আমাৰ শৰীৰত দুই ধৰণৰ ৰক্তকণিকা থাকে।বগা আৰু ৰঙা।যেতিয়া ৰঙাৰক্তকণিকাৰ পৰিমাণ কমি যায় তেতিয়া তেজৰ অভাৱ হয় যাক এনিমিয়া বুলিও কোৱা হয়।( Assamese Fact )
এই লেখাটোত আপোনাক এনে ১০টা উপায়ৰ বিষয়ে জনাম যাৰ সহায়ত তেজৰ অভাৱ দুৰ হয়।ইয়াৰে যিকোনো এটা সহজ উপায় অৱলম্বন কৰি আপুনি এনিমিয়াৰ পৰা হাত সাৰিব পাৰিব আৰু এটি সুন্দৰ জীৱন যাপন কৰিব পাৰিব।
১)এটা নেমুটেঙা এগিলাচ পানীত চেপি লৈ তাৰ সৈতে ১চামুচ মৌ মিহলাই দৈনিক ৰাতিপুৱা সেৱন কৰক।এইদৰে দৈনিক ৰাতিপুৱা কৰাৰ ফলত আপোনাৰ শৰীৰত তেজৰ পৰিমাণ বহুত বাঢ়ি যাব।
২)পালেং শাক এনিমিয়া বেমাৰৰ কাৰণে এবিধ দৰৱৰ দৰে কাম কৰে।পালেং শাকত ভিটামিন A,C,B9,আইৰন,ফাইবাৰ আৰু কেলচিয়াম অধিক পৰিমাণে থাকে।পালেং শাকে একেবাৰতে ২০%লৈকে আয়ৰণ বঢ়াব পাৰে।পালেং শাক আপুনি চব্জি আৰু চুপ বনাই খাব পাৰে
৩)তীব্ৰগতিত তেজৰ পৰিমাণ বঢ়াবলৈ এগিলাচ বিলাহীৰ ৰস দৈনিক খাওক।ইয়াৰ উপৰিও আপেল আৰু বিলাহীৰ চুপ বনাইও খাব পাৰে।ইয়াৰ ফলত আপোনাৰ মগজু তীব্ৰ হ'ব তাৰ লগতে আপোনাৰ শৰীৰত তেজৰ অভাৱো দূৰ হ'ব।
৪)দেহত হিম'গ্ল'বিনৰ স্তৰ বঢ়াবলৈ মাকৈ খাব লাগে।গোমধান পুষ্টিকৰ খাদ্য হয়,ইয়াক সিজাই বা ভাজি খাব লাগে।
৫)এগিলাচ বিটৰ ৰসৰ লগত অকণমান মৌ মিহলাই খালে শৰীৰত আয়ৰণৰ মাত্ৰা বাঢ়ি যায়।যাৰ দ্বাৰা শৰীৰত তেজৰ পৰিমাণ বাঢ়ে।
৬)চয়াবিনত ভিটামিন আৰু আয়'ডিনৰ মাত্ৰা বেছি থাকে।এনিমিয়াৰ ৰোগত চয়াবিন খোৱাটো বহুত উপকাৰী হয়।চয়াবিনক সিজাই,চব্জি বনাই বা পানীত তিয়াই লৈও খাব পাৰে।
৭)অকণমান ক'লা নিমখ,অকণমান ক'লা জলকীয়া গুৰি আৰু এগিলাচ ডালিমৰ ৰস মিহলাই দৈনিক সেৱন কৰিলে আয়ৰণৰ অভাৱ দূৰ হয়।ডালিমে আপোনাৰ শৰীৰত তেজৰ আৰু আয়ৰণৰ অভাৱ পূৰ কৰিব,যাৰ সহায়ত আপোনাৰ শৰীৰ ,মগজু শক্তিশালী হ'ব,আপোনাৰ চকুৰ ৰশ্মি ভাল হ'ব লগতে আপোনাৰ শৰীৰত তেজৰ অভাৱ বহুত তীব্ৰ গতিত পুৰ হ'ব।( Assamese Fact )
৮)গুড় আৰু বাদাম একেলগে খাব লাগে।ইয়াৰ ফলত দেহত আয়ৰণৰ মাত্ৰা বৃদ্ধি হয়।গুড়ত এনে কিছু তত্ব পোৱা যায় যাৰ ফলত আপোনাৰ পেটৰ বহু সমস্যা নিৰ্মূল হয়।গুড় আৰু বাদাম খোৱাৰ ফলত আপোনাৰ দেহত তীব্ৰ গতিত তেজৰ পৰিমাণ বৃদ্ধি হ'ব আৰু আপুনি বহুত সুস্থ অনুভৱ কৰিব।
৯)হিম'গ্ল'বিন বৃদ্ধি কৰিবলৈ সাধাৰণ নিমখৰ লগত নহৰু পিচি লৈ খাব লাগে।নহৰুৱে পেটত থকা গেছৰ সমস্যা ভাল কৰাৰ লগতে তেজৰ অভাৱো দূৰ কৰে।
১০)শৰীৰত তেজৰ অভাৱ পূৰ কৰিবলৈ গাখীৰ আৰু খেজুৰৰ সেৱন কৰাটোও এটা উত্তম উপায়।
ৰাতি হোৱাৰ আগেয়ে গাখীৰত খেজুৰ মিহলাই খাব।অথবা গাখীৰ খোৱাৰ পিছতো খেজুৰ খাব পাৰে যাতে গাখীৰৰ সহায়ত ই ফুলি যায়,তাৰোপৰি খাবলৈও সোৱাদ লগা হয়।ই আপোনাৰ শৰীৰত তেজৰ পৰিমাণ ইমানেই তীব্ৰভাৱে বৃদ্ধি কৰিব যে আপুনিও কল্পনাও কৰিব নোৱাৰে।ইয়াৰোপৰি ই আপোনাৰ সম্ভোগ শক্তিও বৃদ্ধি কৰে যাৰ ফলত আপুনাৰ সংগী বহুত সুখী হ'ব লগতে আপোনাৰ দৈনন্দিন জীৱন সুখময় হৈ উঠিব।
পাঠক সকল এইয়া আছিল আপোনাৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাৰ কিছু সহজ উপায়।
ধন্যবাদ।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment