সামুদ্ৰিক শাস্ত্ৰ এনেকুৱা এটা বিজ্ঞান যাৰ সহায়ত হাতৰ ৰেখাৰ পৰা ভৱিষ্যত চাব বা জানিব পাৰি। ভৱিষ্যতে কি ভাল কি বেয়া হ'ব তাৰ বিষয়েও জানিব পৰা যায়। ( Assamese Fact )আপোনালোকৰ হাতৰ বুঢ়া আঙুলিটো আপোনালোকৰ ব্যক্তিত্বৰ আইনা হোৱাৰ লগতে ইয়াত আপোনাৰ জীৱন সংগীৰো নাম লিখা থাকে।বুঢ়া আঙুলিৰ কোনটো অংশত আপোনালোকৰ সংগীৰ নাম লিখা থাকে আৰু বুঢ়া আঙুলিৰ ৰেখাৰ সহায়ত জানিব পাৰি যে কিমান বয়সত আপোনাৰ বিয়া হ'ব।আজি আমি কবলৈ লোৱা বুঢ়া আঙুলিৰ লগত জড়িত থকা কিছুমান কথাই আপোনালোকক আচৰিত কৰি দিব।
কিমান বয়সত আপোনাৰ বিয়া হ'ব : আপোনালোকে দেখিছে আমাৰ হাতৰ চাৰিটা আঙুলি কেনেকৈ প্ৰাকৃতিক ভাবে তিনিটা খণ্ডত বিভক্ত হৈ থাকে।
কিন্তু বুঢ়া আঙুলিটোৰ দুটাহে ভাগ থাকে। কোৱা হয় যে বুঢ়া আঙুলিটোৰ ওপৰৰ ভাগটোৱে ব্যক্তিৰ জীৱন আৰু কৰ্মক লৈ কিমান গম্ভীৰ তাক বুজাই আৰু তলৰ অংশটোৱে ব্যক্তিৰ বুদ্ধি আৰু জ্ঞান কিমান তাক বুজাই। এনেদৰে বুঢ়া আঙুলিটোৰ বাহিৰৰ ফালে গাঁঠিত যে ৰেখা থাকে সেইয়া সৰ্বাধিক ৯ ডাল লৈকে থাকে। কোৱা হয় যে এই ৰেখাকেইডালৰ ভিতৰত জীৱন সংগীৰ প্ৰথম আখৰটো লিখা থাকে। পুৰুষৰ সোঁহাত আৰু মহিলাৰ বাওঁ হাতত এই আখৰটো থাকে। যিসকল ব্যক্তিৰ এই আখৰটো বা নামটো নাথাকে তেওঁলোকে নিজৰ তৰ্জনী বা অনামিকা আঙুলিত এই আখৰটো বা নামটো চাব লাগে।যদি আপোনালোকে ধ্যান দি চাই তেতিয়া আঙুলিৰ এই ৰেখাবোৰৰ মাজতে আপোনালোকৰ জীৱন সংগীৰ নাম বা নামৰ প্ৰথম আখৰটোৰ দেখিবলৈ পাব। মহিলাসকলে বাওঁ হাতত চাব আৰু পুৰুষসকলে সোঁহাতত।অংগোচস্থ শাস্ত্ৰৰ অনুসৰি বুঢ়া আঙুলিটোত থকা নডাল ৰেখাই সকলো নৱগ্ৰহৰ ফালে আঙুলিয়াই দিয়ে আৰু জীৱনৰ বহুত ৰহস্য ভেদ কৰে।বুঢ়া আঙুলিটোৰ প্ৰথম ৰেখাডাল ১০ বছৰ দ্বিতীয়ডাল ২০ বছৰ এনেদৰে আমাৰ বয়সসমূহ সূচায়। যদি জীৱন সংগীৰ নাম দ্বিতীয় আৰু তৃতীয়ডাল ৰেখাৰ মাজত আছে। তেতিয়া ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ বিয়া ২০-৩০ বছৰৰ ভিতৰত হ'ব।যদি তৃতীয় আৰু চতুৰ্থডাল ৰেখা মাজত আছে।তেতিয়া ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ বিয়া ৩০-৪০ বছৰৰ ভিতৰত হ'ব। এনেদৰে ৰেখাবোৰ চাই আপোনালোকে নিজৰ জীৱন সংগীৰ নাম আৰু বিয়াৰ বয়স জানিব পাৰিব।
এতিয়া জানো আহঁক বুঢ়া আঙুলিৰ আকাৰৰ বিষয়ে : কোৱা হয় যে বুঢ়া আঙুলিটোৰ তলৰ অংশটো যদি ওপৰৰ ভাগটোতকৈ সৰু তেতিয়া তেনেকুৱা ব্যক্তিয়ে জীৱনত কিবা সিদ্ধান্ত লোৱা আগত ভালদৰে ভাবি চিন্তি সিদ্ধান্ত নলয়।
যদি এই ভাগটো ডাঙৰ হয় তেতিয়া তেওঁলোকক বুদ্ধিয়ক বুলি ধৰা হয়। ইয়াৰ উপৰিও এই আঙুলিটোৰ সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। সৰ্বশ্ৰেষ্ঠ আঙুলি অলপ ডাঙৰ বা দীঘল হ'ব লাগে। ইমান দীঘল যে সেইটো আমাৰ প্ৰথম আঙুলিটোৰ মাজৰ গাঁঠিটোৰ ওচৰ পায়।লগতে এনেকুৱা হ'ব লাগে যাতে এই আঙুলিটো বেছি কোমল আৰু টানো নহয়।দেখাটো এইটো ভাল আকাৰৰ হ'ব লাগে । তেতিয়াহে ইয়াক সৰ্বশ্ৰেষ্ঠ আঙুলি বুলি কোৱা হয়।যাৰ হাতৰ আঙুলি এনেকুৱা সেই ব্যক্তিজন বুদ্ধিয়ক, সুস্থ পুষ্ট আৰু শক্তিশালী হয়। এই আঙুলিটো কোনফালে ঘূৰি বা ঘূৰ খাই আছে তাৰ ওপৰতো ভিত্তি কৰি ব্যক্তিৰ ব্যক্তিত্ব বিষয়ে জানিব পৰা যায়। উদাহৰণ স্বৰূপে সোঁফালে ঘূৰা বুঢ়া আঙুলিটো সাকাৰাত্মক শক্তিৰ গৰাকী বুলি কোৱা হয়। এনেদৰে থকা বুঢ়া আঙুলি অৰ্থাৎ সম্পূৰ্ণ চিধাকৈ থকা বুঢ়া আঙুলিৰ গৰাকীয়ে সকলোকে ন্যায় প্ৰদান কৰে বুলি কোৱা হয়। এওঁলোকে আনৰ কথা ভালদৰে শুনে আৰু সকলোকে সহায় কৰিবলৈ আগবাঢ়ি যায়। এওঁলোকক সাকাৰাত্মক স্বভাৱৰ হোৱা দেখা যায়। ( Assamese Fact )
No comments:
Post a Comment