সপোন দেখা সাধাৰণ কথা। আপোনালোকে বহুতে সপোন দেখে। তাৰ ভিতৰত কিছুমানে একেৰাহে চিনেমা দৰে সপোন দেখে।( Assamese Fact ) তিনি প্ৰকাৰৰ ব্যক্তিয়ে সপোন বেছিকৈ দেখে। এক নম্বৰতে সেইজন যি বেমাৰত পৰি থাকে। দ্বিতীয়তে সেইজন যাৰ হাতত বেকাবেকি ৰেখা থাকে আৰু বহুত ৰেখা থাকে। তৃতীয়তে সেইজন যি বহুত বেছি চিন্তা কৰে। তেতিয়া হ'লে জানো আহঁক কেনেধৰণৰ সপোন সঁচা হয়-
১ঃ যদি ১০-১২ বজাৰ ভিতৰত সপোন দেখে তাৰ কিবা অৰ্থ নহ'বও পাৰে। কাৰণ এই সময়ত আপুনি টোপনিৰ প্ৰথম পৰ্যায়ত থাকে। সেই কাৰণে দিনত যি কৰিছে দেখিছে তাৰ বিষয়ে এই সময়ত সপোনত দেখা পোৱা যায়।
২ঃ কিন্তু ১২-৩ বজাৰ ভিতৰত যি সপোন দেখা যায়। সেইয়া আপোনাৰ বাবে এটা সংকেত হ'ব পাৰে। এনেকুৱা সপোন দেখিলে আপুনি টোপনিত বহুত আচৰিত অনুভৱ কৰিব।
৩ঃ আকৌ ৩-৬ বজালৈ দেখা সপোন সঁচা হোৱা সম্ভাৱনা থাকে। ইয়াৰ পৰা এইটো বুজিব পাৰি যে আপুনি যি সপোন দেখিছে । সেইটো আপোনাৰ আশে-পাশে হৈ আছে। কিছুমান সপোন দেখা হয় তাৰে কিছুমান সফল হোৱা সম্ভাৱনা থাকে।
৪ঃ যি ব্যক্তিৰ হৃদয় চফা হয় আৰু মনত বেলেগৰ প্ৰতি বেয়া ভাব নাথাকে । যিয়ে সঁচা মনেৰে পূজা প্ৰাৰ্থনা কৰে আৰু বেলেগৰ কষ্ট বুজি পায়। তেনেকুৱা ব্যক্তিৰ সপোন প্ৰায় সঁচা হয়। এনেকুৱা ব্যক্তিয়ে জীৱনত ঘটিব লগা বহুত ঘটনা সপোনতে দেখে। উদাহৰণ স্বৰূপে- গৌতম বুদ্ধৰ দেউতা। এবাৰ তেওঁ সপোনত ৭ টা দৃশ্য দেখিলে।যিবোৰ ৰাজকুমাৰ সিদ্ধাৰ্থৰ লগত জড়িত আছিল। সপোন দ্বাৰা তেওঁ গম পাইছিল যে তেওঁ পুত্ৰ এজন সাধু হ'ব আৰু গোটেই বিশ্বজুৰি বিখ্যাত হৈ পৰিব। এনেকুৱা নহ'বলৈ তেওঁৰ দেউতাকে বহুত চেষ্টা কৰিলে । কিন্তু তেওঁ অসফল হ'ল।
৫ঃ যদি আপুনি সপোনত ভগৱান বা দেৱী দেৱতা দেখে তেতিয়া ইয়াৰ অৰ্থ কি। সপোন শাস্ত্ৰৰ অনুসৰি সপোনৰ বিশেষ মহত্ব আছে। এই সপোনবোৰে আপোনাক কিবা নহয় কিবা ভৱিষ্যতৰ বিষয়ে সংকেত দিয়ে। ভগৱানৰ সপোন তেতিয়াহে দেখে যেতিয়া আপুনি ধাৰ্মিক প্ৰবৃত্তিৰ হয় । নহলেবা ভক্তি ভাৱ আছে কিন্তু কামৰ বাবে ব্যস্ত থাকে আৰু কোনোবা তীৰ্থস্থান লৈ যোৱা কথা ভাবি আছে ।( Assamese Fact )
ভগৱান বিষ্ণু অৰ্থাৎ কৃষ্ণক যদি আপুনি সপোনত দেখে তাৰ অৰ্থ হ'ল আপোনাৰ ভাগ্য উদয় হ'ব হৈছে। জীৱনত যি কষ্ট আছে ,সেইবোৰ নাইকীয়া হ'ব হৈছে। আপোনাৰ প্ৰেম সফল হ'ব। ভগৱান বিষ্ণুক সপোন দেখা অৰ্থ হ'ল- সুখ আৰু সমৃদ্ধি।
ৰাধাক যদি সপোনত দেখা হয় তাৰ অৰ্থ হ'ল আপোনাৰ জীৱনলৈ সুখ আহিব।
লক্ষ্মী দেৱীৰ সপোন দেখিলে বহুত শুভ বুলি কোৱা হয়।লক্ষ্মী দেৱী সুখ ,সমৃদ্ধি আৰু ধনৰ প্ৰতিক।লক্ষ্মী দেৱীক সপোনত দেখা মানে আপোনাৰ ব্যৱসায়িত লাভ হ'ব।
ভগৱান ৰামক সপোনত দেখা মানে সোনকালেই জীৱনত কিবা সফলতা পাব ।
সীতাক সপোনত দেখা মানে এইটো যে বহুত দিনৰ পৰা কৰি থকা কামতো সফল হ'ব।
ভগৱান শিৱ। যদি আপুনি সপোনত শিৱক দেখিছে তাৰ অৰ্থ হৈছে - আপুনি ভক্তি মাৰ্গত উন্নতি কৰিছে।লগতে পাপ আৰু বিপদ নাইকীয়া হোৱা সম্ভাৱনা।
যদি হনুমানক সপোনত দেখে তেতিয়া আপুনি ভয়ৰ ওপৰত জয় লাভ কৰিব। লগতে শত্ৰুৰ নাশৰো সংকেত।
দেৱী দুৰ্গা। সপোনত দেৱী দুৰ্গা অহা অৰ্থ শক্তিৰ প্ৰতীক। লগতে ৰোগৰ বিনাশৰো সংকেত।
ব্ৰহ্মাক সপোনত দেখা অৰ্থ হ'ল জীৱনলৈ আনন্দ আহিব।
গণেশক সপোনত দেখা অৰ্থ হ'ল- যিমান আপোনাৰ কাম সফল হোৱা নাই সকলো সফল হ'ব গৈ আছে।
সৰস্বতী দেৱীক সপোন দেখা অৰ্থ হ'ল -শিক্ষা দিশত আপুনি বহুত আগবঢ়ি যাব।
যমৰাজক সপোনত দেখা অৰ্থ হ'ল আপুনি দীৰ্ঘ আয়ুৰ গৰাকী হ'ব।
(এনে লেখা প্ৰতি দিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment