আমাজ'ন বৰ্ষাৰণ্যৰ বিষয়ে বহু নজনা তথ্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

আমাজ'ন বৰ্ষাৰণ্যৰ বিষয়ে বহু নজনা তথ্য : Assamese Fact

Assamese Fact


কবলৈ গলে আমাৰ এই বিচিত্ৰ পৃথিৱীখন প্ৰাকৃতিক সৌন্দৰ্য্য আৰু  ৰহস্যৰে ভৰপূৰ ( Assamese Fact )| আমাৰ পৃথিৱীত কিছুমান এনেকুৱা ঠাইও আছে যে, যত ধুনীয়াৰ লগতে বহুত বেছি ভয়ানক | আমাৰ পৃথিৱীখন চাৰিওফালে ধুনীয়া ধুনীয়া  নদী, পাহাৰ, কুলকুলকৈ  বৈ অহা নিজৰা, দ' দ' খাৱৈ, শুকান মৰুভূমি অঞ্চল, জংঘল, অৰণ্য আদিৰে আৱৰা | আজি আমি সকলোতকৈ  ডাঙৰ আৰু ৰহস্যৰে ভৰা অৰণ্য খনৰ বিষয়ে জানো আহক |


আপোনালোকে প্ৰায়েই হয়তু আমাজন বৰ্ষাৰণ্যৰ নাম শুনিছে| আমাজন বৰ্ষাৰণ্য সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য| আমাজনক বৰ্ষাৰণ্যৰ ৰজা বুলি কলেও ভূল নহব, কিয়নো আমাজনে গোটেই বিশ্বৰ মুঠ অক্সিজেনৰ ২০% নিজেই উৎপাদন কৰে| দক্ষিণ আমেৰিকাৰ প্ৰায় ৭০ লাখ বৰ্গ কিলোমিটাৰ জুৰি মুঠ ৯ খন দেশৰ সীমালৈ  বিস্তৃত হৈ আছে আমাজন, যাৰ অধিকাংশ ভাগ ৬০% ব্ৰাজিল আৰু ১৩% পেৰুলৈ বিয়পি আছে | যদি ইয়াক আমি ৰাষ্ট্ৰ বুলি কও তেন্তে ই ১০ নম্বৰ ডাঙৰ ৰাষ্ট্ৰ হব |৯০% ঔষধি গুণসম্পন্ন উদ্ভিদ  আমাজনতে পোৱা যায় |বিজ্ঞানীসকলে এতিয়াও তাত থকা উদ্ভিদৰ ওপৰত গৱেষণা কৰি আছে ( Assamese Fact )|


প্ৰায় ৫০ হাজাৰ প্ৰজাতিৰ উদ্ভিদ, ২০০ প্ৰজাতিৰ চৰাই চিৰিকতি ,২৫ লাখতকৈও বেছি পোক পতঙ্গ প্ৰজাতি আছে | বৈজ্ঞানিক সকলে কোৱামতে প্ৰায়  ১ হেক্টৰ বৰ্গ কিলোমিটাৰ জুৰি আৱৰি আছে ৪৫০ প্ৰজাতিৰ গছ গছনিয়ে |আমাজন বৰ্ষাৰণ্য ইমানেই ঘন যে সূৰ্য্যৰ ৰশ্মি মাত্ৰ ১% হে পৰে| ইয়াৰ অধিকাংশ  ঠাই দিনতে ৰাতিৰ দৰে আন্ধাৰ হৈ থাকে | ব্ৰাজিলৰ ২৪০ টা জনজাতি  আমাজনৰ জংঘলত বসবাস কৰে| ইয়াত এনেকুৱা ঠাইও আছে যে এতিয়াও কোনো মানুহ যাব পৰা নাই |আমাজন খন সম্পূৰ্ণ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ |বিশ্বৰ দ্বিতীয় ডাঙৰ নদী আমাজন নদী দক্ষিণ আমেৰিকাৰ হৈ এই অৰণ্যৰ মাজেৰে বৈ গৈছে| 


গোটেই বছৰ ধৰি ইয়াত বৰষুন হৈ থাকে |কিন্তু ২০১০ৰ পৰা কিছু অংশ গোলকীয় উষ্ণতা আৰু অবৈধ ভাৱে গছ গছনি কটাৰ ফলত লাহে লাহে শুকান হৈ উঠিছে |এয়া আমাৰ মানৱ জাতিৰ বাবে এক ডাঙৰ ক্ষতি|

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages