ভগৱান শ্ৰীকৃষ্ণই কৈছিল-আত্মাক অস্ত্ৰৰে কাটিব পৰা নাযায়,অগ্নিয়ে জ্বলাব নোৱাৰে,পানীয়ে গলাব নোৱাৰে,আৰু বায়ুৱে শুকুৱাব নোৱাৰে।( Assamese Fact )
অৰ্থাৎ মানুহৰ আত্মা অমৰ হয়,তাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে।কিন্তু মানুহৰ শৰীৰ অমৰ নহয়,শৰীৰৰ মৃত্যু এদিন নহয় এদিন নিশ্চয় হ'ব।যিসময়ত মানুহে এই ভৌতিক সংসাৰত জন্ম গ্ৰহণ কৰে,সেই সময়তে তেওঁৰ জন্মৰ কাৰণ আৰু মৃত্যুৰ সময়ো নিশ্চিত হৈ যায়।মৃত্যু এনে এক বস্তু যাৰ বিষয়ে সকলো মনুহে জানিবলৈ জিজ্ঞাসা কৰে।
মৃত্যুৰ আগত হোৱা পূৰ্বাভাস,মৃত্যুৰ পিছত আত্মাৰ গতি,পূৰ্বজনম আৰু পূণৰ্জনমৰ সত্য এই সকলোখিনিক লৈ আমাৰ মনত বহুতো প্ৰশ্ন হয়।কিন্তু আমাৰ পৌৰাণিক গ্ৰন্থত মৃত্যুৰ লগত জড়িত সকলো প্ৰশ্নৰ বিষয়ে কোৱা হৈছে।
গড়ূৰ পূৰাণত মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে আৰু তাৰ পিছত আত্মাৰ গতিলৈকে বিস্তাৰ ভাৱে কোৱা হৈছে।গড়ূৰ পূৰাণত ভগৱান বিষ্ণুৱে গড়ূৰক মৃত্যুৰ পিছত সংঘটিত ঘটনা, নৰকলোক,ন ৰকলোকৰ যাত্ৰা, স্বৰ্গলোক আৰু স্বৰ্গলোকৰ পিছত পূনৰ্জনম,এই সকলো বিষয়ে কৈছে।
এই লেখাটোত ভগৱান বিষ্ণূয়ে গড়ূৰক কোৱা মৃত্যুৰ পূৰ্বাভাসৰ বিষয়ে তলথ ডাঙি ধৰিলো।
১)গডূৰ পূৰাণৰ মতে,যেতিয়া মানুহৰ মৃত্যু কাষ চাপে,তেতিয়া তেওঁৰ ছাঁটোৱে তেওঁৰ লগ এৰি দিয়ে।এনে লোকে নিজৰ ছাঁৰ প্ৰতিবিম্ব বা প্ৰ্চ্ছায়া পানীত বা তেলত দেখা নাপায়।
২)যেতিয়া কোনো লোকৰ মৃত্যু কাষ চাপে,তেতিয়া তেওঁৰ আশে পাশে তেওঁৰ পূৰ্বপুৰুষক দেখা পাই।তেওঁলোকে ছায়াৰ দৰে তেওঁৰ আশে পাশে ঘূৰি ফুৰে।( Assamese Fact )
৩)যেতিয়া মানুহৰ মৃত্যু ওচৰ চাপে তেতিয়া তেওঁৰ শৰীৰৰ পৰা এক অদ্ভুত ধৰণৰ গোন্ধ ওলায়,যাক তেওঁ অলপো পচণ্ড নকৰে,এই গোন্ধটো পালেই সেই মানুহ জনে জানিব লাগে যে তেওঁৰ অন্তিম সময় নিকট হৈছে।
৪)যেতিয়া এনে ব্যক্তি দাপোণৰ সন্মুখত থিয় হয়,তেতিয়া তেওঁ নিজৰ সলনি আনৰ চেহেৰা দেখিবলৈ পায়।বা নিজৰে বিদ্ৰূপ চেহেৰা দেখা দিয়ে।এই দাপোণে তেওঁক আহিব লগীয়া মৃত্যুৰ বিষয়ে কয়।
৫)যদি মানুহৰ মৃত্যু ওচৰ চাপে তেন্তে তেওঁৰ শৰীৰ হালধীয়া বা পাতল ৰঙা দেখা যায়।তেওঁৰ শৰীৰ ভিতৰৰ ফালৰ পৰা জ্বলিব ধৰে।যদি কোনো মানুহ পাপী হয়,তেন্তে তেওঁৰ নৰকলৈ যোৱাৰ অনুভৱ প্ৰ্থমেই অনুভৱ হ'ব ধৰে।আৰু তেওঁৰ শৰীৰত জ্বলন হ'ব ধৰে যাৰ ফলত তেওঁৰ বহুত কষ্ট হয়।
৬)যেতিয়া মানুহৰ মৃত্যু কাষ চাপে তেতিয়া তেওঁ সূৰ্য আৰু চন্দ্ৰমাৰ ৰশ্মি দেখা নোপোৱা হয়।বহুবাৰ তেওঁ জোনটো সৰি পৰা দেখিবলৈ পায়।
৭)যেতিয়া মানুহৰ মৃত্যু কাষ চাপে তেতিয়া তেওঁৰ জিভা খন লৰিব ধৰে।নাক আৰু মুখ টান হৈ যায়।আৰু দুৰ্গন্ধ ওলাই।এই দুৰ্গন্ধৰ পৰা তেওঁ চিন্তিত হৈ যায় আৰু মৃত্যুৰ কামনা কৰে।
৮)যেতিয়া মানুহৰ মৃত্যু কাষ চাপে তেতিয়া তেওঁৰ চকু ইমানেই দুৰ্বল হৈ যায় যে তেওঁৰ আশে পাশে থকা মানুহখিনিও দেখা নোপোৱা হয়।অৰ্থাৎ তেওঁৰ চকুৰ ৰস্মি কমি যায়।যদি কোনো সদ ব্যক্তি যিয়ে জীৱনভৰ পূণ্য কাম কৰি থৈছে,তেনে ব্যক্তিয়ে চকুৰ সন্মুখত দিব্য ৰশ্মিৰ অনুভৱ কৰে।আৰু এনে ব্যক্তিয়ে মৃত্যুকলৈ ভয় নকৰে।কিন্তু যি ব্যক্তিয়ে পাপ কাম কৰি থয় তেনে ব্যক্তিয়ে মৃত্যুৰ আগমুহুৰ্তত চকুৰ সন্মুখত ভয়ংকৰ যমদূত দেখা পায় আৰু ভয়ত কঁপিব ধৰে লগতে নিজৰ পাপ কৰ্মৰ বাবে পস্তাই থাকে।
ধন্যবাদ।।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment