ আছে। অৰ্থাৎ ঘণ্টাটোৰ দোলন দীঘলীয়া হওঁক বা চুটিয়ে হওঁক প্ৰতিটো দোলন সম্পূৰ্ণ কৰিবলৈ সমান সমান সময়ৰ প্ৰয়োজন হৈ আৰু তেওঁ সেইদিনা সেই দুলনৰ সময় গণনা কৰি উলিয়ালে।
গেলিলীওয়ে চাৰ্চৰ পৰা আহি এই পৰিঘটনাটো অবলোকন কৰিবলৈ এটা পৰীক্ষা কৰিলে। তেওঁ এটা পেন্দুলামৰ সহায় ললে আৰু পেন্দুলামটো সোয়ে বাওয়ে দুলিবলৈ দিলে। সেই পৰীক্ষা টোত তেওঁ চাৰ্চত যেনে ধৰণৰ ফলাফল পাইছিল সেই একেধৰণৰ ফলাফলেই লাভ কৰিলে। এই কথা তেওঁ এজন প্ৰফেছাৰক কলে কিন্তু প্ৰফেছাৰ জনে তেওঁক খং আৰু অৱজ্ঞা হে কৰিলে। কাৰণ সেই সময়ৰ বিজ্ঞানত এনেধৰনে মনা হৈছিল যে এটা সৰু দোলন এটা ডাঙৰ দোলনতকৈ কম সময়ত পূৰণ হৈ যায়। সেইকাৰণে প্ৰফেছাৰ এই কথা অৱজ্ঞা কৰিলে। এইটো এটা তত্ত্ব আছিল আৰু গেলীলিওয়ে প্ৰথম ইয়াৰ ওপৰত পৰীক্ষা আৰম্ভ কৰিলে। তেওঁ সফল হল আৰু তেওঁৰ পৰীক্ষাক সত্য বুলি স্বীকৃত হল আৰু পুৰণা তত্ত্বটো ভুল বুলি প্ৰমাণিত হল। গেলিলীও এজন ধাৰ্মিক ব্যক্তি আছিল কিন্তু কত্বৰ খৃষ্টান নাছিল। তেওঁ প্ৰথম পৰীক্ষা নিৰীক্ষাবোৰ কৰিছিল তাৰ পিছত তত্ত্ব বিলাক লিখিছিল। এনেকুৱা ধৰণৰ প্ৰথম বৈজ্ঞানিক আছিল তেওঁ।
এইটো সেই সময়ৰ কথা আছিল যেতিয়া মানৱ সমাজে প্ৰথম বাৰৰ বাবে অৱগত হৈছিল যে আমাৰ আকাশী গঙ্গাতকেও ডাঙৰ আকাশী গঙ্গা এই বিশ্ব-ব্ৰহ্মাণ্ডত মজুত আছে। এই কথা সেই সময়ৰ মানৱ সমাজত এটা আঘাত দিছিল কাৰণ তেওঁলোকে ভ্ৰমতে ভাবি আছিল যে আমাৰ আকাশী গংগাই আটাইতকৈ ডাঙৰ। তথাপিও তেওঁলোকে এইটো ভাৱি সুখী হৈছিল যে যি সৌৰমণ্ডলত আমাৰ পৃথিৱী খনে অৱস্থান কৰে এই পৃথিৱীৰ চাৰিফালে সূৰ্য্য আৰু গ্ৰহ বিলাকে পৰিভ্ৰমণ কৰে। কিন্তু গেলিলীওয়ে মানৱৰ এইটো অভিমানকো খৰ্ব কৰি দিলে। তেওঁ কলে পৃথিৱী হে সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। সূৰ্য্য আৰু বাকী গ্ৰহ বিলাক নহয়। তেওঁলোকে গেলিলিয়ক লৈ বিভিন্ন ধৰণৰ কথা ভালে বেয়ায়ে কবলৈ আৰম্ভ কৰিলে। চাৰ্চ ৰ পাদ্ৰীয়েটো তেওঁ ওপৰত মোকৰ্দমা তৰি দিলে। পাদ্ৰীয়ে কলে গেলিলিয়ই মানুহক ভুল পথেৰে পৰিচালনা কৰিছে। আৰু পবিত্ৰ বাইবেলৰ বিৰুদ্ধে কথা কৈছে। কাৰণ তেতিয়া বাইবেলত লিখা আছিল যে সূৰ্য্য আৰু বাকী গ্ৰহ বোৰে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।এই কথাৰ কাৰণে গেলিলীয় ই পাদ্রী ৰ পৰা ক্ষমা ও খুজিব লগা হৈছিল। আৰু আজীৱন কাৰাবাসৰ দণ্ডও ভুগিব লগা হৈছিল।( Assamese Fact )
আপোনালোকে শুনি আচৰিত হব যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে এই কথাটো গেলিলীও দ্বাৰা সৰ্বপ্ৰথম কোৱা কথা নাছিল। ইয়াৰ আগতেও কপাৰনিকাছ নামৰ বিজ্ঞানী জনে এই কথাকে কৈছিল। কিন্তু কোনেও কপাৰনিকাচ ৰ কথা সমৰ্থন কৰা নাছিল। কিন্তু একমাত্ৰ গেলিলীয় এনেকুৱা এজন ব্যক্তি আছিল যিজনে কপাৰনকাছ ৰ কথা মুকলিকৈ সমৰ্থন কৰিছিল আৰু তাৰ কাৰণে তেওঁ শাস্তি য়ো ভুগিব লগা হৈছিল।১৮০৯ চনত গেলিলিয় ই গম পাইছিল যে হলেণ্ডৰ এজন ব্যক্তিয়ে এটা বেটেৰী দুৰবীণ উদভাবনৰ কাৰণে চেষ্টা কৰি আছে। যাৰ সহায়ত বহুত দূৰৰ বস্তু অতি সহজতে ডাঙৰকৈ চাব পৰা যাব। গেলিলিয়য়ে নিজেই তেনে এটি দুৰবীন বনোৱাৰ সিদ্ধান্ত লয় আৰু নিৰ্মাণ কৰি উলিয়াই। তেখেতে ইয়াৰ সহায়েৰে ৰাতি ৰাতি আকাশী গংগাৰ নিৰীক্ষণত ব্যষ্ট হৈ পৰে। তেওঁ বহুত সময় ধৰি গ্ৰহ আৰু তৰাৰ ওপৰত তথ্য আৱিষ্কাৰ কৰে। তেওঁ বৃহস্পতি গ্ৰহৰ অধ্যয়ন কৰি তাত চাৰিটা উপগ্ৰহ থকা কথা আৱিষ্কাৰ কৰে। তেওঁ বৃহস্পতি গ্ৰহৰ বাহিৰেও বাকী অন্য গ্ৰহৰো অধ্যয়ন কৰে। তেওঁ আৱিষ্কাৰ কৰে যে চন্দ্রৰ মাটি সমতল নহয়। তাৰ পৰিৱৰ্তে বহুত গাত থকা আৰু উখোৰা মোখোৰা। ইয়াৰ লগতে তেওঁ শনী গ্ৰহৰ কলা তত্ত্ব বিলাকৰ বিষয়েও কয় আৰু ইয়াৰ ওপৰত বহুত অধ্যয়ন ও কৰে। তাৰোপৰি সূৰ্য্যৰ উপৰত পৰা কলা তত্ত্ব বিষয়েও তেখেতে বিষয় জ্ঞান দিয়ে। গেলিলীয় আৱিষ্কাৰ কৰা এই তথ্য বিলাক আজিও আধুনিক বিজ্ঞানৰ আধাৰশিলা হিচাপে সু প্ৰতিষ্ঠিত হৈ আছে। গেলিলিয় ই ভৌতিক বিজ্ঞানৰ শুদ্ধৰণিটো তেওঁৰ নিজৰ যোগদান দিছিল। তেওঁ জড়তাৰ নিয়ম বোৰ কৈছিল। যি পিছলৈ নিউটন ৰ গতিৰ প্ৰথম সূত্ৰৰ নিয়ম হৈছিল গৈ।
তেওঁ পোহৰৰ গতি বেগ জুখিবলৈ যত্ন কৰিছিল। কোৱা যায় যে গেলিলীয় আৰু তেওঁৰ এজন বন্ধু পৰ্বতৰ শিখৰলৈ লেম্প লৈ উঠি গৈছিল। যেতিয়াই তেওঁৰ বন্ধুজনৰ লেম্পৰ পোহৰ দেখে তেতিয়াই তেওঁ বন্ধু জনক লেম্পটোৰ এখন দুৱাৰ খুলি দিবলৈ কয় যাতে তেওঁ নিজৰ লেম্পৰ এখন দুৱাৰ খুলি দিব পাৰে আৰু দুৱাৰ খোলাৰ মাজৰ সময় খিনি জুখিব পাৰে। তেওঁলোকে দুইটা পাহাৰ ৰ মাজৰ দূৰত্ব আগতেই জানিছিল আৰু এনেকৈ তেওঁ পোহৰৰ গতি বেগ জুখিছিল। তেওঁ এইখিনিতে সন্তুষ্ট নহয় পুনৰ আকৌ এবাৰ কৰিব বিচাৰিছে কিন্তু এইবাৰ তেওঁ এনেকুৱা দুখন পাহাৰ লৈছিল যাৰ দুৰত্ব আগৰ পাহাৰ দুখনতকৈ বেছি আছিল। এইবাৰো তেওঁ পৰীক্ষা টো আগৰদৰেই কৰিছিল। কিন্তু তেওঁ আচৰিত হৈছিল কাৰণ ফলাফল আগৰ দৰেই আগবাঢ়িছিল। তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে পোহৰৰ গতি কৰা সময় তেওঁ নিৰ্ধাৰিত কৰা পৰীক্ষাটোতকৈ বহুত জটিল। আৰু তেওঁ পোহৰৰ গতিবেগ জোখাৰ কামটোত অসফল হল। কিন্তু ইয়াৰ পিছত তেওঁ পোহৰৰ গতি বেগ জোখাৰ কাৰণে বেলেগ পৰীক্ষা আৰম্ভ কৰিলে। ইয়াৰ বাবে তেওঁ চন্দ্ৰ, বৃহস্পতি ছায়াত অহা গ্ৰহৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰিলে। কিন্তু তেওঁৰ এইটো চেষ্টা ও বিফল হল। গেলিলিয় আজিৰ পৰা বহুত আগতেই ভৌতিক বিজ্ঞানৰ নিয়ম বিলাকক ভালদৰে বুজাই দিছিল। তেওঁ দ্বাৰা হোৱা আৱিষ্কাৰ বোৰৰ ওপৰত আইনষ্টাইনৰ দৰে মহান বিজ্ঞানীয়ে তেওঁক আধুনিক বিজ্ঞানৰ পিতৃ হিচাপে আখ্যা দিছিল। গেলিলিওয়ে যেতিয়া পিচাত অধ্যাপক আছিল তেতিয়া ছাত্ৰ সকলক এইটোৱে পঢ়াইচিল যে সৌৰমন্দলত পৃথিৱী আৰু অনন্য গ্ৰহবোৰে সূৰ্য্যৰ পৰিক্ৰমা কৰে। কিন্তু কেথলিক চাৰ্চে কৰা বাধা আৰোপ ৰ কাৰণে তেখেতে এই সত্যকো অসত্য বুলি কবলৈ বাধ্য হৈছিল। আৰু আনকি ক্ষমা খুজিব লগা হৈছিল। এই অপৰাধৰ কাৰণে শেষৰ জীৱনলৈকে তেখেতে কাৰাগাৰতে অতিবাহিত কৰিব লগা হল। অৱশ্যে পিছত চৰকাৰে তেখেতক গৃহ বন্দী হৈ থকাৰ আদেশ দিয়ে। আৰু গৃহ বন্দী অৱস্থাতে অন্তিম শ্বাস ত্যাগ কৰে। অৱশ্যে শেষত কেথলিক চাৰ্চে তেওঁক কৰা ভুল ব্যৱহাৰ ৰ কাৰণে ক্ষমা খুজিলে আৰু তেওঁৰ সিদ্ধান্ত সমূহ শুদ্ধ হিচাপে স্বীকৃতি প্ৰদান কৰে। কিন্তু এই সত্যক জগতে বুজিব পৰা নাই। জগতে বুজিবৰ কাৰণে ৩০০ বছৰত কৈ অধিক সময় লাগিল। কোৱা হয় ৭২ বছৰ ওচৰ হওঁতে গেলিলিও নিজৰ দৃশ্য শক্তি হেৰুৱাই পেলায় আৰু এনেকুৱা হৈছিল তেওঁ বেছিকৈ সূৰ্য্যৰ ওপৰত পৰীক্ষা নিৰীক্ষা আৰু অধ্যয়ন কৰাৰ বাবে।
আজি গেলিলিয় ই দিয়া অবদান আমাৰ বৈজ্ঞানিক সকলৰ বাবে এক অনবদ্য উপহাৰ হিচাপে যুগমীয়া হৈ ৰব। গেলিলিয় প্ৰথম এনে এগৰাকী ব্যক্তি আছিল যি জীয়াই থকা অৱস্থাত তেওঁৰ আৱিষ্কাৰ সমূহৰ কাৰণে কোনো স্বীকৃতি নাপালে, পালে কেৱল অপমান। কিন্তু আজি তেওঁ আৱিষ্কাৰ সমূহ আধুনিক বিজ্ঞানৰ আধাৰশিলা হিচাপে প্ৰতিষ্ঠিত হৈছে। তেওঁ এজন ধাৰ্মিক ব্যক্তি আছিল যদিও ধৰ্ম নামত অন্ধবিশ্বাসক প্ৰশয় দিয়া নাছিল। গেলিলিয়য়ে গণিত, ভৌতিক শাস্ত্ৰ আৰু চিকিৎসা বিজ্ঞানত লেখত লব লগীয়া অবদান আগবঢ়াইছিল। তাৰ উপৰিও তেওঁ দৰ্শন শাস্ত্ৰৰোঁ জ্ঞাত আছিল। গেলিলিয়ৰ মহত্ব পূৰ্ণ আৱিষ্কাৰ সমূহৰ কাৰণে তেওঁ আজিও আমাৰ হৃদয়ত জীৱন্ত হৈ আছে। আজি তেওঁক আধুনিক বিজ্ঞানৰ প্ৰগতিত বিজ্ঞান সমাজৰ দেৱদুত হিচাপে সন্মান জনোৱা হয়।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment