ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল এনেদৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 22, 2021

ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল এনেদৰে : Assamese Fact

Assamese Fact

 স্ত্ৰীক এই পৃথিৱীৰ এক বুজিব নোৱাৰা ৰহস্য বুলি কোৱা হয়। স্ত্ৰীৰ বিষয়ে ভালকৈ বুজাতো বহুত কঠিন।Assamese Fact )

কোৱা হয় যে ভগৱানে নিজেই সৃষ্টি কৰিও স্ত্ৰী ৰহস্য ভালকৈ বুজিব নোৱাৰে। ১ মিনিটতে পৃথিৱী সৃষ্টি কৰা ভগৱানৰ স্ত্ৰীক ৰচোতে বহুত দেৰি লাগি গৈছিল।দেৱদূতে স্ত্ৰীক ৰচোতে  লগা সময়ক লৈ ভগৱানক প্ৰশ্ন সুধিবলৈ বাধ্যা হৈ পৰিছিল। তাৰ পিছত ভগৱানে দেৱদূতৰ প্ৰশ্নৰ কিছুমান অদ্ভূত উত্তৰ দিছিল। 


ভগৱানে স্ত্ৰী ৰচনা কৰোঁতে ৬ টা দিন পাৰ কৰি দিছিল। কিন্তু তাৰ পাছতো স্ত্ৰীৰ ৰচনা সম্পূৰ্ণ হোৱা নাছিল। তেতিয়া দেৱদূতে ভগৱানক সুধিলে যে স্ত্ৰীৰ ৰচনা কৰোঁতে আপোনাৰ কিয় ইমান সময় লাগিছে। তেতিয়া ভগৱানে ক'লে তোমালোকে ইয়াৰ গোটেই গুণবোৰ দেখিছা জানো।এইয়া মোৰ সেইটো ৰচনা যি সকলো সময়তে সাহসেৰে থিয় দি থাকিব। স্থিতি লাগিলে যিয়ে হওক সকলোকে সুখত ৰাখিব। নিজৰ পৰিয়াল আৰু সকলো ল'ৰা ছোৱালীক সমান মৰম দিব। এওঁলোকৰ বেমাৰ হ'লেও বহুত সময় কাম কৰা ক্ষমতা থাকিব। ভগৱানৰ কথা শুনি দেৱদূতসকল আচৰিত হৈ পৰিল আৰু সুধিলে সচাকৈ এওঁলোকে কি নিজৰ দুয়োখন হাতেৰে ইমান কাম কৰিব পাৰিব নে? 


ভগৱানে ক'লে -অ' পাৰিব  এইটো মোৰ বহুত অদ্ভূত ৰচনা বুলি সকলোৱে ক'ব । তাৰ পাছত দেৱদূতে ওচৰলৈ গৈ ভগৱানৰ ৰচনাক হাত লগালে আৰু ক'লে হে প্ৰভু এইয়া চোন বহুত কোমল। উত্তৰত ভগৱানে হাঁহি মাৰি ক'লে -বাহিৰৰ পৰা এইয়া কোমল হ'লেও ভিতৰি বহুত মজবুত। অৰ্থাৎ এইয়া কোমল কিন্তু দূৰ্বল নহয়। এইবোৰ শুনা পাছত দেৱদূতে এই ৰচনাৰ বিষয়ে আৰু জানিবলৈ উৎচ্ছুক হৈ উঠিল।দেৱদূতে ভগৱানক সুধিলে এওঁলোকৰ ভাবিব পৰা শক্তিও থাকিব নে? তেতিয়া ভগৱানে ক'লে এওঁলোকে অকল ভবাই নহয় সকলো সমস্যা সমাধানো কৰিব পাৰিব আৰু সমস্যাৰ সন্মুখীনো হ'ব পাৰিব।যেতিয়া দেৱদূতে ভগৱানৰ ৰচনাৰ গালত হাত লগাই চাইছিল তেওঁ কিবা পানী পানী যেন পাইছিল।  ভগৱানক তেওঁ সুধিলে হে ভগৱান এওঁৰ গালত পানীৰ দৰে এইবোৰ কি? Assamese Fact )


তেতিয়া ভগৱানে উত্তৰ দিলে সেইয়া চকু পানী। উত্তৰ শুনি দেৱদূত আচৰিত হ'ল আৰু ক'লে চকু পানী কিয় ? তাৰ উত্তৰত ভগৱানে ক'লে -যেতিয়া এওঁলোক দূৰ্বল হ'বলৈ ধৰিব তেতিয়া এওঁলোকে নিজৰ সকলো দুখ , কষ্ট চকু পানী সহায়ত বোৱাই দিব  আৰু তাৰ পাছত আকৌ পুণৰ মজবুত হৈ পৰিব। নিজৰ দুখবোৰ পাহৰিবলৈ এইটো সকলোতকৈ ভাল ৰাস্তা হৈ পৰিব।লগতে ভগৱানে ক'লে -এইটো ইহঁতৰ  শক্তিও হৈ পৰিব।দেৱদূতে এইবোৰ শুনি উত্তৰ দিলে-ভগৱান আপুনি মহান।এই ৰচনাক আপুনি বহুত ভাবি চিন্তি বনাইছে। তেতিয়া ভগৱানে ক'লে -এই স্ত্ৰী ৰূপী ৰচনা সদায় নিজৰ পৰিয়ালৰ সাহস হৈ পৰিব আৰু সকলো পৰিস্থিতিতে নিশ্চিত থাকিব  আৰু বুজাবুজি কৰিব। তেতিয়া দেৱদূতে ক'লে- আমাৰ এনেকুৱা লাগিছে এই ৰচনা যেন ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ পাছত ভগৱানে ক'লে নাই এতিয়াও ইয়াত এটা বস্তু কম হৈ আছে। সেইটো এইটো যে এওঁলোকে নিজৰেই মহত্ব পাহৰি যাব যে এওঁলোক কিমান মহত্বপূৰ্ণ।


প্ৰিয় পাঠকসকল আপোনালোকে ভগৱানৰ এই ৰচনাৰ বিষয়ে এতিয়া জানিব পাৰুছে চাগে, কিয় এওঁলোক অৰ্থাৎ স্ত্ৰীৰ গাত ইমান গুণ থাকে।লাগিলে সেয়া মাতৃ হওক, বাইদেউ হওক, পত্নী বা আন কোনো ৰূপতেই হওক, এওঁলোকৰ সকলো গুণ পৰিপূৰ্ণ। সেই কাৰণে আপোনালোকেও ভগৱান এই ৰচনাৰ বিষয়ে জানক আৰু স্ত্ৰীৰ সন্মান কৰক,ধন্যবাদ।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।


No comments:

Post a Comment

Advertisement

Pages