তুলসী গছ আমাৰ বাবে বহুত উপকাৰী । আমি আজি আপোনালোকক তুলসী গছ কেনেকৈ চোৱা চিতা কৰিব লাগে বা তাৰ ধ্যান কেনেকৈ ৰাখিব লাগে( Assamese Fact )। তাক সদায় সেউজীয়া আৰু পোক-পতংগৰ পৰা কেনেকৈ বচায় ৰাখিব লাগে তাৰ বিষয়ে কম-
১ঃ তুলসী গছ যদি শুদ্ধ ৰূপে মাটি মিলাই ৰুৱা হয়। তেতিয়া সেইজোপা কেতিয়াও মৰি নাযায়। প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক কম যে মাটি কেনেকৈ মিলাব লাগে। তুলসী দুই প্ৰকাৰৰ থাকে। শ্যাম তুলসী আৰু ৰাম তুলসী। ঔষধি গুণ বেছিকৈ শ্যাম তুলসীত দেখা পোৱা যায় । কিন্তু দুয়োজোপা তুলসীয়ে ভাল আৰু আয়ুৰ্বেদৰ মতে দিনত এবাৰ ইয়াৰ পাট সেৱন কৰিব লাগে। আমি তুলসীত বহুত পানী ধালি দিওঁ ।যাৰ ফলত তুলসীৰ গুৰিত ভেঁকুৰ ধৰি যায় আৰু তুলসী জোপা বেয়া হৈ যায়। ইয়াক ৰুব বাবে আমাক বালি লাগিব অৰ্থাৎ ৭০%সাধাৰণ মাটি আৰু ৩০%বালি ।এইয়া বহুত জৰুৰী ঘৰত যদি আপুনি তুলসী ৰুৱে। ইয়াৰ ফলত তুলসীজোপা জোপোহা আৰু সদায় সেউজীয়া আৰু বেয়া নহ'ব। বালি আৰু মাটি মিলাই লৈ তাত গৰুৰ গোৱৰ দিব লাগিব ।যাৰ ফলত মাটিখিনি সাৰুৱা হৈ পৰিব।
২ঃ যদি আপুনি টাবত ৰুৱে তেতিয়া টাবতোৰ তলত সৰু ফুটা থাকিব লাগে আৰু পাৰিলে টাবতো ৭-৮ ইঞ্চি মানৰ ল'ব। তাৰ পাছত টাবটোত এখন বাতৰি কাকত বা কাগজ তলত দি তাত অলপ বালি দি আকৌ মিলাই থোৱা মাটিখিনি দি দিব লাগে আৰু তুলসীজোপা ভালকৈ ৰুব লাগে।বালি এইকাৰণে দিব লাগে যে আমি বেছিকৈ পানী দি দিওঁ আৰু তাৰ ফলত যাতে তুলসীজোপা মৰি নাযায়।ৰুই হোৱা পাছত তাত অলপ পানী দি দিব লাগে। প্ৰথমতে আপুনি পানী যিমান দিলেও একো নাই কিন্তু পাছত আপুনি এটা জোখতহে পানী দিব লাগে। ঠাণ্ডাত ৫- ৬দিনৰ মুৰে মুৰেহে গছত পানী দিব লাগে।
৩ঃ এচামুচ একচম নিমখ।য'ত মেগনেচিয়াম ছালফেট থাকে । এচামুচ নিমখ লৈ ১লিটাৰৰ বটলৰ পানীত মিলাই ল'ব লাগে।একচম নিমখে ক্ল'ৰফম পোৱাত গছ জোপাক সহায় কৰে আৰু গছজোপা জোপাহা আৰু সেউজীয়া হৈ পৰে। তাৰ পিছত সেইখিনি আমি তুলসী গছত দিব লাগে ।অকল তুলসীয়ে নহয় অন্য গছতো আপুনি দিব পাৰিব। একচম নিমখ আপুনি গছজোপা ৰুৱা ২০-২৫ দিনৰ মূৰতহে দিব লাগে।যদি আপুনি এই নিমখ বিধ গছত ব্যৱহাৰ কৰে তেতিয়া তাৰ পাত এদিনৰ পাছতহে ব্যৱহাৰ কৰিব আৰু তাক ভালকৈ ধুইহে ব্যৱহাৰ কৰিব।( Assamese Fact )
৪ঃ আপুনি তুলসী গছৰ আগটো চিঙি দিব লাগিব । যাৰ ফলত গছজোপা জোপোহা আৰু ডাঙৰ হৈ পৰিব। ১ মাহৰ পাছত তাৰ ফল আপোনালোকে নিজেই দেখা পাব। গছজোপা জোপোহা আৰু ডাঙৰ হৈ পৰিব। আপোনালোকে সেই কাৰণে তুলসী গছজোপাৰ আগটো চিঙি দিব আৰু সদায় ৰ'দ পোৱা ঠাইত থব যাতে ইয়াৰ বৃদ্ধি সোনকালে হয়।
৫ঃ যদি আপোনালোকৰ তুলসীজোপাত গুটি লাগিবলৈ আৰম্ভ হৈছে তেতিয়া আপোনালোকে সেইবোৰ চিঙি বা কেঁচিৰে কাটি পেলাওঁক। এনেকুৱা কৰিলে গছজোপা বহুত দিন বাচি থাকিব আৰু গুটিবোৰ থাকি গ'লে লাহে লাহে তুলসীজোপা মৰি যাবলৈ ধৰিব।
৬ঃ পোক-পতংগৰ পৰা আমি আমাৰ তুলসীজোপা কেনেকৈ বচাম। তুলসী গৰমৰ দিনকেইটাত বহুত ভাল দৰে বৃদ্ধি হয়। কিন্তু ঠাণ্ডা দিনত তাত বহুত পোক-পতংগয়ে আক্ৰমণ কৰা দেখা পোৱা যায় আৰু সেইবোৰে পাতৰ গোটেই ৰসবোৰ সুঁহি পেলায়। ইয়াৰ ফলত আমাৰ তুলসী জোপা মৰিও যাব পাৰে। সেই কাৰণে আমি তাত নীম অইল বুলি এবিধ তেল পাই সেইবিধ তাত আমি ব্যৱহাৰ কৰিব লাগিব। বহুত সহজতে এই তেলটো আপুনি পাব। ১০ টোপাল এই তেল এটা ১লিটাৰ বটলত লৈ আমি মিলাই তাক তুলসী জোপাত ব্যৱহাৰ কৰিব লাগিব আৰু বেছিকৈ সেই ঠাইত দিব লাগে য'ত পোক-পতংগ আছে।
৭ঃতুলসীৰ কাটি বা চিঙি থোৱা গুটিবোৰ আমি পেলাই দিব নালাগে ।সেইখিনি আমি সিঁচি দিব লাগে যাতে আকৌ তাৰ পৰা পুলি গজে।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
No comments:
Post a Comment