মুখত থকা ক'লা তিলে কয় আপোনাৰ ভৱিষ্যতৰ কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

মুখত থকা ক'লা তিলে কয় আপোনাৰ ভৱিষ্যতৰ কথা : Assamese Fact

Assamese Fact


আমাৰ শৰীৰত যিবোৰ ক'লা ৰঙৰ সৰু সৰু চিন থাকে সেইবোৰক তিল বুলি কোৱা হয়। ই ক'লা ৰঙৰ গোলাকাৰ হয় আৰু বহুত সৰু হয়( Assamese Fact )। ভাৰতীয় শাস্ত্ৰত বহুত প্ৰকাৰৰ তিলৰ বৰ্ণনা কৰা হৈছে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি তিলৰ প্ৰভাৱ ভৱিষ্য আৰু বৰ্তমানত হয়।

চেহেৰাত থকা তিলে ব্যক্তি এজনৰ আহিবলগীয়া সময় কেনেকুৱা হব , কি ঘটনা ঘটিব পাৰে এইবোৰৰ বিষয়ে কয়। ব্যক্তি এজনৰ মুখত থকা তিলৰ আধাৰত ব্যক্তি এজনৰ স্বভাৱ অনেধৰণৰ হয়-

 

 ১/ মূৰত বা  কপালত তিল থকা ব্যক্তি জীৱনত বহুত সফল হয়। এনে ব্যক্তিৰ মগজু কম বয়সতে বিকশিত হৈ যায়। 

২/ মূৰৰ সোঁফালে তিল থকা ব্যক্তি  সকল ধনবান হোৱাৰ লগতে ভাগ্যশালিও হয়। তেনে ব্যক্তিৰ কঁঠিনতকৈও কঠিন কাম কৰাৰ অদ্ভুত ক্ষমতা থাকে। কিন্তু যিসকল ব্যক্তিৰ কপালৰ বাওঁফালে তিল থাকে তেনে ব্যক্তিয়ে পইচাৰ মূল্য বুজি নাপায়। এনে ব্যক্তিয়ে নিজৰ টকা পইচা অযথাত খৰছ কৰিবলৈ কুণ্ঠাবোধ নকৰে। 

৩/ সামুদ্ৰিক শাস্ত্ৰৰ মতে যদি কোনো এজন ব্যক্তিৰ দুইজোৰ চেলাউৰীৰ মাজত তিল থাকে তেনে সেই ব্যক্তি বহুত বুদ্ধিমান হয়। এনে ব্যক্তি বহুত টেঙৰ হয় আৰু নিজৰ বুদ্ধিৰে কাৰ্যক্ষেত্ৰত সফলতা আৰ্জিব পাৰে। এনে ব্যক্তিৰ কেতিয়াও টকাৰ অভাৱ নহয়।


৪/ যদি কোনো ব্যক্তিৰ সোঁচকুৰ কোণত তিল থাকে তেন্তে সেইসকল ব্যক্তি বহুত ভাবুক হয় । যদি এওঁলোকে সফলতা প্ৰাপ্তি নকৰে তেন্তে খঙত যিকোনো ব্যক্তিক নিজৰ শত্ৰু বুলি মানি লয়।

৫/ যদি কোনো ব্যক্তিৰ সোঁচকুৰ পতাত তিল থাকে তেন্তে সেইসকল ব্যক্তি বহুত ক্ষমতাশালী হয় আৰু এওঁলোকে প্ৰতি ক্ষেত্ৰত সফলতা প্ৰাপ্তি কৰে।

৬/ যিসকল ব্যক্তিৰ সোঁচকুৰ তলত তিল থাকে তেনে ব্যক্তি প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত বহুত ভাবুক হয় আৰু এনে ব্যক্তি সদায় বেলেগক সহায় কৰিবলৈ সাজু থাকে । কিন্তু যদি চকুৰ তলত তিল থকাৰ উপৰিও নাকৰ ওচৰত তিল থাকে তেনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন হয় আৰু তেওঁলোকৰ স্বভাৱ বহুত অজিব হয়।

৭/ যিসকল ব্যক্তিৰ বাওঁচকুৰ তলত আৰু নাকৰ ওচৰত তিল থাকে তেনে ব্যক্তিয়ে তেওঁৰ ওচৰৰ পাজৰৰ ব্যক্তিক অলপ ঈৰ্ষা কৰে আৰু কেৱল নিজৰ বাবে চিন্তা কৰে।


৮/ যিসকল ব্যক্তিৰ ঠিক বাওঁচকুৰ তলতেই তিল থাকে তেনে ব্যক্তিয়ে তেওঁলোকৰ ভালপোৱা কাপোৰ সলোৱা দি সলাই কিন্তু যিসকল ব্যক্তিৰ বাওঁচকুৰ চুকত তিল থাকে তেনে ব্যক্তি নিজৰ প্ৰেমীৰ বাবে কাজিয়া কৰিবলৈ সাজু থকা প্ৰকৃতিৰ হয়। এনে ব্যক্তিয়ে নিজৰ প্ৰেম পাবৰ বাবে যিকোনো অপৰাধ কৰিব পাৰে।

৯/ যদি কোনো ব্যক্তিৰ বাওঁ চকুৰ পতাত তিল থাকে তেনে  ব্যক্তিৰ মগজু বহুত চোকা। এনে লোকে যিকোনো পৰিস্থিতিত নিজৰ বুদ্ধিৰে সফলতা প্ৰাপ্তি কৰিব পাৰে। কিয়নো এওঁলোকৰ সফলতা প্ৰাপ্তি কৰিবৰ বাবে এক অদ্ভুত ক্ষমতা আছে। এনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন হয়। কিন্তু যদি কোনো ব্যক্তি নাকৰ প্ৰাৰম্ভিক অংশত তিল থাকে তেনে ব্যক্তি কল্পনাশীল হয় । এনে ব্যক্তিয়ে যিকোনো কাৰ্যক ৰচনাত্মক  ধৰ্মেৰে কৰিবলৈ পছন্দ কৰে ।( Assamese Fact )

১০/ যিসকল ব্যক্তিৰ সোগালৰ  হাড়ত তিল থাকে তেনে ব্যক্তি বহুত ভাবুক হয় । এওঁলোকে নিজতকৈ আগত নিজৰ পৰিয়াল আৰু জীৱনসংগীৰ বিষয়ে চিন্তা কৰে । নিজৰ এই ভাৱনাত্মক গুণৰ বাবে বহুত বাৰ মানসিক অশান্তিৰ সন্মুখীন হব লগা হয়।

কিন্তু যদি হাড়ৰ সলনি সোগালৰ যিকোনো স্থানত তিল থাকে তেন্তে তেনে ব্যক্তি বহুত কামুক স্বভাৱৰ হয় আৰু এই স্বভাৱৰ বাবে বহুত বাৰ মতভেদ কৰি থাকে ।


১১/ যিসকল ব্যক্তিৰ বাওঁ গালৰ হাড়ত তিল আৰু কাণৰ ওচৰত তিল থাকে তেনে ব্যক্তিক বুজি পোৱাটো বহুত কঠিন। এনে ব্যক্তিয়ে বহুত ভাল যোজনা কৰিব পাৰে  আৰু লগতে গৃহস্থময়ী স্বভাৱৰ হয়। কিন্তু যিসকল ব্যক্তিৰ বাওঁ গালৰ ওচৰত আৰু প্ৰায় কাণৰ পৰা আঁতৰত তিল থাকে তেনে ব্যক্তি বহুত বুদ্ধিমান হয় । এনে লোকে সময়সূচীৰ মতে কাম কৰি বেয়া পায় আৰু সদায় নতুন নতুন কাম কৰিব বিচাৰে।

১২/ নাকৰ ঠিক  তলত যদি সোফালে তিল থাকে তেন্তে সেইসকল ব্যক্তি শ্ৰেষ্ঠ বিচাৰ বুদ্ধি সম্পন্ন হয় আৰু ভাগ্যশালীও হয় কিন্তু স্বভাৱ ৰহস্যময়ী হয়। সেইবাবে তেনে ব্যক্তিৰ সন্মুখৰ জনে গম নাপায় যে তেওঁৰ বিষয়ে সেই ব্যক্তি জনে কেনে ধৰণৰ বিচাৰ ৰাখিছে।

১৩/ যদি নাকৰ ঠিক তলত মাজতে তিল থাকে তেনে ব্যক্তিয়ে স্বাধীন ভাবে জীয়াই থাকিবলৈ পছন্দ কৰে। এনে ব্যক্তিয়ে যাত্ৰা কৰি বহুত ভাল পায় । তেওঁলোকৰ কামত বেলেগে হস্তক্ষেপ কৰাটো পছন্দ নকৰে।

১৪/ যিসকল ব্যক্তিৰ নাকৰ তলত ওঁঠৰ বাওঁফালে তিল থাকে তেনে ব্যক্তিয়ে নিজৰ সন্তানক বহুত মৰম কৰে ।  তেওঁলোকৰ উদাৰতাৰ বাবে ঘৰত সদায় সুখ-সমৃদ্ধিৰ বাতাবৰণ বৰ্তি থাকে। এনে ব্যক্তি বিশ্বাসৰ পাত্ৰ হয় । যদি এনে তিল কোনো মহিলাৰ থাকে তেন্তে তেওঁক বহুত ধুনীয়া লাগে দেখিবলৈ।


১৫/ যদি কোনো ব্যক্তিৰ নাকৰ তলত বাওঁফালে তিল থাকে তেনে ব্যক্তি কলাত্মক প্ৰক্ৰিয়াৰে কাম কৰা মানুহ হয়। এনে ব্যক্তিয়ে বহুত বাৰ নিজৰ কামৰ দ্বাৰা বেলেগক আচৰিত কৰি তোলে। এওঁলোকৰ বহুত প্ৰেম সম্বন্ধ হব পাৰে। কিন্তু যদি এবাৰ তেওঁলোকে উপযুক্ত সংগী বিচাৰি পায় তেন্তে তেওঁৰ সলনি বেলেগক চকু উঠাই ও নাচায়।

১৬/ ওঁঠৰ ঠিক ওপৰত সোঁফালে তিল থাকে তেনে ব্যক্তিয়ে নিজৰ কাৰ্য্য সঠিক ৰূপত সম্পন্ন কৰে। যদি এনেধৰণৰ তিল মহিলাৰ থাকে তেন্তে ই মহিলা গৰাকীক দেখাত বহুত আকৰ্ষনিয় কৰি তোলে। কিন্তু বেলেগৰ তুলনাত এনে ব্যক্তি বুদ্ধিমান হয়। এওঁলোকৰ কল্পনা শক্তিও বহুত ভাল।

১৭/ যদি কোনো ব্যক্তিৰ ওঁঠৰ চুকত সোঁফালে তিল থাকে তেনে ব্যক্তি প্ৰেমী স্বভাৱৰ হয়। এনে ব্যক্তি জীৱনসংগীৰ বাবে নিষ্ঠাবান হয় । যদি ওঁঠৰ চুকত বাওঁফালে তিল থাকে তেনে ব্যক্তি বেছি কামোক হয়।  এনে ব্যক্তি নিজৰ সংগী গৰাকীক লৈ শাৰীৰিক সম্পৰ্কৰ বাবে বেছি উত্তাল হৈ থাকে । যদি সংগী গৰাকীয়ে এই ক্ষেত্ৰত তেওঁক সহযোগ নকৰে তেন্তে এনে ব্যক্তিয়ে বেলেগৰ লগতো শাৰীৰিক সম্বন্ধ গঢ়িব পাৰে।

১৮/ যদি কোনো ব্যক্তিৰ ঠোঁটৰিত বাওঁফালে তিল থাকে তেন্তে সেইসকল ব্যক্তি ধৰ্মৰ প্ৰতি আগ্ৰহী হয়।  এনে ব্যক্তি ভৌতিক সুখ - সুবিধাৰ প্ৰতি আকৰ্ষিত হয়। ঠোঁটৰিৰ ঠিক তলত তিল থাকিলে তেনে ব্যক্তি  অসুৰক্ষিত ভাৱনাৰে জীৱন কটাই। এনে ব্যক্তিৰ সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰতো সন্দেহ থাকে। এই কাৰণে এওঁলোকৰ যিকোনো কৰ্মৰ অভিজ্ঞতা নাথাকে।

(উৎস : ইণ্টৰনেত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages