আঙুলিৰ উচ্চতা চাই জানক ব্যক্তিজন কেনে আৰু তেওঁৰ ভৱিষ্যতৰ বিষয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 4, 2021

আঙুলিৰ উচ্চতা চাই জানক ব্যক্তিজন কেনে আৰু তেওঁৰ ভৱিষ্যতৰ বিষয়ে : Assamese Fact

Assamese Fact

 ব্যক্তি এজনৰ  চেহেৰা চাই তেওঁৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। কোনো এজন ব্যক্তিৰ কথা কোৱাৰ ধৰণ , বহাৰ ধৰণ , খোজকঢ়াৰ ধৰণ চাই আমি তেওঁৰ ব্যক্তিতৰ বিষয়ে জানিব পাৰো( Assamese Fact )।  সমুদ্ৰ শাস্ত্ৰৰ মতে  ব্যক্তি এজনৰ চেহেৰা দেখি তেওঁৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ব্যক্তি এজনৰ নাক, কান, আঙুলি ইত্যাদিৰ আকাৰৰ ভিত্তিত আমি তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰো। কিন্তু আমাৰ এই গঠনশৈলীত পাৰ্থক্য কিয় থাকে? ইয়াৰ সম্বন্ধ আমাৰ পূৰ্বপুৰুষৰ লগত নাই তো ? 


 আজিৰ দিনত কোনো এজন ব্যক্তিয়ে নিজৰ ব্যৱসায় নিজৰ মতে বাছি লব পাৰে । কিন্তু প্ৰাচীন কালত পৰিস্থিতি অনুপাতে ব্যক্তি এজনে ব্যৱসায় প্ৰাপ্তি কৰিছিল। আৰু সেই পৰিস্থিতিৰ বাবে তেওঁলোকৰ শৰীৰৰ গঠন শৈলী তেনেধৰণৰ হৈছিল। অধিক কষ্ট কৰা ব্যক্তিৰ আঙুলি বোৰ সৰু বা চুটি  আছিল আৰু কলা কৃতি কৰা ব্যক্তিৰ আঙুলি দীঘল আছিল। আৰু তাৰ পৰাই তেওঁলোকৰ ব্যক্তিত্বৰ মাজত পাৰ্থক্য দেখা পোৱা যায়।আজি আমি কণিষ্ঠ আঙুলিৰ উচ্চতাৰ পৰা ব্যক্তি এজনৰ স্বভাৱৰ বিষয়ে কিদৰে জানিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম।


১/ যদি আপোনাৰ হাতৰ কণিষ্ঠ আঙুলিৰ উচ্চতা কম হয় আৰু অনামিকা আঙুলিৰ প্ৰথম ৰেখা ডালৰ ঠিক তলতেই আছে তেন্তে আপুনি স্বাধীন মনৰ গৰাকী।

Assamese Fact
আপুনি সদায় নিজক অধিক মজবুত আৰু স্বতন্ত্ৰ ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰে । লগতে আপুনি এগৰাকী ভাৱনাত্মক ব্যক্তি। যদি আপুনি কোনো এজন ব্যক্তিৰ অধিক কাষ চাপে তেন্তে সেই মানুজনৰ প্ৰতি আপোনাৰ অভ্যাস  হৈ যায়। আৰু আপুনি তেওঁৰ সংগ এৰি দিয়াটো পছন্দ নকৰে। আপুনি মিছা কথা কোৱা , বেয়া কাম কৰা ব্যক্তিক ঘৃণা কৰে । কিয়নো ই আপোনাৰ চিন্তাধাৰাৰ ফালৰ পৰা ভুল। আপুনি এনেধৰণৰ ব্যক্তিক আপোনাৰ লগত ৰাখিব নিবিচাৰে। আপুনি সহনশীল ব্যক্তি নহয় আৰু সোনকালেই খং উঠে আপোনাৰ। অভিমানী হোৱাৰ লগতে আপুনি অপমান সহ্য কৰিব নোৱাৰে । আপোনাৰ অন্তৰ বহুত বিশাল আৰু আপুনি যিকোনো ব্যক্তিৰ সহায় কৰে । আপুনি সহায় কৰাৰ ক্ষেত্ৰত কোন আপোন কোন পৰ সেই বিষয়ে চিন্তা নকৰে । যদি ব্যক্তিজন বিশ্বাসযোগ্য তেন্তে আপুনি তেওঁক সহায় কৰিবলৈ সংকোচ নকৰে । আপুনি হাঁহি ফুৰ্তি কৰিও ভাল পায় । আপুনি যেতিয়া মানুহৰ লগত কথা পাতে তেতিয়া হাঁহি ধেমালি কৰাত পিছ পৰি নাথাকে কিন্তু যদি ইয়াৰ দ্বাৰা কোনোবাই মনত আঘাত পায় তেন্তে আপুনি লাজ অনুভৱ কৰে।  আপুনি নতুন ব্যক্তিৰ লগত গম্ভীৰ ভাবে ব্যৱহাৰ কৰে কিন্তু বন্ধুবৰ্গ আৰু ঘৰৰ পৰিয়ালৰ সন্মুখত আপুনি মন খুলি নিজৰ স্বভাৱ প্ৰদৰ্শন কৰে ।( Assamese Fact )


২/ যদি আপোনাৰ কণিষ্ঠ আঙুলিৰ উচ্চতা মধ্যমীয়া হয় আৰু অনামিকা আঙুলিৰ শেষৰ ৰেখা ডালৰ সমান হয়  তেন্তে আপুনি এজন নিষ্ঠাবান আৰু ভাবুক ব্যক্তি হয়।

Assamese Fact
যদি আপুনি কাৰোবাক প্ৰেম কৰে তেন্তে তেওঁকেই আপুনি সমস্ত পৃথিৱী বুলি মানি লয়। তেওঁক এৰি থাকিবলৈ আপুনি পছন্দ নকৰে।সদায় তেওঁৰ ভাৱনাত আপুনি বিলীন হৈ থাকে । লগতে আপুনি এজন বুদ্ধিজীৱী হয়। আপুনি যাক প্ৰেম কৰে তেওঁৰ ভালদৰে যত্ন লয় আপুনি। আপোনাৰ এনে লাগে যে মানুহে আপোনাৰ ভাবনাবোৰ ভালদৰে বুজি নাপায় । আপুনি এজন প্ৰতিবদ্ধ ব্যক্তি।  আপুনি যেতিয়া কোনো এটা কাম কৰিবলৈ মনত ভাবি লয় তাক সম্পূৰ্ণ কৰিহে এৰে। আপুনি আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ভয় কৰে । সেইকাৰণে আপুনি কোনো এটা কাম কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰে। আপুনি এইটো বিচাৰে যে মানুহে যাতে আপোনাৰ বিষয়ে এইটো ভাবক যে আপোনাক কাৰো প্ৰয়োজন নাই। কিন্তু সঁচা অৰ্থত আপোনাক মানুহৰ প্ৰয়োজন হয়।আপুনি নিজৰ মানুহবোৰৰ পৰা আঁতৰি থাকিব নোৱাৰে। কিন্তু আপুনি এনেকুৱা দেখুৱাই যে আপুনি তেওঁলোকৰ অবিহনে থাকিব পাৰে । যেতিয়া আপুনি কোনো এজন ব্যক্তিক পছন্দ নকৰে তেতিয়া আপুনি তেওঁক এইটো কথা কৈ নিদিয়ে কাৰণ আপুনি কাৰো অন্তৰত আঘাত দিব নিবিচাৰে। আপোনাক কোনোবাই আঘাত দিলে আপুনি শান্ত হৈ থাকে আৰু বেছি কাজিয়া কৰিবলৈ পছন্দ নকৰে। লগতে আপুনি সপোন দেখি ভাল পায়।


৩/ যদি আপোনাৰ কণিষ্ঠ আঙুলি দীঘল আৰু অনামিকা আঙুলিৰ শেষৰ ৰেখা ডালতকৈ ওপৰত থাকে তেন্তে আপুনি এজন শান্ত আৰু বুদ্ধিজীৱী মানুহ হয়।

Assamese Fact
যিবোৰ বস্তুৱে আপোনাক আমনি কৰে সেইবোৰ আপুনি সহজতেই পাহৰি যায়। আপোনাৰ বেছি খং নুঠে আৰু নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আপুনি ভালদৰেই জানে। আপুনি অপৰিছিত ব্যক্তি আৰু নতুন ঠাইত অসহজ অনুভৱ কৰে। নতুন বস্তু আৰু নতুন বাতাবৰণ বুজি পাবলৈ আপোনাৰ অলপ অসুবিধা হয়।আপোনাৰ বেলেগৰ মতদান শুনি ভাল পায় আৰু তেওঁলোকৰ বিচাৰৰ সন্মান কৰে । আপুনি বেছি কথা পাতি ভাল নাপায়।  অহংকাৰী লোক আপোনাৰ পছন্দ নহয়। যদি কোনো ব্যক্তিয়ে আপোনাৰ সন্মুখত নিজক লৈ ফুটনি মাৰি কথা কয় বা কোনো তৃতীয় ব্যক্তিৰ তিৰস্কাৰ কৰে তেন্তে আপুনি সেইসকল লোকক ঘৃণা কৰে । আপুনি কেতিয়াও কোনো লোকৰ বিষয়ে বেয়াকৈ নকয় । যেতিয়া আপুনি কোনো সমষ্যাৰ লগত যুঁজিব নোৱাৰে তেতিয়া আপুনি সেই বিষয়ত চিন্তা কৰি সময় নষ্ট নকৰে।আপুনি বহুত সৰল স্বভাবৰ ব্যক্তি। আপুনি সোনকালেই সকলোকে বিশ্বাস কৰি লয়। কিন্তু পিছত সেই বিষয়ত চিন্তা কৰি সংকোচ কৰে। আপুনি নিজৰ ভুলবোৰৰ পৰা বহুত কথা শিকিবলৈ চেষ্টা কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

1 comment:

  1. nijor nohoy jodi ki baal koribole nijor nisinake upload korisa

    ReplyDelete

Advertisement

Pages