মাত্ৰ দুটা পদ্ধতিৰে অতি সহজে কমাব পাৰিব দেহৰ চৰ্বী : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 28, 2021

মাত্ৰ দুটা পদ্ধতিৰে অতি সহজে কমাব পাৰিব দেহৰ চৰ্বী : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল, হাতৰ ,ভৰিৰ আৰু পেটৰ বাঢ়ি অহা চৰ্বীক লৈ আজিকালি বহু লোকেই চিন্তিত হৈ থকা দেখা যায়। Assamese Fact )

Assamese Fact

আজি আমি আপোনালোকক এনেকুৱা পদ্ধতিৰ বিষয়ে কম যাৰ ফলত আপোনালোকে এসপ্তাহতে ইয়াৰ লাভ বা ফল দেখিবলৈ আৰম্ভ কৰিব।প্ৰথমেই  শকত হোৱাৰ ফলত আমি বহুত সমস্যাত পৰো-


১ঃ ভৰি,পেট শকত হোৱাৰ ফলত নিজৰ জোখৰ কাপোৰ কানি জোখত নোহোৱা হৈ পৰে।


২ঃ আপোনালোকে য'ত যায় অৰ্থাৎ ৰেল, অ'ট,আদি । আপোনালোকে এবাৰ ভাবক আপোনালোকৰ বহিবলৈ কিমান সমস্যা হয়। চিটবোৰ সৰু সৰু তাত আপোনালোকে বহিব নোৱাৰে। তেতিয়া মনে মনে এনেকুৱা লাগে মানুহে আপোনাকে চাই আছে আৰু হাঁহি আছে।


৩ঃ মাটিত বা তলত বহিবলৈ কিমান অসুবিধা হয়। যিটি কৰি হ'লেও ৩০ চেকেণ্ড মানহে বহিব পাৰি।


৪ঃ বহোতে ভৰিৰ ওপৰ আৰু তলৰ কলাফুল যেতিয়া ঘঁহনি খাই কিমান ‌কষ্ট হয় ভৰি ৰঙা পৰি যায় আৰু লাহে লাহে আমাৰ সেই অংশটো ক'লা পৰি  গৈ থাকে। কিমান যে বেয়া লাগে দেখিবলৈ।শকত হোৱাৰ ফলত এই সমস্যাসমূহ সহ্য কৰিব লগা হয়। 


এইসমূহ আছিল অসুবিধা । এতিয়া জানো আহঁক ইয়াৰ এই সমস্যাৰ উপায়।


অধিক খালেও এই পদ্ধতিটোৰে সহায় আপোনালোকে নিজৰ শৰীৰৰ চৰ্বী নাইকীয়া কৰিব পাৰিব। বহুত দিনৰ পৰা থকা চৰ্বী এই পদ্ধতিটোৰ সহায়ত নাইকীয়া হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় পাঠকসকল এইটো অকল হাজাৰ কেলৰীচৰ ডায়েট প্লেন আৰু ইয়াত আপোনাৰ শৰীৰক যি যি লাগে সেই সকলোবোৰৰে ধ্যান ৰখা হৈছে। অৰ্থাৎ আপোনালোকৰ মেক্ৰচ' আৰু মাইক্ৰচ'  দুয়োটাৰে ধ্যান ৰাখি এই ডায়েট প্লেনটো বনোৱা হৈছে আৰু যিকেইটা ব্যায়ামৰ বিষয়ে কম সেইকেইটা বহুত সহজ ব্যায়াম।


প্ৰথমতে আমি জানো আহঁক ডায়েট প্লেন। তাৰ পাছত আপোনালোকক ব্যায়ামৰ বিষয়ে কম।

পানী যদি সঠিক সময়ত খোৱা হয় সি অমৃতৰ দৰে কাম কৰে। ৰাতিপুৱা শুই উঠি আপোনালোকে দুগিলাচ কুহুঁমীয়া পানী খাব লাগিব।এইয়া খোৱাৰ পিছতে আপোনালোকৰ সতেজতা ভাব অনুভৱ হ'ব।সকলো ট্ৰকচিন বাহিৰলৈ উলাই আহিব।


ৰাতিপুৱা খাদ্য খোৱা সময়ত আপোনালোকে পুষ্টিকৰ খাদ্য আৰু বহুত দেৰি ভোক নালাগিব লৈ খাব লাগিব অ'টছ্।এইটো বহুত নিউটিচন থকা বস্তু । য'ত আপোনাৰ শৰীৰৰ বাবে লগা সকলো বস্তুৰ ধ্যান ৰখা হৈছে। প্ৰথমতে আপোনালোকে ৩০গ্ৰাম অ'টছ্ ল'ব লাগিব ।তাৰ পাছত তাক এটা বাচনত দি দিব আৰু তাত ১০০  মিঃ‌লি গ্ৰাম গাখীৰ দি দিব। আপোনালোকে যিকোনো অ'টছ্ ল'ব পাৰে।১০০  মিঃ‌লি গ্ৰাম গাখীৰ যে দিব তাত আধা গাখীৰ আৰু আধা পানী মিলাই ল'ব। সেইসমূহ যেতিয়া অলপ সিজিব তেতিয়া তাত আপোনালোকে গুৰ মিলাই দিব ।ইয়াত কেলৰিচ থকাৰ লগতে পুষ্টিকৰ তত্ত্বও থাকে। বনাই হোৱাৰ পাছত এটা বাটিত এইবোৰ লৈ ল'ব আৰু তাত ৪টা বাদাম আৰু ৪টা খিচমিচ দি দিব লাগিব।  ৪টা বাদাম তিয়াই থোৱা লৈ ল'ব। যদি আপোনালোকে বিচাৰে তেতিয়া ইয়াৰ ওপৰত চিয়াচিট দিব পাৰে ।নিদিলেও কোনো কথা নাই।Assamese Fact )


তাৰ পাছত আপোনালোকে  এটা আপেল বা এটা কল নহলেবা এটা দালিম বা এবাটি অমিতা। এইবোৰ সহজতে পোৱা যায় যিসকলে ভাল নাপায় তেওঁলোকেও খাব লাগিব।


তাৰ পিছত দুপৰীয়া আহাৰত কি কি খাব লাগিব।এইটো নহয় যে ভোকত থাকি আপোনালোক ক্ষীণ হ'ব।দুপৰীয়া আহাৰত আপোনালোকে খাব লাগিব দুটা ৰুটি । ভালকৈ সিঁজা দাইল ল'ব। সেউজীয়া যিকোনো শাকৰ ভাজি আৰু ঘৰত বনোৱা দৈ গাখীৰ।লগত এটা তিঁয়হ যিটো বাকলিৰে সৈতে ল'ব বা খাব লাগিব। কাৰণ তিঁয়হৰ যি নিউটিচন থাকে বাকলিতে থাকে। যিবোৰ বহুত মানুহে গুচাই খাই। যিসকলে ৰুটি ভাল নাপায় ভাত খাব পাৰে । কিন্তু ভাত ১০০গ্ৰাম খাব লাগে।এইয়া আছিল  দুপৰীয়া আহাৰৰ বিষয়ে।


এতিয়া জানো আহঁক সন্ধিয়া বা আবেলিৰ চাহৰ বিষয়ে।

যদি আপোনালোকে চাহ সদায় খাই তেতিয়া চাহ খাওঁক। কিন্তু চেনী নিদিয়াকে।চাহৰ লগত আপোনালোকে বেলেগ একো নাখাব।এমুঠি চানা বা মাকৈ সেইয়াও সেকা খাব । চাহ নাখালে নাৰিকল পানী বা বেলেগ তেনেকুৱা খাব পাৰে।যিসকলে এইবোৰ নাখায় গ্ৰীণ টি খাব পাৰে।


এতিয়া জানো আহঁক ৰাতিৰ আহাৰ বিষয়ে । ৰাতি আহাৰ খাওঁতে বহুতে ভুল কৰে। কাৰণ তেওঁলোকৰ ভোক বহুত লাগি থাকে। আপোনালোকে ৬-৭বজাতে ৰাতি আহাৰৰ প্ৰস্তুতি কৰি ল'ব।যদি আপোনালোকে ৰাতি আহাৰ ৭-৮ বজাৰ ভিতৰত খাব নোৱাৰে ।

Assamese Fact
তেতিয়া যেনেতেনে ৮-৩০ ত খাব। ৰাতি আহাৰৰ বাবে আপোনালোকে ৫০গ্ৰাম পনিৰ আৰু সেইসমূহ অলপ তেল দি নিমখ আৰু জালুক দি বনাই ল'ব লাগিব। তাৰ পাছত সেউজীয়া শাক -পাচলি সেইবোৰো নেমু ,নিমখ,জালুক দি বনাই ল'ব আৰু তাৰ একপ্লেট লৈ ল'ব। চুৱাই চুৱাই আৰামত খাব সোনকালে আৰু ল'ৰা লৰিকৈ নাখাব।  যদি আপোনালোকে পনিৰ ভাল নাপায় তেতিয়া আপোনালোকে চয়াবিন বা বুট খাব পাৰে। আপোনালোকে ভালকৈ পেট ভৰাই খাব। কাৰণ এই খাদ্যৰ পৰা আমি নিউটিচন পাওঁ।


আপোনালোকে ২-৩ লিটাৰ পানী সদায় খাব।এইয়া আছিল এটা সহজ ডায়েট প্লেন।


এতিয়া জানো আহঁক কি কি ব্যায়াম এই ডায়েট প্লেনৰ লগত কৰিলে আপোনালোকৰ হাত,ভৰি আৰু পেটৰ চৰ্বী কমিব।

১ঃ থিয় হৈ দুয়োটা ভৰি মেলি এখন হাত ওপৰলৈ উঠাই এবাৰ সোঁফালে এবাৰ বাওঁফালে তললৈ হাওঁলিব লাগিব। মনত ৰাখিব যাতে সোঁফালে তললৈ হাওঁলোতে বাওঁ হাতখন আৰু বাওঁফালে তললৈ হাওঁলোতে সোঁহাতখন ওপৰলৈ উঠাই থব ‌লাগিব।


২ঃ থিয় হৈ দুয়োটা ভৰি মেলি তললৈ বেকা হৈ সোঁহাতখনে বাওঁভৰিখন আৰু বাওঁহাতখনে সোঁভৰিখন চুই চুই ব্যায়াম কৰিব লাগিব।


৩ঃ  থিয় হৈ দুয়োটা ভৰি মেলি এখন হাত পেটত এখন পিছফালে দি আকৌ দুয়োখন একেলগে মেলি অলপ দেৰি ব্যায়াম কৰিব লাগিব।


৪ঃ সোঁহাতখনে বাওঁভৰিখনৰ আঠুঁত হাতৰ কিলাকুটিতো লগাব লাগিব আৰু বাওঁহাতখনে সোঁভৰিখনৰ আঠুঁত হাতৰ কিলাকুটিতো লগাব লাগিব।এনেদৰে অলপ সময় কৰিব লাগিব।

এই ব্যায়ামকেইটা ৫০ বাৰকৈ কৰিব লাগিব।তাৰ পাছত ককাঁলত দুয়োখন হাতে ধৰি আঠুঁটো বেকাঁ কৰি উঠি আকৌ বেকাঁ কৰি উঠি এনেদৰে এখন এখনকৈ দুয়োখন ভৰিৰে কৰিব লাগিব।


৫ঃ তলত শুই লৈ মূৰৰ তলত হাত দি মূৰতো ওপৰ তল কৰিব লাগিব আৰু কৰোঁতে ভৰি দুটা মেলি ল'ব নালাগে। 


৬ঃ তলত শুই লৈ মূৰৰ তলত হাত দি সোঁহাতখনে বাওঁভৰিখনৰ আঠুঁত হাতৰ কিলাকুটিতো লগাব লাগিব আৰু বাওঁহাতখনে সোঁভৰিখনৰ আঠুঁত হাতৰ কিলাকুটিতো লগাব লাগিব।


Assamese Fact
৭ঃতলত শুই লৈ হাত দুয়োখন ভালদৰে থৈ লৈ চাইকেল চলোৱাৰ দৰে ভৰিয়ে কৰিব লাগিব।এইকেইটা ১০০ বাৰকৈ কৰিব লাগিব।

এই সমূহ আপুনি নিয়মিত ভাবে কৰি গলে ৭ দিনতেই ইয়াৰ ফলাফল দেখিবলৈ আৰম্ভ কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।


No comments:

Post a Comment

Advertisement

Pages