ভাগ্য উদয় কৰিব বিছাৰে যদি আজিয়ে ৰোৱক এই পাঁচজোপা গছ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 28, 2021

ভাগ্য উদয় কৰিব বিছাৰে যদি আজিয়ে ৰোৱক এই পাঁচজোপা গছ : Assamese Fact

Assamese Fact

আমি আমাৰ ঘৰত বহুত প্ৰকাৰৰ গছ গোচনী ৰোপন কৰোঁ। যদি বাস্তু অনুসৰি গছ ৰোপন কৰোঁ তেতিয়া ঘৰত সুখ শান্তিৰ আগমন হয়। Assamese Fact )

অৱশ্যে ইয়াৰ বৈজ্ঞানিক কাৰণো আছে আৰু গছ গছনিৰ জৰিয়তে আমি অক্সিজেন গ্ৰহণ কৰিব পাৰো। গছ গছনিৰ জৰিয়তে আমাৰ চাৰিও ফালৰ পৰিবেশ পবিত্ৰ হৈ থাকে। আমি গছ গছনি ৰোপন কৰিব লাগে। ঘৰত কিছুমান গছ হোৱাটো বহুত প্ৰয়োজন। এনে কিছুমান গছ আছে,যিসমূহ ৰোপন কৰিলে ঘৰত সমৃদ্ধি বৃদ্ধি হ'ব আৰু মহালক্ষ্মীৰ বসতি হ'ব। আত্মাৰ শান্তিৰ কাৰণে কৰ্ম স্পৃহা বৃদ্ধি কৰা, ভগবান জীৱনক বাসস্থান দিবলৈ, পূণ্য প্ৰাপ্তি কৰাবলৈ , দুখ নাশ কৰিবলৈ অত্যন্ত শক্তিশালী ভগবান স্বৰূপ য'ত আপোনাক সংসাৰিক সুখ দিব এনেকুৱা বিশেষ গছ গছনি ৰোপন কৰিলে। 


যদি আমি আগৰ জন্মত কিবা পাপ কৰ্ম কৰিছিলোঁ তেতিয়া এনে গছ ৰোপন কৰিলে পাপ খণ্ডন হয়। যদি আপুনি এই পাঁচ জোপা গছ ৰোপন কৰে তেতিয়া ঘৰত সুখ শান্তি , ধন সম্পত্তিৰ আগমন হয়। আজি আমি সেই বিশেষ গছ কেইবিধৰ বিষয়ে বৰ্ণনা কৰিম।জানি থোৱাটো ভাল যে,গছ গছনি ৰোপন কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। আমি গছ নিজৰ বাৰী নতুবা ঘৰৰ ভিতৰত আদিত ৰোপন কৰিব পাৰো, কিন্তু যদি ৰোবও নোৱাৰো তেতিয়া গছৰ ছবি ঘৰত থব পাৰো। ইয়াত ধনাত্মক শক্তিৰ প্ৰভাৱ পৰে। 


প্ৰথমতে আমি যি জোপা গছ ৰোপণ কৰিব লাগে সেই জোপা হৈছে 'তুলসী' গছ।

Assamese Fact
তুলসী গছ যদি ঘৰৰ ভিতৰত হয় তেতিয়া ঘৰৰ কোনো ধৰণৰ  ঋণাত্মক শক্তিৰ প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ তুলসীয়ে ঋণাত্মক শক্তি ধ্বংস কৰি দিয়ে। কোনো ধৰণৰ প্ৰেতাত্মাক ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। তুলসীক প্ৰভু নাৰায়ণৰ প্ৰিয় বুলি কোৱা হয়। যিখন ঘৰত তুলসীৰ বাস হয় সেইখন ঘৰত কেতিয়াও অপাই অমংগল নহয়। তুলসী গছ সাক্ষাৎ লক্ষ্মীৰ স্বৰূপ হয় , যি খন ঘৰত তুলসী গছ হয় তাত অন্ন , ধনৰ কেতিয়াও অভাৱ নহয়।


দ্বিতীয়তে গছৰ পুলি হৈছে নৰসিংহ।

Assamese Fact
নৰসিংহ গছৰ পুলি ৰোপন কৰিলে বহুত ভাল। নৰসিংহ গছৰ পুলি ৰোপন কৰিলে শনি, ৰাহু, কেতু তিনিওটা গ্ৰহ শান্ত হৈ থাকে আৰু সন্তুষ্ট হয়। এই গছ ৰোপণ কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰভাৱ পৰিব।


তৃতীয়তে আমি ৰোপন কৰিব লোৱা গছ পুলি হৈছে আমলখি।

Assamese Fact
আমলখি গছৰ পুলি ৰূপন কৰিলে মহালক্ষ্মী আপোনাৰ ঘৰত চিৰস্থায়ী হৈ থাকিব। আমি জানো যে আমলখিৰ গছত ভগবান কৃষ্ণয়ে বাস কৰে। যি খন ঘৰত আমলখিৰ গছ থাকে তেনে ঘৰত লক্ষ্মী থাকে। যত নাৰায়ণ থাকে তাত লক্ষ্মীও থাকে। সেই কাৰণে আমলখিৰ গছ ৰোপন কৰিব লাগে।Assamese Fact )


চতুৰ্থতে হৈছে আকন গছৰ পুলি ৰোপন কৰিব লাগে। আকন গছ ১১ বছৰৰ পিছত শিপাৰে গণেশ মূৰ্ত্তিৰ নিৰ্মান হয়।

Assamese Fact
আকন গছৰ ফুল গণেশৰ বহুত প্রিয়। আকন গছৰ পুলি ৰোপণ কৰিলে আত্মবিশ্বাস বাঢ়িব। সূৰ্যৰ যিটো ৰশ্মিৰ উৎপন্ন হয় সেইপোহৰৰ ৰশ্মিৰ আকন গছত দেখিবলৈ পোৱা যায়। আকন গছৰ ফুল সূৰ্য ৰ দৰে উজ্বল হয়। আপোনাৰ মান সন্মান সুখ দুখ ৰাজভোগ আদিৰ ভাগ্য উদয় হয়। সেই কাৰণে আমি আকন ফুলৰ পুলি ৰুব লাগে।


পঞ্চম ফুল পাহ হৈছে শেৱালী ফুলৰ গছ। শেৱালী ফুল সমুদ্ৰ মন্থন কৰোঁতে উৎপত্তি হৈছিল। সমুদ্ৰ মন্থন যেতিয়া হৈছিল অসুৰ আৰু দেৱতাৰ মাজত তেতিয়া বায়ুৰ জৰিয়তে সৰ্প ৰছী বনাইছিল।

Assamese Fact
সাগৰ মন্থন কৰোঁতে চতুৰ্থ ৰত্নৰ উৎপত্তি হৈছিল। চতুৰ্থ ৰত্নৰ যিটো ১১ নম্বৰ ৰত্নৰ উৎপত্তি হৈছিল সেইয়া আছিল শেৱালী বৃক্ষ। শেৱালী ফুলৰ বিশেষত্ব হৈছে যে এই ফুল স্পৰ্শ কৰিলে ভাগৰোৱা ভাব কমি যায়। এই ফুল পাহ দেবতা সকলৰ বহুত প্রিয়। শেৱালী ফুলে স্বৰ্গত স্থান পাইছিল। শেৱালী ফুল যাৰ ঘৰত থাকিব কোনো বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে। শেৱালী ফুলৰ বহুত ভাল গুণ আছে। এই ফুল পাহৰ পাহীবোৰ বহুত সৰু সৰু আৰু ইয়াৰ পৰা ভাল গোন্ধ ওলায়। শেৱালী ফুল পাহ ভগৱানৰ বহুত প্রিয়। আপোনাৰ ঘৰত যদি দেৱ দোষ অথবা কোলা দেৱতাৰ দোষ আছে তেতিয়া শেৱালী ফুল ৰোপন কৰিলে দোষ নাইকিয়া হৈ যাব। আপুনি যদি কিবা দোষ কৰিছে এইটো জন্মত বা পূৰ্ব জন্মত তেতিয়া দেৱ দোষ উৎপন্ন হয় তেতিয়া শেৱালী ফুল ৰোপণ কৰিলে সকলো দোষ মুক্ত হয়। শেৱালী ফুলক দেৱতা স্বৰূপ বুলি কোৱা হয়।


** আমি আপোনালোকক পাঁচ পাহ ফুলৰ নাম কৈছোঁ

(১) প্ৰথম তুলসীৰ পুলি

(২) দ্বিতীয় মিঠা নিমৰ পুলি

(৩) তৃতীয় আমলখিৰ পুলি

(৪) চতুৰ্থ আকন পুলি

(৫) পঞ্চম শেৱালী ফুলৰ পুলি


   ঘৰত গছ ৰোপন কৰোঁতে সদায় উত্তৰ-পূৱ দিশত লগাব লাগে। এই দুটা দিশৰ বাহিৰে যদি আপুনি অন্য দিশত ৰোপণ কৰে তেতিয়া সুফল পোৱা নাযায়। এই ফুল সমূহত সদায় স্নান কৰি পানী দি সেৱা জনাব লাগে। এই সমূহ ফুলক সেৱা কৰা মানে ভগৱানক সেৱা কৰা।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।


No comments:

Post a Comment

Advertisement

Pages