সোনকালে ওজন কেনেকৈ বঢ়াব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 30, 2021

সোনকালে ওজন কেনেকৈ বঢ়াব পাৰি : Assamese Fact

Assamese Fact

আজি আমি আপোনালোকক এটা ডায়েট প্লেনৰ বিষয়ে কম যিটোৰ সহায়ত আপোনালোকে যদি ওজন বঢ়াব খোজে বঢ়াব পাৰিব। Assamese Fact )

Assamese Fact
কিন্তু ওজন বঢ়োৱা বা ঠিক ৰূপে ওজন বঢ়োৱা দুয়োটা বেলেগ ধৰণৰ  কথা।যদি আপোলোকে ভাবিছে ওজন বঢ়াবলৈ দিনটো যি টি খাই থাকিব লাগে বা মিঠা যিমান খাব খোজে খাব পাৰে।এইটো সঠিক পদ্ধতি নহয় ওজন বঢ়োৱাৰ। ইয়াৰ ফলত আপোনালোক শকতহে হৈ যাব আৰু শকতৰ ফলত হোৱা বেমাৰৰ চিকাৰ হৈ পৰিব। আজি সেই কাৰণে আমি আপোনালোকক ক'ব বিচাৰিছোঁ এটা সম্পূৰ্ণ দিনৰ ডায়েট প্লেন ।যাৰ সহায়ত আপোনালোকে সঠিক ৰূপে ওজন বঢ়াব পাৰিব।


দিনটোৰ আৰম্ভণি আমি কৰিম কুঁহুমীয়া পানীৰ সৈতে।কুঁহুমীয়া পানী এক বা দুগিলাছ লৈ ল'ব আৰু এঠাইত বহি আৰামত খাব। ৰাতিপুৱা খালি পেটত পানী খোৱাৰ ফলত ট্ৰেকচন বাহিৰলৈ উলাই যায় আৰু আমাৰ মাংসপেশীবোৰে আৰাম পায়। লগতে তেজৰ আদান প্ৰদান প্ৰক্ৰিয়াও ভাল হৈ যায়।



৬ টা মান বজাতঃ তিঁয়াই থোৱা ৬-৭টা মান বাদাম বা আখৰুদ।

পানী খোৱা আধা ঘন্টাৰ পাছত আপোনালোকে ৬-৭টা মান তিঁয়াই থোৱা বাদাম বা আখৰুদ লৈ লওঁক।তিঁয়াই খোৱাৰ ফলত ইয়াৰ গুণাগুণো বাঢ়ি যায় আৰু ইয়াক হজম কৰিবলৈও সহজ হৈ পৰে।


৭ টা পৰা ৮ টা মান বজালৈ খোজ কঢ়াঃ

Assamese Fact
ইয়াৰ পিছত আপোনালোকে ১ঘন্টা ব্যায়াম বা খোজ কাঢ়িবলৈ উলিয়াওক।ব্যায়াম বা খোজ কঢ়াতো ওজন কমাবলৈ যিমান জৰুৰী সিমানেই ওজন বঢ়াবলৈ ও জৰুৰী। যিকোনো ডায়েট প্লেন তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া তাক ব্যায়ামৰ লগত কৰা হয়। সেই কাৰণে ইয়াৰ কাৰণে অলপ সময় উলিয়াওক আৰু পাৰিলে ৰাতিপুৱা সময়ত কৰিবলৈ চাব।যেনে- ব্যায়াম বা ব্যায়াম প্ৰশিক্ষণ, যোগাসন ,সাঁতুৰ আদি।



৮-৩০ মান বজাতঃ

খোজ কাঢ়ি আহি আপোনালোকে এটা ভাল নিউটিচন খাদ্য খাওঁক। আপোনালোকে কলৰ শ্বেক ও খাব পাৰে। কিন্তু এইটোও সঠিক ভাৱে বনাব লাগিব তাত চেনীৰ প্ৰয়োগ কৰিব নালাগিব।এইটো বনাবলৈ আপোনালোকে অলপ ক্ৰিমৰ দৰে ডাঠ গাখীৰ লৈ লওঁক আৰু তাত দুটা কল দিব পাৰিব আৰু তাত বাদাম,অখৰুদ,খিচমিচ আদি দিব খুজিলে দিব পাৰে আৰু মিঠা দিব খুজিলে মৌ জোল দিব পাৰে। এনেদৰে এটা টেষ্টি শ্বেক বনাই লওঁক আৰু খোজ কাঢ়ি আহি খাওঁক।Assamese Fact )


১০ টা মান বজাতঃ

এই শ্বেকটো খোৱাৰ ১বা ২ঘন্টাৰ পিছত ৰাতিপুৱাৰ আহাৰ খাব পাৰে।লাগিলে আপোনালোক যিমানে ব্যস্ত থাকক ৰাতিপুৱাৰ আহাৰ খাবলৈ নাপাহৰিব।এটা পুষ্টিকৰ ৰাতিপুৱাৰ আহাৰ খোৱা ফলত আপোনালোকৰ শক্তি অটুত থাকে আৰু দিনটো আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰে। ৰাতিপুৱাৰ আহাৰত আপোনালোকে ৰুটি বা পৰঠা খাব পাৰে।পোহা নহবলেবা ইদলী ,চামবাৰ, ওপমা বা চিজ চেনবিচ আদি পুষ্টিকৰ খাদ্য খাব পাৰে।লগত নিজৰ মন পচন্দৰ চাহ খাব পাৰে।


১২টা মান বজাতঃ

Assamese Fact
ৰাতিপুৱা আহাৰ খোৱা ২ঘন্টা মানৰ পাছত আপোনালোকে ফল খাব পাৰে।যিবোৰ আপোনালোকৰ তাত পায় সেইবোৰ।যেনে- আপেল,নাচপতি,আঙুৰ, মাটিকঁঠাল আদি।ফলে আমাৰ শৰীৰলৈ ফ্ৰাইবাৰৰ যোগান ধৰে আৰু বহুত নিউটিচনৰো।



২টা মান বজাতঃ

ফল খোৱা দুঘণ্টাৰ পাছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিব লাগে। দুপৰীয়া আহাৰত আপোনালোকে দুটা ৰুটি ভাত আৰু এবাটি দাইল লগতে এবাটি শাকৰ ভাজি আৰু দৈ ।


৫টা মান বজাতঃ

দুপৰীয়া আহাৰ খোৱাৰ দুই বা তিনি ঘণ্টাৰ পিছত আপোনালোকে চাহ খাব পাৰে।যদি গ্ৰীন টি খাই বহুতেই ভাল নহলেবা গাখীৰৰ চাহো খাব পাৰে।চাহৰ লগত কিবা পুষ্টিকৰ বস্তু খাব ।যেনে-ৰ'চটেদ মখানে ,ওটচ্,  উইট কুকিচ, পপকন আদি।



৮টা মান বজাতঃ

ইয়াৰ ২-৩ ঘন্টা মানৰ পাছত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে।ৰাতিৰ আহাৰ আপোনালোকে পাতলীয়াকৈ খাব লাগে। যেনে- চালাদ, দুটা ৰুটি, এবাটি দাইল আৰু কিবা শাক-পাচলি।


১০টা মান বজাতঃ

ৰাতিৰ আহাৰ খোৱা পিছতো যদি আপোনালোকৰ ভুক লাগে। তেতিয়া আপোনালোকে শুৱাৰ আগত এগিলাছ কুহুঁমীয়া গাখীৰ খাব পাৰে তাত মৌ দিব পাৰে বা খেজুৰী খাব পাৰে।


এইবোৰৰ পাছতো আপোনালোকৰ কিবা খাব মন গ'লে  আপোনালোকে এপিচ বা এটুকুৰা ডাৰ্ক চকলেট খাব পাৰে। সেইদৰে এই ডায়েট প্লেনত আপোনালোকে আলু বা মিঠা আলুও খাব পাৰে। কিন্তু এবোৰ বইল কৰি খাব লাগে ভাজি নহয়।ঠিক সেইদৰে ডাঠ গাখীৰ ,দৈ,পনিৰ খাব পাৰে।এই সম্পূৰ্ণ ডায়েট প্লেনটো প্ৰায় ১৭০০ কেলৰিচৰ।যদি আপোনালোকে এইটো এনেদৰেই পালন কৰে বা কৰে তেতিয়া ১মাহৰ ভিতৰত ৩-৫কেজি ওজন বৃদ্ধি হ'ব।


বাহিৰৰ খাদ্য নাখাব।বেছি তেলত ভজা বা মচলাযুক্ত খাদ্য নাখাব। চেনীও নাখাব আৰু খোজ কাঢ়ি বা ব্যায়াম কৰি থাকিব। ইয়াৰ লগতে এইটোও মনত ৰাখিব যে নিজৰ ৭-৮ ঘন্টাৰ টোপনি ভালকৈ সম্পূৰ্ণ কৰিব আৰু চিন্তা নকৰিব।যদি ভাল ডায়েট প্লেন আৰু ব্যায়ামৰ লগত এইবোৰ কথা মনত ৰাখে তেতিয়া ওজন অতি সোনকালেই বাঢ়িব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages