প্ৰিয় পাঠকসকল,আজি আমি আপোনালোকক জনাম, ভগৱানৰ ওচৰত জ্বলোৱা চাকি গছৰ শলিতাডালৰ আগত ফুল দৰে গুটি গুটি হোৱাৰ কাৰণ কি ( Assamese Fact )? চাকি জ্বলোৱাৰ প্ৰকৃত মিয়ম কি,কেনেদৰে জ্বলাব লাগে আৰু বহুত তথ্য আমি আপোনালোকক অৱগত কৰিম।সকলোৱে নিজৰ ইষ্ট দেৱতা বা ভগৱানক প্ৰসন্ন কৰিবলৈ পূজা পাঠ কৰে। কিন্তু আমি নাজানো যে যি পূজা আমি আমাৰ ইষ্ট দেৱতাক বা ভগৱানক প্ৰসন্ন কৰিবলৈ কৰোঁ সেইয়া পূজা আমাৰ ভগৱানে স্বীকাৰ কৰিছে নে নাই। অৱশ্যে ভগৱানেও আমাক কিছুমান প্ৰমাণ আৰু চিহ্ন দিয়ে যাৰ ফলত আমি গম পাওঁ যে আমাৰ ইষ্ট দেৱতা বা ভগৱানে আমাৰ পূজা স্বীকাৰ কৰিছে নে নাই আৰু আমাৰ ওপৰত প্ৰসন্ন হৈছে নে নাই। প্ৰথমতে আমি জানো আহঁক ভগৱানৰ চাকি গছী কেনেকৈ জ্বলাব লাগে আৰু জ্বলোৱা নিয়ম
পূজাত চাকি জ্বলোৱা বিশেষ মহত্ব থাকে। যিকোনো পূজাতে চাকি যদি নজ্বলাই সেই পূজা আধৰুৱা বুলি কোৱা হয় আৰু ঘৰত চাকি জ্বলোৱাতো বহুত জৰুৰী। কাৰণ ইয়াৰ ফলত ঘৰৰ নকাৰাত্মক শক্তি নাইকীয়া হৈ যায়। কিন্তু কিছুমান কথাৰো আমি ধ্যান ৰাখিব লাগে। যেনে চাকি কিহৰ জ্বলাব লাগে। চাকি কোন দিশত জ্বলাব লাগে।
যেতিয়া আপোনালোকে চাকি জ্বলাই সদায় চফা চাকিহে জ্বলাব। ভগা চাকি কেতিয়াও নলগাব। কিছুমানৰ ঘৰত ঘিঁউৰ চাকিৰ লগতে তেলৰো চাকি জ্বলোৱা হয়। তেলৰ চাকি সমস্যা বা কষ্টবোৰ দূৰ কৰিবলৈ জ্বলোৱা হয় আৰু ঘিঁউৰ চাকি মনৰ কামনা আৰু সুখ সমৃদ্ধিৰ বাবে জ্বলোৱা হয়। চাকি জ্বলোৱা সময়ত সদায় মনত ৰাখিব যে চাকিটো উত্তৰ বা পূৰ্ব দিশৰ ফালে যাতে জ্বলাই। তাৰ ফলত ধনৰ প্ৰাপ্তি যুগ হয়। সেই কাৰণে সদায় পূজা কৰোঁতে এই কথাটো মনত ৰাখিব। এইবোৰ হ'ল চাকি লগত সম্বন্ধীত কিছুমান কথা।( Assamese Fact )
এতিয়া জানো আহঁক ভগৱানৰ ওচৰত যে আমি চাকি জ্বলাওঁ প্ৰাৰ্থনা কৰোঁ তাৰ পাছত যে চাকিগছৰ শলিতাডালৰ আগত গুটি গুটি দৰে হয় বা ফুলৰ দৰে হয় সেইয়া কিয় হয় বা ভগৱানে আমাক কি সংকেত দিব বিচাৰে ? মনা হয় যে যিজন ইষ্ট দেৱতাৰ আপোনালোকে পূজা কৰে আৰু চাকি জ্বলাই। তেতিয়া চাকিৰ শলিতাডালৰ আগত গুটি গুটি দৰে হয় বা ফুলৰ দৰে কিবা হয়।তাৰ পৰা আমি সংকেত পাওঁ যে আমাৰ ইষ্ট দেৱতা বা আমাৰ ভগৱান আমাৰ ওপৰত বহুত প্ৰসন্ন হৈছে।
আপোনালোকে যি পূজা নিজৰ মনেৰে আৰু ভক্তি ভাবেৰে কৰিছে সেইয়া আপোনালোকৰ ভগৱানৰ ওচৰ পাইছেগে আৰু ভগৱানে তাক স্বীকাৰো কৰিছে।
এনেকুৱা অসীম কৃপা অকল সেইসকলেহে পায় যি সদায় নিয়মীয়াকৈ শুদ্ধ মনেৰে পূজা কৰে।নিয়মীয়াকৈ প্ৰাৰ্থনা, পূজা,ভোগ আৰু চাকি যিয়ে জ্বলাই সেইসকলৰ ওপৰত হে ভগৱান এনেকুৱা অসীম কৃপা দৃষ্টি পৰে। চাকি গছত এনেকুৱা হোৱা মানে ভগৱানে আপোনালোকৰ পূজা স্বীকাৰ কৰিছে আৰু আপোনালোকৰ ওপৰত প্ৰসন্ন হৈছে ।এইবোৰ তেতিয়াহে হয় যেতিয়া চাকিৰ শলিতাডালত ফুলৰ দৰে বা গুটি গুটি হয়। আপোনালোকৰ ইষ্ট দেৱতা বা ভগৱান আপোনালোকৰ ওপৰত বহুত প্ৰসন্ন হ'লে আপোনালোকক ইষ্ট দেৱত বা ভগৱানে এনেকুৱা কিছুমান সংকেত দিয়া দেখা যায়। কিছুমান মানুহে ভাবে যে ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধন আৰু সুখ সমৃদ্ধিৰ বৃদ্ধি হ'ব। লক্ষ্মীদেৱীৰো কৃপা আপোনালোকৰ ওপৰত থাকিব। নিয়মীয়াকৈ পূজা কৰিব লাগে আৰু নিজৰ ইষ্ট দেৱতাক প্ৰসন্ন কৰিবলৈ ভোগ,চাকি আদি দিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
Real fact
ReplyDelete