আমাৰ শৰীৰত কিয় হয় এই ৰক্তচাপ ? Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 15, 2021

আমাৰ শৰীৰত কিয় হয় এই ৰক্তচাপ ? Assamese Fact

Assamese Fact

ৰক্তচাপ কি? এটা উদাহৰণৰ সহায়ত বুজাও।কুকাৰত সুহুৰি কিয় বাজে?কুকাৰৰ ভিতৰৰ গৰম ভাপটোৰ চাপৰ কাৰণে হয়।চাপ অৰ্থাৎ pressure।Assamese Fact )

ৰক্ত আৰু চাপৰ মাজত কি সম্বন্ধ আছে?

Assamese Fact
হৃদয় একেৰাহে ধপ ধপাই থাকে আৰু তেজক এটা বিশেষ চাপৰ যোগেদি গোটেই শৰীৰলৈ পঠায়,এই চাপটোকে ৰক্তচাপ বুলি কোৱা হয়।

এই দৰেই গোটেই শৰীৰত অক্সিজেন আৰু অন্য কৌশিক পদাৰ্থ পঠিওৱা হয়।হৃদয়ৰ দ্বাৰা ৰক্ত প্ৰৱাহিত কৰাৰ কাৰণে ৰক্তবাহিনীৰ বেৰৰ ওপৰত হেঁচা পৰে।এই হেঁচাৰ জৰিয়তেই ৰক্তচাপৰ পৰীক্ষা কৰা হয়।ৰক্তচাপ জুখিবৰ কাৰণে ৰক্তচাপ মাপন যন্ত্ৰ বা sphygmomanometer ব্যৱহাৰ কৰা হয়।


ৰক্তচাপ হৃদয়ৰ সংকোচন বা মেল খোৱাৰ ওপৰত নিৰ্ভৰ কৰে ।যেতিয়া হৃদয় খ্ন কোচ খাই যায় তেতিয়া ৰক্তবাহিনীৰ বেৰৰ ওপৰত হেঁ‌চা বাঢ়ি যায়,ইয়াক প্ৰকোঞ্চক বা systolic ৰক্তচাপ বোলে।এজন সাধাৰণ মানুহৰ প্ৰকোঞ্চক ৰক্তচাপৰ পৰিমাণ ৯০-১২০মি.মি./মাৰ্কিউৰিৰ ভিতৰত থাকে।

হৃদয়খন মেল খোৱাৰ সময়ত এই চাপ কম হৈ যায়,ইয়াক প্ৰসাৰক বা diastolic ৰক্তচাপ বুলি কোৱা হয়।এজন সুস্থ মানুহৰ diastolic ৰক্তচাপ ৬০-৮০মি.মি./মাৰ্কিউৰিৰ ভিতৰত থাকে।


আমাৰ ৰক্তবাহিনী বহুত মজবুত হয়,গতিকে সিহঁতে চাপ টো বহুত সহজতে সহ্য কৰিব পাৰে।কিন্তু কিবা কাৰণে যদি ৰক্তচাপ বাঢ়ি গৈ থাকে তেতিয়া ৰক্ত প্ৰবাহত বাধা আহিব পাৰে।তেজ ডাঠ হোৱা,তেজত দ্ৰব্য বা পানীৰ পৰিমাণ বঢ়া,ৰক্তবাহিনীৰ ব্যাস কম হোৱা,এই সকলো বোৰৰ পৰাই বিপদ হ'ব পাৰে।কিয়নো এনে হ'লে হৃদয়খনক বেছি জোৰ দি ধপধপাব লগীয়া হয়।আৰু এই কাৰণেই ৰক্তচাপ বাঢ়ি যায়।যদি এই ঘটনা হৈয়েই থাকে ইয়াৰ পৰা ঘাতক পৰিস্থিতি সৃস্থি হ'ব পাৰে।ৰক্তচাপ ৰ ফলত ৰক্তবাহিনীৰ ভিতৰুৱা বেৰৰ ক্ষতিও হ'ব পাৰে।এই ক্ষতিৰ কাৰণে সেই ঠাইত খনন হয় আৰু সেই ঠাইত বগা কোশিকা জমা হৈ যায়।Assamese Fact )


তেজত থকা কলেষ্টেৰলেও সেই ঠাইত তৰপৰ সৃষ্টি কৰে।ফলত ৰক্তবাহিনীৰ ভিতৰুৱা ব্যাস কমি যায়।আৰু ব্যাস কমি যোৱাৰ ফলস্বৰুপে ৰক্তচাপ বাঢ়ি যায়।এই স্থিতি এনেদৰেই থাকিলে ৰক্তপ্ৰবাহ প্ৰভাৱিত হয়।ৰক্তপ্ৰবাহ ৰৈ যোৱাৰ কাৰণে শৰীৰে পোষকতত্ব বা অক্সিজেন কিদৰে পাব?অক্সিজেন কমি গ'লে এই অংশ লাহে লাহে মৰিব ধৰে,যদি হৃদয়ক ৰক্ত যোগান ধৰা ৰক্তবাহিনীৰ ক্ষতি হয় বা বন্ধ হৈ যায় তেতিয়া হৃদৰোগ বা heart attack হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।যদি এই ঘটনা মগজুত হয় তেন্তে মগজুতো চাপ স্তব্ধ হ'ব পাৰে।

ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা কাৰণ আছেনে?

নিশ্চয় আছে।যি ঠাইত এই বাধা আছে সেই ঠাইক ভিতৰি ঠেক কৰি দিয়া।ইয়াকে চিকিৎসা বিদ্যাত antineoplastic বুলি কোৱা হয়।কেতিয়াবা কেতিয়াবা ৰক্তবাহিনীৰ ভিতৰত এডাল ফোঁপোলা পাইপ সংস্থাপিত কৰি দিয়া হয়।ইয়াৰ দ্বাৰা ৰক্তপ্ৰবাহ পুনৰবাৰ সঠিক ভাৱে আৰম্ভ হৈ যায়।


যদি আপোনাৰ ৰক্তচাপ বাঢ়ি থাকে তেন্তে কিছুমান সাৱধানীয়তা মানি চলাটো উচিত।যেনে-

বেছি তেলত বনোৱা খাদ্য,বেছি নিমখীয়া খাদ্য,মিঠাই আদিৰ পৰা দূৰত থাকিব।ক্ৰোধ আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব।বেছি চিন্তাৰ পৰা আঁ‌তৰত থাকিব আৰু সময়ে সময়ে নিজা ডাক্তৰৰ পৰা উপদেশ লৈ থাকিব।লগতে ৰক্তচাপৰ পৰীক্ষা,কচৰৎ আৰু পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰা গ্ৰহণ কৰিব।


এবাৰ ভাবকচোন,হৃদয়খনে ১মিনিটত ৭২বাৰ ধপধপাই আৰু তেজ পাম্প কৰে।অৰ্থাৎ এদিনত হৃদয়ে ৩লাখ বাৰ আৰু এবছৰত ৩৫০০০০০০বাৰ ধপ ধপাই।কল্পনা কৰকচোন আমাৰ ৰক্তবাহিনীয়ে কিমান চাপ সহ্য কৰে?

কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।আমাৰ ৰক্তবাহিনীয়ে এই সকলো চাপ সহ্য কৰি আমাৰ শৰীৰক সুস্থ কৰি ৰাখে।আৰু সেইবাবেই এই ৰক্তবাহিনীৰ যতন লোৱাটোও আমাৰে দায়িত্ব।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages