কন্যা ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা বা ভৱিষ্যতবাণী বিষয়ে আজি আপোনালোকক আমি কম। ( Assamese Fact )অৰ্থাৎ যিসকল ব্যক্তি কন্যা ৰাশিৰ তেওঁলোকৰ জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যিবোৰ শুনি তেওঁলোকৰ এনেকুৱা লাগিব যে সচাকৈ এইবোৰ যি কৈছে সকলো সঁচা।যিবোৰ কথা আজি আমি আপোনালোকক কম সেইবোৰ সঁচা ভৱিষ্যতবাণী মানে আজি নহ'লেও কাইলৈ কন্যা ৰাশিৰ ব্যক্তিসকলৰ জীৱনত সংঘটিত হ'ব। তেতিয়া হ'লে জানো আহঁক কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে -
কন্যা ৰাশিৰ আখৰবোৰ হ'ল- ধৈ,পা,পী,পু,ষ,ণ,ঠ,পে,পৈ আদি আৰু এওঁলোকৰ স্বামী হ'ল-বুধ দেৱতা।কন্যা ৰাশিৰ তত্ত্ব হ'ল- পৃথিৱী আৰু গুণৱতা হ'ল-অস্থিৰ আৰু ৰঙ এওঁলোকৰ হ'ল- বগা, হালধীয়া,পাতলা মটিয়া, সেউজীয়া। দিন এওঁলোকৰ বাবে যিটো ভাল সেইটো হ'ল- বুধ বাৰ।এই দিনটো আপোনালোকৰ বাবে বহুত ভাল আৰু লাকী দিন বুলি কোৱা হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সম্বন্ধ গঢ়িব পৰা বা ৰাখিব পৰা ৰাশি হ'ল-বিষ আৰু মকৰ ৰাশি। যাৰ লগত আপোনালোকে ভালকৈ থাকিব পাৰিব। বিয়াৰ বাবে আপোনালোকৰ বহুত ভাল বা উত্তম ৰাশি হ'ল- মীন ৰাশি । এওঁলোকৰ লগত বিয়া পাতাতো আপোনালোকৰ বাবে উত্তম হ'ব।আপোনালোকৰ বাবে ভাগ্যশালী সংখ্যা হ'ল- ৫,১৪,২৩,৩২,৪১,৫০
এইয়া হ'ল কন্যা ৰাশিৰ বিষয়ে কিছুমান কথা ।
এতিয়া কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কিছুমান বিশেষ কথা কম ।কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ গুণ থাকে সেইবোৰ হ'ল এওঁলোক বহুত ব্যৱহাৰিক আৰু কৰ্তব্যপৰায়ণ হয়। এওঁলোকৰ ভিতৰত বিশ্লেষণাত্মক শক্তি দেখিবলৈ পোৱা যায় যিকোনো কথা বা বস্তু বিষয়ে বুজাত কন্যা ৰাশিৰ জাতক জাতিকাসকল দয়ালু স্বভাৱৰ হয় আৰু কষ্ট কৰা বিধৰ হয়।
এওঁলোকৰ বেয়া গুণ হ'ল- এওঁলোক অলপ লাজকুৰীয়া স্বভাৱৰ হয়। নিজৰ আৰু আনৰ সমালোচক হৈ পৰে। সকলো কাম আৰু নাটক নকৰে।
কন্যা ৰাশিৰ জাতক জাতিকাসকলে পশুক বহুত পচন্দ কৰে আৰু সুস্থ আহাৰ পচন্দ কৰে। কিতাপ পচন্দ কৰে আৰু প্ৰকৃতিকো পচন্দ কৰে। কিন্তু আৱৰ্জনা পচন্দ নকৰে। অৰ্থাৎ এওঁলোকে চাফ চিকুন পচন্দ কৰে। এওঁলোকৰ অপচন্দ বিষয়ে ক'বলৈ গ'লে এওঁলোকে অনুশাসনহীনতা পচন্দ নকৰে। অৰ্থাৎ এওঁলোকৰ সন্মুখত কোনোবাই অনুশাসন ভগ্ন কৰিলে এওঁলোকে পচন্দ নকৰে। সহায় এওঁলোকে বিচাৰি ভাল নাপায়। কন্যা ৰাশিৰ জাতকসকলে সদায় সৰু সৰু খবৰবোৰ ধ্যান ৰাখে।মানৱতায়ে এওঁলোকক সকলো ৰাশিৰ ভিতৰত এটা ভাল ৰাশি হিচাপে গঢ় দি তোলে। জীৱনৰ একো কাম এৰি নিদিয়ে। এওঁলোক বহুত কোমল হয় কিন্তু সাৱধানতাৰে কাম কৰে।
কন্যা এটা পৃথিৱীৰ ৰাশি যিটোৱে ৰুচিবাদী আৰু সংগঠিত বস্তু ভাল পায় কিন্তু তাৰ ওপৰত নিৰ্ভৰ কৰি নাথাকে।কন্যা ৰাশিৰ জাতকসকলে সংগঠিত জীৱন যাপন কৰি ভাল পায়।
এওঁলোক যেনেকুৱা হ'লেও মনৰ ভিতৰত আশা পূৰণ কৰিব পৰা ক্ষমতা পুঁহি ৰাখে। বুধ কন্যা ৰাশিৰ স্বামী সেই কাৰণে এওঁলোকৰ ভিতৰত ভাষণ,কথোপ কথন আদি সকলো গুণ দেখিবলৈ পোৱা যায়। কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিছুমানে লেখক বা পত্ৰকাৰ ৰূপে নিজৰ জীৱনত আগবাঢ়ি যায়।কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিছুমান প্ৰতীকৰ ফলত বেয়া বুলি ভবা হয়।( Assamese Fact )কন্যা ৰাশিৰ ব্যক্তিসকলে সদায় সেৱা আৰ আনক সুখত ৰাখিব জানে। সেই কাৰণে এওঁলোকে বেছি ভাগ চোৱা চিতা কামবোৰ পচন্দ কৰি লয়। এওঁলোক কেতিয়াবা বহুত সমালোচক বা চিন্তিত থকা দেখা যায়।
কন্যা ৰাশিৰ প্ৰেমৰ আৰু সম্পৰ্ক বিষয়ে ক'ব গ'লে- কন্যা ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ সহযোগীৰ পৰা অকল এইটো অনুভৱ কৰাৰ জৰুৰী যে এওঁলোকে বাধ্যা হ'লেও এওঁলোকে উৎকৃষ্ট প্ৰেমী । প্ৰেমৰ উৎকৃষ্ট বিৱৰণ বাবে ইচ্ছুক নহ'লেও। এওঁলোকে নিশ্চিত হৈ বিস্তাৰিত ভাবে নিজৰ ভাবনাবোৰ প্ৰদৰ্শন কৰে। কন্যাসকলে জাতকসকলৰ তুলনাত দুটা স্থিৰ সম্বন্ধ ৰাখি ভাল পায়। এওঁলোকে অনুভৱ কৰিব বিচাৰে যে এওঁলোক সংগীৰ বাবে এক মহত্বপূৰ্ণ অংশ।এওঁলোক বহুত কৰ্তব্যপৰায়ণ আৰু সংগীক নিজকে সমৰ্পণ কৰি দিয়া বিধৰ হয়। কন্যা ৰাশিৰ ব্যক্তিসকল মিত্ৰ আৰু পৰিয়ালৰ বাবে বহুত মহত্বপূৰ্ণ। কাৰণ কন্যা ৰাশিৰ এটা বন্ধু বা বান্ধবী থকাতোঁ বহুত উপযোগী।কন্যা ৰাশিৰ জাতকসকল উৎকৃষ্ট সমাধানকাৰী আৰু এওঁলোকে সকলো সমস্যাৰে সমাধান কৰিব পাৰে।কন্যা ৰাশিৰ জাতকসকলে আপোনালোকক সদায় নিজৰ পৰিয়ালৰ মানুহৰ চোৱা চিতা কথা মনত পেলাই থাকে। কাৰণ এওঁলোকে বহুত স্বাস্থ্য আৰু চোৱা চিতাত ধ্যান দিয়ে।এওঁলোকে পৰিয়ালৰ চোৱা চিতা কৰাৰ লগতে বৃদ্ধসকলৰ স্বাস্থ্যৰ বহুত চোৱা চিতা কৰে। এওঁলোক বহুত যোগ্য মাক-দেউতাক ৰূপেও পৰিগণিত হয়। এওঁলোকে নিজৰ ভাবনাবোৰ প্ৰদৰ্শন নকৰে কিন্তু এওঁলোকে নেদেখোৱাকৈ এই সকলোবোৰ কৰে।
যদি কন্যা ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতৰ পইচা আৰু সফলতাৰ কথা কোৱা হয়। তেতিয়া এওঁলোক বহুত ব্যৱহাৰিক ,বিশ্লেষণাত্মক আৰু পৰিশ্ৰমী বিধৰ হয়। সেই কাৰণে এওঁলোকে সমস্যাৰ গুৰি লৈকে যাব পাৰে আৰু সমাধান কৰিব পাৰে। এওঁলোকে বহুত ভাল আৰু সংগঠনৰ দৰে চাকৰি কৰি ভাল পায়।যদি একো কাম হোৱা নাই তেতিয়া যেনেকুৱা হ'ব লাগে তাৰ বাবে কন্যা ৰাশিৰ ব্যক্তিসকলক কামত ৰাখিব পাৰে।যাৰ ফলত আপোনালোকৰ কাম নিশ্চিত ৰূপে সম্পূৰ্ণ হ'ব।
এওঁলোকে যেতিয়া কিবা এটা কামত ধ্যান দিয়ে তেতিয়া তাক সম্পূৰ্ণ ৰূপে কৰিবলৈ বহুত চেষ্টা কৰে। এওঁলোকে কিতাপ আৰু কলা ভাল পায় সেই কাৰণে এওঁলোকৰ বাবে সম্ভৱ কাম হ'ল ডাক্তৰ ,নাৰ্চ,শিক্ষক, মনোবিজ্ঞানী,লেখক আৰু আলোচক এই সমূহ এওঁলোক হ'ব পাৰে। এওঁলোকে পইচা চাই চিতি খৰচ কৰে। কাৰণ এওঁলোকে সদায় সাৱধান হৈ থাকে আৰু যিমান পাৰে বচাবলৈ চাই। আগতেই লাগতীয়াল সকলো বস্তুৰ তালিকা বনাই লয় আৰু কিনিব সময়ত বহুত বেছি খৰচ কৰিবলৈ ইচ্ছুক নাথাকে।মাজে মাজে কিন্তু এওঁলোকে নিজৰ কাৰণে কিবা ভাল বস্তু কিনি ভাল পায়।
কন্যা ৰাশিৰ পুৰুষসকলক আপোনালোকে আকৰ্ষিত কৰিবলৈ হ'লে -আপোনালোকে চফা চিকুণ আৰু তেওঁলোকৰ জৰুৰী বস্তুৰ সন্মান কৰিব লাগিব।কন্যা ৰাশিৰ পুৰুষসকলে লাহে লাহে ধ্যান দিহে প্ৰেমৰ ফালে আগবাঢ়ে। এওঁলোকে ভাল পোৱা আগত ব্যক্তিৰ বিষয়ে জনাত সময় বহুত লয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কন্যা ৰাশিত জন্ম হোৱা পুৰুষসকলে অজ্ঞানতা অৰ্থাৎ অচিনাকি মানুহক বহুত ভয় কৰে। সেই কাৰণে আপোনালোকে এওঁলোকক আকৰ্ষিত কৰিব বিচাৰিলে এওঁলোকক কৈ দিয়ক যে আপোনালোকে এওঁলোকৰ পৰা কি আশা কৰে।
কন্যা ৰাশিৰ কিছুমান সকাৰাত্মক গুণ হ'ল- বিশ্লেষণাত্মকতা, বুদ্ধি,সাধুতা আদি। বেলেগ ৰাশিৰ ধৰে কন্যা ৰাশিৰো নাকাৰাত্মক গুণো আছে।কন্যা ৰাশিৰ নাকাৰাত্মক গুণ- কিছুমান কথা
ইনেই বহুত ডাঙৰ বা দীঘলীয়া কৰি দিয়া। খঙ, ৰোক্ষতা আদি। কন্যা ৰাশিৰ পুৰুষ সকলে এটা শান্ত ৰূপ মানুহৰ ওচৰত ৰাখে কিন্তু আপোনালোকে সেইয়া দেখি মূৰ্খ নহ'ব। এওঁলোকৰ পৰা কিবা কৰোৱাতো বা লগাতো আপোনালোকৰ বাবে যদি বহুত জৰুৰী তেতিয়া আপোনালোকে অলপ ধৈৰ্যশীল আৰু বিশ্লেষণাত্মক হ'ব লাগিব। তেতিয়াহে শেষত সেই কন্যা ৰাশিৰ পুৰুষজনে আপোনাৰ কথা মানি ল'ব।কন্যা ৰাশিৰ পুৰুষসকলক আকৰ্ষণ কৰিবলৈ সময় আৰু ধৈৰ্য লাগে।যদি আপুনি কৰ্তব্যপৰায়ণ,ধৈৰ্যশীল আদি হয় তেতিয়া আপোনালোকে কন্যা ৰাশিৰ পুৰুষসকলক আকৰ্ষণ কৰিবলৈ বহুত সুযোগ বা সুবিধা পাব।যদি আপুনি সফল হয় তেতিয়া তেওঁ আপোনাৰ প্ৰেমত পৰিব আৰু জীৱন সংগীও হ'ব পাৰে।কন্যা ৰাশিৰ পুৰুষসকল বহুত কৰ্তব্যপৰায়ণ হয় আৰু সম্পৰ্ক দীৰ্ঘদিন ধৰি আগবঢ়ায় নিয়া বিধৰ হয়।
এতিয়া আমি আপোনালোকক কম কন্যা ৰাশিৰ মহিলাসকলক কেনেকৈ আকৰ্ষণ কৰিব পাৰি। কন্যা ৰাশিৰ মহিলাসকল বহুত বিশ্লেষণাত্মক, হাঁহি ধেমালি কৰা আৰু বুদ্ধিমত্তা বিধৰ হয়।কন্যা ৰাশিত জন্ম গ্ৰহণ কৰা কোনোবা মহিলাক আকৰ্ষণ কৰাতোঁ বহুত ভয় লগা হ'ব পাৰে। কাৰণ এওঁলোকৰ ফালৰ পৰা উদাসতাৰ এক মুখা দেখিবলৈ পোৱা যায়। এওঁলোক সন্দেহ বাদি নহয় কিন্তু নতুন এটা সম্পৰ্কত অহাৰ আগত বহুত সাৱধান আৰু সতৰ্ক থাকে।যদি আপোনালোকে কন্যা ৰাশিৰ মহিলাসকলক আকৰ্ষণ কৰিব বিচাৰে তেতিয়া আপোনালোকে বহুত ধৈৰ্যশীল হ'ব লাগিব আৰু এবাৰ এওঁলোকে নিজকে যদি আপোনাক সমৰ্পন কৰিম বুলি ভাবে। তেতিয়া তেওঁ আপোনাৰ বাবে বহুত দায়িত্বশীল আৰু ভাবুক প্ৰেমিকা হৈ পৰে। এওঁলোকে ব্যৱহাৰিক উপহাৰ প্ৰাপ্তিৰ আনন্দ কৰিব বিচাৰে।এওঁলোক বুদ্ধিমান পুৰুষৰ ফালে আকৰ্ষিত হয় আৰু যদি আপোনালোকে এওঁলোকক অনুভৱ কৰোৱাত সক্ষম হয়। তেতিয়া এওঁলোক আপোনাৰ ফালে প্ৰভাৱিত হৈ পৰিব। লাগিলে মূৰৰ পৰা ভৰি লৈকে প্ৰেমত ডুবি থাকিলেও এক গম্ভীৰ স্থিতিত প্ৰৱেশ কৰিবলৈ সংকুচ কৰে। প্ৰেমৰ মজবুত ক্ষমতা থাকে আৰু প্ৰকৃতিৰ লগত মিলি থকাৰ উপৰিও নিজাকে ৰক্ষা কৰাৰ এটা মজবুত ইচ্ছাও মনত পুহি ৰাখে। আপোনালোকে যদি এওঁলোকৰ ৰক্ষা তন্ত্ৰ ভঙাত সক্ষম হয় তেতিয়া আপোনালোকে এজনী আপোনাক বহুত মৰম কৰা আৰু ভাবুক জীৱন সংগী পাব পাৰে।
প্ৰিয় পাঠকসকল এই সমূহে আছিল কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে কিছুমান মহত্বপূৰ্ণ কথা।যিবোৰ এদিন হ'লেও হ'ব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।
No comments:
Post a Comment