মা অন্নপূৰ্ণাৰ আৱশ্যকতা আমাৰ সকলোৰে আছে আৰু অন্নপূৰ্ণা মা সদায় আমাৰ ৰান্ধনিশালত বিৰাজমান থাকে।( Assamese Fact )
যিসকল লোকে নিজৰ ঘৰত দৰিদ্ৰতা নোহোৱাটো বিচাৰে , অন্নৰ অভাৱ নোহোৱাটো বিচাৰে, ঘৰলৈ কোনো ব্যক্তি আহিলে তেওঁ কোনো আহাৰ গ্ৰহণ নকৰি যদি ঘূৰি যোৱাটো নিবিচাৰে তেন্তে তেওঁলোকে কিছুমান উপায় অৱলম্বন কৰিব লাগে।
আৰু এই উপায়বোৰ আমি পাকঘৰত কৰিব লাগিব। গতিকে সকলো মাতৃৰ ইয়াত মুখ্য ভূমিকা আছে।
গতিকে এতিয়া জানো আহক সেই বিশেষ উপায় সমূহৰ বিষয়ে-
১/ যি স্থানত আহাৰ ৰন্ধা হয় তাক পাকঘৰ বুলি জনা যায়। কিন্তু যুগৰ পৰিবৰ্তনৰ লগত আজিকালি পাকঘৰৰো বেলেগ সংজ্ঞা পোৱা যায় যাক আমি "kitchen"বুলি জানো।
পাকঘৰেই হওক বা "kitchen" হওক আমি কেতিয়াও লেতেৰা কৰি থব নালাগে। যি পাকঘৰ লেতেৰা হৈ থাকে তাত মা অন্নপূৰ্ণা বাস নকৰে। আমিওতো লেতেৰা কোঠা এটাত থাকিবলৈ পছন্দ নকৰো আৰু তেওঁলোকতো দেৱী দেৱতা হয়। সেইবাবে পাকঘৰ সদায় স্বচ্ছ আৰু পবিত্ৰ হব লাগে। আগৰ দিনত সেইবাবে মানুহে পাকঘৰত গোবৰেৰে মুচিছিল। সেইবাবে পাকঘৰত সদায় গঙ্গাজল ছতিয়াবলৈ চেষ্টা কৰিব লাগে ।২/ আপোনাৰ পাকঘৰত যেতিয়া আপুনি প্ৰৱেশ কৰিব তেতিয়া কটাৰি, চুৰি ইত্যাদিৰ দৰ্শন হব নালাগে।
শাক পাচলি কটা যিবোৰ সঁজুলি আছে সেইবোৰ প্ৰৱেশ কৰিয়েই পোনে পোনে দেখা পাব নালাগে। অৰ্থাৎ যেতিয়া দৰকাৰ হয় সেই সময়ত ব্যৱহাৰৰ বাবে উলিয়াই লব লাগে আৰু কাম শেষ হোৱাৰ পাছত কোনো ঠাইত আঁতৰাই থৈ দিব লাগে। এই কাটিব লগীয়া বস্তুবোৰৰ দৰ্শন হলে ই ঋণাত্মক শক্তি একত্ৰিত কৰে। আপোনাৰ অন্তৰত ঋণাত্মক শক্তি ঠাই পাব আৰু আপোনাৰ ভোজনৰ মাধ্যমেৰে আহাৰ গ্ৰহণ কৰা ব্যক্তিজন ঋণাত্মক শক্তিৰে প্ৰবিষ্ট হব। কিছুমান লোকে পাকঘৰলৈ যোৱাৰ এলাহত নিজৰ ৰূমতেই কটাৰি বা চুৰি আনি থৈ দিয়ে। কিন্তু এনে কৰিব নালাগে।( Assamese Fact )৩/ আমাৰ ঘৰত ৰন্ধা আহাৰ কেতিয়াও উদঙাই থব নালাগে, সদায় ঢাকি থব লাগে।
ভাত, ডাইল, ৰুটি বা চালাড যিয়েই নহওঁক কিয় সকলো বস্তু ঢাকি থব লাগে। কিয়নো এনেকুৱা বহুতো ভাল বেয়া শক্তি থাকে যিবোৰ আমাৰ ঘৰৰ ওচৰে পাজৰে ঘূৰি থাকে তেন্তে সেই আহাৰত এই ঋণাত্মক শক্তি বোৰে প্ৰৱেশ কৰিব পাৰে। আৰু এনে ক্ষেত্ৰত মা অন্নপূৰ্ণাও প্ৰসন্ন নহয়। আপোনি এনে কৰাৰ অৰ্থ হৈছে যে পাকঘৰত আপুনি সাৱধান নহয় আৰু মা অন্নপূৰ্ণা আপোনাৰ ওপৰত ক্ৰোধিত হৈ পৰিব আৰু আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ শংকা বাঢ়ি যাব। ভোজনৰ যোগ্য বস্তু যি আমি তৈয়াৰ কৰি থওঁ সেই সমূহ ঢাকি থব লাগে সদায়। আৰু পাকঘৰত বাৰে বাৰে গাখীৰ উফন্দি পৰি যোৱাটো অশুভ হয়।৪/ আপোনি যেতিয়া পাকঘৰত তেল বা ঘিউ গৰম কৰে তেন্তে ই আপোনাৰ হাতত পুৰিব নালাগে।
গৰম তেল অথবা ঘিউৰে আপোনাৰ হাত জ্বলাতো অশুভ লক্ষণ হয়। কেতিয়াবা আমি আহাৰ প্ৰস্তুত কৰি থাকোতে তাৰ তেল আহি আমাৰ হাতত পৰি জ্বলে কিন্তু এনেকুৱা বাৰে বাৰে হব নালাগে। এনে হলে বুজি উঠিব লাগে যে আপোনাৰ ৰাহু, কেতো আৰু শনি সকলো ৰুষ্ট হৈ আছে। ইয়াৰ পৰা বাচিবৰ বাবে আমি ঘৰৰ প্ৰথম ৰুটিটো গৰুৰ বাবে আৰু শেষৰতো ৰুটি কুকুৰৰ বাবে প্ৰস্তুত কৰিব লাগে। এনে কৰিলে ৰাহু, কেতো আৰু শনি তিনিওটা প্ৰসন্ন হয় ।কিন্তু সকলোতকৈ মহত্বপূৰ্ণ কথাটো হল যে আপুনি সদায় পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। গাখীৰ গৰম কৰাৰ সময়ত যাতে উফন্দি পৰি নাযায় তাৰ ধ্যান ৰাখিব লাগে। এই সৰু সৰু কথাবোৰত যদি ধ্যান দিয়া হয় তেন্তে নিশ্চয়কৈ আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰ হব। যিখন ঘৰত মা অন্নপূৰ্ণা প্ৰসন্ন হয় সেই খন ঘৰৰ পৰা মা লক্ষ্মী কেতিয়াও যাব নোৱাৰে।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment