প্ৰিয় পাঠকবন্ধুসকল,আজিৰ এই লেখাটোত আপোনালোকক লিভাৰ বা যকৃত বেয়া হোৱাৰ লক্ষণৰ বিষয়ে জনাম( Assamese Fact )।লিভাৰ বেয়া হোৱা আগেয়ে আমি এনে কিছু সংকেত পাও যিখিনিৰ যোগেদি আমি লিভাৰ টোৰ ভাল বেয়া সম্বন্ধে জানিব পাৰো।লক্ষণ খিনি তলত উল্লেখ কৰা হ'ল-
১)মুখৰ পৰা দুৰ্গন্ধ ওলোৱা-
লিভাৰ বেয়া হ'লে আমাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়।কাৰণ লিভাৰ বেয়া হ'লে আমাৰ মুখত এম'নিয়া বেছিকৈ উৎপন্ন হয়।যদি আপোনাক কোনোবাই কয় যে আপোনাৰ মুখেৰে দুৰ্গন্ধ ওলাইছে তেন্তে আপুনি সাধাৰণ ভাৱে নল'ব।কাৰণ আপোনাৰ লিভাৰো বেয়া হ'ব পাৰে।
২)চকুত ভাগৰৰ চিন বা চকুৰ তলত ক'লা দাগ পৰা-
চকুত সকলোসময়তে ভাগৰ অনুভৱ হৈ থকা বা চকুৰ গুৰি ক'লা পৰাটোও লিভাৰ বেয়া হোৱাৰ লক্ষণ।কিয়নো চকুৰ তলৰ ছাল একেবাৰেই কোমল আৰু সংবেদনশীল হয় সেয়ে লিভাৰ বেয়া হ'লে ইয়াৰ প্ৰভাৱো পুনচাতেই সেই ছালত পৰে।
৩)পাচনতন্ত্ৰৰ সমস্যা-
পাচনতন্ত্ৰই ভালদৰে কাম নকৰা হয়।লিভাৰত ফেটি এচিড বা বেয়া বস্তু জমা হোৱাৰ ফলত পাচনতন্ত্ৰত একো হজম নহয়,ইয়াৰ ফলত কেতিয়াবা পানী খালেও বমি হৈ ওলাই যায়।
৪)ছালত বগা দাগ পৰা-
ছালত বগা দাগ পৰাটোও লিভাৰ বেয়া হোৱাৰে এক লক্ষণ।
৫)ডাঠ ৰঙৰ প্ৰ্স্ৰাৱ-
যদি আপোনাৰ প্ৰস্ৰাৱ বা মল ডাঠ ৰঙৰ হয় তেন্তে জানিব যে আপোনাৰ লিভাৰে ভালদৰে কাম কৰা নাই,বা লিভাৰ বেয়া হৈছে।প্ৰস্ৰাৱ কেতিয়াবা বহুত বেছি হালধীয়া ৰঙৰ হয় বা মল কেতিয়াবা ক'লা ৰঙৰ হোৱা দেখা যায়।লিভাৰে ঠিক দৰে কাম নকৰিলে শৰীৰত বিলোৰুবিন,পিত্তৰ স্তৰ বাঢ়ি যায় আৰু ফলত এনে হয় আৰু মলৰ লগতে পিত্ত বাহিৰ হৈ যায়।( Assamese Fact )
৬)চকু হালধীয়া হোৱা-
লিভাৰ বেয়া হ'লে শৰীৰত বিলোৰ'বিনৰ মাত্ৰা বাঢ়ি যায় ফলত চকুৰ ৰঙ হালধীয়া হ'ব ধৰে আৰু ছাল হালধীয়া হ'ব ধৰে।বা পিলিয়া ৰোগৰ সমস্যাই দেখা দিয়ে।
৭)মুখত সোৱাদ সলনি হোৱা-
লিভাৰে এনে এটা উৎসেচক সৃষ্টি কৰে যাক পিত্ত বুলি কোৱা হয় ই মুখলৈ গুছি যায় আৰু ইয়াৰ সোৱাদ ইমানেই বেয়া বা তিতা যে ই মুখত খাদ্যৰ সোৱাদ সলনি কৰি দিয়ে।
৮)পেট বাঢ়ি যোৱা-
যেতিয়া লিভাৰত বেয়া বস্তুৰে ঠাহ খাই লিভাৰৰ আকাৰ বৃদ্ধি হৈ যায় তেতিয়া পেট ফুলি যায়।কিন্তু ইয়াক আমি শকত হোৱা বুলি ভাৱি লও।সেয়ে এনেদৰে পেট বাঢ়ি গ'লে আমি ভৱাটো প্ৰয়োজন যে আমাৰ লিভাৰ বেয়া হ'বও পাৰে।
বন্ধুসকল,আপোনালোকে যদি ইয়াৰ যিকোনো কেইটামান লক্ষণো দেখা পাই তেন্তে আপুনি ডাক্তৰৰ সহায়ত আপোনাৰ লিভাৰৰ বিষয়ে জানি ল'ব।আপুনি ইয়াৰ বাবে লিভাৰৰ টেষ্ট বা আলট্ৰাচাউণ্ড ৰ পৰীক্ষাও কৰাব পাৰে যাতে আপোনাৰ লিভাৰ ৰ আকাৰ আৰু পিত্তৰ বিষয়ে জানিব পাৰে।কিন্তু তেজ পৰীক্ষাৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ লিভাৰে ভালদৰে কাম কৰিছেনে নাই।ইয়াৰ সহায়ত আপোনাৰ পিত্ত বা বিলোৰুবিন ৰ মাত্ৰাৰ বিষয়েও জানিব পাৰিব।ইয়াৰোপৰি আৰু বহুখিনি উৎসেচক থাকে যিখিনিৰ বিষয়ে তেজৰ পৰীক্ষা কৰি জানিব পাৰিব।আৰু আগতিয়াকৈ সাৱধানীয়তা মানি চলি লিভাৰ বেয়া হোৱাৰ পৰা পৰিত্ৰাণ পাব পাৰিব,ধন্যবাদ।।
এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।
Ki ki Mani solibo lagibo
ReplyDelete