প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক এটা নতুন বিষয়ৰ ওপৰত কিছু কথা কবলৈ উলাইছো।( Assamese Fact )সেন্দুৰ কিমান মহত্বপূৰ্ণ বস্তু এগৰাকী বিবাহিত মহিলাৰ বাবে। সেন্দুৰৰ মহত্ব কি? কেনেকৈ আৰু কোন দিনা লগাব লাগে সেন্দুৰ আৰু গোটেই দিনটোত কেইবাৰ লগাব লাগে। আকৌ কোন কোন দিনত সেন্দুৰ ল'ব নালাগে ইয়াৰ ওপৰত আজি আমি ক'বলৈ উলাইছোঁ।
১ঃ যিমানবাৰ আপুনি মূৰত ফণি লগাই সিমানবাৰ সেন্দুৰ ল'ব লাগে আৰু বেছিকৈ নহয় কমকৈ ল'ব লাগে। কাৰণ কোৱা হয় যে সেন্দুৰক ভগৱানৰ ওচৰত জোখা হয় । সেই কাৰণে সেন্দুৰ বহুত বেছি খৰচ কৰিব বা ল'ব নালাগে।
২ঃ মূৰ ধুই অহা পাছত আগত কিবা মিঠা বস্তু যেনে- চেনি ,গুৰ যি পায় অলপ খাই সেন্দুৰ ল'ব লাগে আৰু বহুত দেৰিলৈকে সেন্দুৰ নোলোৱাকৈ থাকিব নালাগে।
৩ঃ মূৰ ধুই অহা পাছত লগে লগে কেতিয়াও সেন্দুৰ আৰু তেল একেলগে লগাব বা সানিব নালাগে। কাৰণ কোৱা হয় যে এইটো কৰাটো শুভ নহয়। লগতে মূৰ ধুই আহি লগে লগে কেতিয়াও ভৰিত নেলপলিচ ল'ব নালাগে আৰু নখ কাটিব নালাগে।
৪ঃ কেতিয়াও সেন্দুৰ খালি মূৰত ল'ব নালাগে। লওঁতে মূৰত চুৰণি বা চাদৰখন লৈ ল'ব লাগে আৰু কেতিয়াও সেন্দুৰ থিয় হৈ ল'ব নালাগে।
৫ঃ কেতিয়াও খালি পেটত একো নোখোৱাকৈ থাকি সেন্দুৰ ল'ব নালাগে। লগতে মাহেকীয়া হ'লে মূৰ নোধোৱালৈকে সেন্দুৰ ল'ব নালাগে অৰ্থাৎ তৃতীয় দিনা মূৰ ধুই সেন্দুৰ ল'ব লাগে।
৬ঃ বৃহস্পতি বাৰে আৰু শনি বাৰে হালধীয়া সেন্দুৰ লোৱা নিয়ম আছিল । তাৰ ফলত স্বামী দীৰ্ঘায়ু হয় বুলি মান্যতা আছে।পাৰিলে পালে সেইদিনা হালধীয়া সেন্দুৰ ল'ব লাগে।( Assamese Fact )
৭ঃ ভূলতে যদি সেন্দুৰ পৰি যায় তেতিয়া নিজৰ আঁচল খনেৰে বা চুৰণী খনেৰে সেন্দুৰখিনি মহাঁৰি সেই ঠাইত ডোখৰক ৫ বাৰ প্ৰণাম কৰি ক'ব লাগে "হে ভগৱান ভূল হৈ গ'ল মোক ক্ষমা কৰি দিব।"
৮ঃ সেন্দুৰৰ টেমাটো কেতিয়াও খালি কৈ ৰাখিব নালাগে আৰু কাকো তাৰ পৰা সেন্দুৰ ল'বলৈ দিব নালাগে। অৰ্থাৎ যিটো টেমাৰ পৰা বিয়াত সেন্দুৰ দিয়া হয় সেইটোৰ পৰা কাকো ল'ব দিব নালাগে আৰু ব্ৰত বা উৎসৱত তাৰ পৰাই সেন্দুৰ ল'ব লাগে।
৯ঃ কেতিয়াও লোহাৰ আৰু ষ্টীলৰ টেমাত বা বাকচত সেন্দুৰ থব নালাগে।
১০ঃ কেতিয়াও পূজাত লোৱা সেন্দুৰ লগা লগ আঁতৰাব নালাগে । ২-৩ ঘন্টাৰ পাছত আতঁৰাব লাগে।
এইবোৰে আছিল সেন্দুৰৰ মহত্ব আৰু কেনেকৈ লগাব লাগে আৰু নালাগে তাৰ ওপৰত বিশেষ কিছু কথা।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment