হাতত থকা জোনৰ দৰে চিনে কয় আপোনাৰ বহুত ৰহস্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 3, 2021

হাতত থকা জোনৰ দৰে চিনে কয় আপোনাৰ বহুত ৰহস্য : Assamese Fact

Assamese Fact

হস্তৰেখা বিজ্ঞানত ব্যক্তি এজনৰ হাতৰ ৰেখাবোৰ চাই তেওঁৰ স্বভাৱ আৰু বহুতো কথা গম পোৱা যায়( Assamese Fact )। আপুনি হয়তো দুইখন হাত জোৰা লগাই এটা জোনৰ দৰে চিন দেখিছে। কিছুমান ব্যক্তিৰ হাতত আধা জোন দেখা পোৱা যায় আৰু কিছুমানৰ হাতত সম্পূৰ্ণ। দুয়োখন হাত জোৰা লগাই দেখা পোৱা আধা জোন বহুত শুভ বুলি মনা হয়। হস্তৰেখা বিজ্ঞানৰ মতে এই আধা জোন এক শুভ চিন বুলি কোৱা হয় আৰু ইয়াৰ দ্বাৰা আমাৰ জীৱনত বহুত লাভ হয়।

হাতত দেখা পোৱা এই জোনৰ বহু কেইটা অৰ্থ আছে যিয়ে ব্যক্তি এজনৰ জীৱনক বহুত প্ৰভাৱিত কৰে। ইয়াৰ বেলেগ বেলেগ অৰ্থ থাকে।

যদি আপুনি হাত দুখন জোৰা লগালে জোনৰ দৰে আকৃতি দেখা পোৱা যায় তেন্তে সেই ব্যক্তিগৰাকীয়ে সুন্দৰ পতি/ পত্নী পায়।


হস্তৰেখা জ্যোতিষৰ অনুসাৰে হাতত থকা ৰেখায়ে ব্যক্তি এজনৰ অতীত, ভৱিষ্যত আৰু বৰ্তমানৰ বিষয়ে কয়।

 হাতত থকা এই জোনক আচলতে মানুহে চিনি পোৱাত ভুল কৰে। হাতৰ বুধ পৰ্বতৰ তলৰ চুকৰ পৰা আৰম্ভ হৈ বৃহস্পতি আৰু শনি পৰ্বতক সামৰি যদি শেষ হয়  তেতিয়াহে এই আধা জোনে ইয়াৰ পৰিনাম দেখুৱাই। আৰু এই জোনৰ মান্যতা আছে। কিন্তু কেতিয়াবা এই ৰেখাৰ শনি গুৰু পৰ্বতৰ  আগতেই সমাপ্ত হোৱাৰ পাছতো মানুহে ইয়াক আধা জোন বুলি মানিব লয় যিয়ে হাতত আধা জোনৰ পৰিনাম কেতিয়াও নিদিয়ে।


হাতত হৃদয় ৰেখা সৰু আঙুলিৰ পৰা আৰম্ভ হয় আৰু এই ৰেখা দুয়োখন হাততে থাকে। যদি আমি ইয়াক জোৰা লগাই চাওঁ তেন্তে আমি আধা জোনৰ স্বৰূপ দেখা পাম। যদি ই গুৰু আৰু শনি পৰ্বতলৈকে স্পষ্ট ৰূপত আধা জোনৰ আকৃতি সৃষ্টি কৰে আৰু ইয়াক শুভ চিহ্ন বুলি মনা যায়।

কিন্তু ই কিছুমান ব্যক্তিৰ হাতত হে থাকে আৰু সেইসকল ব্যক্তি বহুত আকৰ্ষক আৰু ভাল স্বভাৱৰ হয়। কোৱা হয় যে যিবিলাক ব্যক্তিৰ হাতত এই চিন থাকে এই চিনতোৰ প্ৰভাৱত বিপৰীত পৰিস্থিতিতো সকাৰাত্মক হৈ থাকে। মান্যতা আছে যে যিসকল ব্যক্তিৰ হাতত এই আধা জোনৰ আকৃতি থাকে সেইসকল ব্যক্তিয়ে বেলেগৰ পৰা নিজৰ ভাবনাবোৰ লুকুৱাই ৰাখিব চেষ্টা কৰে। হয়তো তেওঁলোকৰ দুখৰ বিষয়ে বেলেগে গম পোৱাতো আৰু চিন্তা কৰাটো নিবিচাৰে। এনেধৰণৰ মান্যতা ও আছে এই চিনতোক লৈ যে যিসকল ব্যক্তিৰ হাতত ই থাকে সেইসকল ব্যক্তিয়ে নিজৰ জীৱন সংগীক বহুত মৰম কৰে  আৰু তেওঁলোকে যাক প্ৰেম কৰে তেওঁক কেতিয়াও নথগে অৰ্থাৎ তেওঁক সদায় সুখী কৰি ৰখাৰ চেষ্টা কৰে। আৰু তেওঁৰ প্ৰতিটো সৰু ডাঙৰ প্ৰয়োজন পূৰণ কৰে।( Assamese Fact )


যিসকল ব্যক্তিৰ হাতত আধা জোন থাকে তেওঁলোকৰ মগজু বহুত চোকা হয়। তেওঁলোকৰ স্মৃতিশক্তি বহুত ভাল হয়। এওঁলোকে বহু বছৰ পুৰণি কথাও সহজতে মনত পেলাব পাৰে । এওঁলোক নিজৰ বন্ধত্বৰ প্ৰতিও বহুত নিষ্ঠাবান হয়।

আধা জোনৰ চিন থকা মানুহে শান্তি বহুত ভাল পায়।কিন্তু খঙৰ ক্ষেত্ৰত পিছ পৰি নাথাকে । এওঁলোকৰ সোনকালেই খং উঠে। কিন্তু যিমান সোনকালে খং উঠে সিমান সোনকালে শান্তও হয়।

ইয়াৰ উপৰিও যদি আপোনাৰ দুয়ো হাতৰ ৰেখাই লগ লাগি আধা জোনৰ সৃষ্টি কৰিছে তেন্তে আপোনাৰ বিবাহিত জীৱন বহুত ভালদৰে চলিব। এই চিনতো সকলোৰে হাতত থকাটো আৱশ্যক নহয় । বহুত মানুহৰ হাতৰ ৰেখা ভালদৰে লগ নহয়  কিন্তু সেইবোৰ ৰেখাৰো বেলেগ বেলেগ অৰ্থ থাকে। যিসকল ব্যক্তিৰ হাতত এই আধা জোনৰ চিন নাথাকে আৰু ৰেখাবোৰ পোন হয় তেন্তে আপুনি এজন শান্তিপূৰ্ণ ভাবে থকা ব্যক্তি হব পাৰে আৰু শান্তিৰে পৰিস্থিতি চম্ভালিব পৰা ক্ষমতা থাকে ।


যদি দুইখন হাত জোৰা লগালে পোন ৰেখা সৃষ্টি হয়  তেনে ব্যক্তি বহুত শান্ত আৰু দয়ালু হয়। এওঁলোকে প্রতিতো কাম আৰামত কৰিব পছন্দ কৰে।  অৱশ্যে কোৱা হয় যে এনেদৰে পোন ৰেখা থকা মানুহ খুব কম থাকে। হাত দুইখন যদি জোৰা লগোৱাত এই ৰেখাবোৰ নিমিলে আৰু বেঁকা হোৱা দেখা যায় তেনে ব্যক্তিয়ে নিজতকৈ বেছি বয়সৰ মানুহৰ লগত থাকি ভাল পায়। মানুহে তেওঁলোকৰ বিষয়ে কি কব সেইটো লৈ তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাথাকে। এনে ব্যক্তি দায়িত্বশিল নহয় ।

(উৎস : ইণ্টৰনেত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages