আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ ফিটকিৰিৰ বিষয়ে। ফিটকিৰিৰ এটা প্ৰয়োগতে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ আৰু আপোনাৰ ঘৰখনৰ ওপৰতো পৰিছে নেকি কাৰোবৰ কু -দৃষ্টি নতুবা কৰিছে নেকি কোনোবাই ক'লা যাদু।( Assamese Fact )
যেতিয়া আমাৰ ওপৰত কাৰোবাৰ কু -দৃষ্টি পৰে বা আমাক কোনোবাই ক'লা যাদু কৰে তেতিয়া আমাৰ ঘৰ খনত বা আমাৰ বহুত সমস্যা হয়। ব্যৱসায় নচলে,গা বেয়া হৈ থাকে,ঘৰত হাই-কাজিয়া হৈ থাকে,পইচা পাতি নাইকীয়া হৈ যায় তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে কোনে আমাক কি কৰিলে? আমাৰ যে ইমান বেয়া সময় চলিছে।
এটা সৰু উপায়ৰ সহায়েৰে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ ওপৰত কোনোবাই কিবা কৰাইছে নে আপোনালোকৰ ওপৰত কাৰোবাৰ কু-দৃষ্টি পৰিছে। আপোনালোকে এই উপায়টো যিকোনো সময়ত কৰিব পাৰে…সন্ধিয়া, ৰাতি বা ৰাতিপুৱা।ইয়াৰ বাবে আমাক এটুকুৰা ফিটকিৰি লাগিব। তাৰ পিছত আপোনালোকে সেই ব্যক্তিজনৰ ওচৰলৈ যাব যাক কোনোবাই কিবা কৰা যেন আপোনালোকৰ অনুভৱ হৈছে। যদি ঘৰৰ মানুহ সকলোৰে স্বভাৱ সলনি হৈছে সকলো কথাতে কাজিয়া কৰে আৰু ঘৰত সমস্যা বাঢ়ি গৈ আছে । তেতিয়া এই উপায়টো আপোনালোকে সকলোকে কৰি চাব পাৰে।
ফিটকিৰিৰ টুকুৰাতো হাতত লৈ যাৰ ওপৰত কৰি চাব বিচাৰে তাক বহায় মূৰৰ পৰা ভৰিলৈ ফিটকিৰি টুকুৰাতো ৭বাৰ ঘূৰাব লাগিব।ঘৰৰ সকলোকে কৰি চাব বিচাৰে যদি একেই ধৰণেৰে কৰিব পাৰিব। এইবোৰ কৰা পাছত টুকুৰাতো নি আপোনালোকে জুইত জ্বলাই দিব লাগিব।যেতিয়া আপোনালোকে ইয়াক জুইত জ্বলাব এই টুকুৰাটো ফুলি যাব আৰু কিবা আকাৰ লবলৈ ধৰিব। আপোনালোকে দেখিয়ে বুজিব পাৰিব যে সেইয়া কোনোবা মানুহৰ চেহেৰা হৈছে নে বেলেগ কিবা আকাৰ লৈছে।( Assamese Fact )
যদি ফিটকিৰিৰ টুকুৰাতোৱে মানুহৰ চেহেৰা লৈছে তেন্তে সেইটো ভালদৰে মন কৰক।যে চেহেৰাটো কাৰ লগত মিল আছে ?আপোনালোকৰ ঘৰৰ সদস্য নে ওচৰ চুবুৰীয়া নে সম্বন্ধীয় মানুহ আৰু যদি আপোনালোকে চিনি নাপায়। তেতিয়া সেইয়া কোনোবা বাহিৰৰ মানুহ বা আপোনালোকে চিনি নোপোৱা মানুহও হব পাৰে।যি আপোনালোকৰ লগত কিবা বেয়া কৰিছে বা আপোনালোকৰ ওপৰত কু-দৃষ্টি পেলাইছে।
তাৰ পাছত আকৌ সেই টুকুৰাতো লৈ গৈ ঘৰৰ বাহিৰৰ মাটিত থৈ ভালকৈ চাই লওঁক। কিজানি আপোনালোকে চিনি পায়।যদি কাৰো চেহেৰাৰ আকাৰ নলয় তেতিয়া আপোনালোকৰ ওপৰত কু-দৃষ্টিও পৰিব পাৰে। এতিয়া আপোলোকে কু-দৃষ্টিৰ বাবে সেই টুকুৰাতো মাটিত থৈ জোতাৰে মৰিয়াব লাগিব,যেতিয়ালৈকে সেই টুকুৰাতো ভাগি নাযায়।যদি সেই টুকুৰা ভাগি যায় তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কু-দৃষ্টি পৰিছে আৰু আপোনালোকৰ কু-দৃষ্টি আঁতৰ হৈ যাব।
যদি নাভাগে তেতিয়া আপোনালোকৰ ওপৰত কোনোবাই কিবা কৰাইছে। তাৰ বাবে আপোনালোকে কোনোবা ভাল জ্যোতিষীৰ ওচৰলৈ গৈ নিজৰ প্ৰত্ৰিকা দেখোৱাওক আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰো দোষ হ'ব পাৰে।এই কাৰণে আপোনালোকৰ ঘৰত কাজিয়া সমস্যা আদি হ'ব পাৰে।
এই উপায়টো কৰাৰ পিছত আপোনালোকৰ অলপ হ'লেও বেলেগ বেলেগ লাগিব। সপ্তাহত নহ'লে ১৫ দিনত আৰু যদি নোৱাৰে ১ মাহৰ মুৰত এবাৰ হ'লেও এই উপায়টো কৰি থাকক।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।
No comments:
Post a Comment