মগজু দুৰ্বল হোৱাৰ কাৰণ,লক্ষণ আৰু প্ৰতিকাৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 17, 2021

মগজু দুৰ্বল হোৱাৰ কাৰণ,লক্ষণ আৰু প্ৰতিকাৰ : Assamese Fact

Assamese Fact

সকলো মানুহে নিজৰ মগজুক শক্তিশালী কৰিব বিছাৰে।কিন্তু দৈনিক জীৱনত তেওঁলোকে এনে কিছু অভ্যাস নিতৌ কৰে যাৰ ফলত তেওঁলোকৰ মগজু দুৰ্বল হৈ পৰে।Assamese Fact )

Assamese Fact
সৰু সৰু কথা পাহৰিবলৈ আৰম্ভ কৰে।আলজাইমাৰ আৰু দিমেন্টিয়াছ আদিৰ দৰে বেমাৰ হ'বলৈ আৰম্ভ কৰে।ইয়াৰ লগতে তেওঁলোক খিংখিঙীয়া স্বভাৱৰ হৈ পৰে।

এই লেখাটোত এনে কিছু বদ অভ্যাসৰ বিষয়ে জনাম যাৰ ফলত মগজু দুৰ্বল হয়।

১) বহু ৰাতিলৈ সাৰে থকা-

আজিকালি প্ৰায় মানুহে ৰাতি দেৰিলৈকে মোবাইল,লেপটপ আদি ব্যৱহাৰ কৰে।আৰু ইয়াৰ পৰা মগজুত হেঁচা পৰে।যদি আপুনি ৰাতি দেৰিলৈকে মোবাইল টিপে তেন্তে ইয়াৰ প্ৰভাৱ প্ৰতক্ষ ভাৱে মগজুত পৰে।


২)ধূমপান কৰা-

ধূমপানে আপোনাৰ জীৱনৰ পৰিসৰ কম কৰে আৰু লগতে আপোনাৰ মগজু দুৰ্বল কৰে।ধূমপানৰ জৰিয়তে আমাৰ মগজুৰ কৰ্টেক্স অংশত প্ৰভাৱ পৰে যাৰ ফলত আমাৰ স্মৃতিশক্তি আৰু ভাষাজ্ঞানৰ ওপৰত প্ৰভাৱ পেলাই।


৩)খাদ্য গ্ৰহণ নকৰা-

প্ৰায়ে স্কুললৈ বা কামৰ কাৰ্যালয়লৈ যাবৰ পৰত সময়ৰ অভাৱৰ বাবে মানুহে আহাৰ গ্ৰহণ নকৰে। পুৱাৰ আহাৰেৰে আমাৰ দিনটোৰ আৰম্ভণি হয়।আৰু ইয়াক গ্ৰহণ নকৰাৰ ফলত আমাৰ শৰীৰত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে।যেনে-স্মৃতিশক্তি কম হোৱা,অসংক্ৰামক শক্তি কম হোৱা,শকত হোৱা আদি।ইয়াৰ পৰা হাত হাৰিবলৈ আপুনি সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে,যি প্ৰ'টিনেৰে ভৰপূৰ হৈ থাকে যাতে আপুনি শক্তিৰে পৰিপক্ক হৈ থাকে।


৪)পৰ্যাপ্ত নিদ্ৰা নোলোৱা-

শৰীৰ স্বাস্থ্যবান হৈ থাকিবলৈ ৬-৮ঘণ্টা শোৱাটো প্ৰয়োজন।প্ৰয়োজনতকৈ বেছি বা কম টোপনিৰ ফলত মস্তিস্কৰ কোশিকা বিলাকৰ সংকোচন হয়।যাৰফলত আপোনাৰ স্মৃতিশক্তি কম হ'ব ধৰে।


৫)গভীৰ ভাৱে চিন্তা কৰা-

যি মানুহে সৰু সৰু কথাতে বেছি গম্ভীৰ ভাৱে চিন্তা কৰে তেওঁলোকৰ মগজু লাহে লাহে দুৰ্বল  হ'ব ধৰে সেয়ে নিজৰ মগজুক বেচি হেঁচা দিব নালাগে আৰু চিন্তামুক্ত হৈ থাকিব লাগে।


৬)দৈনিক ব্যায়াম নকৰা-

দৈনিক ব্যায়াম নকৰাৰ বাবে শৰীৰত এলাহে বাঁহ লয়।আৰু এলেহুৱা লোকৰ মগজু কম সৃষ্টিশীলতাৰ আৰু দুৰ্বল হয়।সেইবাবে আমি দৈনিক ব্যায়াম কৰি নিজৰ শৰীৰক স্বাস্থ্যবান কৰি ৰাখিব লাগে।


৭)বেছিকৈ বাহিৰৰ খাদ্য খোৱা-

আজিকালি প্ৰায় মানুহে ঘৰৰ খাদ্যতকৈ বাহিৰৰ আহাৰ বেছিকৈ গ্ৰ্হণ কৰে।বাহিৰৰ খাদ্যত Msg নামৰ পদাৰ্থ থাকে যি মগজুৰ স্নায়ুখিনিৰ অপকাৰ কৰে,এনেস্থ্লত বাহিৰৰ খাদ্য খালে বমি,মূৰৰ বিষ,দুমোজা আদি সমস্যাবোৰ হয়।Assamese Fact )


৮)পানী কম খোৱা-

পানী কম খোৱা মানুহতকৈ পানী বেছি খোৱা মানুহৰ মস্তিস্কই ১৪%বেছি কাম কৰে।কোৱা হয় যদিহে আপুনি কোনো কাম কৰিব গৈছে অথবা পৰীক্ষা দিব গৈছে তেন্তে প্ৰথমে পানী সেৱন কৰি লওক।ইয়াৰ সহায়ত আপোনাৰ স্মৰণ শক্তি প্ৰ্খৰ হয়।আৰু আপোনাৰ মগজুৱে বেছি দেৰিলৈকে কাম কৰি থাকিব পাৰে।


৯)হেডফোনত একেৰাহে গান শুনি থকা-

কাণত হেডফোন লগাই একেৰাহে গান শুনি থাকিব নালাগে,যদি শুনিবই লাগে তেন্তে কম ধ্বনিত শুনক।

ডাঙৰ শব্দত শুনিলে কাণ বেয়া হোৱাৰ ওপৰিও মগজুৰ কোষবোৰৰ ওপৰতো বেয়া প্ৰ্ভাৱ পৰে।একেৰাহে এনেকৈ গান শুনি থাকিলে এলজাইমাৰৰ দৰে বেমাৰ হ'ব পাৰে।


১০)অকলে থকাৰ অভ্যাস-

বহু মানুহে অকলে থাকি ভাল পাই।এনেদৰে অকলে থকাৰ ফলত মগজুত বেয়া প্ৰভাৱ পৰে।যেনে হতশাত ভোগাৰ সম্ভাৱনা বাঢ়ি যায়।


এই সকলো অভ্যাস এৰাই চলাওক আৰু এটা সুস্থ মগজুৰে হৈতে সুস্থ জীৱন যাপন কৰক।

ধন্যবাদ।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages