প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক দুখীয়া মানসিকতাৰ বিষয়ে কম তাৰ মানে এইটো নহয় যে আমি দুখীয়া মানুহ বেয়া পাওঁ।( Assamese Fact )দুখীয়া মানসিকতা বহুত দুখীয়া মানুহৰ গাতো কেতিয়াবা দেখা পোৱা নাযায়।এইবোৰ কেনেকুৱা ব্যক্তিৰ গাত দেখা পোৱা যায় আজি আমি আপোনালোকক কবলৈ ওলাইছো। এই বিষয়ে আজি আলোচনা কৰিবলৈ লোৱাৰ অৰ্থ এটাই যে, আপোনালোকে এই কথাবোৰ ধ্যান দিয়ক আৰু এইবোৰ যদি আপোনাৰ গাত আছে তেতিয়া এইবোৰ মানসিকতা সলনি কৰক।
১ঃ প্ৰথম বস্তু, দুখীয়া মানসিকতাৰ মানুহে বহুত পচন্দ কৰে সেইটো হ'ল খেল, কিন্তু খেল খেলি নহয় চাইহে ভাল পায়। এওঁলোকে বহুত সময় নষ্ট কৰি দিয়ে এখন খেল চাওঁতে। তাৰ পাছত যেতিয়া খেল শেষ হৈ যায় তাৰ পিছৰ প্ৰগেমটো চাই য'ত চাৰিটা মানুহে বহি খেলত কি হ'ল সেইবোৰ পাতি থাকে আৰু সেইবোৰো যেতিয়া শেষ হৈ যায় খেলুৱৈ সকলৰ প্ৰাইভেট জীৱনৰ বিষয়ে ইন্টাৰনেট চাবলৈ আৰম্ভ কৰে।আচল কথা এইটো যে আপুনি সেই খেলখনৰ কোনো টিমৰ মালিক নহয় আৰু যদি সেই খেলখনৰ লগত আপুনি জড়িত নহয় । তেতিয়া আপোনালোকে খেলৰ লগত ইমান জড়িত হৈ থাকিব নালাগে। যিমান ধনী মানুহ আছে তেওঁলোকে টিভি সন্মুখত বহি খেল চাই নিজৰ সময় নষ্ট নকৰে।যদি তেওঁলোকে কোনোবা টিম কিনি লৈছে তেওঁলোকক আপোনালোকে খেল পথাৰতে দেখিব।খেলাতো বহুত ভাল কথা খেলক। শাৰীৰিক ভাবে ভাল হৈ থাকিবলৈ খেলিব লাগে। কিন্তু চাই সময় নষ্ট কৰাতোঁ বহুত বেয়া কথা।যি টিমৰ বাবে দুখীয়া মানসিকতাৰ মানুহবোৰে কাজিয়া কৰে।যি খৈলুৱৈ সকলৰ বাবে তেওঁলোকে নিজৰ বন্ধু , ওচৰ চুবুৰীয়া লগত কাজিয়া কৰে। তেওঁলোকে বহুত পইচা ইনকম কৰি লৈ যায় আৰু আপোনালোকক এটকাও নিদিয়ে। কাৰণ এইটো তেওঁলোকৰ এটা ব্যৱসায়।ভাবি চাব এবাৰ।
২ঃ দ্বিতীয় বস্তুটো হ'ল টিভি আৰু চ'চিয়েল মিডিয়া। দুখীয়া মানসিকতাৰ মানুহবোৰে টিভি আৰু চ'চিয়েল মিডিয়াত বহুত সময় নষ্ট কৰে। এওঁলোকৰ ভাল লগা বহুত ছিৰিয়েল থাকে যিবোৰ এওঁলোকে নোচোৱাকৈ থাকিব নোৱাৰে।যদি আপোনালোকেও টিভিৰ ছিৰিয়েল ভাল পায় আৰু এটাও খণ্ড নোচোৱাকৈ থাকিব নোৱাৰে তেতিয়া আপোনালোক দুখীয়া ভিতৰত পৰে। কাৰণ এই ছিৰিয়েলবোৰ চোৱা ফলত আপোনালোকৰ জীৱনত একো উন্নতি নহয়।উলোটাই বেয়া চিন্তাহে মনলৈ আহে।ছিৰিয়েলৰ বেয়া মানুহৰ ৰূপবোৰ আপোনালোকে ঘৰৰ মানুহৰ তাত দেখিবলৈ আৰম্ভ কৰে। তেওঁলোক তেনেকুৱা নহ'লেও আপোনালোকে সেইটো বুলিয়ে ভাবে।ছিৰিয়েলবোৰে সয়ম ,বেয়া চিন্তা বঢ়োৱাৰ লগতে শত্ৰুতাও বঢ়াই।ধনী মানসিকতাৰ ব্যক্তিয়ে টিভি চোৱাৰ সলনি টিভিত উলোৱাৰহে চেষ্টা কৰে আৰু তেওঁলোকৰ এই চিন্তাই তেওঁলোকক জীৱনত সফল হোৱাত সহায় কৰে।
৩ঃ দুখীয়া মানসিকতাৰ মানুহ ধনী মানসিকতাৰ মানুহৰ তুলনাত বহুত এলেহুৱা।এই সকলে সেই সময়লৈকে একো কাম নকৰে।যেতিয়ালৈকে এওঁলোকৰ পঢ়া-শুনা শেষ হৈ নাযায় বা এওঁলোকৰ দেউতাকে এওঁলোকক কিবা কামত ভৰাই নিদিয়ে। কিন্তু ধনী মানুহে কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে।ওৱাৰেন বাফাৰে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১১বছৰ। আপোনালোকে কোনোবা যদি ধনী মানুহৰ বায়গ্ৰাফী পঢ়ে বা চাই তেতিয়া দেখিব যে তেওঁলোকে পঢ়ি থাকোঁতেই কাম কৰিবলৈ আৰম্ভ কৰিছিল। যিসকলে সোনকাল কাম কৰিবলৈ আৰম্ভ কৰে আৰু পইচা বচাবলৈ আৰম্ভ কৰে। তেওঁলোকে কেতিয়াও যৌৱনত আৰু বৃদ্ধ কালত পইচাৰ অভাৱত পৰিব লগা নহয়। আপোনালোকে যদি এনেদৰে দেৰিকৈ উঠে আৰু টিভি চাই থাকে আৰু যৌৱনত একো নকৰি স্ফূৰ্তি কৰি ফুৰে যেতিয়া আপোনালোকে পইচা ইনকম কৰিব লাগে বুলি বুজি পাব তেতিয়ালৈ বহুত দেৰি হৈ যাব আৰু আপোনালোকৰ তাত সেইটো শক্তি নাথাকিব যিটো আপোনালোকৰ তাত যৌৱনত থাকে।
৪ঃ দুখীয়া মানসিকতাৰ মানুহবোৰে নিজৰ কাম বা কৰ্তব্য আনৰ ওপৰত দি দিয়ে। তেওঁলোকে নিজকে বহুত অসহায় যেন দেখোৱাই আৰু কিবা হ'লে কয় আনৰ কাৰণে তেওঁৰ লগত এনেকুৱা হ'ল। মই ব্যৱসায় কৰিব নোৱাৰো প্ৰতিযোগিতাৰ ফলত। মই অসফল হ'লো শিক্ষক ভাল নাছিল কাৰণে।সি উত্তীৰ্ণ হ'ল কাৰণ শিক্ষক তাৰ সম্পৰ্কীয় আছিল। কিন্তু ধনী মানুহে অসফলতা নিজৰ কাৰণে হোৱা বুলি ভাবে আৰু চাই তেওঁলোকৰ ভুল ক'ত হ'ল যাতে তেওঁলোকৰ সেই ভুলটো ভৱিষ্যতে দুই নম্বৰবাৰ নহয়। কিন্তু দুখীয়া মানসিকতাৰ মানুহে কিবা কামত অসফল হ'লে সেই কামটো তাতে এৰি দিয়ে।ধনী মানুহে কিন্তু আকৌ চেষ্টা কৰে আৰু তেতিয়ালৈকে চেষ্টা কৰে যেতিয়ালৈকে তেওঁলোক সফল হৈ নাযায়।( Assamese Fact )
৫ঃ দুখীয়া মানসিকতাৰ ব্যক্তিয়ে আন ধনী মানুহ দেখিলে হিংসা কৰে।যদি কিবা ভাল বা দামী কাৰ তেওঁলোকৰ কাষেৰে পাৰ হৈ যায় তেতিয়া তেওঁলোকে কয় এইখনটো সি দুই নম্বৰী পইচাৰে লৈছে। কাৰোবাৰ ডাঙৰ ঘৰ দেখিলে ক'ব সি এই ঘৰতো তাৰ শহুৰেক পইচাৰে বনাইছে।যাৰ পইচাৰে বনাওঁক লাগিলে তাত আপোনালোকৰ কি আহে যায়।ধনী মানসিকতাৰ ব্যক্তিয়ে আনক সাহস দিয়ে লাগিলে সি দুখীয়ায়ে হওঁক।যদি তাৰ মানসিকতা ধনী তেতিয়া সি আনক সাহস দিয়াৰ লগতে ক'ব যে বহুত ধুনীয়া গাড়ী এদিন মইয়ো এনেকুৱা এখন লম। একেটা কথা সি ডাঙৰ ঘৰটো দেখিও ক'ব।
৬ঃ দুখীয়া মানসিকতাৰ ব্যক্তিয়ে আনক দেখাই ভাল পায়। কিন্তু আপোনালোকে ভাবিছে চাগে দুখীয়ায়ে ক'ত দেখাই ধনীয়েহে দেখাই ভাল পায়। কিন্তু আপোনালোকে দেখিছে চাগে যদি ব্যক্তিজনৰ দৰমহা ২০হাজাৰ হয় সি ৫০হাজাৰৰ মোবাইল লয়। এইটো চমৎকাৰ কেনেকৈ কৰে সি লোণ লয়। কিয়? দেখাবলৈ?কাক দেখাবলৈ তাৰ দৰে আন ব্যক্তিসকলক দেখাবলৈ। দুখীয়া মানসিকতাৰ ব্যক্তিসকলে নিজৰ ওচৰে পাজৰে থকা দুখীয়া ব্যক্তিসকলক ধনী বুলি দেখাবলৈ এইবোৰ কৰে আৰু যেতিয়া সি ফোন উলিয়াই তাৰ ফোনটো বহুত ভাল হওঁক আৰু সকলোৱে তাৰ প্ৰসংশা কৰে।
ধনী দেখাবলৈ এওঁলোকে দামী ফোন দামী কাপোৰ আদি লয় ।যিবোৰ তেওঁলোকৰ সীমাৰ বাহিৰত।এইবোৰে নহয় তেওঁলোকে বহুত বস্তু লোণ লৈ দেখাবলৈ কৰে।যেনে- এ.চি,ডাঙৰ গাড়ী,টিভি। কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে যদি গাড়ী লয় তেওঁলোকে ভাৱে আমি সিহঁততকৈ দুখীয়া হৈ গ'লো। তাৰ পাছত এওঁলোকে লোণ লৈ হ'লেও এখন গাড়ী লৈ আহে আৰু বহুত কষ্টৰে লোণ মাৰে নিজৰ দৰমহা বচাই বচাই আৰু যেতিয়া তেওঁলোকৰ মালিকে এই লোণৰ কথা গম পায়। তেওঁ ভাবে ইয়াক যিমান পাৰোঁ সিমান কাম কৰালেও ই চাকৰি এৰি নাযায় আৰু সেই কাৰণে সি ফচি যাব লগা হয়। কিন্তু ধনী মানুহে এইসমূহ বস্তু নিজৰ ব্যৱসায় একাউণ্টৰ পৰা কিনে।তাৰ ফলত তেওঁলোকে ইনকম টেক্চৰ সুবিধা বা লাভ পায়। আপোনালোকে ভাৱে চাগে এইটো দেখাবলৈ কৰিছে কিন্তু ধনী মানুহে এটা এটা বস্তু ভাবি চিন্তি খৰচ কৰে আৰু যেতিয়া সিহঁতি লোণ লয় প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ লয় যিটোৱে তেওঁলোকক পইচা বনাই দিব পাৰে। তেওঁলোকে জানে যে ইয়াত যিমান খৰচ কৰিছে তাতকৈ বেছি ইনকম হ'ব।৭ঃ দুখীয়া মানসিকতাৰ মানুহে সদায় এইটো ভাবি চিন্তা কৰি থাকে যে মানুহে কি ভাবিব। তেওঁলোকৰ সন্মান হানি হ'ব , সমাজত স্থান নাথাকিব।তেওঁলোকে ধাৰ লয় বিয়া পাতে বা নিজৰ সকলো সঞ্চয় এখন বিয়াতে শেষ কৰি দিয়ে। কাৰণ এওঁলোকে ভাবে যে মানুহে ক'ব এওঁলোকৰ চোন এটাই ল'ৰা আৰু ইমান সৰুকৈ বিয়া পাতিলে। দুখীয়া মানুহে ভাবে মেটেৰীয়েল বস্তুৱে এওঁলোকৰ সন্মান বচাই ৰাখে। তেওঁলোকে দামী বস্তু এইকাৰণে কিনে যাতে এওঁলোকৰ আশে-পাশে থকা ব্যক্তিসকলে এওঁলোকক সন্মান কৰে।
এনেদৰে তেওঁলোকে ভাবে । কিন্তু ধনী মানুহে এইবোৰ কথালৈ অলপো মন নিদিয়ে যে মানুহে কি ক'ব এওঁলোকে নিজৰ কামৰ লগত মতলব ৰাখে।ধনী মানসিকতাৰ মানুহে যিকোনো কাম কৰে সৰু বা ডাঙৰ বুলি নাভাবে। কিন্তু দুখীয়া মানসিকতাৰ মানুহে তাতো নিজৰ সন্মানক জড়িত কৰি ৰাখে যে এইটো কাম ডাঙৰ এইটো কাম সৰু।এটা ধনী মানসিকতাৰ মানুহে সকলো কাম কৰে। অৰ্থাৎ যিবোৰ কৰিলে কাৰো লোকচান নহয়। তেওঁলোকে এইটো নাভাবে যে মই এইটো কৰিলে মানুহে কি ভাবিব।তেতিয়া আপোনালোকে বুজি পালে চাগে আমি আপোনালোকক কোনোবোৰ দুখীয়া মানুহৰ বিষয়ে কৈছোঁ। এইসকল এনেকুৱা ধৰণৰ দুখীয়া যে এওঁলোক পইচা ক্ষেত্ৰত দুখীয়া নহয় নিজৰ চিন্তা চৰ্চা ক্ষেত্ৰত দুখীয়া।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment