সকলো চৰাই-চিৰিকতিৰ লগত মিলা কিছুমান শুভ আৰু কিছুমান অশুভ সংকেত আছে। আজি আমি কাউৰীক লৈ কিছুমান কথা কম।( Assamese Fact )কাউৰীক আলহীৰ অহা সূচক বা বন্ধুৰ আশ্ৰয় স্থান বুলি কোৱা হয়। পুৰাণৰ কথা অনুসৰি কাউৰীয়ে অমৃতৰো সোৱাদ লৈছিল। সেই কাৰণে এই চৰাইটোৰ কেতিয়াও স্বাভাৱিক মৃত্যু নহয়। বেমাৰ বা বুঢ়া হ'লেও মৃত্যু নহয়। ইহঁতৰ মৃত্যু আকস্মিক ঘটনা বা কাৰণত হে হয়।
যদি ৰাতিপুৱাই ঘৰৰ ওচৰত কাউৰীয়ে চিঞৰি থকা দেখে তেতিয়া তাৰ অৰ্থ শুভ বুলি ধৰা হয়।ৰাতিপুৱাই ঘৰৰ ওচৰত কাউৰীয়ে চিঞৰি থকা অৰ্থ হ'ল আপোনাৰ ঘৰলৈ কোনোবা আলহী আগমন হ'ব। লগতে মান-সন্মান, ধন-সম্পত্তি আগমনৰো সংকেত বুলি কোৱা হয়।
আপোনাৰ পিছফালৰ পৰা যদি কাউৰীৰ মাত আহে তেতিয়া আপোনাৰ সকলো সমস্যা শেষ হোৱাৰ সংকেত বুলি কোৱা হয়।
থুঁতেৰে কাউৰীয়ে মাটি খুঁচৰি থকা দেখিলেও ধন অহা সংকেত বুলি কোৱা হয়।
যদি কোনোবা মহিলাৰ মূৰত কাউৰী পৰে বা বহে তাৰ অৰ্থ হ'ল সেই মহিলা গৰাকীৰ স্বামীৰ ওপৰত সংকট আহিব।
কেতিয়াবা যদি কাউৰীয়ে বহুত কষ্টৰে চিঞৰি আৰু পাখীবোৰ জোৰে জোৰে মাৰি থকা দেখে তাক অমংগল বুলি কোৱা হয়।
ৰাস্তাত গৈ থাকোঁতে পানী খাই থকা কাউৰী দেখিলে ধন লাভৰ সংকেত বুলি কোৱা হয়।( Assamese Fact )
আকৌ যদি কেতিয়াবা আপোনাৰ ঘৰলৈ বহুত কাউৰী আহি একেলগে চিঞৰে তাক অমংগল বুলি ধৰা হয়।
আনহাতে কাউৰীয়ে কিবা ভোজন যদি সন্মুখৰ পৰা আহি গ্ৰহণ কৰে তাক কাৰ্য সিদ্ধি হোৱা সংকেত বুলি কোৱা হয়।
কাউৰী ধানৰ ওপৰত বহিলে ধন লাভৰ সংকেত আৰু গৰুৰ মূৰত বহা দেখিলে প্ৰিয়জনৰ লগত মিলৰ সংকেত বুলি কোৱা হয়।
কাউৰী যদি ধূলিত লুটোৰি পুটোৰি হৈ থাকে তেতিয়া তাত বৰষুণ হোৱা সংকেত।
যদি সপোনত কাউৰীয়ে মিঠাই খোৱা দেখে তাৰ অৰ্থ হৈছে আপুনি ধন লাভ কৰিব।
বিয়াত থোৱা মিঠাই যদি কাউৰীয়ে লৈ উৰি যায় তাৰ অৰ্থ হ'ল বিয়া হোৱা দম্পত্তীহালৰ জীৱনত সুখ হ'ব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment