আজিকালি মানুহ বহুত ব্যস্ত থাকে যাৰ ফলত নিজৰ কাৰণে সময়ে নাথাকে।
যদিহে আমাৰ চুলিৰ কিবা সমস্যা হৈছে আৰু এনেকুৱাত যদি আমি ধ্যান নিদিওঁ তেন্তে আমাৰ চুলিৰ সমস্যা বহুত বাঢ়ি গৈ থাকিব। ( Assamese Fact )
আজিকালি চুলি সৰা বহুত সৰু কথা হৈ পৰিছে। চুলিত উঁফি হোৱা চুলি শুকান হোৱা এইবোৰ সমস্যা আহি পৰিছে। আমাক এনেকুৱা কিছুমান বস্তু লাগে যিবোৰ ঘৰুৱা অৰ্থাৎ ঘৰতে সহজতে তৈয়াৰ কৰা হয় আৰু আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া আজি আমি জানো আহঁক পিয়াজৰ তেল ঘৰতে কেনেকৈ তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে-এইটো বহুত সহজতে ঘৰত প্ৰস্তুত হৈ যায়। কিছুমান পদ্ধতি আৰু বস্তু বিষয়ে আপোনালোকক কম যিবোৰ মিলাই আপোনালোকে সানিলে আপোনালোকৰ বহুত সহায়ক হ'ব। যদি আপোলোকে এই তেলটো শুদ্ধ প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰে এইসমূহ বস্তু মিলাই তেতিয়া আপোনালোকৰ চুলি বহুত ধুনীয়া হৈ পৰিব। দীঘল হোৱাৰ লগতে সুস্থ হৈ পৰিব আৰু ঘন হ'ব লগতে চুলি নসৰেও। চুলি অসময়তে নপকে।
চুলি আমাৰ চুটিয়ে হওক লাগিলে কিন্তু সুস্থ হ'ব লাগে। প্ৰথমতে আমি ল'ব লাগিব পিয়াজ আৰু ধ্যান ৰাখিব পিয়াজটো অলপ শুকান হ'ব লাগিব।
যেতিয়া আমি হাতেৰে ইয়াক হেঁচিম ই বেচি হেঁচা খাব নালাগিব তেতিয়াই আমি গম পাম পিয়াজটো ভাল আৰু শুকান। পিয়াজ দুটা ল'লেও হ'ব। এতিয়া আপোনালোকৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিব যে, পিয়াজে কিয় আমাৰ চুলি সুস্থ কৰে ? দৰাচলতে পিয়াজৰ ভিতৰত ছালফাৰ নামৰ এবিধ পদাৰ্থ থাকে। সেই কাৰণে আমি পিয়াজ কাটোতে চকুত চকু পানী উলাই। এই ছালফাৰে আমাৰ চুলিৰ গুৰিবোৰ মজবুত কৰে আৰু পাতল চুলিক সুস্থ কৰি তোলে।লগতে চুলি ঘন কৰি তোলে আৰু পকা চুলি হ'বলৈ নিদিয়ে। উঁফিও নাইকীয়া কৰি দিয়ে।প্ৰথমতে আমি পিয়াজটো দীঘলীয়া কৈ বা সৰুকৈ কাটি ল'ব লাগিব। তাৰ পিছত পিয়াজবোৰ মিক্সিত ভৰাই পিঁচিব লাগিব। অলপ পিচাৰ পিছত তাত দুই তিনি চামুচ মিঠা তেল দিব লাগিব আৰু আকৌ মিহি নোহোৱালৈকৰ পিঁচিব লাগিব।ইয়ৰ পিছত তাত আকৌ নহৰু ( এটা কাপত চাৰি ভাগৰ এভাগ )দিব লাগিব। নহৰু আমাৰ চুলিৰ বাবে বহুত ভাল।নহৰু এন্টিব্ৰেকটেৰিয়েল হয়।ইয়াত চেলেনিয়াম বুলি এটা পদাৰ্থ থাকে। যিয়ে আমাৰ চুলি গুৰিবোৰ চফা কৰে। প্ৰদূষণৰ ফলত চুলি বেয়া হৈ যায় সেইবোৰ চফা কৰাত ই সহায় কৰিব।নহৰু দিয়া পাছত নৰসিংহ পাত আধা কাপ তাত দিব লাগিব। এই নৰসিংহ পাত এই কাৰণে দিয়া হয় যে ই আমাৰ চুলিৰ বাবে বহুত ভাল। চুলি বাঢ়িব ,কোমল হ'ব । চুলি কাৰণে আমি যি চেম্পু আৰু কনডিচনাৰ ব্যৱহাৰ কৰোঁ তাত বহুত কেমিকেল থাকে। কিন্তু তথাপিও আমি সেইবোৰ সনা বন্ধ নকৰোঁ। ( Assamese Fact )
দক্ষিণ ভাৰতৰ ফালে এই নৰসিংহ বহুত খোৱা দেখা যায়।যাৰ ফলত তেওঁলোকৰ চুলি বহুত সুস্থ। সেই কাৰণে এই নৰসিংহ পাত আপোনালোকে ইয়াত দিয়ক। যদি আপোলোকৰ চুলি বেচি শুকান তেতিয়া ইয়াত ২ চামুচ তিয়াঁই থোৱা মেঠিগুটি দি দিয়ক। যেতিয়া এইখিনি পিঁচি হ'ব তাৰ পাছত এখন লোহাৰৰ দাঁঠ কেৰাহী লৈ যদি নাই এলুমিনিয়ামৰ ল'লেও হ'ব। দাঁঠ কেৰাহী এই কাৰণে ল'ব কৈছোঁ এইখিনি বনাওতে সোনকালে যাতে লাগি নধৰে। কাৰণ পাতল কেৰাহীত সোনকালেই লাগি ধৰে আৰু তাৰ ফলত আমাৰ তেলখিনি কলা হৈ যায়। তাৰ পিছত সেইখিনি কেৰাহীত দি আকৌ তাত ২০০-২৫০ গ্ৰাম মিঠা তেল দিব লাগিব আৰু ১০০ গ্ৰাম মান নাৰিকল তেল দিব লাগিব । যদি আপুনি ইচ্ছা কৰে তেন্তে দুইবিধৰ ভিতৰত এবিধ তেলও দিব পাৰে।
যদি আপোনাৰ চুলি বহুতেই কম তেন্তে আপুনি আৰন্দিকা তেল অলপ দি দিব পাৰে। দৰাচলতে এইবোৰ পুৰণা উপায়, যিবোৰ আমি আজি কালি পাহৰি গৈছোঁ আৰু এতিয়া সেই পদ্ধতিবোৰেই গ্ৰহণ কৰক আৰু এই তেল প্ৰস্তুত কৰক। প্ৰথমতে আমি সম্পূৰ্ণ ৰূপে জুই দি গেছত ২-৩ মিটিত থব লাগে আৰু তাৰ পাছত যেতিয়া কেৰাহীখন গৰম হ'ব গেছৰ জুইটো চিমত দি দিব লাগে। তাৰ পিছত তাক লাহে লাহে জ্বলি নোযোৱাকৈ লৰাই থাকিব লাগিব। এই তেলটো লগোৱা পাছত আপুনি কনডিচনাৰ লগাবলৈ পাহৰি যাব। কাৰণ এইটোৱে কনডিচনাৰৰ ও কাম কৰে। আপোনাৰ চুলি কোমল কৰে। প্ৰায় ২৫ মিনিট মানৰ পাছত গেছটো বন্ধ কৰি সেইখিনি লৰাই থাকিব লাগে আৰু ঠাণ্ডা কৰিব লাগে।তেলখিনি ঠাণ্ডা হোৱাৰ পাছত জাৰ বা বাটিত পাতল কাপোৰ এখন লৈ চেকি পেলাব।যাতে তাত একো থাকি নাযায় কাৰণ কিবা থাকি গ'লে আমাৰ লগাবলৈ বেয়া লাগিব। গোটেই তেলখিনি উলোৱাৰ পাছত ৰৈ যোৱা মিশ্ৰৰণ খিনি আপোনালোকে পেলাই দিব পাৰে নহলেবা তাত মুলতানি মাটি দি পিচি থৈ চুলিত মন গ'লে লগাব পাৰে। তাৰ পিছত চুলিখিনি ধুই পেলাব। তেলখিনিত আকৌ এটা বস্তু দিব লাগিব । চুলি আৰু ছালৰ বাবে লাগতিয়াল যিটো চিকিৎসক সকলেও কয় সেইটো হৈছে ভিটামিন ই টেবলেট।এইটো টেবলেট আপুনি যিকোনো ফাৰ্মাছিত পাব ।
তাৰ পিছত তাৰ দুটা বা তিনিটা লৈ তাক অলপ ফুটাই তেলখিনিত মিলাই দিব তাৰ পিছত সেইখিনি ভালদৰে ঘুটি ঠাণ্ডা কৰি এটা বটলত বা জাৰত থৈ দিয়ক ।এইয়া আপোনাৰ মাহটোৰ বাবে হয় যাব। তেল বেয়া নহয় আৰু একো ইয়াৰ গোন্ধ ও নাই আৰু যদি গোন্ধ বিচাৰে বেলেগ গোন্ধ থকা তেল অলপ মিলাব পাৰে কিন্তু মিলোৱাৰ একো প্ৰয়োজন নাই।যেতিয়া আপোনালোকে এই তেলটো চুলিত সানিব ১-২ঘন্টাৰ বাবে সানি থব নহলেবা ৰাতি সানি থব আৰু তাৰ পাছত মূৰটো ধুই দিব। লগতে যেতিয়া আপোনালোকে এইটো চুলিত সানিব তেতিয়া এটা বাটিত অলপ গৰম পানী লৈ ল'ব আৰু আন এটাত যিমান তেল লাগে উলিয়াই লৈ বাটিতো সেই গৰম পানীৰ বাটিত থৈ দিব।যাৰ ফলত তেলখিনি গৰম হৈ যাব আৰু তাক চুলিত সানিব পাৰিব। সানোতে লাহে লাহে মালিচ কৰি সানিব লাগে। কিন্তু নখেৰে জোৰ দি নাসানিব।এই তেলটো সানি আপোনালোকে বহুত ভাল ফল পাব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment