প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক কম যে আমাৰ ঘৰত আমি কি কি গছ ৰুব লাগে যিবোৰ আমাৰ বাবে বহুত শুভ ( Assamese Fact ) । আজি আমি আপোনালোকক ৬-৭ জোপা গছৰ বিষয়ে কম যিবোৰ আমাৰ ঘৰৰ বাবে বহুত শুভ আৰু আমি ৰুব লাগে। তেতিয়া হলৰ জানো আহঁক চোন সেই বিশেষ গছ কেইজোপাৰ বিষয়ে -
১ঃ প্ৰথমতে কম তুলসী গছৰ বিষয়ে। তুলসী গছ বহুত শুভ আৰু সকলোৰে ঘৰত এই তুলসী গছ ৰুব লাগে। ইয়াৰ বহুত আয়ুৰ্বেদিক লাভ বা গুণ আছে। আপুনি যদি শুভ গছ ৰুব বিচাৰে ইয়াতকৈ শুভ আৰু একো নহ'ব।গুটিৰ পৰাও এই গছ হয় আৰু কম ৰ'দতো গজে । ৰ'দ বেছি পালেতো বহুত সোনকালেই বৃদ্ধি হয়। কিন্তু বহুত বেছি ঠাণ্ডাৰ পৰা ইয়াক বচাব লাগিব। ইয়াৰ পাতবোৰ আৰু গুটি বহুত বেছিকৈ আয়ুৰ্বেদত ব্যৱহাৰ হয়।
২ঃ এতিয়া আমি কম মনি প্লান্টৰ বিষয়ে । মনি প্লাান্ট আমি সকলোৱে চিনি পাওঁ আৰু ভাল পাওঁ।এইজোপা গছও বহুত বেছি শুভ আৰু সেউজীয়াও । বেছি ৰ'দ , বতাহ আৰু পানীও নালাগে। য'ত ত'ত ৰুব পাৰে সৰু বটলত ,টাবত সকলোতে। বহুত সহজতে ইয়াক ৰুব পাৰি।
৩ঃ তৃতীয় জোপা গছ হ'ল পাণ। পাণ গছ বহুত সহজতে ৰুব পাৰি। আপুনি ইয়াক অলপ ৰ'দ পোৱা ঠাইতো থয় দিব পাৰিব। কিন্তু ইয়াক ওপৰলৈ বগাই যাবলৈ কিবা সুবিধা কৰি দিব লাগে।ইয়াক পূজাতো বহুত ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহুত শুভ বুলি ধৰা হয়। পাণৰ গছ বেচি কষ্ট নকৰিলেও বৃদ্ধি হয়।
৪ঃ শেৱালী ফুলৰ গছ। শেৱালী ফুলৰ গছ আপোনালোকে সকলোৱে জানে কিমান শুভ গছ।ইয়াৰ ফুলৰ সুগন্ধ বহুত ধুনীয়া । কোৱা হয় যে যিমান দূৰলৈকে ইয়াৰ গোন্ধ যায় তাৰলৈকে পৰিৱেশৰ বাতাবৰণ বিশুদ্ধ হৈ পৰে। এই গছজোপা ৰুবলৈ সাধাৰণ মাটি হ'লেও হয় আৰু ৰ'দ পৰা মাটি হ'ব লাগে। ইয়াৰ গোন্ধ বহুত ভাল আৰু আয়ুৰ্বেদত ইয়াক বহুত ব্যৱহাৰ কৰা হয়( Assamese Fact )।
৫ঃ কলৰ গছ বহুত শুভ বুলি গণ্য কৰা হয়।ঘৰত যদি আপুনি ৰুৱে আৰু বহুত মানুহে গেটৰ মুখত ৰুৱে ইয়াক বহুত বেছি শুভ বুলি ধৰা হয়। ইয়াৰ পূজাও কৰা হয়। সদায় বৃহস্পতি বাৰে এই গছজোপাৰ পূজা কৰা হয়।পূজাতো ইয়াক ব্যৱহাৰ কৰা হয় যেনে হোমৰ গুৰিত।এইজোপা বহুত শুভ গছ । আপুনি গমলাটো ইয়াক ৰুব পাৰে।
৬ঃ এতিয়া আমি জানো আহঁক হালধী গছৰ বিষয়ে।হালধী গছ আমি ৰুও আৰু ইয়াত ফুলো ফুলে। আপোনালোকে জানে যে হালধীৰ কিমান আয়ুৰ্বেদিক গুণ আছে। সকলোতকৈ ডাঙৰ কথা এইটো যে এই গছজোপায়ে বতাহ শুদ্ধ কৰি পেলায় আৰু লগতে যিবোৰ বেয়া বীজাণু আছে তাকো শেষ কৰি পেলাই।হালধী গছ বালি মাটিত বহুত হয় আৰু ইয়াৰ পৰা আমি বহুত হালধীয়ো পাওঁ। গামলা নহবা সৰু মাটি এডখৰ হ'লেও ইয়াক ৰুব পাৰি।
৭ঃ অপৰাজিতা গছ। অপৰাজিতা গছত বহুত ধুনীয়া নীলা ৰঙৰ ফুল লগা দেখা যায়। গুটি বা কাটিং কৰিও ইয়াক ৰুব পাৰি। মটৰৰ চিৰা দৰে ইয়াতো পাতল পাতল গুটি লাগে।অকল ঠাণ্ডাত ইয়াৰ ফুল নুফুলে। বাকী সকলো বতৰতে ইয়াৰ ফুল দেখা পোৱা যায় আৰু গোটেই ফুলে ভৰি থাকে। য'ত ২-৩ ঘন্টাও ৰ'দ পৰে তাতো ইয়াৰ ফুল ধুনীয়াকৈ ফুলা দেখা যায়। পূজাতো ইয়াৰ ফুল ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহুত শুভ বুলি ধৰা হয়। সেই কাৰণে আপোনালোকে এই গছজোপা ঘৰত ৰুওঁক।
ইয়াৰ বাহিৰেও বহুত গছ আছে যিবোৰ ঘৰৰ বাবে বহুত শুভ যেনে - আমৰ গছ । কিন্তু আমি তাক টাবত বা গামলাত ৰুব নোৱাৰোঁ।
আমি আজি আপোনালোকক সেইবোৰৰ বিষয়ে কৈছোঁ যিবোৰ বহুত জৰুৰী আৰু আমি ঘৰত ৰুব লাগে আৰু ইয়াৰ ভিতৰত কিছুমান গছ আছে যিবোৰ আমি গামলা বা টাবত ৰুব পাৰোঁ। এনেকুৱা শুভ গছ যাৰ আয়ুৰ্বেদিক গুণ আছে তাক আমি ৰুব লাগে সি আমাক লাভ দিয়া লগতে পৰিৱেশৰ বতাহো বিশুদ্ধ কৰে।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
No comments:
Post a Comment