প্ৰিয় পাঠকসকল আমি জানো যে মানুহে জন্ম হোৱাৰ আগত ৯ মাহ নিজৰ মাকৰ গৰ্ভত সময় পাৰ কৰে। জন্মৰ হোৱাৰ আগতেই মাকে শিশুটোক লৈ বহুত সপোন আৰু আশা কৰে।( Assamese Fact )কিন্তু আপুনি জানেনে, শিশুটোৱে মাকৰ গৰ্ভত থাকোঁতে কি ভাবে আৰু সি গৰ্ভত থাকোঁতে কি শাস্তি ভোগ কৰিব লাগে। আজি আমি এই বিষয়ে জানো আহঁক-
কাৰণ গৰুড় পুৰাণত জীৱন-মৃত্যু ,পাপ-পুণ্য, স্বৰ্গ-নৰক,মুক্ষ পোৱাৰ উপায় আদিৰ লগত এইটোও কোৱা হৈছে যে এটি শিশুৱে মাকৰ গৰ্ভত থাকোঁতে কি ভাবে ভগৱানক কেনেকৈ স্মৰণ কৰে আৰু সি গৰ্ভত থাকোঁতে কি শাস্তি ভোগ কৰিব লাগে। শিশুটোৱে মাকৰ গৰ্ভত কি অনুভৱ কৰে আৰু তাৰ মনত মগজুত কি চলি থাকে।গতিকে আজিৰ এই লেখাৰ যোগে জানো আহঁক সবিশেষ-
গৰুড় পুৰাণৰ ধৰ্মকাণ্ডৰ প্ৰেতকল্প অধ্যায়ত যেতিয়া পক্ষীৰাজ গৰুড় দেৱে ভগৱান বিষ্ণুক সুধিছিলে।হে প্ৰভু, যেতিয়া কোনোবা আত্মায়ে বেলেগ শৰীৰ ধাৰণ কৰাৰ আগত মাকৰ গৰ্ভত থাকে। তেতিয়া সি কেনেকুৱা অনুভৱ কৰে।কৃপা কৰি মোক বিস্তাৰিত ভাবে বৰ্ণনা কৰক। তেতিয়া ভগৱান বিষ্ণুৱে গৰুড় দেৱক ক'লে- গৰ্ভত থাকোঁতে শিশুৰ আগৰ জনমৰ কথা মনত থাকে। সি তাত স্মৰণ কৰে যে আয়ুৰ সমাপ্তিৰ পাছত আগৰ শৰীৰ এৰি মই এতিয়া এই গৰ্ভত আছোঁ। প্ৰথমতে মই সাপৰ গৰ্ভত আছিলো তাৰ পাছত মঁহ হৈ গৈছিলো আৰু তাৰ পাছত চাৰিটা থেং থকা পৰুৱা বা গৰু আছিলোঁ। নহবা জংঘলৰ গাহৰি আদিৰ গৰ্ভত আছিলোঁ। এনেদৰে গৰ্ভত থাকোঁতে শিশুটোৰ পূৰ্বৰ সকলো জ্ঞান বা কথা মনত থাকে।
কিন্তু জন্ম হোৱাৰ লগে লগে সি সেইবোৰ কথা পাহৰি যায়। গৰ্ভত থাকোতে তাৰ মনলৈ আহে, মই শৰীৰৰ কথা ভাবি ধৰ্ম কথা পাহৰি আনক ঠগি চোৰ কৰি চল কৰি অকল বেয়াৰ সহায় বা আশ্ৰয় ল'লো । তাৰ পিছত গৰ্ভত থকা শিশুটোৰ মনত পৰে যে সি আগতে বহুত কষ্ট কৰি ধন গোটাইছিল। কিন্তু সেইসমূহ সি ভোগ কৰিব নোৱাৰিলে। আৰু অগ্নি দেৱ,আলহী, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকক সুস্বাদু খাদ্য,ফল-মূল আদি দি তেওঁলোকক সন্তোষ কৰাত মই অসফল হ'লো। তাৰ পিছত শিশুটোৰ মনলৈ আহে ভগৱান বিষ্ণুৰ বিষয়ে যে, মই তেওঁৰ প্ৰতিমাৰ দৰ্শনে নকৰিলোঁ আৰু তেওঁক প্ৰণাম নকৰিলোঁ। প্ৰভাস ক্ষেত্ৰত বিৰাজমান ভগৱান সৌমনাথৰ পূজা আৰু বন্দনাও মোৰ দ্বাৰা নহ'ল। যেতিয়া এনেকুৱা চিন্তা গৰ্ভত থাকোঁতে কৰে তেতিয়া যম ৰাজে তাক কয়,তুমি যেনেকুৱা কৰিছা তাৰ অনুসৰি নিজৰ নিস্তাৰ কৰা। তাৰ পিছত শিশুটোৱে নিজকে দোষ দি কয়- আগতে যিবোৰ ধন উপাৰ্জন কৰিলোঁ তাৰ পৰা কোনো দুখীয়া ব্যক্তিক দান নিদিলোঁ। পৃথিৱীত থাকিওঁ মই ভূমিদান, গোদান, ফলদান,তামুলদান,জলদান আদি নিদিলোঁ। এতিয়া এইবোৰ ভাবি কি লাভ মোৰ আগৰ মাক-দেউতাৰ মৃত্যু হ'ল যি মোক আগতে জন্ম দিছিলে আৰু তোমাৰ কোনো বন্ধু নাথাকিলে । লগতে মোৰ আগৰ শৰীৰটো অগ্নি জ্বলি ভ্ষ্ম হৈ গ'ল। মই কৰা ধন সম্পত্তি সকলো পুত্ৰয়ে লৈ ল'লে। যিবোৰ মই ধৰ্মীয় কাম কৰিলোঁ সেইবোৰ মোৰ লগত আছে। এই পৃথিৱীত জন্ম লোৱা জন ৰজা হক বা সন্যাসী তেওঁ মৰা পাছত পুণৰ একে দৰে নাহে। পৃথিৱীত যিয়ে জন্ম গ্ৰহণ কৰে তাৰ মৃত্যু নিশ্চিত। তাৰ পিছত সি বিলাপ কৰিবলৈ ধৰে আৰু ভগৱানক প্ৰাৰ্থনা কৰে, হে প্ৰভু …যেতিয়া জন্ম পিছত আকৌ মোৰ পুণৰ মৃত্যু হ'বয়ে,তেন্তে কিয় পুনৰমোৰ জন্ম হ'বৰ হৈছে। যদি সম্ভৱ হয় মোক এই জীৱন-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰক।( Assamese Fact )
তাৰ পাছত গৰুড় পুৰাণৰ অনুসৰি মাকৰ গৰ্ভত থকা শিশুটোৱে ভগৱানক কয় মই এই গৰ্ভৰ পৰা আঁতৰিব নিবিচাৰোঁ। কাৰণ বাহিৰত পাপ কৰিব লগা হয় যাৰ ফলত নৰক আদিৰ স্থান প্ৰাপ্ত হয় । সেই কাৰণে বহুত দুখ লাগে। মাকৰ গৰ্ভত ৯ মাহ শিশুৱে ভগৱানক প্ৰাৰ্থনায়ে কৰে। কিন্তু এই সময়খিনি পাৰ হোৱা পাছত যেতিয়া সি জন্ম গ্ৰহণ কৰে তেতিয়া তাৰ একো মনত নাথাকে।বিজ্ঞানৰ মতে মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ আহোঁতে শিশুৱে বহুত কষ্ট কৰিব লাগে।যাৰ ফলত তাৰ মগজুত বহুত জোৰ পৰে । হয়তো এইটোৱে কাৰণ যে তাৰ আগৰ কথা একো মনত নাথাকে।ইফালৰ গৰুড় পুৰাণৰ অনুসৰি মাকৰ গৰ্ভৰ পৰা উশাহ লৈ বাহিৰলৈ আহোঁতে শিশুৰ একো মনত নাথাকে। গৰ্ভৰ পৰা আঁতৰি সি জ্ঞানহীন হৈ পৰে। সেই কাৰণে জন্ম হৈয়ে সি কান্দে।
এইবোৰৰ বাদেও গৰুড় পুৰাণত ভগৱান বিষ্ণুয়ে এইটোও কৈছিল যেতিয়া শিশু গৰ্ভত ৬ মহীয়া হৈ যায় তেতিয়া সি ভোক-পিয়াহ অনুভৱ কৰিব পাৰে আৰু গৰ্ভত স্থান সলনি কৰিব পৰাওঁ হৈ পৰে। তেতিয়া সি কিছুমান কষ্টও ভুগ কৰে। মাকে যিবোৰ খাদ্য হিচাপে খাই সেইবোৰ তাৰ কোমল চালত লাগি পাৰ হৈ যায় আৰু এই কষ্টবোৰৰ কাৰণে বহুত বাৰ শিশু মাকৰ গৰ্ভতে অচেতন হৈ যায়। ৬ মাহৰ পিছত শিশুৰ মগজুতো তলৰ ফালে আৰু ভৰি ওপৰ ফালে হৈ যায়। এনেকুৱা স্থিতিত সি ভাবিলেও লৰচৰ কৰিব নোৱাৰে। সি নিজকে পিঞ্জিৰাত আৱদ্ধ পক্ষীৰ দৰে অনুভৱ কৰে। তাৰ পিছত সি ভগৱান স্মৰণ কৰে আৰু কয় হে ভগৱান , তুমি সংসাৰধাৰী মই এই গৰ্ভৰ পৰা উলাই তোমাক স্মৰণ কৰি এনেকুৱা উপায় কৰিম যাৰ ফলত যাতে মই মুক্তি লাভ কৰোঁ। তাৰ পাছত সি নিজৰ ওচৰে পাজৰে লেটেৰা দেখি সি আকৌ ভগৱানক প্ৰাৰ্থনা কৰে আৰু কয়, হে ভগৱান মোক ইয়াৰ পৰা কেতিয়া বাহিৰলৈ উলিয়াব।
শেষত ভগৱান বিষ্ণুয়ে গৰুড় দেৱক ক'লে- গৰ্ভত শিশুৱে যিবোৰ ভাবে তেনেকৈ তাৰ শৰীৰটো গঠিত হয় আৰু শিশুকাল,যৌৱনকাল আৰু বৃদ্ধকাল পাৰ কৰে। যদি গৰ্ভত থাকোঁতে ভবা কথাবোৰ সংসাৰিক মুহৰ বাবে বিচলিত হৈ যায় তেন্তে পুণৰ মৃত্যু সময়ত তাৰ সেইবোৰ মনত পৰে। মৃত্যুৰ সময়ত কিবা ইচ্ছা থাকি গ'লে পুণৰ গৰ্ভত প্ৰবেশ কৰোতে সেইসমূহ স্মৰণ হোৱাতো নিশ্চিত।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment