সিংহ ৰাশিৰ যুৱতী সকলৰ ব্যক্তিত্ব আৰু স্বভাব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 18, 2021

সিংহ ৰাশিৰ যুৱতী সকলৰ ব্যক্তিত্ব আৰু স্বভাব : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আজি আমি জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে সিংহ ৰাশিত জন্ম হোৱা যুৱতী বা মহিলা সকলৰ বিষয়ে কিছুমান বিশেষ কথা আপোনালোকক কম।Assamese Fact )


Assamese Fact
১ঃ পঞ্চতত্ত্ব ভিতৰত সিংহ ৰাশি অগ্নি তত্ত্বৰ অন্তৰ্গত।অগ্নি তত্ত্বৰ প্ৰধানতাৰ বাবে এওঁলোকৰ ভিতৰত প্ৰত্যেক কাৰ্য কৰিবলৈ বহুত সাহস আৰু লৰালৰি হৈ থকা দেখা পোৱা যায়। প্ৰত্যেক কাৰ্য তীব্ৰতাৰে কৰিব বিচাৰে।


২ঃ অগ্নি তত্ত্বৰ প্ৰধানতাৰ বাবে এওঁলোক বহুত খঙালো হয়। এওঁলোকৰ সন্মুখত যদি কিবা কাম থৈ দিয়া হয় বা কথা ঘূৰাই পকাই কোৱা হয় এওঁলোকৰ বহুত খঙ উঠে। সেই কাৰণে যদি আপোনালোকৰ সন্মুখত কোনোবা সিংহ ৰাশিৰ ছোৱালী থাকে তেতিয়া তেওঁলোকৰ লগত চিধাকৈ কথা পাতিব আৰু কাম পেলাই নথব।


৩ঃ এওঁলোকৰ সকলোতকৈ ডাঙৰ চিনাকি হ'ল ভয়মুক্ত হৈ থকা। সিংহ ৰাশিৰ মহিলা সকলক বেলেগতকৈ কম বুলি ভাবিব নালাগে। এওঁলোকক খঙ আৰু ভয় খোৱাই যদি আপোনালোকে কিবা কাম কৰাব খোজে এনেকুৱা চেষ্টা কেতিয়াও নকৰিব। নহ'লে আপুনি সমস্যাৰ সন্মুখীন হব।


৪ঃ যেনেকৈ জংঘলৰ ৰজা সিংহ সেইদৰে ১২ টা ৰাশিৰ ভিতৰত এই ৰাশিটো ৰজা দৰে দেখা পোৱা যায়।এই ৰাশিত নেতৃত্ব গ্ৰহণ কৰিব পৰা সক্ষমতা থাকে। ঘৰ-পৰিয়ালত এওঁলোকৰ কথা সকলোৱে মন দি শুনে আৰু মানে।


৫ঃ সিংহ ৰাশিৰ স্ত্ৰী সকলৰ মনত বেলেগ ৰাশিৰ তুলনাত আত্মবিশ্বাস বেছি দেখিবলৈ পোৱা যায়। এওঁলোকক যি ক্ষেত্ৰতে কাম দিয়া হয় এওঁলোকে বহুত কষ্টৰে আৰু আত্মবিশ্বাসেৰে সেই কামটো সম্পূৰ্ণ কৰে।


৬ঃ সিংহ ৰাশিৰ স্ত্ৰী সকল শত্ৰুৰ পক্ষৰ ওপৰত সদায় গধুৰ হৈ পৰে। নিজৰ জয় লাভৰ বাবে চাম,দাম, দণ্ড,ভেদ যিকোনো নীতি গ্ৰহণ কৰাৰ পৰা দূৰত নাথাকে।শত্ৰুৰ পক্ষৰ  ক্ষেত্ৰত দয়া ভাব নাথাকে আৰু সেই কাৰণে এওঁলোকৰ পৰা দয়াৰ ইচ্ছা কৰাতোঁ ভুল আৰু মূৰ্খতা।Assamese Fact )


৭ঃ সিংহ ৰাশিৰ স্ত্ৰী সকলৰ বহুত আকৰ্ষণীয় শক্তি থাকে। পৰিয়ালেই হওক বা বন্ধুৱে হওক সকলোতে এওঁলোকৰ কথা মনা হয়। বিয়া হওক বা উৎসৱ এওঁলোকক মানুহৰ মাজতে থকা দেখা পোৱা যায়।


৮ঃ প্ৰেমৰ সম্বন্ধবোৰৰ ক্ষেত্ৰত সিংহ ৰাশিৰ স্ত্ৰী সকল বহুত ভাগ্যশালী বুলি কোৱা হয়। পৰিয়ালৰ কাৰণে আদৰ সন্মান আৰু নিজতকৈ বেছি চোৱা চিতা এওঁলোকৰ বৈবাহিক জীৱনৰ খুঁটি বুলি কোৱা হয়। কিন্তু বিয়াৰ পাছত যদি অনাদৰ অসন্মান পায় থাকে তেতিয়া এওঁলোকে সেই সম্বন্ধ ভাঙি কঠোৰ সিদ্ধান্ত লয়।


৯ঃ সিংহ ৰাশিৰ স্ত্ৰী সকল কুশল প্ৰবন্ধকৰ ৰূপ বুলি কোৱা হয়।ঘৰৰ সাঁজ-সজ্জা ,কিবা কিনা বা অফিচ চোৱা চিতা কৰা এওঁলোকে সকলো ভালদৰে স্বম্ভালী লয় আৰু কৰে।


১০ঃ ধন সমন্ধীয় ক্ষেত্ৰত এওঁলোক বহুত ভাগ্যশালী হয়। যি টি খৰচৰ ক্ষেত্ৰটো এওঁলোক পিছ পৰি নাথাকে। এওঁলোকৰ আয়ৰ এক ডাঙৰ অংশ পৰিয়ালৰ সুখ-সুবিধা আৰু কাপোৰত খৰচ হৈ যায়।


১১ঃ সূৰ্য আৰু তাৰ অন্তৰ্গত এই সিংহ ৰাশি শক্তিৰ প্ৰতীক আৰু শক্তিয়ে অহংকাৰৰ জন্ম দিয়ে ।

Assamese Fact
এই ৰাশিত জন্ম হোৱা স্ত্ৰীসকলে যেতিয়া সফলতা লাভ কৰে তেতিয়া সিহঁতৰ মনত তীব্ৰতাৰে অহংকাৰৰ ভাব জন্ম লয়। যিবোৰ তেওঁলোকৰ কথাত স্পষ্টকৈ শুনিবলৈ পোৱা যায়।অহংকাৰে নাশ আৰু বিপদ মাতি আনে। সেই কাৰণে সিংহ ৰাশি স্ত্ৰীসকলে এই বেয়া গুণটোৰ পৰা বাচিব লাগে।


১২ঃ এওঁলোকৰ লগত সম্পৰ্ক যদি ভালকৈ ৰাখিব বিচাৰে তেতিয়া এওঁলোকৰ কামত একো বাধা নিদিব।এওঁলোকে সকলো কামতে নিজক পাৰ্গত বুলি ভাবে। এওঁলোকক যদি কিবা কথা বুজাব বিচাৰে বা শিকাব বিচাৰে এওঁলোকে সেইসকলক নিজৰ শত্ৰু বুলি ভাবে। যদি আপুনি এওঁলোকক কিবা কামৰ বাবে মনা কৰিব বিচাৰে তেতিয়া ভালদৰে বুজাই মনা কৰিব লাগে।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages