লক্ষ্মীদেৱী যদি প্ৰসন্ন হৈ যায় জীৱনত সুখে ভৰি পৰে।আৰু সেয়ে লক্ষ্মীদেৱীক সকলোৱে প্ৰসন্ন কৰি ৰাখিব বিচাৰে।( Assamese Fact )
সকলোৱে বিচাৰে যে তেওঁলোকৰ ওপৰত লক্ষ্মীদেৱীৰ আশীৰ্বাদ সদায় থাকে। আজি আমি আপোনালোকক এটা সৰু উপায়ৰ বিষয়ে কম যিটো আপোনালোকে কোনোবা এটা শুক্ৰবাৰে নহলেবা পূৰ্ণিমাত কৰিব পাৰিব। আমি যদি এনে উপায়ৰ বিষয়ে কবলৈ যাও তেন্তে বহুত উপায়ৰ বিষয়ে কব পাৰি। আৰু এইসমূহ কৰা পদ্ধতি প্ৰত্যেকৰে বেলেগে বেলেগে থাকে। আজি আমি আপোনালোকক কম চাউলৰ বিষয়ে।
চাউল ২১ টায়ে কেনেকৈ আপোনালোকৰ ভাগ্য সলাব পাৰে। বহুত সহজ, কোনোবা এটা শুক্ৰবাৰে নহলেবা পূৰ্ণিমাত কৰিব পাৰিবা।লক্ষ্মীদেৱীক প্ৰসন্ন কৰিবলৈ আপোনালোকে যিমান উপায় কৰিছে তাৰ ফল আপোনালোকে ইনেও পাইছে। কিন্তু এই উপায়টো কৰিলে আপোনালোকে সোনকালেই আৰু হাতে হাতে ফল পাব।ধন প্ৰাপ্তি কৰিব বাবে আপোনালোকে বহুত কষ্ট কৰে। বহুত উপায়ো কৰে আৰু ইনকমটো কৰেই। আপোনালোকে যদি বিচাৰে ধন বাচেও আৰু আহেও । তেতিয়া এনেকুৱাত কিছুমান উপায় এনেকুৱা আছে যি আপোনালোকক বহুত সোনকালে ফল দিয়ে।চাউল ২১ টাৰে এটা উপায় আছে ।যিটো আপোনালোকে কোনোবা এটা শুক্ৰবাৰে নহলেবা পূৰ্ণিমাৰ দিনা ৰাতিপুৱা কৰিব লাগে।( Assamese Fact )
ৰাতিপুৱা যেতিয়া গা ধুই আপোনালোকে কাপোৰ পিন্ধি অৰ্থাৎ ৰাতিপুৱা সোনকালে যেতিয়া সকলোফালে শান্ত হৈ থাকে। আপোনালোকে ৰঙা ৰঙৰ কিবা কাপোৰ এটা পিন্ধি তাৰ পাছত পূজা কৰা ঠাইত বহি লক্ষ্মী দেৱীৰ ওচৰত এগচ চাকি জ্বলাই দিয়ক । তাৰ পিছত আপোনালোকক লাগিব সৰু এটুকুৰা ৰঙা ৰঙৰ কাপোৰ ।ৰুমলতকৈ সৰু হলেও হ'ব তাত আপোনালোকে চাউল ২১ টা থব লাগিব আৰু চাব যাতে চাউলকেইটা ভগা চিগা নাথাকে। চাউলকেইটা হালধীত ৰঙ কৰি লওঁক। পাউদাৰ হালধী অলপ বাটিত লৈ তাত পানী দি মিলাই তাত চাউলকেইটা মিলাই দিব লাগে। তেতিয়া চাউলকেইটাত ৰঙ হৈ যাব কিন্তু চাউল বেছি ল'ব নালাগে । চাউল ২১টা হে ল'ব লাগে তাতকৈ বেছি নহয়।
তাৰ পাছত হালধী লগা চাউলকেইটা ৰঙা কাপোৰখনত থব লাগে। চাউলকেইটা অলপ শুকোৱাই ল'ব। তাৰ পিছত চাউলকেইটা লক্ষ্মীদেৱীক অৰ্পণ কৰি দিব লাগিব। আপোনালোকে বহি লক্ষ্মীদেৱী মন্ত্ৰ উচ্চাৰণ কৰক ঔঁ শ্ৰীং চিৰিয়াই নমঃ নাইবা লক্ষ্মীদেৱীৰ চালীচা পঢ়ক। ইয়াৰ পিছত আপোনালোকে যেনেকৈ পূজা কৰে তেনেকে কৰক। ফুল দিয়ক,ভোগ দিয়ক। তাৰ পিছত এই কাপোৰ খনত বান্ধি নিজৰ পইচা থোৱা ঠাইত থৈ দিয়ক বা পাৰ্চত থৈ দিয়ক ।
চাউলৰ এই উপায়টো আপোনালোকে মাহৰ এটা দিনত কোনোবা এটা শুক্ৰবাৰে নহলেবা পূৰ্ণিমাৰ দিনা কৰক। আপোনালোকে ইয়াৰ সম্পূৰ্ণ লাভ পাব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।
No comments:
Post a Comment