"বোৱাৰী গাখীৰৰ লগত কেশৰ মিহলি কৰি খাবা চোন,সন্তান টো গাখীৰৰ দৰে বগা হৈ জন্ম ল'ব।"( Assamese Fact )"এতিয়া নাসাতুৰিবা,খাদ্য বেছিকৈ খাবা।"
"গৰ্ভাৱস্থাত যৌন সম্ভোগ ভুলটো কৰিব নালাগে।"
গৰ্ভাৱস্থাত বয়োজ্যেষ্ঠ জনৰ পৰা এনে কথা প্ৰায়ে শুনিবলৈ পোৱা যায়।আজিৰ এই লেখাটোত গৰ্ভাৱস্থাত সন্মুখীন হোৱা কিছুমান কল্পিত কথাৰ সত্যতাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম।
আমাৰ শৰীৰ টো বহুতো কোষেৰে গঠিত।এই কোষবোৰ লগলাগি কলা গঠন হয়।কলা বিলাক লগলাগি অংগ গঠন হয় আৰু বিভিন্ন অংগ লগ লাগি অংগতন্ত্ৰ গঠন হয়।যেনে প্ৰজনন তন্ত্ৰ,পাচন তন্ত্ৰ।আপুনি জানেনে মানুহৰ শৰীৰৰ সকলোতকৈ সৰু আৰু সকলোতকৈ ডাঙৰ কোষ কোনকেইটা?
মানুহৰ শৰীৰৰ সকলোতকৈ সৰু কোষ হৈছে শুক্ৰাণু আৰু সকলোতকৈ ডাঙৰ কোষ হৈছে ডিম্বাণু।শুক্ৰাণু সৰু যদিও ই নিজৰ আকাৰতকৈ দহগুণ বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰে।বীৰ্যপাতৰ সময়ত বহুতো বীৰ্যস্খলন হয় আৰু সেই শুক্ৰাণু গৈ ডিম্বানুত প্ৰৱেশ কৰে আৰো তাতে তাক নিষেচিত কৰে।নিষেচিত হোৱাৰ ৩০ ঘণ্টাৰ পিছত সেই কোষ এটাৰ পৰা দুটালৈ বিভাজিত হয়।আৰু লাহে লাহে দুটাৰ পৰা চাৰিটা,চাৰিটাৰ পৰা ৮ টা আকৌ ৮টাৰ পৰা ১৬টালৈ বিভাজিত হয়।এই ঘটনাত তিনি দিন লাগে।এই ঘটনা তেতিয়ালৈকে ঘটি থাকে যেতিয়ালৈকে সেই বিভাজিত কোষ,গৰ্ভাশয়ৰ বেৰত লাগি নাযাইগৈ।যেতিয়া এই বিভাজিত কোষবোৰ গৈ গৰ্ভাশয়ৰ বেৰত লাগেগৈ তেতিয়াৰ পৰাই ঋতুস্ৰাৱ বা মাহেকীয়া হোৱা বন্ধ হৈ যায়।
গৰ্ভৱতী মহিলাৰ পেটত ৯মাহ ধৰি যি পৰিঘটনা ঘটে সেইয়া চমৎকাৰতকৈ কোনো গুণে কম নহয়।যিমানেই সন্তানটোৰ আকাৰ বৃদ্ধি হৈ গৈ থাকে সিমানেই মহিলাগৰাকীৰ গৰ্ভাশয়ৰ আকাৰো বাঢ়ি গৈ থাকে।গৰ্ভধাৰনৰ আগে আগে গৰ্ভাশয়ৰ আকাৰ এটি আপেলতকৈ সৰু থাকে আৰু ইয়াৰ ওজন ৬০গ্ৰাম মান হয়।শুক্ৰাণু ডিম্বাণুৰ লগত ভালদৰে বিভাজন কৰিব পাৰিবলৈ গৰ্ভাশয়ৰ পিছৰ অংশ অৰ্থাৎ গৰ্ভাশয় গ্ৰীৱা ই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।ই মিউকচ নামৰ বীজলুৱা তৰল বিধ এৰি দিয়ে,যিয়ে শুক্ৰাণু খিনিক সঠিক ৰুপত ডিম্বাণুলৈ কঢ়িয়াই নিয়াত সহায় কৰে।এইদৰেই শৰীৰৰ পৰা প্ৰজেষ্টেৰণ আৰু এষ্ট্ৰ'জন হৰম'ন ওলাই যিয়ে গৰ্ভাশয়ৰ বেৰখনক ঠেক কৰি দিয়ে যাতে নিষেচিত ডিম্বাণু তাত আৰামত থাকিব পাৰে।পিছৰ ১২ সপ্তাহত প্লেচেন্টা গঠন হয় যিয়ে সন্তানটোক পুষ্টি যোগায়।যিয়ে নাড়ীৰ জৰিয়তে সন্তানটোৰ প্ৰয়োজনীয় বস্তু খিনিৰ যোগান ধৰে।সন্তান জন্মৰ সময়ত প্লেচেণ্টাৰ ওজন প্ৰায় ৭০০গ্ৰাম হয়।
নিষেচিত ডিম্বাণু যেতিয়াই গৰ্ভাশয়ৰ বেৰত লাগেগৈ তেতিয়াই গৰ্ভাশয়ৰ আকাৰ বাঢ়িব ধৰে।এষ্ট্ৰ'জেন হৰম'নে এই কামত সহায় কৰে যাতে সন্তানটোৰ বাবে ঠাইৰ অভাৱ নহয়।৯মাহৰ পিছত গৰ্ভাশয়ৰ আকাৰ দুটা ফুটবলৰ আকাৰৰ সমান হয়,অৰ্থাৎ প্ৰথমতকৈ ২০গুন বেছি ডাঙৰ আৰু ই শেষলৈ নিজৰ কাম কৰি যায়।গৰ্ভাশয়ৰ মাংসপেশী যেতিয়া সংকোচন হয় তেতিয়াই তল পেটৰ বিষ হয় আৰু ইয়াক গৰ্ভাশয় সংকোচন বুলি কোৱা হয়,আৰু ইয়াৰ বাবেই সন্তানটো আৰামত বাহিৰ ওলাব পাৰে।প্ৰসৱৰ পিছত গৰ্ভাশয়ৰ আকাৰ আগৰ অৱস্থালৈ আহিবলৈ প্ৰায় ৬সপ্তাহৰ সময় লাগে।ই সদায় ১চে.মি. কৈ সংকোচিত হয়।
অৰ্থাৎ প্ৰসৱৰ ৬সপ্তাহ পিছলৈকে আমাৰ শৰীৰে একেধৰণে কাম কৰি থাকে।সেইবাবে প্ৰসৱৰ আগত আৰু পাছত মহিলা গৰাকীৰ একেদৰেই যত্ন লোৱাটো প্ৰয়োজন।
গৰ্ভধাৰণৰ প্ৰথম ১২সপ্তাহ সকলোতকৈ গুৰুত্বপূৰ্ণ সময়।কাৰণ এই সময়ত কোষ বিলাকৰ বিভাজন হয়।এই সময়ত ভ্ৰুণটোৱে সন্তানৰ ৰুপ নলয়।হৰম'ণৰ তল ওপৰ হোৱাৰ বাবে এই সময়ত বহুতো ভাগৰ লাগে আৰু টোপনি আহে।সেইবাবে আৰাম কৰাটো প্ৰয়োজন।কিন্তু যদি টোপনি নাহে তেন্তে বেছিকৈ শোৱাৰ প্ৰয়োজন নাই।৪-৮মাহৰ সময়চোৱা সকলোতকৈ সহজ বুলি কোৱা হয়,এই সময়ত মহিলাগৰাকীয়ে আসন,যোগ কৰাৰ ওপৰিও সাতুৰিবও পাৰে।কিন্তু সেইখিনি হে কৰিব লাগে যিখিনি কৰাৰ অভ্যাস আছে।নতুনকৈ কিবা আৰম্ভ কৰিব নালাগে।যদি খোজকঢ়াৰ অভ্যাস আছে তেন্তে খোজ কাঢ়িব লাগে।( Assamese Fact )
গৰ্ভৱতী মহিলাক সাঁতোৰাৰ উপদেশ বহুত দিয়া হয়।কাৰণ পানীৰ ভিতৰত মধ্যাকৰ্ষণৰ প্ৰভাৱ একেবাৰেই কম হয়,সেইবাবে ভাগৰো কম লাগে।আৰু গৰ্ভধাৰণৰ ৪০ সপ্তাহলৈকে নিয়মিতভাৱে সাঁতুৰি থাকিলেও কোনো অপকাৰ নহয়।আপুনি সুস্থ থাকিলে সন্তানো সুস্থ হৈ থাকিব।
আৰু এই সময়ত পুষ্টিকৰ আহাৰৰ ওপৰত বহুত গুৰুত্ব দিব লাগে।আৰু দুইজনৰ কাৰণে খাদ্য নাখালেও হয়,কাৰণ জন্মৰ সময়ত সন্তানটোৰ পেট বহুত সৰু হৈ থাকে,সেইয়ে জন্মৰ আগত তাতকৈও সৰু হৈ থাকে।গাখীৰক সম্পূৰ্ণ আহাৰ বুলি কোৱা হয়।গতিকে গাখীৰ খোৱাটো ভাল কিন্তু কিছুমান মহিলাই গাখীৰ খালে এচিডিটি হয়,সেইসকলে গাখীৰ জোৰজবৰদস্তি খাব নালাগে।
কাৰণ গাখীৰ কোনো ডিটাৰজেণ্ট পাউদাৰ নহয় যে সন্তানটোক বগা কৰি দিব।আৰু নাৰিকলৰ পানীয়েও এনে কাম নকৰে।নাৰিকলৰ পানীয়ে এচিডিটি ভাল কৰে সেইয়ে ইয়াক খাব লাগে।
কেশৰত বেমাৰ প্ৰতিৰোধী ক্ষমতা বা anti oxident থাকে সেইয়ে ইয়াক গাখীৰৰ লগত মিলাই খাব লাগে।ইয়াৰ ফলত সন্তানৰ কোনো বৰণ সলনি নহয়,হোৱা হ'লে সন্তান টোৰ ৰং গুলপীয়া হ'ল হেঁতেন।
আৰু গৰ্ভধাৰণৰ পিছত বিনাদ্বিধাই যৌন সম্ভোগ কৰিব পাৰে।যিহেতু লিংগৰ প্ৰৱেশ যোনীত হয় আৰু গৰ্ভাধাৰণ গৰ্ভাশয়ত আৰু দুয়োৰে মাজত গৰ্ভাশয় গ্ৰীৱাৰ তৰপ থাকে।গতিকে যৌন সম্ভোগ কৰাৰ ফলতো সন্তানটোৰ কোনো ক্ষতিসাধন নহয়।অৱশ্যে যদি আপোনাৰ গৰ্ভধাৰণত কিছো কঠিনতা থাকে আৰু ডাক্তৰে এনে কৰিব বাধা দিয়ে,তেন্তে যৌন সম্ভোগ কৰা উচিত নহয়।
গৰ্ভৱতী অৱস্থাত ডাক্তৰ আৰু নিজৰ শৰীৰটোৰ কথা নিশ্চয় শুনিব।
বাকী যিমানেই মুখ সিমানে কল্পিত ক্থা।গতিকে এনে কোৱা কথাত কেতিয়াও গুৰুত্ব দিব নালাগে।।
বিজ্ঞানক জানক আৰু জনাওক।।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment