শাস্ত্ৰৰ মতে, সফলতা পাবলৈ ৰাতিপুৱা উঠি কি কি কৰিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 12, 2021

শাস্ত্ৰৰ মতে, সফলতা পাবলৈ ৰাতিপুৱা উঠি কি কি কৰিব লাগে : Assamese Fact

Assamese Fact

আমি এনেকুৱা কিছুমান কাম সদায় কৰি থাকোঁ যাৰ দ্বাৰা আমাৰ ঘৰত দৰিদ্ৰতাৰ আগমন হয়Assamese Fact )।আমি নিজৰ মংগল কৰিবৰ হলে যিবোৰ অমংগল আমি নিতৌ জীৱনত কৰি আছো  সেইবোৰ নাইকিয়া কৰিব লাগিব। আৰু এই অমংগল বোৰৰ পৰা বাছি থাকিলেহে আমাৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হব আৰু ভগৱান তথা মা লক্ষ্মীৰ কৃপা আমাৰ ওচৰত সদায় থাকিব। প্ৰথমেই আমি কথা পাতো যি কেইটা কাম আমি পোৱাই উঠি কৰিবলৈ এৰি দিব লাগে।


আমি ৰাতিপুৱা নকৰিবলগীয়া কাম কেইটা হৈছে-


১/ ৰাতিপুৱা ৪ ৰ পৰা ৭ বজাৰ সময়তো হৈছে ব্ৰহ্মকাল। এই সময়ছোৱাত মানুহে ভোগ বাসনাত লিপ্ত হব নালাগে। এই সময়ছোৱাত ভোগ বাসনাত লিপ্ত হলেই আমাৰ দৰিদ্ৰ হোৱাৰ সময় চাপি আহে। 

২/

Assamese Fact
ৰাতিপুৱা শুই উঠাৰ পাছত পোনে পোনে নিজৰ চেহেৰাতো আইনাত চাব নালাগে। ইও দৰিদ্ৰতাক প্ৰকট কৰে।


৩/ ৰাতিপুৱা শুই উঠাৰ পাছত আমি কেতিয়াও এনেকুৱা দৃশ্য চাব নালাগে য'ত কাজিয়া হৈ থাকে। যেনে পশু পক্ষীয়ে কাজিয়া কৰা ফটো, ভিডিও আদি চাব নালাগে। আজিকালি প্ৰায় সকলো মানুহেই পুৱাই হাতত নিজৰ মোবাইলটো লৈ কিবা চোৱাত ব্যস্ত হৈ পৰে। তেনেক্ষেত্ৰত এনেধৰণৰ কাজিয়া কৰাৰ দৰে চিত্ৰ বা ভিডিও চাব নালাগে। অৰ্থাৎ মানুহেই হওক বা জীৱ জন্তুৱেই হওক কাৰো মাজত বাদ বিবাদ হোৱা চাব নালাগে। আৰু লগতে নিজৰ ঘৰখনতো কাৰো লগত কাজিয়া নকৰিবলৈ চেষ্টা কৰিব লাগে। যিমান শান্তিৰে পাৰি সেই ৰাতিপূৱাটো কটাব লাগে। যদি আপুনি পুৱাই পুৱাই খং ৰাগ কৰে তেন্তে ই আপোনাৰ ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ কৰে।


৪/

Assamese Fact
শুই উঠিয়েই মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰায় মানুহে ৰাতি ভোকত আহাৰ গ্ৰহণ নকৰাকৈ শুই যায় কিন্তু পুৱাই সাৰ পাই খাবলৈ ধৰে । কিন্তু এনে কেতিয়াও কৰিব নালাগে।


 যদি আমি এই কেইটা উপায় অৱলম্বন কৰোঁ তেন্তে নিশ্চয়কৈ পৰিৱৰ্তন দেখা পাম।  লগতে মা লক্ষ্মীৰ কৃপাও আমাৰ লগত সদায় থাকিব।

এতিয়া আহো সেই চাৰিটা কামলৈ যি ৰাতিপুৱা শুই উঠি আমি কৰিব লাগে।Assamese Fact )


১/ শাস্ত্ৰৰ মতে আমি যেতিয়া ৰাতিপুৱা শুই উঠো সৰ্বপ্ৰথমে আমি আমাৰ হাত দুখনলৈ চাব লাগে। কিয়নো আমি হাতেৰে কৰ্ম কৰি খালেহে ধন আয় কৰিব পাৰো । হাতত আগভাগত  সদায় লক্ষ্মী মা থাকে আৰু মধ্য ভাগত মা সৰস্বতী বাস কৰে। আৰু হাতৰ শেষ অংশত শ্ৰী গোবিন্দৰ বাস আছে। সেইবাবে প্ৰথমেই নিজৰ হাত কেইখনলৈ চাব লাগে।

২/ শুই উঠি বিছনাৰ পৰা নামিয়েই সেই ভূমিক প্ৰণাম কৰিব লাগে যি ভূমিত আমি  ভৰি থম। সেই ধৰিত্ৰী আইক প্ৰণাম কৰিব লাগে কিয়নো আমি তেওঁক ভৰিৰে স্পৰ্শ কৰিছোঁ।  কিয়নো আমি উপায়হীন। আমিতো ধৰিত্ৰী আইৰ ওপৰত ভৰি থবই লাগিব। গতিকে প্ৰথমে আই ধৰিত্ৰীক ক্ষমা বিচাৰি তেওঁৰ ওপৰত ভৰি থৈ খোজ দিব লাগে।


৩/পোৱা শুই উঠি আমাৰ ঘৰত যি সকল বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকক প্ৰণাম কৰিব লাগে। কিয়নো আমি যেতিয়াই তেওঁলোকক প্ৰণাম কৰোঁ তেওঁলোকে আমাক সুখী হবলৈ আশীৰ্বাদ দিয়ে। মা দেউতাৰ আশীৰ্বাদ যেতিয়া আমি পাম তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে আমাক পিছ পেলাব নোৱাৰে।  মা দেউতা তথা বয়োজ্যেষ্ঠ জনৰ আশীৰ্বাদ লগত থাকিলে উন্নতি হোৱাটো আৰু জীৱনত সফল হোৱাটো নিশ্চিত। গতিকে প্ৰথমেই আমি মা দেউতা তথা ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণত স্পৰ্শ কৰি প্ৰণাম কৰিব লাগে।

৪/ সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব লাগে।  যেতিয়া ভগবানেও মানৱ দেহ ধাৰন কৰি গৃহস্থৰূপে প্ৰৱেশ কৰে তেতিয়া ভগবানেও সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰে।

গতিকে আমি সাধাৰণ মানুহেও ৰাতিপুৱা শুই উঠি গায়ত্ৰীৰ উপাসনা কৰিব লাগে  যদি গায়ত্ৰী দেৱীক উপাসনা কৰিব নোৱাৰে তেন্তে অন্তত সূৰ্য্য দেৱতাক অৰ্ঘ্য দিব পাৰিব লাগে।


এইকেইটা উপায় যদি অৱলম্বন কৰা হয় তেন্তে নিশ্চয় আপুনি জীৱনত সফলতা প্ৰাপ্তি কৰিব।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages