প্ৰসৱ এটি ডাঙৰ প্ৰক্ৰিয়া।তলপেট বিষ হোৱাৰ পৰা সন্তান প্ৰসৱ কৰাৰ মাজৰ সময়চোৱাতে বহুত কিবা কিবি হয়।যদি ছিজাৰিয়ানৰ যোগেদি কৰা হয় তেন্তে কথা বেলেগ হয়।
ছিজাৰিয়ান পদ্ধতিত প্ৰথমে গৰ্ভৱতী মহিলাগৰাকীৰ পেটটোক সংক্ৰমণৰ পৰা বচোৱা হয়।তাৰবাবে প্ৰথমেই গোটেই পেটটোক অসংক্ৰমক কাপোৰেৰে ঢাকি লোৱা হয়।পেটটোত এনেস্থেছিয়াই ভাল দৰে কাম কৰিছে নাই জানিবলৈ ডাক্তৰে পেটটো অলপ লৰাই চাই।যদি পেটটো লৰাওতে কোনো প্ৰতিক্ৰিয়া নহয় তেনেহ'লে সকলো সঠিক ভাৱে আছে।তেওঁৰ জ্ঞান আছে অথচ এনেস্থেছিয়া দিয়াৰ কাৰণে বিষ অনুভৱ কৰা নাই।এতিয়া ডাক্তৰে পেটত কেচি বা চুৰি লগাব পাৰে।আৰু কেচি বা চুৰিৰে পেট কটাৰ পিছতে সন্তানটো পেটৰ পৰা ওলাই আহে।
চি চেক্সন বা ছিজাৰিয়ান বহুত সোনকালে সমাপ্ত হৈ যায় কিন্তু ই কোনো সাধাৰণ অস্ত্ৰোপচাৰ নহয়।ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰাবলৈ পেটটো বহুত গভীৰলৈ কে কাটিব লগা হয়।সৰ্বপ্ৰথমে পেটৰ ওপৰৰ পাতল ছালখন কটা হয়,তাৰ পিছতে চৰ্বিৰ এটা তৰপ থাকে তাক কাটি লোৱা হয়,তাৰপিছত চৰ্বিৰ তলত থকা মাংসপেশীখিনি কাটে,তাৰ তলতে গৰ্ভাশয় থাকে আৰু গৰ্ভাশয়ৰ ভিতৰত ভ্ৰূণাৱৰণ থাকে আৰু ভ্ৰুণাৱৰণৰ পৰা ভ্ৰুণাৱৰণ দ্ৰৱ সন্তানৰ সৈতে বাহিৰলৈ ওলায়।যিমানে সোনকালে সন্তানটো ওলিয়াব পাৰে সিমানে সোনকালে পুনৰ পেটটো চিলাই দিব পাৰে যাতে বেছি ৰক্তক্ষয় নহয়।
ইয়াৰ পিছতে সন্তানটোক কোমল কাপোৰেৰে মোহাৰি দিয়ে।জাৰ্মানীত নৱজাত শিশুক গা ধুওৱা নহয়,কাৰণ ডাক্তৰৰ মতে চফা পানীয়েও সন্তানটোৰ ক্ষতি কৰিব পাৰে।
আমাৰ অজ্ঞতাৰ বাবে আমি কেতিয়াবা ডাক্তৰৰ কথা ভুল হ'লেও মানি লও।তেওঁলোকে কয় সন্তানৰ নাড়ীডাল ডিঙিত লাগি ধৰিল সেইবাবে ছিজাৰিয়ান প্ৰক্ৰিয়াৰে প্ৰসৱ কৰাব লাগিব।
সাধাৰণতে সন্তানে নিজৰ নাড়ীডাল হাতে ধৰি ৰাখে আৰু তেনেদৰেই কেতিয়াবা নাড়ীডাল ডিঙিত লাগি ধৰে।কিন্তু নাড়ীডাল নিজে নিজেই ডিঙিৰ পৰা আঁতৰিও আহে।কিন্তু শেষ মুহুৰ্তত আমি ডাক্তৰৰ কথা মানি লও।
বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৰ মতে ছিজাৰিয়ান তেতিয়াহে কৰিব লাগে যেতিয়া মাতৃ বা সন্তান কোনো এটিৰ শৰীৰৰ বাবে বিপদ থাকে।আৰু বিশ্ব স্বাস্থ্য সংস্থাই ১০০ৰ ভিতৰত ১০ৰ পৰা ১৫টা ঘটনাৰ ক্ষেত্ৰত হে এনে কৰিবলৈ ৰায় দিয়ে।কিন্তু এটা আৰ টি আই গৱেষণাৰ মতে দিল্লীত ১০০ৰ ভিতৰত ৬৫ টা প্ৰসৱ ছিজাৰিয়ানৰ যোগেদি হয়।সেই সকলোখিনি ঘটনা জানো আপাতকালিন হয়??( Assamese Fact )
সাধাৰণ প্ৰসৱ ব্যৱস্থাত বহুত সময় লাগে কিন্তু ছিজাৰিয়ান সোনকালে শেষ হয়।কিন্তু মাতৃ আৰু সন্তান দুয়োৰে ছিজাৰিয়ান পদ্ধতিত ক্ষতি হয়।মাতৃৰ পেটৰ চিলোৱা ঠাইকণ শুকাবলৈ কেতিয়াবা মাহ পৰ্যন্ত লাগি যায়
সাধাৰণ প্ৰসৱ ব্যৱস্থাত সন্তানটোৱে বহু কষ্ট সহ্য কৰিব লগা হয়।কিন্তু এই কষ্ট খিনিতে সন্তানটোৰ বাবে প্ৰয়োজনীয় বহুতো কাৰ্য সম্পন্ন হয়।যেনে হাঁওফাঁওক ভালদৰে উশাহ লোৱাত সহায় কৰা,ই দেহৰ ভিতৰত থকা ভ্ৰুণাৱৰণ ৰসখিনি ওলাই যোৱাত সহায় কৰে।প্ৰসৱৰ পিছতে সন্তানটোৰ নাড়ীডাল কাটি দিয়া হয়।ইয়াৰ দ্বাৰাই যকৃতলৈ খবৰ যায় যাতে সন্তানটোলৈ এতিয়া শক্তি পঠাব লাগে।সাধাৰণ প্ৰসৱৰ সময়ত সন্তানটোৱে মাকৰ পেটত থকা বহুতো বেক্টেৰিয়াৰ সন্মুখীন হ'ব লাগে,এই বেক্টেৰিয়া বোৰে সন্তান টোৰ প্ৰতিৰক্ষা শক্তি বঢ়াই আৰু তাক বেমাৰৰ পৰা ৰক্ষা কৰে।
গতিকে দেখা যায় সন্তান প্ৰসৱ ভগৱানৰ দ্বাৰা দিয়া এটি অসাধাৰণ অৱদান।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment