মন্দিৰত ব্যৱহৃত টিলিঙাৰ বিষয়ে কিছু জানিব লগীয়া কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 12, 2021

মন্দিৰত ব্যৱহৃত টিলিঙাৰ বিষয়ে কিছু জানিব লগীয়া কথা : Assamese Fact

Assamese Fact

আমাৰ মন্দিৰটোত বা পূজা কৰা স্থানত বা ৰাজহুৱা মন্দিৰটোত আমি টিলিঙা দেখিবলৈ পাও।আমি পূজা কৰিবলৈ গ'লে এই টিলিঙাটো বজাওAssamese Fact )।আহকচোন আজি জানি লও আমি এই টিলিঙাটো কিয় বজাও।ইয়াৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা।

 

Assamese Fact
হিন্দুৰ শাস্ত্ৰত উল্লেখ থকা মতে পৃথিৱী সৃষ্টি হওতে এটা শব্দৰ সৃষ্টি হৈছিল।যিটো শব্দ দেৱতা আৰু দেৱী সকলৰ অত্যন্ত প্ৰিয় আছিল।সেইটোৱেই আছিল টিলিঙাৰ শব্দ।টং টং  টং কৈ উঠা এই শব্দটোৱে আমাৰো মন পৱিত্ৰ কৰে।


মনৰ সমস্ত দুখ আৰু কলুষতা নাইকিয়া কৰি আমাৰ মনক শুদ্ধ কৰে।সেয়ে হয়তো ইয়াক মন্দিৰত ৰখা হয়।যেনেকৈ মন্দিৰলৈ গ'লে আমাৰ মনটো ভাল লাগে তেনেকৈ পূজা পাঠৰ সময়ত টিলিঙা ধ্বনিয়ে আমাৰ ষষ্ঠ ইন্দ্ৰিয়ক সজাগ কৰি মনত ভক্তি ভাৱ জগাই তোলে।কোৱা হয় টিলিঙা ধ্বনিয়ে সমস্ত নকাৰাত্মক শক্তিক দুৰ কৰি সকাৰাত্মক বাতাৱৰণৰ সৃষ্টি কৰে।Assamese Fact )


পূজা পাঠৰ সময়ত ইয়াৰ প্ৰমাণ নিশ্চয়কৈ পোৱা যায়।বিশ্বাস কৰা হয় যে এই টিলিঙাৰ শব্দত ভগবানৰ মূৰ্তিত প্ৰাণৰ সঞ্চাৰ হয়।সেয়েহে পূজা কৰাৰ সময়ত টিলিঙা বজোৱা হয়।বহুতো লোকে মন্দিৰত টিলিঙা দান কৰা দেখা যায়।মানুহে বিশ্বাস কৰে যে মন্দিৰত টিলিঙা দান কৰিলে পূণ্য অৰ্জন হয়।টিলিঙা মন্দিৰেই তাৰ উৎকৃষ্ট উদাহৰণ।


বহু লোকে ভাবে মহিলাই টিলিঙা বজাবলৈ পায় নে বুলি।মহিলাই টিলিঙা বজাবলৈ পায়।কাৰণ মন্দিৰলৈ মহিলা যেতিয়া যাব পায় সেয়েহে টিলিঙা বজাবলৈও পায়।মাহেকীয়া হোৱাৰ সময়ত যিহেতু মন্দিৰলৈ যোৱা নাযায় সেয়ে মাহেকীয়া হোৱাৰ সময়ত টিলিঙা বজাবলৈও নাপায়।টিলিঙাৰ শব্দত যিহেতু কাৰো একো বেয়া প্ৰভাব নপৰে সেয়ে নাৰী বা পুৰুষ সকলোৱে ঘণ্টাটো বজাব পাৰে ।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages