থাইৰইড কি, থাইৰইড কিয় হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 14, 2021

থাইৰইড কি, থাইৰইড কিয় হয় : Assamese Fact

Assamese Fact

বহুসময়ত আমাৰ শৰীৰত বিভিন্নধৰণৰ সমস্যা হয়।কিন্তু আমি আমাৰ থাইৰইড গ্ৰন্থিয়ে ভালদৰে কাম কৰা নাই বুলি ধৰিবই নোৱাৰো।Assamese Fact )

Assamese Fact
এটি গৱেষণাৰ মতে ভাৰতত প্ৰতি দহজনৰ ভিতৰত এজন ব্যক্তি থাইৰইডৰ দ্বাৰা প্ৰভাৱিত,আৰু বহুতো মানুহেই এই বিষয়ে একোৱেই নাজানে।

এই বেমাৰটোক বহুতেই গুৰুত্বসহকাৰে নলয় কিন্তু এই বেমাৰটোৰ দ্বাৰা আমাৰ শৰীৰৰ বহুটো হানি হয়।এই বেমাৰটোক silent killer বা নিৰৱ হত্যাকাৰী বুলিও কোৱা হয়।অৰ্থাৎ এই বেমাৰটোৱে এজন ব্যক্তিক ভিতৰি লাহে লাহে ধ্বংস কৰি দিয়ে।


প্ৰিয় পাঠকসকলএই লেখাটোত আপোনালোকক জনাম

থাইৰইড কি?

থাইৰইড কিয় হয়?

থাইৰইডে আমাৰ শৰীৰৰ কিদৰে ক্ষতি সাধন কৰে??

থাইৰইডৰ প্ৰতিকাৰৰ উপায় কি??



থাইৰইড হৈছে এক গ্ৰন্থি,যি আমাৰ শৰীৰত ডিঙিৰ তলত অৰ্থাৎ গলধনৰ তলৰ মধ্যাংশত থাকে আৰু এটি সৰু পখিলাৰ আকাৰৰ হয়।এই গ্ৰন্থিয়ে হৰম'ণ উৎপন্ন কৰে যাক থাইৰ'ক্সিন বুলি কোৱা হয়।ই আমাৰ শৰীৰত metabolism বা উপপাচয় খিনিক নিয়ন্ত্ৰণ কৰে,শৰীৰৰ শক্তিপ্ৰবাহক নিয়ন্ত্ৰণ কৰে,হজমশক্তি,শৰীৰত প্ৰ্টিনৰ উৎপাদন,শৰীৰত থকা অন্য হৰম'ণ খিনিও নিয়ন্ত্ৰণ কৰে।আমি যিখিনি খাদ্যবস্তু খাও সেইখিনিক শক্তিলৈ পৰিৱৰ্তন কৰা কামটোও থাইৰইডেই কৰে।আৰু লগতে হাত-ভৰি,বৃক্ক,হৃদয়,মাংসপেশী,হাড়,কলেষ্টেৰল আদিকো থাইৰইডে প্ৰভাৱিত কৰে।এইবাবেই ই আমাৰ দেহৰ কাৰণে এক গুৰুত্বপূৰ্ণ গ্ৰন্থি হয়।


থাইৰইড এক অন্তঃস্ৰাৱী গ্ৰন্থি যিয়ে দুই ধৰণৰ হৰম'ণ প্ৰস্তুত কৰে।প্ৰথমটো হৈছে ট্ৰাইআয়ড'থাইৰ'নিন অথৱা t3 আৰু দ্বিতীয়টো হৈছে থাইৰ'ক্সিন অথৱা t4।

যেতিয়া এই দুবিধ হৰম'ণৰ সন্তুলন সলনি হৈ যায় তেতিয়া ইয়াক থাইৰইডৰ বেমাৰ বুলি কোৱা হয়।আৰু এই বেমাৰ পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।

থাইৰইড দুই ধৰণৰ হয়।প্ৰথমটো হৈছে হাইপাৰথাইৰইডিজম-ইয়াত প্ৰয়োজনতকৈ অধিক হৰম'ণ থাইৰইডে উৎপন্ন কৰে।

দ্বিতীয়টো হৈছে হাইপ'থাইৰইডিজম-ইয়াত থাইৰইড গ্ৰন্থিয়ে প্ৰয়োজনতকৈ কম হৰম'ণ উৎপন্ন কৰে।Assamese Fact )

যদি থাইৰইডৰ চিকিৎসা সোনকালে কৰা নহয় তেন্তে ই আমাৰ শৰীৰৰ বহুতো ক্ষতি সাধন কৰিব পাৰে।


হাইপাৰথাইৰইডিজমৰ লক্ষণসমূহ হৈছে-

ভাগৰ লগা,উশাহ বন্ধ হোৱা,ডিঙি ফোলা,চিন্তা হোৱা,হৃদয়ৰ ধপ-ধপনি বাঢ়ি যোৱা,গৰম বেছি উঠা,টোপনি কম হোৱা,অধিক পিয়াহ লগা,চকু ৰঙা বা শুকান হোৱা,চুলি সৰা,ওজন কম হোৱা আদি।

হাইপ'থাইৰইডিজমৰ লক্ষণসমূহ হৈছে-

ভাগৰ লগা,নখ আৰু চুলি দুৰ্বল হোৱা,মুখমণ্ডলৰ ছাল পাতল হোৱা,চুলি সৰা,ঠাণ্ডা বেছি লগা,মাংসপেশী ঢিলা হোৱা,মানসিক সমস্যা,ডিঙি বহি যোৱা,ওজন বাঢ়ি যোৱা ইত্যাদি।

এইবিলাক থাইৰইডৰ আৰম্ভণিৰ লক্ষণ।যদি থাইৰইডৰ সময়মতে চিকিৎসা নকৰে তেন্তে ই শৰীৰত বেলেগ বেলেগ বেমাৰৰ সৃষ্টি কৰিব পাৰে।


থাইৰইড হোৱাৰ বহুতো কাৰণ আছে।কিন্তু আজিকালি থাইৰইড হোৱাৰ প্ৰধান কাৰণ হ'ল আজিকালিৰ ব্যস্ততাপূৰ্ণ আৰু চিন্তাপূৰ্ণ জীৱনধাৰণ প্ৰণালী।য'ত অশুদ্ধ খাদ্য খোৱাৰ অভ্যাস গঠন হয় আৰু তাৰফলত আয়'ডিনৰ অভাৱ ঘটি থাইৰইডৰ বেমাৰ হ'ব পাৰে বা প্ৰয়োজনতকৈ অধিক আয়'ডিনযুক্ত খাদ্য খোৱাৰ বাবেও থাইৰইড হ'ব পাৰে।প্ৰায়ে বহুত চিন্তাত থকাৰ বাবেই থাইৰইড হ'ব পাৰে,ইয়াৰোপৰি বংশানুগতিক ভাৱে বা কোনো ঔষধৰ ঋণাত্মক প্ৰভাৱৰ বাবেও থাইৰইড হ'ব পাৰে।


থাইৰইড বেমাৰত বাডাম বা আখৰুট খালে সুফল পোৱা যায়,কিয়নো ইয়াত চিলেনিন নামৰ পদাৰ্থ থাকে যাৰ থাইৰইডৰ সমস্যাক ধ্বংস কৰাৰ ক্ষমতা থাকে।থাইৰইড ৰোগীয়ে অত্যাধিক তেলত ভজা খাদ্য খাব নালাগে,বেছি চেনি খাৱ নালাগে আৰু কফি সেৱন খুব কম পৰিমাণে কৰিব লাগে।চয়াবিন বা চয়াবিনৰ দ্বাৰা বনোৱা খাদ্য খাব নালাগে।

সকলো পুৰুষ মহিলায়ে ৩০বছৰ বয়সৰ পিছত এবাৰ নিজৰ তেজৰ পৰীক্ষা কৰাটো অত্যন্ত আৱশ্যকীয়।যাতে থাইৰইডে দেখা দিলে অতি সোনকালে তাৰ চিকিৎসা কৰিব পাৰে,নহ'লেবা আপোনাৰ স্বাস্থ্যজনিত বহুতো ৰোগ হ'ব পাৰে।


প্ৰিয় পাঠক,আশা কৰিছো আজিৰ এই লেখাটো আপোনাৰ বাবে উপযোগী হ'ব।

ধন্যবাদ।।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages