প্ৰায় মানুহে কয় যে দম্পতীৰ তেজৰ গ্ৰুপএকে হ'ব নালাগে। একে হ'লে সন্তান জন্ম দিয়াত অসুবিধা হয়,সন্তান বিকলাংগ হয় বা বাৰে বাৰে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে( Assamese Fact )।এই কথাটোত কিমান সত্যতা আছে আজি এই লেখাটোৰ জৰিয়তে সেইয়া জনাবলৈ চেষ্টা কৰিম।
তেজৰ দুটা ভিন্ন ভাগ আছে।এইভাগত ৪ ধৰণৰ তেজ আছে A,B,AB আৰু O ।আৰু দ্বিতীয় ভাগটোক কোৱা হয় আৰ এইচ কাৰক।যিবিলাকৰ আৰ এইচ প্ৰতিজন(antigen) থাকে,তেওঁ আৰ এইচ ধনাত্নক হয় আৰু যিসকলৰ আৰ এইচ প্ৰতিজন নাথাকে তেওঁলোক আৰ এইচ ঋণাত্মক হয়।অৰ্থাৎ প্ৰত্যেকটো ব্যক্তি A+ বা A-, B+ বা B-, AB+ বা AB-, O+ বা O- এইদৰে কোৱা হয়।
যেতিয়া মাতৃ আৰু পিতৃৰ তেজৰ গ্ৰুপ ভিন্ন হয়,অৰ্থাৎ মাতৃৰ যদি তেজৰ গ্ৰুপ O ধণাত্মক হয় আৰু পিতৃৰ A,B বা AB গ্ৰুপৰ হয় তেতিয়া সন্তানটোৰ ABO বিসংগতি হয়।এইয়া সকলোৰে ক্ষেত্ৰত নহয় কিন্তু বহুতো সন্তানত হোৱাৰ সম্ভাৱনা থাকে।ইয়াৰ ফলত সন্তাৰটোৰ জণ্ডিচ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
দ্বিতীয়তে,যেতিয়া মাতৃ আৰ এইচ ঋণাত্মক হয় পিতৃৰ আৰ এইচ ধণাত্মক তেতিয়া সন্তানটোৰ ক্ষেত্ৰ্ত আৰ এইচ অসংগতিহীনতা হয় অৰ্থাৎ গৰ্ভৱতী অৱস্থাত আৰ এইচ ঋণাত্মক মাতৃ গৰাকীক Entidy ৰ বেজি দিব লগা হয়,জন্মৰ পিছত সন্তান টোৰ তেজৰ গ্ৰুপৰ নিৰিক্ষণ কৰা হয়,যদি সন্তানটোৰ তেজৰ গ্ৰুপ ধণাত্মক হয় তেতিয়াও মাতৃগৰাকীক Entidy ৰ বেজী দিব লগা হয়।আৰ এইচ অসংগতিহীনতা প্ৰ্থম গৰ্ভধাৰণত দেখা নিদিয়ে,কিন্তু একাধাৰে হোৱা গৰ্ভধাৰণত দেখা দিয়ে।ইয়াৰ ফলত এইটোৱেই হয় যে , সন্তানটোৰ জণ্ডিছ হোৱাৰ সম্ভাৱনা থাকে,সন্তানটোক প্ৰকাশ চিকিৎসা (phototherapy) দিব লগা হয়।তাৰোপৰি সন্তানটোৰ তেজ সলাব লগীয়াও হয়। ( Assamese Fact )
যেতিয়া হ'বলগীয়া মাতৃ গৰাকীৰ আৰ এইচ ঋণাত্মক হয়,আৰু তেওঁৰ গৰ্ভপাত হয়,তেতিয়াও Entidy বেজী লোৱাতো প্ৰয়োজনীয় হয়।
অৰ্থাৎ যি দম্পতীৰ তেজৰ গ্ৰুপ একেই হয়,তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত ABO বিসংগতি আৰু আৰ এইচ বিসংগতিয়ে দেখা নিদিয়ে।তেওঁলোকৰ সন্তান সুৰক্ষিত থাকে।সেইয়ে যদি পতি পত্নীৰ তেজৰ গ্ৰুপ একে থাকে তেতিয়া চিন্তা কৰিব লগীয়া কোনো কাৰণ নাথাকে।আৰু আমাৰ মনত যি সন্দেহ আছে যে পতি পত্নিৰ তেজৰ গ্ৰুপ একেই থাকিলে গৰ্ভধাৰণ কৰিব নোৱাৰে,তেন্তে এইয়াও অসত্য।গৰ্ভধাৰণ কৰাটো তেজৰ ওপৰত নিৰ্ভৰ নকৰে।আৰু বিয়াৰ সময়ত মানুহে তেজৰ গ্ৰুপ নিৰীক্ষণ কৰাতকৈ HB elecrophoresis test কৰাটোহে প্ৰয়োজনীয় যাৰ সহায়ত গম পোৱা যায় হ'বলগীয়া সন্তানটোৰ হিম'গ্ল'বিনৰ ক্ষেত্ৰত কিবা সমস্যা আছে নেকি।তাৰ দ্বাৰা আমি জানিব পাৰিম।হ'ব লগীয়া সন্তানটোৰ থেলাচেমিয়া হোৱাৰ সম্ভাৱনা আছে নে নাই।
পৰাপক্ষত সম্বন্ধীয় বা পৰিয়ালৰ মানুহৰ সৈতে বিয়া পতাৰ পৰা বিৰত থাকক আৰু যদি পাতেও তেন্তে আপোনালোকৰ বংশানুক্ৰমৰ অধ্যয়ন কৰক।ইয়াৰ জৰিয়তে বাৰে বাৰে গৰ্ভপাত হোৱা বা শিশুটোৰ অস্বাস্থ্যকৰ হোৱ এনে সমস্যা সমূহৰ পৰা আপুনি বাচি থাকিব পাৰিব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
No comments:
Post a Comment