শৰীৰৰ এইকেইটা অংশত থকা তিলে ব্যক্তি এজনক ধনবান কৰি তোলে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

শৰীৰৰ এইকেইটা অংশত থকা তিলে ব্যক্তি এজনক ধনবান কৰি তোলে : Assamese Fact

Assamese Fact


 প্ৰাচীন সামুদ্ৰিক শাস্ত্ৰত মানুহ এজনৰ শৰীৰৰ গঠনশৈলীক লৈ ব্যক্তি জনৰ ভৱিষ্যতৰ বিষয়ে জাননী পোৱাৰ বিধি কোৱা হৈছে( Assamese Fact )। প্ৰাচীন ঋষি সকলৰ মতে গ্ৰহৰ বেলেগ বেলেগ স্থিতিৰ বাবে মানুহৰ শৰীৰৰ বেলেগ বেলেগ অংগত তিলৰ নিৰ্মাণ হয়।  শৰীৰত থকা তিলৰ আধাৰত আমি কোনো এজন ব্যক্তিৰ ভৱিষ্যত সম্বন্ধীয় কথা জানিব পাৰো। সেই ব্যক্তিজন কেতিয়া ধনবান হব অথবা কেতিয়া চাকৰি পাব আৰু তেওঁৰ জীৱনসংগী কেনে হব ইত্যাদি। ব্যক্তিজনৰ ভাগ্যৰ লগত জড়িত বহুতো কথা  আমি তিলৰ দ্বাৰা জানিব পাৰো।

 আজি আমি শৰীৰৰ কোন অংশত তিল থাকিলে কেনে প্ৰভাৱ পৰে তাৰ বিষয়ে আলোচনা কৰিম-

১/ সমুদ্ৰ শাস্ত্ৰ মতে মূৰত তিল থকাটো বহুত শুভ হয়। বহুত কম মানুহৰ মূৰত তিল থাকে। মূৰত তিল লৈ জন্ম হোৱা ব্যক্তি বুদ্ধিমান হোৱাৰ লগতে ধন আয় কৰিব পৰা ব্যক্তি হয়। কিন্তু মূৰৰ কোন অংশত তিল আছে সেইটো বেছি মহত্বপূৰ্ণ।  যদি আপোনাৰ মূৰত বাওঁফালে তিল আছে তেন্তে বয়স অনুপাতে আপোনাৰ আৰ্থিক স্থিতিৰ শুধৰণি হব। আপোনাৰ বয়স বঢ়াৰ লগে লগে আপুনি ধনবান হৈ গৈ থাকিব লগতে আপুনি পৃথিৱী ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। যদি মূৰত সোঁফালে তিল আছে তেন্তে আপুনি কৃপন ব্যক্তি হব পাৰে। আপুনি ভৱিষ্যতে অপাৰ ধন প্ৰাপ্তি কৰিব পাৰিব। কিন্তু আপুনি কেৱল ধন সঞ্চয় কৰিব তাৰ উপভোগ নকৰে। আৰু আপুনি বেলেগৰ সহায় নকৰে। যদি মূৰৰ মধ্য ভাগত তিল থাকে তেন্তে আপুনি এজন মহান ব্যক্তি হব লগতে আপুনি এজন ভাল জীৱ্নসংগী পাব যিয়ে আপোনাৰ বহুত ভালদৰে ধ্যান ৰাখিব।


২/ চকুৰ বেৰপতিত তিল থকাটো শুভাগ্যৰ চিন হয়। যিসকল মহিলাৰ দুয়ো বেৰপতিত তিল থাকে তেওঁলোকক বহুত ভাগ্যশালী ৰূপে জনা যায়। এইসকল মহিলাই যিখন ঘৰলৈ বিয়া হৈ যায় তাত সদায় সুখ সমৃদ্ধি বজাই ৰাখে আৰু এনে ঘৰত ধনৰ কেতিয়াও অভাৱ নহয়। যদি সো  অথবা বাওঁ বেৰপতিত তিল থাকে তেনে ব্যক্তিয়ে বিয়াৰ আগত বহুত সমস্যাৰ সন্মূখীন হবলগা হয়। কিন্তু বিয়াৰ পাছত এওঁলোকৰ ভাগ্য সলনি হয় আৰু আকস্মিক ধনৰ প্ৰাপ্তি হয়।


৩/ সমুদ্ৰ শাস্ত্ৰ মতে চকুৰ পাখিৰ কাষত থকা তিল বহুত শুভ হয়। এনে ব্যক্তি সোনকালেই ধনী হয়।  আৰু ভৱিষ্যতে বহুত সুনাম কৰিব পাৰে। কিন্তু যদি চকুৰ তলৰ পাৰিটোত তিল থাকে তেন্তে সেই ব্যক্তিজন অধিক টকা ব্যয় কৰা স্বভাৱৰ হয়। এনে ব্যক্তিৰ হাতত টকা সঞ্চয় নহয়।


৪/ বুকুত তিল থকা শুভাগ্যৰ প্ৰতীক হয়। যিসকল মহিলাৰ বুকুত তিল থাকে তেওঁলোকৰ ভাগ্যত চৰকাৰী চাকৰি থাকে। পুৰুষৰ বুকুত তিল থাকিলে সমৰ্থশালী আৰু মহাত্মাকাংক্ষী কৰি তোলে। এনে পুৰুষে বহুত কষ্ট কৰে আৰু নিজৰ কষ্টৰ বলত টকা ঘটিব পাৰে।( Assamese Fact )

৫/ সমুদ্ৰ শাস্ত্ৰৰ মতে কাণত তিল থকা ব্যক্তি বহুত বুদ্ধিজীৱী হয়। এনে ব্যক্তিৰ হাতলৈ সদায় টকা আহে আৰু পইচাৰ ভালদৰে খৰছ কৰিব জানে যাৰ বাবে ভৱিষ্যতে এওঁলোকৰ বহুত লাভ হয়। 

৬/ সমুদ্ৰ শাস্ত্ৰৰ মতে ওঁঠৰ ওপৰত তিল থকাতো বহুত ভাগ্যশালী হয়। এনে ব্যক্তিৰ ভাগ্যই তেওঁলোকক সদায় লগ দিয়ে। এনে ব্যক্তিয়ে ধন ঘটিবলৈ বেছি কষ্ট কৰিব নালাগে । অলপ কষ্ট কৰিলেই তেওঁলোকে সফলতা লাভ কৰে আৰু সোনকালেই ধনী হয়।


৭/ পুৰুষৰ কান্ধত তিল থাকিলে তেওঁক অধিক কষ্ট কৰা বুলি জানিব পাৰি। এনে পুৰুষে নিজৰ দায়িত্ব ভালদৰে পালন কৰে। যদি আপোনাৰ সো কান্ধত তিল আছে তেন্তে সোনকালেই সফলতা লাভ কৰিব কিন্তু যদি বাওঁ কান্ধত তিল থাকে তেন্তে সফলতা প্ৰাপ্তি কৰিবলৈ বহুত কষ্ট হয়।

৮/ সো হাতত তিল থাকিলে বহুত শুভ হয়। সমুদ্ৰ শাস্ত্ৰৰ মতে এনে ব্যক্তি অধিক ধনবান হয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages