যেতিয়াই আমি জন্ম হৈছিলোঁ তেতিয়াৰ পৰাই আমাৰ মগজুৱে কাম কৰি আছে। আপোনাৰ শৰীৰটোৱে শুৱা সময়ত আৰাম কৰি ল'ব পাৰে।( Assamese Fact )কিন্তু মগজুৱে কেতিয়াও আৰাম কৰিব নোৱাৰে। ই সেই সময়তো ভাবে,যাৰ ফলত আপুনি সপোন দেখিব পাৰে। মগজুৱে বহুত কাম যেনে- ভবা, সংখ্যা মনত ৰখা, লিখিবলৈ শব্দ মনত পেলোৱা আদি কাম কৰে। বহুত কাম কৰিবৰ কাৰণে মগজু স্থিৰ হোৱাটো বহুত জৰুৰী। আজিৰ যুগত কম সময়তে বেছি কাম কৰিবৰ কাৰণে মগজুৱে সঠিক সময়ত সঠিক প্ৰতিক্ৰিয়া দিয়াটো বহুত আৱশ্যক। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ মৃত্যুৰ ঠিক আগত মগজুৱে কি চিন্তা কৰে।
এতিয়া আমি জানিব পাৰিম যে মৃত্যুৰ সময়ত মগজুত কি হয়। দৰাচলতে কোনেও এই বিষয়ে হয়টো সঠিক তথ্য দিব নোৱাৰে। বৈজ্ঞানিকসকলে কিছুমান তথ্য আগবঢ়াইছে যদিও এই প্ৰশ্নটো এতিয়াও ৰহস্যময় হৈ আছে। অলপতে বৈজ্ঞানিকসকলে কিছুমান এনেকুৱা অধ্যয়ন কৰিছে যাৰ পৰা মৃত্যুৰ তন্ত্ৰীকা বিজ্ঞানৰ বিষয়ে কিছুমান কথা গম পোৱা গৈছে। এই অধ্যয়ন বৰ্লিনৰ চেৰীটি ইউনিভাৰ্ছিটি আৰু উহাইউৰ চিনচিনাতি ইউনিভাৰ্ছিটিৰ বৈজ্ঞানিকসকলে জীনস্তীয়েৰ অগবায়ুত কৰিছিল। ইয়াৰ কাৰণে বৈজ্ঞানিকসকলে কিছুমান ৰোগীৰ তন্ত্ৰীকা তন্ত্ৰৰ অধ্যয়ন কৰিছিল। ইয়াৰ কাৰণে তেওঁলোকে ৰোগীসকলৰ ঘৰৰ মানুহৰ পৰা অনুমাতি লৈছিল।
এওঁলোক দূৰ্ঘটনাগ্ৰস্ত , হৃদ ৰোগ আদিৰ ৰোগী আছিল। বৈজ্ঞানিকসকলে পাইছিল যে পশু আৰু মনুষ্যৰ মগজুৱে মৃত্যুৰ সময়ত একেধৰণেৰে কাম কৰে। অৱশেষত এনেকুৱা সময় আহে যেতিয়া মগজুৱে কাম নকৰা হৈ পৰে আৰু মগজুৰ কাম কাজৰ গভীৰ আভাষ পোৱা যায়।আৰু এইটোৱে এই অধ্যয়নৰ মুখ্য উদ্দেশ্য আছিল যে মৃত্যুৰ সময়ত মগজুৰ পৰা এনেধৰনৰ তথ্য সমূহ সংগ্ৰহ কৰাৰ লগতে এজন মৃত্যুমুখী ৰোগীকৰ কেনেকৈ জীৱন ৰক্ষা কৰিব পাৰি।মৃত্যুৰ সময়ত আমাৰ মগজুৰ কি হয়,এই অধ্যয়নত পোহৰলৈ অহা কথা সমূহৰ ভিতৰত কেইটামান উল্লেখণীয় কথা তলত দিয়া ধৰনৰ -
১ঃ শৰীৰত তেজ চলাচল বন্ধ হৈ যায় আৰু সেই কাৰণে মগজুত অক্সিজেন কম হৈ যায়।
২ঃ চেৰিব্ৰেল ইচটিমিয়াৰ স্থিতিত লাগতীয়াল ৰাসায়নিক পদাৰ্থ কম হৈ যায়।তাৰ ফলত মগজুত ইলেকট্ৰিকেল প্ৰতিক্ৰিয়াসমূহ সম্পূৰ্ণ ৰূপে নাইকীয়া হৈ যায়।
৩ঃ এইটো মনা হয় যে মগজু শান্ত হোৱাৰ এই প্ৰক্ৰিয়া এই কাৰণে চকুত পৰে কাৰণ ভোকাতুৰ নিউ'ৰণে নিজৰ শক্তি সংৰক্ষণ কৰি লয়। কিন্তু সিঁহতি শক্তি সংৰক্ষণ কৰাতোঁ একো কামত নাহে। কাৰণ মৃত্যু হ'ব লগা আছেই।( Assamese Fact )
৪ঃ সকলো এহেম আইয়েনে মগজুৰ কৌশিকাবোৰক এৰি আঁতৰি যায়। যাৰ ফলত এৰিনচেন ট্ৰাইফনৰ শক্তি দূৰ্বল হৈ যায়।এইবোৰে জটিল ৰাসায়নিক পদাৰ্থ যিবোৰে শৰীৰত শক্তি সংৰক্ষণ কৰে আৰু সেইবোৰক এঠাইৰ পৰা আন এঠাইলৈ লৈ যায়।
৫ঃ বৈজ্ঞানিকসকলে আৰু বহুত কথা জানিব বিচাৰিছিল যাৰ কাৰণে তেওঁলোকে কিছুমান ৰোগীৰ মগজুৰ নিউৰ'লজিক গতি বিধিবোৰ লক্ষ্য কৰিছিল।
ডাক্তৰসকলে নিৰ্দেশনা দিছিল যে এই ৰোগী সকলক ইলেকট্ৰিক শ্ব'ক দি আকৌ যাতে ঘূৰাই আনিব চেষ্টা নকৰে ।
বৈজ্ঞানিক সকলে পাইছিল যে ৯ জনৰ ভিতৰত ৮ জন ৰোগীৰ মগজুৰ কৌশিকাবোৰে মৃত্যু অহাৰ পৰা ৰোগীজনক বচাবলৈ চেষ্টা কৰি আছিল। তেওঁলোকে পাইছিল যে হৃদয়ৰ ধিপ -ধিপনি বন্ধ হোৱাৰ পাছতো মগজুৰ কৌশিকাবোৰে আৰু নিউ'ৰনে কাম কৰি থাকে।নিউ'ৰনে কাম কৰা প্ৰক্ৰিয়াবোৰ হ'ল সিহঁতি আৱশ্যকীয় আয়ৰণেৰে নিজকে ভৰ্তি কৰি লয় আৰু বৈদ্যুতিক বাতাবৰণৰ সৃষ্টি কৰে। যাৰ ফলত বৈদ্যুতিক শ্ব'ক উৎপন্ন কৰিব পাৰে। বৈজ্ঞানিক সকলৰ মতে এই বৈদ্যুতিক বাতাবৰণবোৰ একেৰাহে কৰা এটা প্ৰচেষ্টা। ইয়াৰ বাবে এই কৌশিকাবোৰে বৈ যোৱা তেজৰ সহায় লয় আৰু তাৰ পৰা অক্সিজেন আৰু ৰাসায়নিক শক্তি গ্ৰহণ কৰে। বৈজ্ঞানিক সকলৰ মতে যেতিয়া শৰীৰটোৰ মৃত্যু হয় আৰু মগজুলৈ তেজ চলাচল বন্ধ হৈ যায়। তেতিয়া অক্সিজেনৰ পৰা বঞ্চিত নিউ'ৰণে সেই এৰি দিয়া শক্তিবোৰক জমা কৰিবলৈ চেষ্টা কৰে।ইলেকট্ৰিকেল প্ৰতিক্ৰিয়াসমূহ হোৱাৰ ফলত মগজুৰ কৌশিকাবোৰ নষ্ট হৈ যায় । যাৰ ফলত বহুত বেছি পৰিমাণে থাৰ'মল শক্তি উৎপন্ন হয় আৰু তাৰ পাছত মানুহৰ মৃত্যু হয়।
কিন্তু অধ্যয়নে কয় মৃত্যু বৰ্তমান যিমান কঠিন তেনেকুৱা হয়টো ভৱিষ্যতলৈ নহবও পাৰে। জীনস্তীয়েৰে কয় এক্সপ্ৰেছিপ ডি প্ৰজিৰাইজেচনৰ ফলত কৌশিকাবোৰ পৰিবৰ্তনৰ আৰম্ভনি হয় আৰু তাৰ ফলত মৃত্যু হয়। কিন্তু এইটো মৃত্যুৰ ক্ষণ নহয়। কাৰণ ডি প্ৰজিৰাইজেচনৰ শক্তিৰ নাইকীয়া কৰি ইয়াক সলনি কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত কৃতকাৰ্য্যতা লাভ কৰিবলৈ এতিয়াও বহুত অধ্যয়নৰ আৱশ্যকতা আছে। মৃত্যুৰ দৰে এইবোৰ তন্ত্ৰ তন্ত্ৰীকাৰ প্ৰক্ৰিয়াও বহুত জটিল প্ৰক্ৰিয়া । যাৰ উত্তৰ ইমান সহজ নহয়।
প্ৰিয় পাঠকসকল, আমি আশা কৰো যে আজিৰ এই কথাখিনি আপোনালোকৰ কাৰণে বহুত মহত্ব পূৰ্ণ আৰু সহায়ক হব বুলি…ধন্যবাদ।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।
No comments:
Post a Comment