যেতিয়া কোনো মনুষ্যই বিশ্বাস ঘাটকতা কৰে তেতিয়া তেওঁক কুকুৰৰ নাম লৈ গালি পৰা হয়।( Assamese Fact )
কিন্তু আপোনালোকে জানে নে, যে কুকুৰে যে কান্দে বা হুৱা দিয়ে সেইটোও মানুহৰ লগতে জড়িত ।সেয়ে কুকুৰেনো কিয় কান্দে আজি জানো আহঁক।
এই পৃথিৱীত কুকুৰক বহুত বিশ্বাসী জীৱ বুলি কোৱা হয়। আপুনি এজন মানুহক যিমান সহায় কৰিলেও তেওঁ আপোনাৰ লগত এদিন নহয় এদিন বিশ্বাস ঘাটকতা কৰেই ।
কিন্তু কুকুৰে এবাৰ যাৰ ঘৰত ভাত বা ৰুটি খাই সি তেওঁলোকৰ লগত নমৰালৈকে কেতিয়াও বিশ্বাস ঘাটকতা নকৰে। কুকুৰ বিশ্বাসী জীৱ হোৱাৰ ফলত মানুহে সিহঁতক ঘৰত পুহেঁ। মেকুৰীও মানুহে পুহেঁ। বহুত মানুহে মেকুৰী পুহিঁও ভাল পায়। কিন্তু মেকুৰী কাৰো বিশ্বাসী জীৱ নহয়। যদি আপোনালোকে কোনোবা কুকুৰক মৰমেৰে ভাত বা ৰুটি খোৱাই তেতিয়া সি গোটেই জীৱন আপোনাৰ কাৰণে নেগুৰ লৰাই। কিন্তু মেকুৰীক যদি আপোনালোকে গাখীৰ খোৱাই আৰু পিছদিনা গালি দিয়ে সি আপোনাক বা আপোনালোকক কামোৰিবলৈ চেষ্টা কৰিব।কুকুৰ মানুহৰ সচাঁ মিত্ৰ আৰু সিহঁতি মানুহৰ ভাল বেয়া সকলো বুজি পায়। আপোনালোকে ভাবিছেনে যে বহুত কুকুৰে ৰাতি কিয় ভুকে আৰু ৰাতি কুকুৰে কান্দিলে কিয় অশুভ বুলি কোৱা হয়।
বৃদ্ধ ব্যক্তিসকলৰ মতে ৰাতি কুকুৰে কান্দিলে সিহঁতি আমাক কাৰোবাৰ মৃত্যুৰ সংকেত দিয়ে,আমাৰ পৰিয়ালৰ কাৰোবাৰ অতি সোনকালে মৃত্যু হ'ব বুলি। ইয়াৰ ওপৰিও বহুত মানুহে ভাবে যে কুকুৰে প্ৰেত-আত্মা দেখে আৰু ওচৰে পাজৰে হ'ব লগা ঘটনাবোৰৰ বিষয়ে আগতে অনুমান কৰিব পাৰে। এনেকুৱাত যদি আপোনালোকে হৎঠাতে কুকুৰে কন্দা শুনে তাক প্ৰেত-আত্মাৰ লগত জোৰা দিয়া হয়। এইসমূহ কথা সঁচা হ'ব পাৰে কিন্তু আমি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ভাবিলে এনেকুৱা একো নহয়।( Assamese Fact )ববৈজ্ঞানিক সকলে কুকুৰক লৈ বহুত প্ৰকাৰৰ পৰীক্ষা বা তথ্য সংগ্ৰহ কৰিছে।যাৰ পাছত বহুত আচৰিত কিছুমান কথা গম পোৱা গৈছে। আচলতে কুকুৰে যে কান্দে তাক বৈজ্ঞানিক ভাষাত হাউল বুলি কোৱা হয়। এনেকৈ কোৱা হয় যে কুকুৰ শিয়ালৰে এটা প্ৰজাতি। সেই কাৰণে অধিক সংখ্যক কুকুৰে শিয়ালৰ দৰে ব্যৱহাৰ বা আচৰণ কৰে।যেনেদৰে শিয়ালে ইটোৱে সিটোক সংবাদ পঠাবলৈ হুৱা দিয়ে ঠিক সেইদৰে কুকুৰেও ইটোৱে সিটোক সংবাদ পঠাবলৈ হাউল কৰে। আপোনালোকে দেখিছে চাগে সকলো চুবুৰীতে কিছুমান কুকুৰ থাকে। সেই কুকুৰবোৰে সেই চুকটো বা চুবুৰীটোক নিজৰ এলেকা বুলি ভাবে ।
এনেকুৱাত যদি কোনোবা অচিনাকি কুকুৰ সিহঁতৰ চুবুৰীটোত সোমাব খুজে তেতিয়া সিহঁতি খঙতে নিজৰ লগৰবোৰক নতুন কুকুৰটোৰ বিষয়ে জনাবলৈ বা সংকেত দিবলৈ হাউল কৰিবলৈ আৰম্ভ কৰে।এক প্ৰকাৰে চাব গ'লে হাউল কুকুৰে ইটোৱে সিটোক সংবাদ পঠাবলৈ ব্যৱহাৰ কৰা ভাষা। বহুত কুকুৰে খঙতে বেছিকৈ হাউল কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সি আপোনাক কামোৰিব। ইয়াৰ উপৰিও কুকুৰে নিজৰ দুখ, কষ্ট,খঙ,অভিমান আদি দেখোৱাবলৈও হাউল কৰে।
প্ৰিয় পাঠকসকল আচলতে কুকুৰে চিঞৰ বাখৰ আৰু বাচন বৰ্তন দলিওৱা মাত শুনি ভাল নাপায়। সেই কাৰণে সিহঁতি ভুকি সেই শব্দটোৰ বিৰুদ্ধিতা কৰে। ইমানেই নহয় কোনোবা অচিনাকি মানুহ সিহঁতৰ এলেকালৈ বা চুবুৰীটোলে গ'লেও সিহঁতি নিজৰ লগৰবোৰক সেই মানুহজনৰ ওপৰত নজৰ দিবলৈ সংকেত দিয়ে। যাতে সেই চুবুৰীটোৰ মানুহক অশান্তি বা লোকচান কৰিব নোৱাৰে। প্ৰিয় পাঠকসকল ইয়াৰ পৰা এইটো জানিব পাৰি যে কুকুৰ মানুহতকৈ বিশ্বাসী জীৱ।কুকুৰে আপোনালোকৰ লগত কেতিয়াও বিশ্বাস ঘাটকতা নকৰে।
ব্যক্তিসকলক সফল বেপাৰী বুলি কোৱা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।
No comments:
Post a Comment