এজন মহান লেখক বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল "early to bed and early to rise makes a man healthy wealthy and wise"
অৰ্থাৎ সোনকালে শোৱা আৰু সোনকালে উঠা অভ্যাসে এজন মানুহক স্বাস্থ্যবান আৰু সমৃদ্ধিশালী কৰি তোলে।
আৰু এনেকৈয়ে আমাৰ সংস্কৃতিয়েও কয়,কিন্তু বিজ্ঞানৰ মতে,সোনকালে শুই সোনকালে উঠা মানুহৰ বৌদ্ধিক ক্ষমতা ৰাতি দেৰিকৈ শুৱা মানুহতকৈ কম হয়।কিন্তু এইয়া পঢ়ি আপুনি ৰাতি দেৰিলৈকে সাৰ পাই থাকিবলৈ অভ্যাস কৰি নিদিব।
কাৰণ এটা গৱেষণাৰ মতে সোনকালে উঠা মানুহখিনিক আশাবাদী,অধিক ফুৰ্তিবাজ,আৰু বেছি দায়িত্ববোধ থকা বুলি কোৱা হৈছে।প্ৰকৃততে সোনকালে শুই সোনকালে উঠা মানুহখিনি সূৰ্যৰ পোহৰত অধিক সক্ৰিয় হৈ থাকে।তেওঁলোক পৰিৱেশৰ লগত খাপ খাই যায় আৰু স্বাস্থ্যৱান হৈ থাকে।এম আৰ আই স্কেনৰ দ্বাৰা এইটো গম পোৱা গ'ল যে ৰাতিপুৱা সোনকালে শুই উঠা মানুহৰ মগজুৰ প্ৰিফ্ৰন্টেল কৰ্টেক্স অংশটো বেছি সক্ৰিয় হৈ থাকে।মগজুৰ এই অংশই পৰিকল্পনা কৰে,ইচ্ছাশক্তি বঢ়াই,সিদ্ধান্ত লয়,আৰু এই ইচ্ছাশক্তিয়েই আমাক ডাঙৰতকৈও ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে।গতিকে সোনকালে শুই সোনকালে শুই উঠাতো আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ।
যিদৰে প্ৰথমেই কোৱা হৈছিল যে দেৰিকৈ শোৱা মানুহৰ বৌদ্ধিক ক্ষমতা সোনকালে শুই উঠা মানুহতকৈ বহুত বেছি,আপোনালোকে ভাবিছে নেকি যে বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিবলৈ দেৰিকৈ শুব লাগিব বুলি।এই কথা জানিবলৈ আপোনালোকে তাৰ আগেয়ে আন কিছুমান কথা জানি লোৱাতো প্ৰয়োজন।( Assamese Fact )
দৰাচলতে ৰাতি দেৰিলৈকে সাৰ পাই থকা ব্যক্তিয়ে সমাজত মানুহৰ লগত মিলি থাকিব নোৱাৰে।আৰু ইয়াক গৱেষকসকলে নাম দিছে social jetlag।
ৰাতিপুৱা সোনকালে শুই উঠা মানুহে তেওঁলোকৰ প্ৰয়োজনীয় কামখিনি দিনতেই কৰি লয়,কিন্তু দেৰিকৈ শুই উঠা মানুহে দেৰিকৈ কৰে।তেওঁলোকে এনেধৰণে জীয়াই থাকে যেন তেওঁলোকে বেলেগ দেশৰ সময় অনুসৰি জীৱন কটাই।
ধৰি লওক কোনো ব্যক্তিয়ে ৰাতি ৩বজাত শুই দিনৰ ১১বজাত উঠে,তেনেলোকৰ দিনটোৰ আৰম্ভণি ১১বজাৰ পৰা হয় আৰু দিনটোৰ কামবোৰৰ আৰম্ভণি ১১ বজাৰ পৰা কৰিব লগা হয়।অৰ্থাৎ তেওঁ এতিয়া সমাজৰ সকলো কামতে পিছপৰি আছে।
কিন্তু যদি কোনো ব্যক্তি ৰাতি বহুত দেৰিকৈ শুই ৰাতিপুৱা সোনকালে উঠে,তেন্তে টোপনি কম হোৱাৰ বাবে তেওঁৰ মগজুৰ কাৰ্যকলাপত প্ৰ্ভাৱ পৰে।আৰু মগজুৰ এই পৰিৱৰ্তন দৈহিক ভাৱে ফুটি উঠে।মগজুত হুৱাইট মেটাৰ নামৰ যি বগা অংশ থাকে,সেইয়া ৰাতি দেৰিকৈ শোৱাৰ বাবে কম হ'ব ধৰে।এই অংশই মগজুত হ'ৰম'নৰ পথ হিচাপে কাম কৰে।গতিকে এই অংশ কমি গ'লে মগজুত হ'ৰম'নৰ চলাচল কৰাৰ পথো কম হৈ যায়।যাৰ ফলত আমাক সুখী কৰি ৰখা হ'ৰম'নো কমকৈ প্ৰবাহিত হয়,যেনে ড'পামাইন বা চেৰ'ট'নিন।সেইবাবেই ৰাতি দেৰিকৈ শোৱা মানুহৰ শৰীৰত ইচ্ছা শক্তিৰ অভাৱ আৰু এলাহ দুয়োটাই দেখা পোৱা যায়।
কিন্তু ৰাতি দেৰিকৈ শোৱা মানুহৰ মগজুৱে কৰ্টিচল স্তৰ বঢ়াই দিয়ে,
যি এটা বল বা শক্তিৰ হ'ৰম'ন।ইয়াৰ ফলত ৰাতি দেৰিলৈকে সাৰ পাই থকা ব্যক্তি যিকোনো হঠাতে অহা আঘাতৰ প্ৰতি সজাগ হৈ যায়।আৰু সংকট মূৰ পাতি ল'বলৈও সদায়ে সাজু হৈ থাকে।ইয়াৰ দ্বাৰা নতুন নতুন সুবিধা তেওঁলোকৰ কাৰণে সৃষ্টি হয়।আৰু সেইবাবেই এওঁলোক সৃষ্টিশীল হয় আৰু আৰ্থিকভাৱে আগবাঢ়ি যায়।আৰু এওঁলোকে এই বিষয়টোকে ভালদৰে বুজি পাই যায় আৰু তেওঁলোকৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি হয়।ধন্যবাদ।।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।
No comments:
Post a Comment