এই কেইটা সংকেত দেখা মানে আপোনাক কোনোবাই বহুত মনত পেলাইছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 21, 2021

এই কেইটা সংকেত দেখা মানে আপোনাক কোনোবাই বহুত মনত পেলাইছে : Assamese Fact

Assamese Fact

আজি আমি আপোনালোকক কম কোনোবা প্ৰিয় মানুহে যদি আপোনাৰ কথা মনত পেলাই তেতিয়া আপোনালোকে কি কি সংকেত পায়।Assamese Fact )

কোনোবা এনেকুৱা ব্যক্তি যি আপোনাক বহুত ভাল পায়।যদি সেই ব্যক্তিজনে আপোনাৰ লগত কটোৱা সেই ভাল লগা সময়বোৰ মনত পেলাইছে বা আপোনাৰ বিষয়ে বহুত ভালকৈ ভাবিছে। এনেকুৱা সংকেত তেতিয়াহে পোৱা যায় যেতিয়া আপোনাৰ কথা সেইজনে বহুত বেছিকৈ ভাবে।এনে পৰিস্থিতিত এক তৰংগৰ সৃষ্টি হয় আৰু এই তৰংগ এক অদৃশ্য শক্তিলৈ ৰূপান্তৰিত হয়।এই শক্তি এনেকুৱা বস্তু যি নিজেই নিজৰ ৰাস্তা বনাই ল'ব পাৰে আৰু যেতিয়া সেই মানুহজনৰ পৰা কিবা শক্তি আপোনাৰ ওচৰলৈ আহে। তেতিয়া আপোনালোকে কি কি সংকেত পায়। আজি আমি আপোনালোকক ৪-৫ টা মান কথা কম যিবোৰ  আপোনালোকৰ লগত যদি হৈছে । তেতিয়া আপোনালোকে জানিব পাৰিব যে আপোনাৰ প্ৰিয় মানুহজনে আপোনাৰ কথা বহুত ভাবি আছে। যদি গোটেইকেইটা নহয় ইয়াৰ এটাও হৈছে তেতিয়াও বুজিব পাৰিব যে সেই মানুহজনে আপোনাৰ কথা বহুত মনত পেলাই আছে।


 এইবোৰ আপোনালোকে নজনাকৈ হৈ যায় । আপোনালোকে কাম কৰি আছে ইয়াৰ ওপৰত ধ্যান দিয়া নাই বা মনত পেলোৱা নাই । তাৰ পিছতো আপোনাৰ সেই মানুহজনৰ কথা মনত পৰে। আপোনালোকে দেখিছে সপোনত সেই মানুহজন আপোনালোকৰ লগত আছে আৰু আপোনালোকে একেলগে সময় পাৰ কৰিছে। এইবোৰ তেতিয়া হয় যেতিয়া সেই মানুহজনেও আপোনাৰ কথা ভাবি থাকে। এইটো এটা শক্তি বুলি ক'ব পাৰি।যিটো তাৰ পৰা পঠিওৱা হয় ।যদি আপোনালোকে সেইটো বুজি নাপায়। তেতিয়াও আমাৰ মনে বা আমাৰ মগজুৱে তাক ভবাই দিয়ে।


দ্বিতীয়তে আপোনালোকে যেতিয়া আৰামত ঘৰত বহি থাকে  ।একো কাম কৰা নাই কাৰোবাৰ লগত কথা পাতি আছে আৰু সেই মানুহজনৰ বিষয়ে ভবা নাই। কিন্তু তাৰ পাছতো যদি আপোনাৰ কিবা ভাল লগা কথা মনত পৰি যায় আৰু সেই কথাবোৰ মনত পৰি আপোনাৰ মুখত যদি এটা ধুনীয়া হাঁহি বিৰিঙি উঠে আৰু আপুনি হাঁহিবলৈ ধৰে আৰু ভাবে হেই মই এইবোৰ কি ভাবি আছোঁ আৰু কিয় ভাবি আছোঁ । তেতিয়া সেই ব্যক্তিজনে আপোনাৰ কথা বহুত ভালকৈ ভাবি থাকে বা মনত পেলাই থাকে। সেই শক্তিটো ইমান শক্তিশালী যে সেইটো আহি আপোনাৰ ওচৰত পায় যায়।এইটোও এটা সংকেত।Assamese Fact )


বহুতৰে  কাণৰ ওপৰতো কঁপি থকা যেন লাগে আৰু গৰম হৈ থকা দৰে অনুভৱ হয় ।এইটো মাত্ৰ ৫-৮ ছেকেণ্ড মানৰ কাৰণে হয়। আপুনি যিয়ে কাম কৰি নাথাকক লাগিলে সেইটো ইমান তীব্ৰ যে আপোনালোকে সেইটো অতি সোনকালেই বুজি পায় যাব যে কোনাবাই মোক মনত পেলাই আছে।কোনাবাই এই সময়ত মোৰ কথা বহুত ভাবি আছে।যদি আপোনালোকে সেইবোৰ ধ্যান নিদি কাম কৰি আছে তেতিয়াও আপুনি বাতৰি কাকত,ফোনত ,মেছেজত, কমেন্টত সেই মানুহজনৰ নাম বাৰে বাৰে দেখিব।যদি এইবোৰ বাৰে বাৰে দেখে তাৰ অৰ্থ হ'ল সেই মানুহজনৰ শক্তি আপোনাৰ ওচৰলৈ আহিছে। যেতিয়া সেই শক্তিটো আহে তেতিয়া আপোনাক এইটো অনুভৱ কৰাব বিচাৰে যে চোৱা তোমাৰ প্ৰিয় মানুহজনে তোমাক বহুত মনত পেলাই আছে। কাৰণ সেই সময়ত আপুনি সেই মানুহজনক দেখি নাথাকে। এইবোৰ দেখা পাছত আপোনালোকৰ মুখত নিজেই হাঁহি বিৰিঙি উঠে আৰু কিছুমানৰ লগত এনেকুৱা হোৱা দেখা যায় যে তেওঁলোকৰ চকু লৰিবলৈ ধৰে । কাৰোবাৰ সোঁ চকু আৰু কাৰোবাৰ বাওঁ চকু। জৰুৰী নহয় যে সকলোৰে একে ফালৰে হয়।


এনেকুৱা কথা কেতিয়াবা কেতিয়াবা হোৱা আৰম্ভ কৰে। যেতিয়া কোনোবা মানুহে আপোনাক বহুত মনত পেলাই বা আপোনাৰ কথা বহুত ভাবে। আপোনাৰ বিষয়ে ভালকৈ ভাবে তেতিয়া এইসমূহ আপোনাৰ লগত হোৱা দেখা যায়। আমি ইয়াত সেইবোৰ কোৱা নাই যিবোৰ বেয়া অৰ্থাৎ আপোনাৰ বিষয়ে বেয়া ভাবাটো কোৱা নাই। ইয়াত অকল সেইবোৰ কথা কোৱা হৈছে য'ত দুয়োজনৰে কিবা সম্পৰ্ক থাকে।তাক আমি নেদেখোঁ কিন্তু অনুভৱ কৰিব পাৰোঁ।এই অনুভৱৰ শক্তি ইমান শক্তিশালী যে ই আমাক সকলো অনুভৱ কৰাই দিব পাৰে আৰু যাৰ ফলত আমি জানিব পাৰোঁ যে সেই মানুহজনে এই সময়ত আমাৰ কথা বহুত ভাবি আছে। কাৰণ এইটো দুজন ব্যক্তিৰ সকলোতকৈ শুদ্ধ শক্তি বুলি কোৱা হয়। তেওঁলোক ইজনে সিজনৰ পৰা আঁতৰি থাকিলেও এই শক্তিয়ে ইজনে সিজনৰ কথা কি অনুভৱ কৰি আছে ।কি ভাবি আছে তাক জনাত বহুত সহায় কৰে। 


জৰুৰী নহয় যে আমি যিটো চকুৰে দেখিছোঁ সেইটোৱে শুদ্ধ। কিছুমান বস্তু এনেকুৱা থাকে যিবোৰ অকল অনুভৱহে কৰিব পাৰি। শব্দৰে ক'ব বা প্ৰকাশ কৰিব নোৱাৰি। তথাপিও আমি আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিছোঁ। কিছুমান এনেকুৱা কথা ক'বলৈ যিবোৰ আপোনাৰ লগত হ'বলৈ আৰম্ভ হৈছে।তাৰ পৰা জানিব পাৰিব যে আপোনাক প্ৰিয় মানুহজনে বহুত মনত পেলাই আছে।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages