আমাৰ মাজত এনেকুৱা বহুত মানুহ আছে যি ওজন কমাব বিচাৰে । কিন্তু ডাইটিং কৰিবলৈ সময় নাপায় বা ৰাতিপুৱা দৌৰিবলৈ যাবলৈ এলাহ। ( Assamese Fact )ৰাতিপুৱা ৰুটি বনাবলৈ সহজ যেন লাগে কিন্তু যদি কিবা পুষ্টিকৰ বনাব লাগীয়া হয় যেনে- দালিয়া বা ঔট'চ তেতিয়া হলে কঠিন যেন লাগে। ইফালে গোটেই দিনটো কামৰ বাবে বহুত মানুহ বাহিৰত থাকে যাৰ ফলত তেওঁলোকে ওজন কমাবলৈ সময় নাপায়। যদি আপুনিও এইটো ভাবি চিন্তিত হৈ আছে তেতিয়া আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ ৰাতিপুৱাৰ এনে ৬ টা অভ্যাস। যিকেইটা কৰি আপোনালোকে বহুত সোনকালে আৰু সহজতে ওজন কমাব পাৰিব।ৰাতিপুৱাৰ এই ৬ টা অভ্যাসে আপোনালোকৰ ওজন কমোৱাৰ লগতে আপোনালোকক সুস্থ কৰি তুলিব আৰু আপোনালোকৰ শক্তিও বাঢ়াব।
১ঃ দিনটোৰ আৰম্ভণি কৰক কুহুঁমীয়া পানীৰ সৈতে। ৰাতিপুৱা যেতিয়া আপোনালোক শুই উঠিব তেতিয়া প্ৰথমতে পাকঘৰলৈ যাব আৰু গৰম পানী কৰি ল'ব তাৰ পাছত এগিলাছ পানী লৈ ভালকৈ এঠাইত বহি লৈ লাহে লাহে খাব।কুহুঁমীয়া পানী খোৱাৰ ফলত আপোনালোকৰ শৰীৰৰ ভিতৰৰ পৰা ট্ৰ'কচেন বাহিৰলৈ উলাই যায় আৰু তাৰ ফলত আপোনাৰ চৰ্বী নাইকীয়া হোৱাত সহায় হয় আৰু ওজন কমিবলৈ ধৰে।
২ঃ আপোনালোকে ৰাতিপুৱা চাহ খোৱাৰ সলনি গৰম পানীত নেমু আৰু মৌ জোল মিলাই খাব ।চাহ খালে আমাৰ একো লাভ নহয় আমি অকল ইয়াক তৃপ্তি লাভ কাৰণে খাওঁ।যেতিয়া আপোনালোক ঘৰৰ বাহিৰত থাকে চাহ আপোনালোকে য'তে ত'তে পাব । কিন্তু নেমু আৰু মৌ মিলোৱা পানী আপোনালোকে য'তে ত'তে নাপায়। সেই কাৰণে ৰাতিপুৱা চাহৰ সলনি এই পানী খাব লাগে।ইয়াক বনাবলৈও বহুত সহজ।এগিলাছ কুহুঁমীয়া পানীত আধাফাল নেমু ৰস চেপি এচামুচ মৌ দি এইখিনি বনাই লওঁক। ৰাতিপুৱা এনেদৰে নেমু পানী খোৱাৰ ফলত ই আপোনাৰ শৰীৰক ডি'ট্ৰকচ কৰা কাম কৰিব।নেমু পানীয়ে আপোনাৰ শৰীৰত চৰ্বী জমা হ'বলৈ নিদিয়ে।যাৰ ফলত আপোনাৰ ওজন নাবাঢ়ে। নেমু পানী সদায় খোৱা ফলত আপোনালোকৰ ড্ৰাইজেচনো ভাল হয় আৰু শক্তিও বাঢ়ে আৰু আপোনালোকে গোটেই দিনটো সতেজ যেন অনুভৱ কৰিব। ( Assamese Fact )
৩ঃৰাতিপুৱাৰ ৰ'দো আপোনালোকৰ বাবে বহুত ভাল। ইয়াৰ পৰা আপোনালোকৰ দেহে ভিটামিন ডি পায় আৰু ভিটামিন ডিৰ ফলত আমাৰ হাড়বোৰ মজবুত হৈ থাকে।যদি আপোনালোকে দিনটোত আধা ঘন্টাও ভালকৈ ৰ'দ লয় তেতিয়া আপোনাৰ মেটাৱলিজেমো ভাল হৈ থাকে।যদি আপোনালোকে গোটেই দিনটো এটা ৰুমত বহি কাম কৰিব লাগে । তেতিয়া ৰাতিপুৱাৰ ৰ'দ ল'বলৈ চেষ্টা কৰক।যদি আপোনালোকৰ ঘৰত ৰ'দ ভালকৈ পৰে তেতিয়া তাতে বহি অলপ দেৰি ব্যায়াম কৰি লওঁক আৰু সময় যদি কম তেতিয়া তাতে বহি লাগতীয়াল কিছুমান কাম কৰি লওঁক।যেনে-
শাক -পাচলি কটা । এনেদৰে কৰা ফলত আপোনালোকৰ কামো হৈ যাব আৰু দেহটোও ভালে থাকিব।
৪ঃ দৈনন্দিন প্ৰায় ১৫মিনিট বা আধা ঘন্টা দৌৰিবলৈ আৰম্ভ কৰক।যদি আপোনালোকৰ সময়ৰ অভাৱ তেতিয়া আধা ঘন্টা আগত উঠিব। কিন্তু এইটো নিজৰ দৈনন্দিন কামৰ অংশ হিচাপে গঢ়ি তোলক।যিবোৰ বিশুদ্ধ বতাহ আৰু অক্সিজেন আপোনালোকে ৰাতিপুৱা দৌৰোতে পায় । সেইবোৰ আবেলি দৌৰোতে নাপায়। ৰাতিপুৱা সেউজীয়া ঘাঁহত খোজ কাঢ়িলেও বহুত ভাল আৰু ইয়াৰ ফলত মগজুটোও শান্ত হৈ থাকে।যদি সদায় খোজ কঢ়াতো আপোনালোকৰ বাবে টান বা আমনিদায়ক তেতিয়া তাক ভাল লগা কৰি লওঁক।আপোনালোকে খোজ কাঢ়োতে নিজৰ ভাল লগা গান শুনক বা এটা গ্ৰুপ বনাই লগৰ বন্ধু বান্ধৱীৰ লগত খোজ কাঢ়িবলৈ যাব পাৰে। সদায় কিবা নহয় কিবা নতুন কৰিব পাৰে।যেনে-বেটমিনিট খেলা,ভলীবল খেলা বা ব্যায়াম কৰা আদি।যাৰ ফলত আপোনালোকৰ খোজ কাঢ়িবলৈ গৈ আনন্দ অনুভৱ হ'ব।
৫ঃ ৰাতিপুৱাৰ আহাৰ আপোনালোকে ভালদৰে খাব লাগে। যিমান ব্যয়স্ত হ'লেও ৰাতিপুৱাৰ আহাৰ নোখোৱাকৈ নাথাকিব। এইটো মনত ৰাখিব যে ওজন কমাবলৈ খাদ্য কমকৈ খোৱাতো একো সমাধান নহয়। পুষ্টিকৰ খাদ্য খোৱাতোহে আৱশ্যক।আপোনালোকৰ খাদ্যত অধিক পৰিমাণে প্ৰ'টিন থাকিব লাগে। ৰাতিপুৱাৰ আহাৰত আপোনালোকে উ'চ বা ব্ৰাওন ব্ৰেড চেনব্ৰিচ খাব পাৰে নহলেবা দালিয়া ,আপেল,অমিতা আদি খাব পাৰে। য'ত প্ৰ'টিনৰ মাত্ৰা বেছি থাকে।এগিলাছ গাখীৰেও সম্পূৰ্ণ আহাৰৰ কাম কৰে। কিন্তু গাখীৰত চেনী নিমিলাব। তাত আপুনি মিচিৰি নহলেবা মৌ মিলাব পাৰে। ৰাতিপুৱাৰ আহাৰে আপোনালোকক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে আৰু দেহটো ও সতেজ কৰি ৰাখে।
৬ঃ আপোনালোকে দিনটোত কিমান কেল'ৰী লৈছে তাৰো ধ্যান ৰাখক। সদায় ধ্যান দিয়ক যে আপোনালোকে কি খাইছে আৰু সেইয়া আপোনালোকৰ স্বাস্থ্যৰ বাবে কিমান ভাল।যদি আপোনালোকে ৰাতিপুৱাই ইয়াৰ ধ্যান দিয়ে তেতিয়া দিনটোৰ বাবেও পৰিকল্পনা কৰি ল'ব পাৰিব।যদি আপোনালোকৰ ৰাতিপুৱা চাহ খোৱাৰ অভ্যাস আছে আৰু আপোনালোকে চেনী দিয়া চাহ খাইছে তেতিয়া আপোনালোকে দিনটো চেনী নাখাব। সেইদৰে আপোনালোকে যদি ৰাতিপুৱা পৰঠা খাইছে তেতিয়া আপোনালোকে পাৰিলে দুপৰীয়া আৰু ৰাতিৰ আহাৰত নিমখ নাখাব।যদি কেল'ৰী নিয়ন্ত্ৰণ কৰি ৰাখে তেতিয়া ওজন কেতিয়াও নাবাঢ়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
No comments:
Post a Comment